কামৰূপী উপভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
কামৰূপী উপভাষা
উচ্চাৰণ /ˈkæmruːpi/[1]
থলুৱা অঞ্চল ভাৰত
অঞ্চল কামৰূপ অঞ্চল
জাতীয়তা কামৰূপীয়া
ভাষা পৰিয়াল
ইণ্ডো-ইউৰোপীয় ভাষা
উপভাষা
লিখন প্ৰণালী অসমীয়া বৰ্ণমালা
ভাষা সংকেত
ISO 639-3
গ্লোটোলগ নাই

কামৰূপী উপভাষা বা কামৰূপীয়া অসমৰ কামৰূপ অঞ্চলত বহুলভাৱে প্ৰচলিত অসমীয়া ভাষাৰ উপভাষা।[2][3] পশ্চিম অসমত প্ৰচলিত অসমীয়াৰ দুই উপভাষাৰ ভিতৰত কামৰূপী অন্যতম। আনটো উপভাষা হৈছে গোৱালপাৰীয়া উপভাষা বা গোৱালপাৰীয়া।[4] কামৰূপীয়াৰ লগত বৰপেটীয়া, নলবাৰীয়া আৰু পলাশবাৰীয়া উপভাষাৰ লগত মিল আছে। কিছুমানৰ মতে এই তিনিটা কামৰূপীৰ উপ-উপভাষা।[5]

মধ্যযুগত গোটেই ব্ৰহ্মপুত্ৰ উপত্যকা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত সংস্কৃত ভাষাৰ সমান্তৰালকৈ কামৰূপী পদ্য আৰু গদ্য ৰচনাত সাহিত্যিক ভাষা হিচাপে ব্যৱহৃত হৈছিল। সেই সময়ত মধ্য ভাৰতত প্ৰচলিত ৰীতিৰ ই ওলোটা আছিল, যেনে বিদ্যাপতি গদ্যৰ বাবে সংস্কৃত আৰু পদ্যৰ বাবে মৈথিলী ভাষা ব্যৱহাৰ কৰিছিল।[6] বৰ্তমান সময়ত জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক ইন্দিৰা গোস্বামীয়ে তেওঁৰ সাহিত্যত দক্ষিণ কামৰূপী ভাষা প্ৰয়োগ কৰিছিল। সেইদৰে কবি অম্বিকাগিৰী ৰায়চৌধুৰীয়েও তেওঁৰ সাহিত্যত কামৰূপী ব্যৱহাৰ কৰিছিল।[7] ২০১৮ চনত কামৰূপী ভাষাত নিৰ্মিত ৰীমা দাসভিলেজ ৰকষ্টাৰ্ছ অস্কাৰ বঁটালৈ শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰৰ মনোনয়নৰ বাবে ভাৰতৰ আধিকাৰীক প্ৰবিষ্টি লাভ কৰিছিল।[8]

কামৰূপ অঞ্চল[সম্পাদনা কৰক]

কামৰূপী ভাষা প্ৰচলিত অঞ্চল

কামৰূপী মানস নদী আৰু বৰনদীৰ মাজৰ অঞ্চলত প্ৰচলিত।[9] এই অঞ্চল প্ৰাচীন কালত কামৰূপ ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল। খ্ৰীষ্টীয় চতুৰ্থৰ পৰা দ্বাদশ খ্ৰীষ্টাব্দলৈ কামৰূপ ৰাজ্যৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ পৰা দুই বা তিনি ৰাজবংশয়ে ৰাজত্ব কৰিছিল।[10] সেইদৰে উত্তৰ গুৱাহাটীৰ ৰাজধানী আছিল দুৰ্জয়।[11] এই ৰাজ্য মধ্য অসমৰ ডবকা ৰাজ্যৰ সমসাময়িক আছিল।[12] পিছলৈ ডবকা ৰাজ্য কামৰূপৰ লগত অন্তৰ্ভুক্ত হয় আৰু আৰু ইয়াৰ পৰিসৰ পূবলৈ বৃদ্ধি হয়।[13] ইয়াৰ পশ্চিমে কৰতোৱা নদী, পূবে শদিয়া ৰাজ্য, উত্তৰে ভূটান আৰু দক্ষিণে বাংলাদেশ অৱস্থিত আছিল।[14][15]

মধ্যযুগ[সম্পাদনা কৰক]

মোগল সকলে কামৰূপ অঞ্চলক চাৰিটা চৰকাৰত (প্ৰশাসনিক গোট) ভাগ কৰিছিল। সেইকেইটা হ'ল: বঙালভূম, ঢেকেৰী, দক্ষিণকুল আৰু কামৰূপ।[16] কামৰূপী ভাষা ইয়াৰ কামৰূপ চৰকাৰত প্ৰচলিত আছিল।[17] মধ্যযুগৰ পিছৰছোৱাত কামৰূপী ভাষা লাহে লাহে পূব অসমলৈ বিস্তাৰিত হয়।[18] মধ্যযুগীয়া অসমীয়াৰ নিদৰ্শন ১৪শ শতিকাৰ উত্তৰ বংগ, পশ্চিম অসম আৰু কিছুপৰিমাণে মধ্য অসমত পোৱা গৈছে। পিছলৈ শ্ৰীমন্ত শংকৰদেৱ প্ৰমুখ্যে আন বৈষ্ণৱ কবি সকলে কামৰূপী ভাষাত সাহিত্য ৰচনা কৰিছিল।

ঔপনিবেশিক কাল[সম্পাদনা কৰক]

১৮২৪ খ্ৰীষ্টাব্দত কামৰূপ ব্ৰিটিছসকলৰ অধীন হয়। ব্ৰিটিছে কামৰূপ চৰকাৰ আৰু কামপীঠক একত্ৰিত কৰি অবিভক্ত কামৰূপ জিলা স্থাপন কৰে। সেইসময়তে ১৮৩৮ খ্ৰীষ্টাব্দত আমেৰিকান বাপিষ্ট মিছনেৰী সকলৰ সহযোগত পূব অসমৰ কথিত ভাষাত বাইবেলৰ অনুবাদ কৰা হয়। তাৰপিছত ব্ৰিটিছ সকলে ১৮৭৩ খ্ৰীষ্টাব্দত পূব অসমৰ শিৱসাগৰীয়া কথিত ভাষাক মান্য চৰকাৰী ভাষাৰ মৰ্যদা প্ৰদান কৰে।[19][20] কামৰূপী ভাষাৰ স্থান ভেদে পাৰ্থক্য পৰিলক্ষিত হয় কিন্তু পূব অসমৰ ভাষা এক বৃহৎ অঞ্চলত প্ৰায় অপৰিৱৰ্তিত ৰূপত দেখা যায়।[21][22] সেইসময়ৰ কামৰূপী পণ্ডিত সকল যেনে শ্যামল চৌধুৰী, অমৃতভূষণ দেৱ অধিকাৰী আৰু কালিৰাম মেধিয়ে গোটেই উপত্যকাতে পূব অসমীয়া ভাষা আৰোপ কৰা আৰু বিশেষকৈ কামৰূপী ভাষাক অৱমাননা কৰা চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছিল।

আধুনিক কাল[সম্পাদনা কৰক]

সাহিত্যৰ মূল স্থান কামৰূপৰ গুৱাহাটীলৈ স্থানান্তৰ হোৱাৰ পিছত মান্য অসমীয়া ভাষাত কামৰূপী ভাষাৰ প্ৰভাৱ পৰিলক্ষিত হয়।

কামৰূপী উপভাষা বৰ্তমান কালত কামৰূপ গ্ৰাম্য জিলা, কামৰূপ মহানগৰ জিলা, নলবাৰী জিলা (নলবাৰীয়া উপভাষা), বৰপেটা জিলা (বৰপেটীয়া উপভাষা), দৰং জিলা (দৰঙীয়া উপভাষা), কোকৰাঝাৰ জিলা আৰু বঙাইগাঁও জিলাত (ৰাজবংশী ভাষা) প্ৰচলিত।[23][24]

ভাষাবিদৰ মত[সম্পাদনা কৰক]

সুনীতি কুমাৰ ভট্টাচাৰ্যৰ মতে গংগা নদীৰ উত্তৰৰ মগধী প্ৰাকৃতৰ পৰা উত্তৰ বংগ আৰু পশ্চিম অসমত প্ৰাচীন কামৰূপীৰ উৎপত্তি হৈছিল। তেওঁ মগধৰ ভাষা সমূহক অঞ্চলৰ ওপৰত ভিত্তি কৰি ৰাঢ়, ভাৰেন্দ্ৰ, ভংগ আৰু কামৰূপ হিচাপে বিভক্ত কৰিছিল।[25][26][22][27]

সুকুমাৰ সেনৰ মতে, "অসমীয়া, বা বিশেষকৈ পুৰণি কামৰূপী পশ্চিম অসম বা কামৰূপত সোমোৱাৰ পিছত ইয়াৰ কথা প্ৰথমবাৰৰ বাবে অসমীয়া হিচাপে বৈশিষ্ট্যযুক্ত হয়।"[28]

উপেন্দ্ৰনাথ গোস্বামীৰ মতে, "অসমীয়া ভাষা, পশ্চিমৰ পৰা আহি কামৰূপ অঞ্চলত প্ৰথমে বৈশিষ্ট্যযুক্ত হয়, ইয়াৰ সীমা অতীতত উত্তৰ বংগৰ কোচ বিহাৰ, ৰংপুৰ আৰু জলফাইগুড়ি জিলা আছিল।".[29]

সাহিত্য[সম্পাদনা কৰক]

বৰ্মণ ৰাজবংশৰ সময়ত তামৰ ফলিত উদ্ধাৰ হোৱা অষ্টমৰ পৰা দশম শতিকাৰ উত্তৰ ভাৰতৰ বিভিন্ন অঞ্চলত প্ৰচলিত বজ্ৰযান বৌদ্ধ ধৰ্মৰ চৰ্যাপদ সমূহত কামৰূপী বা প্ৰাক অসমীয়াৰ প্ৰথম লিখিত নিদৰ্শন পোৱা গৈছে। চৰ্যাপদ সমূহ গীত হিচাপে গোৱা হৈছিল। বিংশ শতিকাৰ আৰম্ভণিত নেপালত হৰিপ্ৰসাদ শাস্ত্ৰীৰ দ্বাৰা আৱিষ্কৃত চৰ্যাপদ সমূহত কামৰূপীৰ লগতে অন্যান্য ভাৰতীয় আৰ্য ভাষাসমূহৰ নিদৰ্শন পোৱা গৈছে। চৰ্যাপদৰ ৰচক মহাসিদ্ধ আৰু সিদ্ধাচাৰ্য সকল বিভিন্ন অঞ্চল যেনে কামৰূপ (অসম), গৌড় (বংগ), কলিংগ (ওড়িশা) আৰু মিথিলা (বিহাৰ) আদি অঞ্চলৰ আছিল।[30]

মধ্যযুগত ৰাম সৰস্বতী, অনন্ত কন্দলী, শ্ৰীধৰ কন্দলি, সৰ্বভৌম ভট্টাচাৰ্য, কলাপচন্দ্ৰ দ্বিজ আৰু ভট্টদেৱ আদিয়ে কামৰূপী ভাষাত সাহিত্য ৰচনা কৰিছিল।[31] হেম সৰস্বতী আৰু হৰিবৰ বিপ্ৰ দুগৰাকী বিখ্যাত কামৰূপী কবি আছিল। হেম সৰস্বতীয়ে বামন পুৰাণৰ আধাৰত "প্ৰহ্লাদ চৰিত্ৰ" আৰু হৰিহৰ বিপ্ৰয়ে মহাভাৰতৰ আধাৰত "অশ্বমেধ পৰ্ব" ৰচনা কৰিছিল। বৰপেটাৰ কবিৰত্নয়ে "জয়দ্ৰথ বধ" ৰচনা কৰিছিল। পিছলৈ মাধৱ কন্দলিসপ্তকাণ্ড ৰামায়ণ আৰু ৰুদ্ৰ কন্দলিৰ মহাভাৰতৰ ভাঙনিত কামৰূপী ব্যৱহৃত হৈছিল।

১৬ শতিকাৰ যোগিনী তন্ত্ৰকামৰূপ ৰাজ্যৰ সীমা বৰ্ণনা কৰা হৈছিল। এই গ্ৰন্থ পাল ৰাজবংশয়ে ৰাজত্ব কৰা কালছোৱাত ১৬ শতিকাৰ আদি ভাগত ৰচনা কৰা হৈছিল। এই সময়তে দূৰ্গাবৰ কায়স্থয়ে "বেহুলা উপাখ্যান" ৰচনা কৰিছিল।[32]

বৰ্তমান সময়ত জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক ইন্দিৰা গোস্বামীয়ে তেওঁৰ সাহিত্যত দক্ষিণ কামৰূপী ভাষা প্ৰয়োগ কৰিছিল। তেওঁৰ দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা উপন্যাসখন সম্পূৰ্ণৰূপে কামৰূপী ভাষাত ৰচিত। সেইদৰে কবি অম্বিকাগিৰী ৰায়চৌধুৰীয়েও তেওঁৰ সাহিত্যত কামৰূপী ব্যৱহাৰ কৰিছিল।[33]

তথ্য উৎস[সম্পাদনা কৰক]

  1. "1970, English, Thesis edition:A study on Kāmrūpī : a dialect of Assamese.Goswami, Upendranath.". trove.nla.gov.au. http://trove.nla.gov.au/work/9087859?selectedversion=NBD1507246. 
  2. Kamrupi is defined as a dialect of Assamese in the title of the seminal work—Goswami, Upendranath (1970), A Study on Kamrupi: A dialect of Assamese
  3. (Goswami 1970:4)
  4. (Kakati 1941, পৃষ্ঠা 16)
  5. Goswami, , Upendranath (1970). A study on Kāmrūpī: a dialect of Assamese. Dept. of Historical Antiquarian Studies, Assam. পৃষ্ঠা. 28. "The sub-dialectical varieties of Kamrupi may be grouped mainly into three divisions —western, central and southern. The variety spoken in the area comprising Barpeta, Sundardiya, Patbausi, Bhabani- pur etc. is western, that of Nalbari and its surrounding areas is central." 
  6. Medhi, Kaliram (1988). Assamese grammar and origin of the Assamese language. "Prose had also been used by the Maithili poets, Vidyapati, Harsanatha and others,--in their dramas. But whereas the Maithili poets prose was in Sanskrit and their songs alone in Maithili Sankara Deva's prose and songs were both in Kamrupi." 
  7. Sahitya Akademi, Indian literature: Volume 30, 1987 Ambikagiri set a new trend in Assamese by his abundant use of Kamrupi language in his writings.
  8. "'Village Rockstars, Film On Guitar-Playing Girl, Is India's Oscar Entry'". https://www.ndtv.com/entertainment/india-picks-national-award-winning-village-rockstars-as-oscar-entry-1920419। আহৰণ কৰা হৈছে: 11 October 2018. 
  9. Deba Brat Sharma (1995), Changing Cultural Mosaic of a Village in Assam, Page 10, an end the kingdom of Kamarupa and since then the area between the rivers the Manas on the west and the Barnadi on the east came to be known as Kamrup
  10. T. Raatan (2006), History, Religion and Culture of North East India - Page 70 Known in the ancient lore as the kingdom of Pragjyotisha and Kamrupa, the capital having been Pragjyotishpura situated in or near Guwahati
  11. Chandra Dhar Tripathi, Indian Institute of Advanced Study (2002), Aspects of the medieval history of Assam, Page 17 Ratnapala founded a new city called Sri Durjaya and shifted his capital there. It has been identified with the ruins at modern North Gauhati
  12. Suresh Kant Sharma, Usha Sharma (2005), Discovery of North-East India: Geography, History, Culture, ..., Davaka (Nowgong) and Kamarupa as separate and submissive friendly kingdoms
  13. Kanak Lal Barua (1966), Early history of Kāmarupa, Page 31 in the sixth or the seventh century this kingdom of Davaka was absorbed by Kamarupa
  14. S. P. Sinha (2007), Lost Opportunities: 50 Years of Insurgency in the North-east Kamrup included the whole of Brahmaputra Valley, Bhutan, Rangpur district (Bangladesh), Cooch Behar, part of Mymensingh district of Bangladesh and Garo
  15. ...the temple of the goddess Tameshwari (Dikkaravasini) is now located at modern Sadiya about 100 miles to the northeast of Sibsagar" (Sircar 1990, পৃষ্ঠা 63–64).
  16. (Gogoi 2002, পৃষ্ঠা 99) চৰকাৰ কামৰূপ মানস নদী আৰু বৰনদীৰ মাজত অৱস্থিত আছিল আৰু ইয়াৰ পূবে অসুৰৰ আলি আছিল।
  17. "Uttorkol or Dhenkiri north of the Brohmoputro, Dokhyinkul south of the same, Bangalbhumi west of the Brohmoputro, and Kamrup proper, called so as containing Gohati, the most ancient capital of the country." (Martin 1838, পৃষ্ঠা 417)
  18. (Goswami 1970, পৃষ্ঠা 10)
  19. Garg, Gaṅgā Rām (1992). Encyclopaedia of the Hindu world: Volume 3. "With the publication of the translation of the Bible (1838) done by Nathan Brown of the American Baptist Mission Group, modern period of Assamese language began." 
  20. George, K. M.. Modern Indian literature, an anthology: Volume 3. "In the restoration of the language (Eastern Assamese), American Baptist missionaries played a very significant role." 
  21. (Goswami 1970, পৃষ্ঠা 11)
  22. 22.0 22.1 (Chatterji 1970, পৃষ্ঠা 140)
  23. Robert Montgomery Martin, Puraniya, Ronggopoor and Assam, 1838 The ancient Hindu territory of Kamrup, which extends east from the Korotoya, where it joined the kingdom of Motsyo, to Dikkorbasini.
  24. Great Britain. India Office, The India list and India Office list, 1819 The earliest authentic traditions attest the existence of a Hindu kingdom of Kamrup, with its capital at Gauhati.
  25. Suniti Kumar Chatterji (1926), The origin and development of the Bengali language, Volume 1 One would expect one and identical language to have been current in North Central Bengal (Pundra-vardhana) and North Bengal and West Assam (Kamarupa) in the 7th century, since these tracts, and other parts of Bengal, had almost the same speech
  26. Bangladesh Itihas Samiti (1999), Sylhet: History and Heritage , Page 591 Suniti Kumar Chatterjee in his Origin and Development of Bangla Language (ODBL) divided the Bangla dialect into four groups in accordance with the name of the regions such as Rada, Pundra or Barindra, Banga and Kamrupi
  27. Suniti Kumar Chatterji, The origin and development of the Bengali language, Volume 1 Eastern Magadhi Prakrita and Apabhramsa has four dialect groups (1) Radha-the language of West Bengal and Orissa (2) Varendra-dialect of North Central Bengal (3)Kamarupa-dialect of Northern Bengal and Assam and (4) Vanga-dialect of East Bengal.
  28. Sukumar Sen, Grammatical sketches of Indian languages with comparative vocabulary and texts, Volume 1, 1975, P 31, Assamese, or more appropriately the old Kamarupi dialect entered into Kamrup or western Assam, where this speech was first characterized as Assamese.
  29. Goswami, Upendranath Goswami (1970). A study on Kamrupi: a dialect of Assamese. Dept. of Historical Antiquarian Studies. পৃষ্ঠা. 4. 
  30. Upendranath Goswami, A study on Kamrupi: a dialect of Assamese, 1970, They cannot furnish the grammatical structure of Kamrupl or Assamese for which we are to turn our attention to the songs of the Buddhist Siddhacaryas, known as Caryas, composed in between 8th to 12th centuries A.D.
  31. (Goswami 1970:4)
  32. Shashi, S. S. (1996). Encyclopaedia Indica: India, Pakistan, Bangladesh: Volume 100. Anmol Publications. ISBN 8170418593. 
  33. Sahitya Akademi, Indian literature: Volume 30, 1987 Ambikagiri set a new trend in Assamese by his abundant use of Kamrupi language in his writings.