বব্ৰুবাহনৰ যুদ্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
যুদ্ধত নিজ পুত্ৰ বব্ৰুবাহনৰ হাতত অৰ্জুনৰ মৃত্যু (প্ৰায় ১৬১৬ চনৰ মোগলৰ সময়ৰ এক চিত্ৰ)

বব্ৰুবাহনৰ যুদ্ধ হৈছে মূলত এখন কাব্য। গ্ৰন্থখনৰ ৰচক হৰিবৰ বিপ্ৰ। হৰিবৰ বিপ্ৰৰ মুঠ তিনিখন কাব্যগ্ৰন্থ - লৱ-কুশৰ যুদ্ধ, বব্ৰুবাহনৰ যুদ্ধ আৰু তাম্ৰধ্বজৰ যুদ্ধৰ মাজত অন্যতম।

বৈশিষ্ট্য[সম্পাদনা কৰক]

বব্ৰুবাহনৰ যুদ্ধ মূলত এখন কাব্যগ্ৰন্থ। গ্ৰন্থখনৰ মূল জৈমিনী মহাভাৰতৰ অশ্বমেধ পৰ্ব। মূল গ্ৰন্থৰ ১২-১৪ আৰু ৩৭-৪০ অধ্যায়ৰ কথাবস্তুৰ আধাৰত মৌলিক কাব্যৰ দৰে এই কাব্যগ্ৰন্থখন ৰচনা কৰা হৈছে। মূল গ্ৰন্থৰ সপ্ততলৰ বৰ্ণনাক কবি জনে ইয়াত বাদ দিছে। কাব্যৰ কাহিনী বিকাশত সহায়ক নহয় বুলি ভোগৱতী নদীৰ পাৰৰ হাটকেশ্বৰ শিৱলিংগৰ কথাও কাব্যখনত বাদ দিয়া হৈছে। কাব্যখনৰ মূল আকৰ্ষণ হৈছে ঘৰুৱা চিত্ৰকলা, উপমা আৰু ইয়াৰ সহজ ভাষা। যুদ্ধৰ বৰ্ণনাৰ ক্ষেত্ৰত কবি জনাই মূল গ্ৰন্থখনক বিশেষ প্ৰাধান্য দিছে অৱশ্যে বব্ৰুবাহন আৰু বৃষকেতুৰ মাজত হোৱা যুদ্ধৰ বৰ্ণনাত কবি, মূলৰ পৰা যথেষ্ট আঁতৰি গৈছে। কাব্যৰ ভাষা পৌৰাণিক অসমীয়া ভাষা।

বিষয়বস্তু[সম্পাদনা কৰক]

বব্ৰুবাহন মণিপুৰ ৰাজ্যৰ ৰাজকন্যা চিত্ৰাঙ্গদা আৰু তৃতীয় পাণ্ডৱ অৰ্জুনৰ পুতেক আছিল।[1] কুৰুক্ষেত্ৰ যুদ্ধৰ পাছত যেতিয়া পঞ্চপাণ্ডৱে হস্তিনাপুৰত ৰাজত্ব কৰিছিল, তেতিয়া বব্ৰুবাহনে মণিপুৰত ৰাজত্ব কৰিছিল। তেওঁ পাণ্ডৱৰ অশ্বমেধ ঘোঁৰা বন্দী কৰি থৈ পিতৃ অৰ্জুনৰ লগত যুদ্ধ কৰি অৰ্জুনক পৰাস্ত কৰে।[1]

প্ৰথম অৱস্থাত অৰ্জুনে বব্ৰুবাহনৰ হাতত মহা মহা বীৰ পৰাস্ত হোৱা দেখি অশ্বমেধ যজ্ঞক লৈ চিন্তিত হৈছে আৰু বৃষকেতুৰ ওচৰত এই লৈ দুখ প্ৰকাশ কৰিছে। অৰ্জুনৰ বিলাপ কাব্য খনৰ মূল আকৰ্ষণ। মূলত নথকা নানান বাদ্যৰ ব্যৱহাৰ, অতিৰিক্ত দেৱ-দেৱীৰ উল্লেখৰ লগতে বিপ্ৰ দেৱে মণিপুৰত বিজয় উৎসৱৰ অতিৰিক্ত বৰ্ণনা গ্ৰন্থখনত উল্লেখ কৰিছে।

কবি[সম্পাদনা কৰক]

চতুৰ্দশ শতিকাৰ অসমীয়া কবিসকলৰ ভিতৰত হৰিবৰ বিপ্ৰ বা হৰিহৰ বিপ্ৰ অন্যতম৷ তেওঁ কমতাপুৰৰ ৰজা দুৰ্লভনাৰায়ণৰ পৃষ্ঠপোষকতা পাইছিল৷ এতিয়ালৈকে আৱিষ্কৃত হৰিহৰ বিপ্ৰৰ ভণিতা থকা পুথি তিনিখন ক্ৰমে - "বব্ৰুবাহনৰ যুদ্ধ", "লৱকুশৰ যুদ্ধ" আৰু "তাম্ৰধ্বজৰ যুদ্ধ"[2] উপৰিও আনএখন কাব্য হৈছে-"সুধন্বা-বধ" অৱশ্যে জৈমিনীয়াশ্বমেধপৰ্বৰ পৰা লিখা "সুধন্বা-বধ" হৰিবৰ বিপ্ৰৰ ৰচনা বুলি নিশ্চিত নহয়।[3]।হৰিবৰ বিপ্ৰক মাধৱদেৱৰ অন্যতম শিষ্য বংশীগোপালদেৱৰ ককা বুলিও ৰমানন্দ দ্বিজে ক'ব বিচাৰে আৰু ড° মহেশ্বৰ নেওগেও এই কথাত হয়ভৰ দিছে।[4] তেওঁ প্ৰাক্ শংকৰী যুগৰ প্ৰসিদ্ধ কবি। হৰিবৰ বিপ্ৰৰ ভাষা সমসাময়িক আন কবিতকৈ ঠায়ে ঠায়ে অৰ্বাচীন৷ কবিয়ে গৌৰীৰ চৰণ সেৱা কৰিলেও বিষ্ণুৰ প্ৰতিও সমানে ভক্তি প্ৰদৰ্শন কৰিছে আৰু বিষ্ণুক দেৱশ্ৰেষ্ঠ বুলি অনেক ঠাইত উল্লেখ কৰিছে৷[2] যদিও বিপ্ৰই জৈমিনিৰ লেখনিৰ ভাঙনিহে কৰিছে, তথাপি তেওঁৰ ৰচনাত নিজস্ব কল্পনা আৰু মৌলিকত্ব বহুখিনি চকুত পৰে। হৰিহৰ বিপ্ৰৰ পৃষ্ঠপোষক ৰজা জন হৈছে কমতাপুৰৰ দুৰ্লভনাৰায়ণ। হৰিবৰ বিপ্ৰৰ আনুমানিক জন্মস্থান কমতাপুৰৰ কোনো অঞ্চল আৰু তেওঁৰ জন্ম হয় ত্ৰয়োদশ শতিকাত।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 ভূপেন্দ্ৰ নাথ চৌধুৰী (১৯৯৫). সোণৰ অসম. খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক স্টল. পৃষ্ঠা. ১৩. 
  2. 2.0 2.1 অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত। প্ৰকাশক - প্ৰতিমা দেৱী। লেখক - সত্যেন্দ্ৰনাথ শৰ্মা, ১৯৯৬, গুৱাহাটী, পৃষ্ঠা ৫৭-৫৯
  3. নেওগ, মহেশ্বৰ (১৯৮৬). মহেশ্বৰ নেওগ ৰচনাৱলী- প্ৰথম খণ্ড. প্ৰকাশক গুৱাহাটী: ডক্টৰ মহেশ্বৰ নেওগ প্ৰকাশন ন্যাস পৰিষদ. পৃষ্ঠা. ৫২০-২৯. 
  4. ভৰালী, হেমন্ত কুমাৰ (২০০১). এহেজাৰ বছৰৰ এশগৰাকী অসমীয়া. প্ৰকাশক গুৱাহাটী: চিত্ৰলেখা পাব্লিকেশ্বন্‌ছ. পৃষ্ঠা. ২৯৮-২৯৯.