লৱ-কুশৰ যুদ্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
গুৰু বাল্মীকিৰ দ্বাৰা লৱ-কুশৰ ধনু বিদ্যা আহৰণ

লৱ-কুশৰ যুদ্ধ হৈছে মূলতঃ এখন কাব্য গ্ৰন্থ। গ্ৰন্থখনৰ ৰচক হৰিবৰ বিপ্ৰ। হৰিবৰ বিপ্ৰৰ মুঠ তিনিখন কাব্যগ্ৰন্থ - লৱ-কুশৰ যুদ্ধ, বব্ৰুবাহনৰ যুদ্ধ আৰু তাম্ৰধ্বজৰ যুদ্ধৰ মাজত অন্যতম, কবিজনাৰ এইখন প্ৰথম কাব্য।

বৈশিষ্ট্য[সম্পাদনা কৰক]

এই কাব্যখনৰ মুল হৈছে জৈমিনী মহাভাৰতৰ অশ্বমেধ পৰ্ব। উক্ত গ্ৰন্থৰ ১২-৩৬ অধ্যায়ৰ কথাবস্তুৰ আধাৰত এই কাব্য খন ৰচিত। এইখন কবিজনাৰ প্ৰথম কাব্য। মুল গ্ৰন্থৰ কথা বিকৃত নকৰাকৈ কবি জনাই কোনো কোনো অংশৰ বঢ়া-টুটা কৰিছে। এই কাব্যখন ৰসাল আৰু আকৰ্ষণীয়।

কাব্যৰ ভাষা[সম্পাদনা কৰক]

হৰিবৰ বিপ্ৰৰ ভাষা সমসাময়িক আন কবিতকৈ ঠায়ে ঠায়ে অৰ্বাচীন৷ কবিয়ে গৌৰীৰ চৰণ সেৱা কৰিলেও বিষ্ণুৰ প্ৰতিও সমানে ভক্তি প্ৰদৰ্শন কৰিছে আৰু বিষ্ণুক দেৱশ্ৰেষ্ঠ বুলি অনেক ঠাইত উল্লেখ কৰিছে৷[1] যদিও বিপ্ৰই জৈমিনিৰ লেখনিৰ ভাঙনিহে কৰিছে, তথাপি তেওঁৰ ৰচনাত নিজস্ব কল্পনা আৰু মৌলিকত্ব বহুখিনি চকুত পৰে। তেওঁ প্ৰতিখন কাব্যতে নিজৰ সৃষ্টিশীল মনটোৰ প্ৰকাশ ঘটাইছে। তেওঁৰ কাব্য সমূহৰ ভাষাৰ বিষয়ে ড° মহেশ্বৰ নেওগে লিখিছে, "হৰিবৰৰ ভাষা আৰু ৰচনাশৈলী সহজ আৰু সৰল। জতুৱা খণ্ডবাক্যৰ প্ৰয়োগত তেওঁক প্ৰাক্‌শংকৰী কবিসকলৰ ভিতৰত মাধৱ কন্দলিৰ পাছতে ধৰিব লাগিব। তেওঁ পদ, দুলড়ি আৰু ছবিছন্দ মাত্ৰ ব্যৱহাৰ কৰিছে আন প্ৰাক্‌শংকৰী কবিসকলৰ দৰেই। অকল প্ৰাক্‌শংকৰী কবি বুলিয়েই নহয়, ৰচনাৰ সাধাৰণ সৌষ্ঠৱৰ গুণতো হৰিবৰ বিপ্ৰ অসমীয়া সাহিত্যৰ এজন ডাঙৰ কবি।"[2]

বিষয় বস্তু[সম্পাদনা কৰক]

বাল্মীকিৰ তপোবনত সীতা, লৱ-কুশৰ জন্ম (কাংৰা চিত্ৰ)

কাব্যখনৰ মুল বিষয় ৰামায়ণৰ ৰাৱণ বধৰ পিছৰ। সীতাক উদ্ধাৰ কৰা, সীতাৰ অগ্নি পৰীক্ষা, ৰামঅযোধ্যা গমন, সীতাৰ গৰ্ভধাৰণ আৰু পুংসৱন উৎসৱ পালনৰে দেৱতাক পূজা কৰা, সীতাৰ আশ্ৰমলৈ গমন, বাল্মীকিৰ আশ্ৰমত সীতাৰ যমজ সন্তানৰ প্ৰসৱ, বাল্মীকিৰ দ্বাৰা ধনু বিদ্যা আহৰণ আৰু ৰামৰ সৈতে লৱ-কুশৰ যুদ্ধ আদিয়ে কাব্য খনৰ মুল বিষয়। ইয়াত কবি জনাই নিজৰ সৃষ্টিশীল প্ৰতিভাৰ প্ৰকাশ কৰি চিত্ৰপটৰ বৰ্ণনা, পৰিৱেশ ৰচনা কৰাৰ লগতে ঘৰুৱা-জতুৱা ভাষাৰো প্ৰয়োগ কৰিছে।

কবিৰ পৰিচয়[সম্পাদনা কৰক]

চতুৰ্দশ শতিকাৰ অসমীয়া কবিসকলৰ ভিতৰত হৰিবৰ বিপ্ৰ বা হৰিহৰ বিপ্ৰ অন্যতম৷ তেওঁ কমতাপুৰৰ ৰজা দুৰ্লভনাৰায়ণৰ পৃষ্ঠপোষকতা পাইছিল৷ এতিয়ালৈকে আৱিষ্কৃত হৰিহৰ বিপ্ৰৰ ভণিতা থকা পুথি তিনিখন হৈছে - বব্ৰুবাহনৰ যুদ্ধ, লৱ-কুশৰ যুদ্ধ আৰু তাম্ৰধ্বজৰ যুদ্ধ[1] জৈমিনীয়াশ্বমেধপৰ্বৰ পৰা লিখা "সুধন্বা-বধ" হৰিবৰ বিপ্ৰৰ ৰচনা বুলি নিশ্চিত নহয়।[2] বিপ্ৰক মাধৱদেৱৰ অন্যতম শিষ্য বংশীগোপালদেৱৰ ককা বুলিও ৰমানন্দ দ্বিজে ক'ব বিচাৰে আৰু ড° মহেশ্বৰ নেওগেও এই কথাত হয়ভৰ দিছে।[3] তেওঁ প্ৰাক্ শংকৰী যুগৰ প্ৰসিদ্ধ কবি। হৰিবৰ বিপ্ৰৰ ভাষা সমসাময়িক আন কবিতকৈ ঠায়ে ঠায়ে অৰ্বাচীন৷ কবিয়ে গৌৰীৰ চৰণ সেৱা কৰিলেও বিষ্ণুৰ প্ৰতিও সমানে ভক্তি প্ৰদৰ্শন কৰিছে আৰু বিষ্ণুক দেৱশ্ৰেষ্ঠ বুলি অনেক ঠাইত উল্লেখ কৰিছে৷[1] যদিও বিপ্ৰই জৈমিনিৰ লেখনিৰ ভাঙনিহে কৰিছে, তথাপি তেওঁৰ ৰচনাত নিজস্ব কল্পনা আৰু মৌলিকত্ব বহুখিনি চকুত পৰে। হৰিহৰ বিপ্ৰৰ পৃষ্ঠপোষক ৰজা জন হৈছে কমতাপুৰৰ দুৰ্লভনাৰায়ণ। হৰিবৰ বিপ্ৰৰ আনুমানিক জন্মস্থান কমতাপুৰৰ কোনো অঞ্চল আৰু তেওঁৰ জন্ম হয় ত্ৰয়োদশ শতিকাত।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত। প্ৰকাশক - প্ৰতিমা দেৱী। লেখক - সত্যেন্দ্ৰনাথ শৰ্মা, ১৯৯৬, গুৱাহাটী, পৃষ্ঠা ৫৭-৫৯
  2. 2.0 2.1 নেওগ, মহেশ্বৰ (১৯৮৬). মহেশ্বৰ নেওগ ৰচনাৱলী- প্ৰথম খণ্ড. প্ৰকাশক গুৱাহাটী: ডক্টৰ মহেশ্বৰ নেওগ প্ৰকাশন ন্যাস পৰিষদ. পৃষ্ঠা. ৫২০-২৯. 
  3. ভৰালী, হেমন্ত কুমাৰ (২০০১). এহেজাৰ বছৰৰ এশগৰাকী অসমীয়া. প্ৰকাশক গুৱাহাটী: চিত্ৰলেখা পাব্লিকেশ্বন্‌ছ. পৃষ্ঠা. ২৯৮-২৯৯.