হৰিবৰ বিপ্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
হৰিবৰ বিপ্ৰ
জন্ম হৰিহৰ বিপ্ৰ
চতুৰ্দশ শতিকা
পেচা কবি
ভাষা অসমীয়া
উল্লেখনীয় কৰ্মৰাজী বব্ৰুবাহনৰ যুদ্ধ, লৱ-কুশৰ যুদ্ধ

চতুৰ্দশ শতিকাৰ অসমীয়া কবিসকলৰ ভিতৰত হৰিবৰ বিপ্ৰ বা হৰিহৰ বিপ্ৰ অন্যতম৷ তেওঁ কমতাপুৰৰ ৰজা দুৰ্লভনাৰায়ণৰ পৃষ্ঠপোষকতা পাইছিল৷ এতিয়ালৈকে আৱিষ্কৃত হৰিহৰ বিপ্ৰৰ ভণিতা থকা পুথি তিনিখন হৈছে - বব্ৰুবাহনৰ যুদ্ধ, লৱকুশৰ যুদ্ধ আৰু তাম্ৰধ্বজৰ যুদ্ধ[1]

আত্ম পৰিচয়[সম্পাদনা কৰক]

'বব্ৰুবাহনৰ যুদ্ধ' (বব্ৰুবাহ পৰ্ব) কাব্যখনিৰ ভণিতাত তেওঁ নিজৰ আত্মপৰিচয় এনেদৰে দিছে :

জয় জয় নৃপবৰ দুৰ্লভনাৰায়ণ ৰজা
     কামাখ্যা গোঁসানী দেন্ত বৰ ৷
সপুত্ৰ সবান্ধৱে নিতে সবান্ধৱে মনোনীতে
     জীৱন্তোক সহস্ৰ বত্সৰ ৷৷
তাহান ৰাজ্যত গত সৰ্বজন মনোনীত
     অশ্বমেধ পদমধ্যে সাৰ ৷
বিপ্ৰ হৰিহৰ কবি হৰিৰ চৰণ সেৱি
     পদবন্ধে কৰিলো প্ৰচাৰ ৷৷[1]

মাথোঁ হৰিবৰ বিপ্ৰই নহয়, হেম সৰস্বতী আৰু কবিৰত্ন সৰস্বতী আদিয়েও কমতাপুৰৰ ৰজা দুৰ্লভনাৰায়ণ আৰু তেওঁৰ পুত্ৰ ইন্দ্ৰনাৰায়ণৰ কথা লিখিছে। এই কথা অনুমন কৰিব পাৰি যে দুৰ্লভনাৰায়ণ বা ইন্দ্ৰনাৰায়ণ কোচ ৰজা বিশ্বসিংহৰ পূৰ্বৰ ৰজা। হৰিবৰ বিপ্ৰক মাধৱদেৱৰ অন্যতম শিষ্য বংশীগোপালদেৱৰ ককা বুলিও ৰমানন্দ দ্বিজে ক'ব বিচাৰে আৰু ড° মহেশ্বৰ নেওগেও এই কথাত হয়ভৰ দিছে।[2]

সাহিত্যৰ ভাষা[সম্পাদনা কৰক]

হৰিবৰ বিপ্ৰৰ ভাষা সমসাময়িক আন কবিতকৈ ঠায়ে ঠায়ে অৰ্বাচীন৷ কবিয়ে গৌৰীৰ চৰণ সেৱা কৰিলেও বিষ্ণুৰ প্ৰতিও সমানে ভক্তি প্ৰদৰ্শন কৰিছে আৰু বিষ্ণুক দেৱশ্ৰেষ্ঠ বুলি অনেক ঠাইত উল্লেখ কৰিছে৷[1] যদিও বিপ্ৰই জৈমিনিৰ লেখনিৰ ভাঙনিহে কৰিছে, তথাপি তেওঁৰ ৰচনাত নিজস্ব কল্পনা আৰু মৈলিকত্ব বহুখিনি চকুত পৰে। তেওঁৰ ভাষাৰ বিষয় ড° মহেশ্বৰ নেওগে লিখিছে- "হৰিবৰৰ ভাষা আৰু ৰচনাশৈলী সহজ আৰু সৰল। জতুৱা খণ্ডবাক্যৰ প্ৰয়োগত তেওঁক প্ৰাক্‌শংকৰী কবিসকলৰ ভিতৰত মাধৱ কন্দলিৰ পাছতে ধৰিব লাগিব। তেওঁ পদ, দুলড়ি আৰু ছবিছন্দ মাত্ৰ ব্যৱহাৰ কৰিছে আন প্ৰাক্‌শংকৰী কবিসকলৰ দৰেই। অকল প্ৰাক্‌শংকৰী কবি বুলিয়েই নহয়, ৰচনাৰ সাধাৰণ সৌষ্ঠৱৰ গুণতো হৰিবৰ বিপ্ৰ অসমীয়া সাহিত্যৰ এজন ডাঙৰ কবি।"[2]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত। প্ৰকাশক - প্ৰতিমা দেৱী। লেখক - সত্যেন্দ্ৰনাথ শৰ্মা, ১৯৯৬, গুৱাহাটী, পৃষ্ঠা ৫৭-৫৯
  2. 2.0 2.1 ভৰালী, হেমন্ত কুমাৰ (২০০১). এহেজাৰ বছৰৰ এশগৰাকী অসমীয়া. প্ৰকাশক গুৱাহাটী: চিত্ৰলেখা পাব্লিকেশ্বন্‌ছ. পৃষ্ঠা. ২৯৮-২৯৯.