সত্যেন্দ্ৰনাথ শৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সত্যেন্দ্ৰনাথ শৰ্মা
জন্ম ১০ ছেপ্তেম্বৰ, ১৯১৭
জাঁজী, শিৱসাগৰ
মৃত্যু ১১ আগষ্ট, ১৯৯৯
পেচা সহিত্যিক, শিক্ষাবিদ, বুৰঞ্জীবিদ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব  ভাৰত
শিক্ষা ডক্টৰেট, স্নাতকোত্তৰ
উল্লেখযোগ্য বঁটা দুৰ্গাধৰ বৰকটকী বঁটা
মোহনচন্দ্ৰ শৰ্মা বঁটা
অসম প্ৰকাশন পৰিষদ বঁটা(১৯৮৭)

সত্যেন্দ্ৰনাথ শৰ্মা (ইংৰাজী: Satyendranath Sarma; ১৯১৭ - ১৯৯৯) অসমৰ এগৰাকী সাহিত্যিক, শিক্ষাবিদ, গৱেষক, সমালোচক আৰু বুৰঞ্জীবিদ। তেখেতে অসম সাহিত্য সভাৰ ১৯৭৫ চনৰ তিতাবৰ অধিবেশনত সভাপতিত্ব কৰিছিল। অসমীয়া নাট, কাব্যসাহিত্য আৰু উপন্যাসৰ মূল্যাঙ্কনত তেখেতে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই গৈছে[1]

চমু জীৱনী[সম্পাদনা কৰক]

জন্ম[সম্পাদনা কৰক]

সত্যেন্দ্ৰনাথ শৰ্মাৰ ১৯১৭ চনৰ ভাদ মাহৰ পূৰ্ণিমা তিথিত শিৱসাগৰজাঁজীত জন্ম গ্ৰহণ কৰে। তেওঁৰ পিতৃৰ নাম গোলাপচন্দ্ৰ শৰ্মা আৰু মাতৃৰ নাম চেনেহী দেৱী[2]


শিক্ষা[সম্পাদনা কৰক]

১৯২২ চনত শৰ্মাই যোৰহাট নৰ্মাল বিদ্যালয়ৰ সৈতে সংলগ্ন ১ নং প্ৰেকটিছিং বিদ্যালয়ত পঢ়াশালীয়া শিক্ষা গ্ৰহণ কৰে আৰু ১৯৩৪ চনত জাঁজী হাইস্কুলৰ পৰা প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত উৰ্ত্তীণ হয়। ১৯৩৬ চনত কটন কলেজৰ পৰা আই এ আৰু ১৯৩৯ চনত ডিষ্টিংচন সহ বি এ পাছ কৰে। ১৯৪১ চনত শৰ্মা দেৱে কলিকতা় বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত প্ৰথম শ্ৰেণী হৈ স্নাতকোত্তৰ সন্মান লাভ কৰে। একে সময়তে তেওঁ আইনৰো শিক্ষা গ্ৰহণ কৰিছিল যদিও ১৯৪২ চনত কটন মহাবিদ্যালয়ত প্ৰবক্তাৰ পদত মকৰল হোৱাত আইন পঢ়া সমাপ্ত কৰে। ১৯৫৫ চনত শৰ্মাই অসমৰ সত্ৰ অনুষ্ঠানসমূহৰ বিষয়ে গৱেষণা কৰি ডক্টৰেট উপাধি লাভ কৰে।[2]

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৪২ চনত শৰ্মাই কটন মহাবিদ্যালয়ত প্ৰবক্তা পদত যোগদান কৰি কৰ্মজীৱনৰ পাতনি মেলে। ১৯৪৯ চনৰ পৰা ১৯৫৬ চনলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰবক্তা, ১৯৫৭ চনৰ পৰা ১৯৬৬ চনলৈ ৰিডাৰ আৰু ১৯৬৬ চনৰ পৰা ১৯৮০ চনলৈ আধুনিক ভাৰতীয় ভাষা বিভাগত ৰবীন্দ্ৰনাথ ঠাকুৰ আসনৰ প্ৰাধ্যাপক হিচাপে কাৰ্যনিবাহ কৰিছিল। শৰ্মাদেৱে ১৯৮০ চনৰ ফেব্ৰুৱাৰী মাহত কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে।[2]


মৃত্যু[সম্পাদনা কৰক]

সত্যেন্দ্ৰনাথ শৰ্মাৰ ১৯৯৯ চনৰ ১১ আগষ্ট তাৰিখে মৃত্যু হয়।


সাহিত্য কৰ্ম[সম্পাদনা কৰক]

অসমৰ সাহিত্য-সংস্কৃতিৰ লগত ওতপ্ৰোতভাবে জড়িত শৰ্মাদেৱে ১৯৫৫ চনত অসম সাহিত্য সভাৰ কোষাধ্যক্ষ হিচাপে নিযুক্ত হয়। তেওঁ ১৯৫৮ চনৰ পৰা ১৯৬১ চনলৈকে অসম সাহিত্য সভা পত্ৰিকাৰ সম্পাদক আছিল। ১৯৭৫ চনত শৰ্মাদেৱক তেওঁৰ অসমীয়া সাহিত্য সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে তিতাবৰত অনুষ্ঠিত হোৱা বাৰ্ষিক অধিবেশনৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়[3]। শৰ্মাই কেন্দ্ৰীয় সাহিত্য অকাডেমিৰ সদস্য হিচাপে ১৯৫৯ চনৰ পৰা ১৯৮৭ চনলৈকে আছিল। ১৯৬৪ চনৰ পৰা ১৯৬৭ চনলৈকে সাহিত্য অকাডেমিৰ কাৰ্যনিবাহকৰ সদস্য আছিল। কলিকতাৰ "ইন্সটিটিউট অব্ হিষ্টৰিকেল ষ্টাডিজ"ৰ এজন সদস্য হোৱাৰ উপৰি অসম অকাডেমি প্ৰতিষ্ঠাপক সদস্য, উপ-সভাপতি আৰু ১৯৬৭ চনৰ পৰা ১৯৮৩ চনলৈকে সভাপতি হৈ আছিল। তেওঁ ৰামায়ণী সাহিত্যৰ ইতিবৃত্ত গ্ৰন্থৰ বাবে ১৯৮৭ চনত অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰে।[2]

সাহিত্যক অৱদান[4][সম্পাদনা কৰক]

ৰচনা সংকলন

  • অসমীয়া সাহিত্যৰ ইতিবৃত্ত (১৯৫৯),
  • অসমীয়া নাট্য সাহিত্য (১৯৬২)
  • বাণী দীপ(১৯৬২)
  • সাহিত্যৰ আভাস (১৯৬৩)
  • অসমীয়া উপন্যাসৰ ভূমিকা (১৯৬৫)
  • অসমীয়া উপন্যাসৰ গতিধাৰা (১৯৭৭)
  • শ্ৰীশ্ৰী শঙ্কৰদেৱ-মাধৱদেৱৰ বাণী (১৯৮৬)
  • হেমচন্দ্ৰ গোস্বামী (১৯৯৪)
  • অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত (১৯৮৩)
  • ৰামায়ণৰ ইতিবৃত্ত (১৯৮৪)
  • পাৰ্থসাৰথি,

  • পম্পৰাগত প্ৰাচ্য নাট্যাভিনয় (১৯৬৭),
  • অসমীয়া কাহিনী কাব্যৰ প্ৰবাহ (১৯৭১),
  • সাহিত্য চয়ন (১৯৭৯),
  • কাব্য মঞ্জুসা (১৯৬৩),
  • ঊষাপৰিণয় (১৯৫১),
  • গীতাকথা (১৯৬০),
  • মনসা কাব্য,
  • মধুমালতী (১৯৫৯),
  • অংকমালা (১৯৭৪),
  • শিশু জ্ঞানকোষ,
  • বৈদিক যুগ,
  • দাৰ্শনিক পৰিচয়,
  • মৌ,
  • মাটিৰ মানুহ,
  • আকবৰ,
  • পুৰণি সাহিত্যৰ অধ্যয়ন,

ৰচনা সংকলন(ইংৰাজী)

  • The Neo-Vaisnative Movement and the Satra Institution of Assam (১৯৬৬)
  • Epics And Purans in Early Assamese Literature (১৯৭২)
  • Assamese Literature (১৯৭৭)
  • Madhavadeva (১৯৮৮)
  • Studies in the Literature and Culture of Assam,
  • A socio-economic & cultural history of medieval Assam, 1200 A.D.-1800 A.D. (১৯৮৯)
  • Education and Learning in Early Assam

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. [1] Modern Indian literature, an anthology, Volume 3 By K. M. George, Sāhitya Akādemī
  2. 2.0 2.1 2.2 2.3 ত্ৰিদিপ গোস্বামী. পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ. অনন্ত হাজৰিকা, বনলতা প্ৰকাশণ. পৃষ্ঠা. ১২৪, ১২৫. 
  3. ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা Archived 2013-01-29 at the Wayback Machine অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
  4. http://enajori.com/literature/authors/authorsS.html[সংযোগবিহীন উৎস]