হেম সৰস্বতী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হেম সৰস্বতী
জন্ম চতুৰ্দশ শতিকা
পেচা কবি
ভাষা অসমীয়া
উল্লেখনীয় কৰ্মৰাজি প্ৰহ্লাদ চৰিত্ৰ, হৰগৌৰী-সংবাদ

হেম সৰস্বতী এজন চতুৰ্দশ শতিকাৰ প্ৰাক্‌-বৈষ্ণৱ যুগৰ অসমীয়া কবি৷ কমতাধিপতি দুৰ্লভনাৰায়ণ ৰজাৰ পৃষ্ঠপোষকতাত তেওঁ "প্ৰহ্লাদ চৰিত্ৰ" আৰু "হৰগৌৰী-সংবাদ" নামৰ দুখন কাব্য গ্ৰন্থ ৰচনা কৰে৷[1]

আত্ম পৰিচয়[সম্পাদনা কৰক]

হেম সৰস্বতীয়ে তেওঁৰ "প্ৰহ্লাদ চৰিত্ৰ" আৰু "হৰগৌৰী-সংবাদ" নামৰ কাব্য গ্ৰন্থ দুখনত নিজৰ আত্ম পৰিচয় দিছে৷ কিন্তু দুয়োখনৰ মাজত কিছু প্ৰভেদ দেখা যায়৷

প্ৰহ্লাদ চৰিত্ৰ' অনুসৰি-

কমতামণ্ডল দুলৰ্ভনাৰায়ণ নৃপবৰ অনুপম৷
তাহান ৰাজ্যত ৰুদ্ৰসৰস্বতী দেৱযানী কন্যা নাম৷৷
তাহান তনয় হেমসৰস্বতী ধ্ৰুৱৰ অনুজ ভাই৷[1]

হৰগৌৰী-সংবাদ অনুসৰি-

ভূপ দুলৰ্ভনাৰায়ণ পাত্ৰপশুপতিসুত সৰ্বশাস্ত্ৰে পণ্ডিত সুজান৷
তাহান তনয় চাৰি ধনঞ্জয় আদি কৰি, ধ্ৰুৱ ভৈল কুলত প্ৰধান৷৷
অপৰ হেমন্ত কৰি হৰগৌৰীপদ সেৱি হেমসৰস্বতী ভৈল নাম৷[1]

ইয়াৰপৰা জানিব পৰা দেউতাকৰ নাম 'পশুপতি' আৰু 'ৰুদ্ৰসৰস্বতী' একেজন মানুহ বুলিয়েই ঠাৱৰ কৰা হৈছে। হৰগৌৰী সংবাদত হেম সৰস্বতীৰ আন নাম 'হেমন্ত' বুলিও কোৱা হৈছে।[2] হেম সৰস্বতী পুৰুষানুক্ৰমে পণ্ডিত বংশৰ ল'ৰা আছিল৷ বাপেক ৰুদ্ৰসৰস্বতীও সংস্কৃতজ্ঞ আছিল৷ 'সৰস্বতী' উপাধিটো পাণ্ডিত্যসূচক।

কাব্যপুথি[সম্পাদনা কৰক]

হেম সৰস্বতীয়ে বামন-পুৰাণৰ পৰা এশ পদবিশিষ্ট "প্ৰহ্লাদ চৰিত্ৰ" ৰচনা কৰিছিল৷ ইয়াত দানৱৰাজ হিৰণ্যকশিপুৰে পুতেক প্ৰহ্লাদক বিষ্ণুভক্তিৰ বাবে কৰা অত্যাচাৰ আৰু শেষত নৰসিংহৰূপী বিষ্ণুৰ হাতত হিৰণ্যকশিপুৰ বধৰ বৰ্ণনা পোৱা যায়। মাজে মাজে কাব্যখনত বিষ্ণু-ভক্তিৰ মাহাত্ম্য আৰু তত্বমূলক উপদেশ আছে। সেইবাবে 'প্ৰহ্লাদ চৰিত্ৰ'ক "প্ৰথম অসমীয়া বৈষ্ণৱ গ্ৰন্থ" বুলি কালিৰাম মেধিয়ে অভিমত প্ৰকাশ কৰিছে।[2]

আনহাতে ৮৯৯ টা পদবিশিষ্ট "হৰগৌৰী-সংবাদ"ত কালিকা পুৰাণ, কুমাৰ সম্ভৱ, নৃসিংহ পুৰাণ আদি গ্ৰন্থৰ প্ৰভাৱ পৰিছে৷[2] ইয়াত তাৰকাসুৰৰ অত্যাচাৰ, শিৱৰ তপস্যা, মদন ভষ্ম, হৰ-পাৰ্বতীৰ বিবাহ, কাৰ্তিকৰ জন্ম আদিৰ বৰ্ণনা আছে। এইখন পুথি কবিৰ পৰিণত বয়সৰ ৰচনা বুলি ধাৰণা কৰা হয়।[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 ড: সত্যেন্দ্ৰনাথ শৰ্মা (১৯৯৬). অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. প্ৰকাশক গুৱাহাটী: প্ৰতিমা দেৱী. পৃষ্ঠা. ৫৩-৫৪. 
  2. 2.0 2.1 2.2 ড: হেমন্তকুমাৰ শৰ্মা (১৯৯৭). অসমীয়া সাহিত্যত দৃষ্টিপাত. প্ৰকাশক গুৱাহাটী: শান্তিৰঞ্জন দে', বীণা লাইব্ৰেৰী. পৃষ্ঠা. ৬৫-৬৬. 

বৰ্হি সংযোগ[সম্পাদনা কৰক]