গীতি-ৰামায়ণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

গীতি-ৰামায়ণ হৈছে এখন প্ৰাচীন কাব্য সাহিত্য। কাব্যখনৰ ৰচক দুৰ্গাবৰ কায়স্থ[1][2] দুৰ্গাবৰে পাঁচালী সংগীত শৈলীত ৰচনা কৰা গীতি-ৰামায়ণ খনক দুৰ্গাবৰী বা দুৰ্গাবৰী ৰামায়ণ বুলিও কোৱা হয়। ১৮৩৭ শক, অৰ্থাৎ ১৯১৫ খৃষ্টাব্দত হাজোৰ বিষয়চন্দ্ৰ বিশ্বাসীয়ে পুথিখন দুৰ্গাবৰি নামেৰে সম্পাদনা কৰিছিল।

বৈশিষ্ট্য[সম্পাদনা কৰক]

গীতি-ৰামায়ণ মূলতঃ এখন কাব্য গ্ৰন্থ। গ্ৰন্থখনৰ প্ৰথম সম্পাদিত ৰূপ এটি প্ৰকাশ হয় ১৯১৫ খ্ৰীষ্টাব্দত। সম্পাদনা কৰে হাজোৰ বিষয়চন্দ্ৰ বিশ্বাসীয়ে। এই কাব্য খনক গীতি-ৰামায়ণ বুলি বিষয়চন্দ্ৰ বিশ্বাসীয়েহে আখ্যা দিছিল। ইয়াৰ নামাকৰণ কবি দুৰ্গাবৰ কায়স্থই দুৰ্গাবৰী বুলিহে কৰিছিল। পুথিখনৰ অযোধ্যা আৰু আদি কাণ্ড দুটা নাছিল।[3] পিছত অযোধ্যা কাণ্ডটো হাজোৰ পৰা উদ্ধাৰ কৰি ১৯৯৪ চনত ড৹ প্ৰবীণ চন্দ্ৰ দাসে নতুনকৈ সংযোগ কৰি দুৰ্গাবৰী ৰামায়ণ নাম দি পুনৰ প্ৰকাশ কৰিছিল। আদি কাণ্ডটো বৰ্তমানলৈ উদ্ধাৰ নোহোৱাকৈ আছে। গীতি-ৰামায়ণক মাধৱ কন্দলিৰ ৰামায়ণৰ 'ওজা-পালি সংস্কৰণ' বুলি কোৱা হয়। দুৰ্গাবৰৰ প্ৰিয় ৰাগ 'কৰুণ অহিৰ'। গীতি-ৰামায়ণ খনত কৰুণ ৰসৰ প্ৰকাশ বেছি।

বিষয়বস্তু[সম্পাদনা কৰক]

বাল্মীকী ৰামায়ণৰ সাতটি কাণ্ড বা খণ্ডে যথা: আদিকাণ্ড বা বালকাণ্ড, অযোধ্যাকাণ্ড, অৰণ্যকাণ্ড, কিষ্কিন্ধ্যাকাণ্ড, সুন্দৰকাণ্ড, লঙ্কাকাণ্ড বা যুদ্ধকাণ্ড আৰু উত্তৰকাণ্ডৰ বিষয় সমূহ গীতি-ৰামায়ণত ওজাপালিৰ গায়ন শৈলীত লিখা হৈছে। কাব্য খনৰ বিষয় বস্তুৰ ক্ষেত্ৰত কবিৰ মৌলিকতা সংযোগ হোৱা দেখা যায়। বহু সময়ত তেওঁ পৰিস্থিতি আৰু চৰিত্ৰ চিত্ৰণ কৰোতে দুৰ্গাবৰ মাধৱ কন্দলি আৰু বাল্মীকী পৰম্পৰাৰ পৰা আঁতৰি আহিছে। দুৰ্গাবৰৰ গীতি ৰামায়ণত লৌকিকতাৰ আৱেশ দেখা যায়। আদিকাণ্ডত বৰ্ণিত হৈছে ৰামৰ জন্ম, শৈশৱ আৰু সীতাৰ সৈতে বিবাহৰ কথা; অযোধ্যাকাণ্ডত আছে ৰামৰ ৰাজ্যাভিষেকৰ প্ৰস্তুতি আৰু তেওঁৰ বনগমনৰ কথা; তৃতীয় খণ্ড অৰণ্যকাণ্ডত বৰ্ণিত হৈছে ৰামৰ বনবাসৰ কথা ৰ ৰাৱণ কৰ্তৃক সীতাহৰণৰ বৃত্তান্ত; চতুৰ্থ খণ্ড কিষ্কিন্ধ্যাকাণ্ডৰ বিষয় হ'ল হনুমান আৰু ৰামৰ মিলন, ৰামৰ সহায়ত বান্দৰৰাজ বালীৰ হত্যা আৰু বালীৰ কনিষ্ঠ ভাই সুগ্ৰীবৰ কিষ্কিন্ধ্যাৰ ৰাজ্যাভিষেক; পঞ্চম খণ্ড সুন্দৰকাণ্ডত বৰ্ণিত হৈছে হনুমানৰ বীৰত্বগাথা, তেওঁৰ লঙ্কাগমন আৰু সীতাৰ সৈতে সাক্ষাতৰ কথা; ৰাম আৰু ৰাৱণৰ যুদ্ধ বৰ্ণিত হৈছে। ষষ্ঠ খণ্ড লঙ্কাকাণ্ড; সৰ্বশেষ খণ্ড উত্তৰকাণ্ডৰ মূল উপজীব্য ৰাম আৰু সীতাৰ পু্ত্ৰ লব ও কুশৰ জন্মবৃত্তান্ত, তেওঁলোকৰ ৰাজ্যাভিষেক আৰু ৰামৰ পৃথিৱী ত্যাগ।

কবিৰ পৰিচয়[সম্পাদনা কৰক]

দুৰ্গাবৰ কায়স্থ এগৰাকী পাঁচালী কবি আছিল।[4] জন্মৰ সময় সম্পৰ্কীয় কোনো নিৰ্দিষ্ট তথ্য পোৱা নাযায় যদিও তেওঁ ৰজা বিশ্বসিংহৰ দিনৰ কবি আছিল। সেই অনুসৰি ১৫১৫ আৰু ১৫৪০ চনৰ আগে পিছেই তেওঁৰ জন্ম-মৃত্যু বুলি অনুমান কৰা হয়। কবি দুৰ্গাবৰৰ কায়স্থ কুলত জন্ম হয়। তেওঁৰ দেউতাক আছিল চন্দ্ৰধৰ কায়স্থ বা চন্দ্ৰবৰ কায়স্থ। তেওঁৰ পৃষ্ঠপোষক আছিল বাহুবল শিকদাৰ। বিষয় বিশ্বাসীৰ মতে দুৰ্গাবৰৰ জন্ম স্থান হাজো। অৱশ্যে তেওঁ নীলাচলত থাকিহে সাহিত্য চৰ্চা কৰিছিল।

আলোকচিত্ৰ[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]