সমললৈ যাওক

দুৰ্গাবৰ কায়স্থ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দুৰ্গাবৰ কায়স্থ
জন্ম ১৫ শতিকা
হাজো
মৃত্যু ১৫ - ১৬ শতিকা
পেচা কবি, গায়ক
ভাষা কামৰূপী
উল্লেখনীয় কৰ্মৰাজি মনসা-গীত আৰু গীতি-ৰামায়ণ

দুৰ্গাবৰ কায়স্থ এগৰাকী পাঁচালী কবি আছিল।[1] জন্মৰ সময় সম্পৰ্কীয় কোনো নিৰ্দিষ্ট তথ্য পোৱা নাযায় যদিও তেওঁ ৰজা বিশ্বসিংহৰ দিনৰ কবি আছিল। সেই অনুসৰি ১৫১৫ আৰু ১৫৪০ চনৰ আগে পিছেই তেওঁৰ জন্ম-মৃত্যু বুলি অনুমান কৰা হয়। কবি দুৰ্গাবৰৰ কায়স্থ কুলত জন্ম হয়। তেওঁৰ দেউতাক আছিল চন্দ্ৰধৰ কায়স্থ বা চন্দ্ৰবৰ কায়স্থ। তেওঁৰ পৃষ্ঠপোষক আছিল বাহুবল শিকদাৰ। বিষয় বিশ্বাসীৰ মতে দুৰ্গাবৰৰ জন্ম স্থান হাজো। অৱশ্যে তেওঁ নীলাচলত থাকিহে সাহিত্য চৰ্চা কৰিছিল।

সাহিত্য

[সম্পাদনা কৰক]

দুৰ্গাবৰে মনসা-গীতৰ উপৰিও গীতি-ৰামায়ণ নামৰ আন এখন পুথি ৰচনা কৰিছিল।[2][3] মনসা-গীত খন প্ৰথম আৰু গীতি-ৰামায়ণ খন তেওঁৰ দ্বিতীয় ৰচনা। এইখন প্ৰকৃততে মনকৰৰ মনসা গীতৰ পৰিপূৰক। দুৰ্গাবৰে নিজাকৈ 'সৃষ্টি খণ্ড', 'চন্দ্ৰধৰৰ কাহিনী' আৰু 'বেউলা-লখিন্দৰৰ আখ্যান' খণ্ড কেইটা সংযোগ কৰিছে। মনকৰৰ ভাষাতকৈ দুৰ্গাবৰৰ ভাষা তুলনামূলকভাৱে অধিক ঘৰুৱা। গীতি-ৰামায়ণৰ দৰে মনসা-গীতটো কৰুণ ৰসক কবিয়ে প্ৰাধান্য দিছে। তেওঁ নীলাচলত থাকি সাহিত্য চৰ্চা কৰিছিল। দুৰ্গাবৰে তেওঁৰ মনসা-গীত পুথিখনত গীত আৰু লাচাৰী আখ্যা দিছে। এই পুথিখনত 'ৰামগিৰি', 'সুহাই' বা 'সুৱাই', 'ভাবিয়ালী' বা 'ভটিয়ালী' আৰু 'পটমঞ্জৰী' ৰাগ-ৰাগিণীৰ উল্লেখ পোৱা যায়।

একে বৈশিষ্ট্যৰ কবি সকল

[সম্পাদনা কৰক]

দুৰ্গাবৰৰ সমসাময়িক কবি সকল আছিল মনকৰ, সুকবি নাৰায়ণদেৱ, পীতাম্বৰ কবি আদি।

মনকৰ: মনকৰ দুৰ্গাবৰতকৈ বয়সত সৰু আছিল। মনকৰ মনসা বিষয়ক পাঁচালী সাহিত্যৰ পৰম্পৰা নিৰ্মাতা। খৃষ্টাব্দ দ্বাদশ-ত্ৰয়োদশ শতিকাত মনকৰৰ বিকাশ হৈছিল বুলি কোৱা হয় যদিও ই সম্পূৰ্ণ ৰূপে বিশ্বাস যোগ্য নহয়। তেওঁ ৰজা জল্পেশ্বৰৰ ৰাজত্ব কালৰ লোক। মনকৰে ৰচনা কৰা পুথিখন হ'ল পদ্মপুৰাণ বা 'মনসাপুৰাণ' বা 'মনসাকাব্য' বা 'মনকৰী'৷ সম্পূৰ্ণ পুৰাণ খন বিভিন্ন সময়ত বিভিন্ন কবিৰ দ্বাৰা ৰচিত হৈছিল।[4] অৱশ্যে তেওঁ তেওঁৰ দ্বাৰা ৰচিত মনসা কথা বৃত্তক 'পদুমাইৰ গীত', 'পাঞ্চালী' বা 'শ্ৰাবনেৰ গীত' বুলিহে নামাকৰণ কৰিছে

পীতাম্বৰ কবি: তেওঁ এজন কবি সাহিত্যিক আছিল। তেওঁ চিলাৰায় আৰু শংকৰদেৱৰ সমসাময়িক আছিল যদিও পীতাম্বৰ কবি আনুমানিক শংকৰদেৱতকৈ বয়সত ডাঙৰ আছিল। পীতাম্বৰ কবিৰ জন্মৰ তাৰিখ সম্পৰ্কে নিৰ্দিষ্ট তথ্য পোৱা নাযায়। তেওঁ কবি মনকৰ আৰু দুৰ্গাবৰ কায়স্থৰ পিছৰ কবি। পীতাম্বৰ আৰু দুৰ্গাবৰে নিজকে নাৰায়ণ বা শ্ৰীৰামৰ চৰণ সেৱক বুলিলেও বা ঠায়ে ঠায়ে ‘নামৰ মাহাত্ম্য’ ঘোষণা কৰিলেও নৱ-বৈষ্ণৱ সাহিত্যৰ একশৰণৰ একাগ্ৰতা আৰু প্ৰচাৰৰ মনোভাৱ তেওঁলোকৰ দেখা নাযায়। পীতাম্বৰ কবিয়ে ‘উষা-পৰিণয়’ত আদি ৰসাত্মক বৰ্ণনা বা তেনে ৰসৰ আভাস দিও যেন সন্তুষ্টি পোৱা নাই, তেওঁ এইবুলি আক্ষেপ কৰিছে -‘ৰতিৰস নিশেষ কহিতে নযুৱায়। পঢ়িব পাঞ্চালী গুৰু-গৌৰৱ সভায়।।”

সুকবি নাৰায়ণদেৱ: সুকুমাৰ সেনৰ মতে তেওঁ ষোড়শ শতিকাৰ লোক। তেওঁ মনকৰ আৰু দুৰ্গাবৰৰ পিছৰ কবি। তেওঁৰ জন্ম হৈছিল মগধত, বৰ্তমানৰ বিহাৰ। শ্ৰীহট্ট জিলাত তেওঁৰ জন্ম হৈছিল। দিনেশ্বৰ শৰ্মাৰ মতে তেওঁ ধৰ্ম নাৰায়ণৰ সভাকবি আছিল।

গীতি-ৰামায়ণ

[সম্পাদনা কৰক]

দুৰ্গাবৰে পাঁচালী সংগীত শৈলীত ৰচনা কৰা গীতি-ৰামায়ণ খনক দুৰ্গাবৰী বা দুৰ্গাবৰী ৰামায়ণ বুলি কোৱা হয়। ১৮৩৭ শক, অৰ্থাৎ ১৯১৫ খৃষ্টাব্দত হাজোৰ বিষয়চন্দ্ৰ বিশ্বাসীয়ে পুথিখন দুৰ্গাবৰি নামেৰে সম্পাদনা কৰিছিল। এই কাব্য খনক গীতি-ৰামায়ণ বুলি বিষয়চন্দ্ৰ বিশ্বাসীয়েহে আখ্যা দিছিল। ইয়াৰ নামাকৰণ কবি দুৰ্গাবৰ কায়স্থই দুৰ্গাবৰী বুলিহে কৰিছিল। পুথিখনৰ অযোধ্যা আৰু আদি কাণ্ড দুটা নাছিল।[5] পিছত অযোধ্যা কাণ্ডটো হাজোৰ পৰা উদ্ধাৰ কৰি ১৯৯৪ চনত ড৹ প্ৰবীণ চন্দ্ৰ দাসে নতুনকৈ সংযোগ কৰি দুৰ্গাবৰী ৰামায়ণ নাম দি পুনৰ প্ৰকাশ কৰিছিল। আদি কাণ্ডটো বৰ্তমানলৈ উদ্ধাৰ নোহোৱাকৈ আছে। গীতি-ৰামায়ণক মাধৱ কন্দলিৰ ৰামায়ণৰ 'ওজা-পালি সংস্কৰণ' বুলি কোৱা হয়। দুৰ্গাবৰৰ প্ৰিয় ৰাগ 'কৰুণ অহিৰ'। গীতি-ৰামায়ণ খনত কৰুণ ৰসৰ প্ৰকাশ বেছি।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]