সমললৈ যাওক

দ্বীপেন বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দ্বীপেন বৰুৱা
জন্ম ১৯ নৱেম্বৰ, ১৯৪৫
গুৱাহাটী, অসম
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
পেচা গায়ক
দাম্পত্যসঙ্গী চৈয়দা জোৎস্না ৰহমান

দ্বীপেন বৰুৱা (ইংৰাজী: Dwipen Baruah) এগৰাকী অসমীয়া কণ্ঠশিল্পী আৰু প্ৰাক্তন ক্ৰিকেটাৰ। তেখেতে বৰ্তমানলৈকে প্ৰায় ৫০খন চলচ্চিত্ৰত কণ্ঠদান কৰিছে। চলচ্চিত্ৰত গীত গোৱাৰ আগেয়ে তেখেতৰ ক্ৰিকেট খেলাৰ প্ৰতিহে তীব্ৰ আকৰ্ষণ আছিল। তেখেতে অসমৰ হৈ অসংখ্য ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ক্ৰিকেট মেচত অধিনায়কত্ব কৰাৰ উপৰিও ৰঞ্জী ট্ৰফীৰ খেলতো অসমক প্ৰতিনিধিত্ব কৰিছিল।[1]

চমু জীৱনী

[সম্পাদনা কৰক]

দ্বীপেন বৰুৱাৰ জন্ম হৈছিল ১৯৪৫ চনৰ ১৯ নবেম্বৰ তাৰিখে গুৱাহাটী লতাশিলত। তেওঁৰ পিতৃ চন্দ্ৰনাথ বৰুৱা আৰু মাতৃ জোনপ্ৰভা বৰুৱা। লতাশিলৰ বৰুৱা পৰিয়ালৰ এখেত সৰ্বকনিষ্ঠ পুত্ৰ আছিল। বৰুৱা পৰিয়ালৰ আটাইকেইগৰাকী সন্তানেই অসমীয়া কলা-ক্ষেত্ৰৰ ক্ষেত্ৰখনত উল্লেখনীয় অৱদান আগবঢ়াই থৈ গৈছে।[1][2][3]

দ্বীপেন বৰুৱাই প্ৰাথমিক শিক্ষা লাভ কৰিছিল লতাশিল প্ৰাথমিক বিদ্যালয়ৰ পৰা। পিছত তেওঁ কটন কলেজিয়েট হাইস্কুলত নাম ভৰ্তি কৰে কিন্তু কিবা কাৰণত স্কুল ট্ৰেন্সফাৰ লৈ পুনৰ কামৰূপ একাডেমীত নাম ভৰ্তি কৰে আৰু তাৰ পৰাই মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত ভৰ্তি হয় আৰু তাৰেপৰাই ৰাজনীতি বিজ্ঞান আৰু শিক্ষা বিষয়ত বি.এ. পাচ কৰে।

ক্ৰিকেটাৰ জীৱন

[সম্পাদনা কৰক]

দ্বীপেন বৰুৱাৰ দাদা-বাইদেউ সকলোৱে সংগীত, নাটক, বোলছবি জগতত জীৱন আৰম্ভ কৰাৰ বিপৰীতে তেওঁ জড়িত হৈ পৰিছিল ক্ৰিকেট খেলত। ক্ৰিকেটাৰ হিচাপে তেওঁ ১৯ বছৰৰ অনুৰ্ধৰ বাবে অনুষ্ঠিত 'কোচ বিহাৰ ট্ৰফী'ত অংশগ্ৰহণ কৰিছিল। একেখন প্ৰতিযোগিতাতে তেখেতে অধিনায়ক হিচাপে দলক নেতৃত্ব দিছিল। তেখেতে 'পূৱ মণ্ডল'ৰ দলৰ খেলুৱৈ হিচাপে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলতো অংশগ্ৰহণ কৰাৰ উপৰিও ৰঞ্জি ট্ৰফী-তো অসমৰ হৈ খেলিছিল।[1] ক্ৰিকেট খেলত দ্বীপেন বৰুৱাই অল ৰাউণ্ডাৰ হিচাপে খেলিছিল।

কণ্ঠশিল্পী জীৱন

[সম্পাদনা কৰক]

১৯৬৮ চনত দ্বিপেন বৰুৱাৰ ককায়েক ব্ৰজেন বৰুৱাৰ দ্বাৰা নিৰ্মিত ডক্তৰ বেজবৰুৱা চলচ্চিত্ৰৰ জৰিয়তে তেখেত সংগীতৰ ক্ষেত্ৰলৈ আহে। দ্বীপেন বৰুৱাই খুব ৰেডিঅ'ৰ গান শুনে আৰু গুণগুণাই থাকে। তেখেতৰ মাতটো যে টিউনত আছে, এই কথা তেখেতৰ জ্যেষ্ঠ ভাতৃ সঙ্গীত পৰিচালক ৰমেন বৰুৱাই মন কৰাৰ লগতে তেখেতৰ আন এগৰাকী জ্যেষ্ঠ ভাতৃ ব্ৰজেন বৰুৱায়ো মন কৰিছিল। ডক্তৰ বেজবৰুৱা নিৰ্মাণৰ প্ৰস্তুতি পূৰ্ণগতিত চলি থকা সময়ত এদিন পৰিচালক ব্ৰজেন বৰুৱাই সঙ্গীত পৰিচালক ৰমেন বৰুৱাক ছবিখনৰ গীত দ্বিপেন বৰুৱাৰ হতুৱাই গোৱালে কেনে হয় সুধিলে। আৰু তেনেকৈয়ে তেখেতে ডক্তৰ বেজবৰুৱাত গীত গোৱাৰ সুযোগ লাভ কৰিলে। তাৰ পাছৰেপৰা তেখেতে ক্ৰিকেট খেল বাদ দি সংগীতৰ ক্ষেত্ৰলৈ আহে।[1] ডাক্তৰ বেজবৰুৱাৰ গানসমূহ জনপ্ৰিয় হৈছিল আৰু তাৰ পাছতে দ্বিপেন বৰুৱাই কেইবাখনো ছবিৰ নেপথ্য গায়ক হিচাপে ভূমুকি মাৰে।[4]

দ্বীপেন বৰুৱাই বহু দেৰীকৈ ৬৪ বছৰ বয়সত বিবাহ-পাশত আৱদ্ধ হয়। তেখেতৰ পত্নী জোৎস্না ৰহমানৰ লগত তৰামাই (১৯৭৬) ছবি নিৰ্মাণৰ সময়তে প্ৰেমৰ সম্পৰ্ক স্থাপন হৈছিল যদিও পৰিয়ালৰ অসুবিধাৰ বাবে বিয়া হোৱা নাছিল। ২০০৯ চনৰ ২১ ছেপ্টেম্বৰত দ্বিপেন বৰুৱা আৰু ছৈয়দা জোৎস্না ৰহমানৰ বিবাহ সম্পন্ন হয়।[5]

দ্বীপেন বৰুৱাই বৰ্তমানলৈ ৫০ খনৰো অধিক অসমীয়া চলচ্চিত্ৰৰ নেপথ্য সংগীত-ত কণ্ঠদান কৰিছে। সংগীত পৰিচালক, ককায়েক, ৰমেন বৰুৱাৰ পৰিচালনাত তেখেতে গোৱা কেবাটাও গান বৰ্তমানেও অতি জনপ্ৰিয়। বৰ্তমানেও দ্বীপেন বৰুৱাই মঞ্চানু্ষ্ঠান, দূৰদৰ্শন অনুষ্ঠান আদিত গান গাই আহিছে।

কণ্ঠদান কৰা চলচ্চিত্ৰৰ তালিকা

[সম্পাদনা কৰক]

দ্বীপেন বৰুৱাই কণ্ঠদান কৰা চলচ্চিত্ৰ সমূহৰ এখন তালিকা[6][7]:

ছবিৰ নাম ভাষা পৰিচালক সঙ্গীত পৰিচালক বৰ্ষ
ডক্তৰ বেজবৰুৱাঅসমীয়াব্ৰজেন বৰুৱাৰমেন বৰুৱা১৯৬৯
বৰুৱাৰ সংসাৰ অসমীয়ানিপ বৰুৱাৰমেন বৰুৱা১৯৭০
মুকুতাঅসমীয়াব্ৰজেন বৰুৱাৰমেন বৰুৱা১৯৭০
মানৱ আৰু দানৱঅসমীয়াইন্দুকল্প হাজৰিকাজীতু-তপন১৯৭১
অৰণ্যঅসমীয়াসমৰেন্দ্ৰ নাৰায়ণ দেৱসুধীন দাশগুপ্ত১৯৭১
যোগ বিয়োগঅসমীয়াদ্বিবন বৰুৱাৰমেন বৰুৱা১৯৭১
উত্তৰ শূন্যঅসমীয়াসমৰেন্দ্ৰ নাৰায়ণ দেৱসুধীন দাশগুপ্ত১৯৭১
ললিতাঅসমীয়াব্ৰজেন বৰুৱাৰমেন বৰুৱা১৯৭২
ওপজা সোণৰ মাটিঅসমীয়াব্ৰজেন বৰুৱাৰমেন বৰুৱা১৯৭২
হৃদয়ৰ প্ৰয়োজনঅসমীয়াগৌৰী বৰ্মণৰমেন বৰুৱা১৯৭২
উপগ্ৰহঅসমীয়াভৱেন দাসজীতু-তপন১৯৭২
উত্তৰণঅসমীয়ামনোৰঞ্জন শুৰ১৯৭৩
অভিযান অসমীয়াসুজিত সিংহজীতু-তপন১৯৭৩
গণেশঅসমীয়াএ কে ফিল্মচঅজিত সিংহ১৯৭৩
সোণতৰাঅসমীয়ানিপ বৰুৱাৰমেন বৰুৱা১৯৭৩
পৰিণামঅসমীয়াপ্ৰবীন বৰাৰমেন বৰুৱা১৯৭৪
তৰামাইঅসমীয়াদ্বিবন বৰুৱাৰমেন বৰুৱা১৯৭৬
সোণমাঅসমীয়ানিপ বৰুৱাৰমেন বৰুৱা১৯৭৭
মৰমী অসমীয়াদীজেন্দ্ৰ নাৰায়ন দেৱৰমেন বৰুৱা১৯৭৮
মৰমঅসমীয়াদ্বিবন বৰুৱা১৯৭৮
আশ্ৰয় অসমীয়াদুলাল ৰয়ৰমেন বৰুৱা১৯৭৯
সোণৰ হৰিণঅসমীয়াসমৰেন্দ্ৰ নাৰায়ণ দেৱতফজ্জুল আলি১৯৭৯
মেঘমুক্তিঅসমীয়াবন্ধুখগেন মহন্ত১৯৭৯
আজলী নবৌ অসমীয়ানিপ বৰুৱাৰমেন বৰুৱা১৯৮০
ৰজা হৰিশ্চন্দ্ৰঅসমীয়াদ্বিবন বৰুৱাৰমেন বৰুৱা১৯৮০
মন আৰু মৰমঅসমীয়াদ্বিবন বৰুৱাৰমেন বৰুৱা১৯৮০
মানসীঅসমীয়াবলাই সেনৰমেন বৰুৱা১৯৮১
উত্তৰ শূন্যঅসমীয়াদ্বিবন বৰুৱাৰমেন বৰুৱা১৯৮১
ৰজনী গন্ধাঅসমীয়াপ্ৰফুল্ল কুমাৰ বৰুৱাকুমাৰ ৰঞ্জন১৯৮১
ৰাজাঅসমীয়াসমৰেন্দ্ৰ নাৰায়ন দেৱৰমেন বৰুৱা১৯৮২
ককাদেউতা নাতি আৰু হাতীঅসমীয়ানিপ বৰুৱাৰমেন বৰুৱা১৯৮০
শকুন্তলা আৰু শংকৰ জোচেফ আলিঅসমীয়ানিপ বৰুৱাৰমেন বৰুৱা১৯৮৩
এণ্টনী মোৰ নামঅসমীয়ানিপ বৰুৱাৰমেন বৰুৱা১৯৮৬
দীপজ্যোতিঅসমীয়াপ্ৰদ্যুৎ বসু ৰমেন বৰুৱা১৯৮৬
আই মোৰ জনমে জনমেঅসমীয়ানিপ বৰুৱাঅনুপম চৌধুৰী১৯৮৮
অজলা ককাইঅসমীয়াদ্বিবন বৰুৱাৰমেন বৰুৱা১৯৮৯
ইমান মৰম কিয় লাগেঅসমীয়াঅলক নাথমনোজ শৰ্মা২০০২
তুমিয়ে মোৰ কল্পনাৰঅসমীয়াবিপুল কুমাৰ বৰুৱানয়নমণি বৰুৱা আৰু জয়ন্ত দাস২০০২

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 3 4 "Dwipen Baruah - The voice in million hearts". Abhijit Borah). onlinesivasagar.com. Archived from the original on June 26, 2012. https://web.archive.org/web/20120626220151/http://onlinesivasagar.com/music/dwipen-baruah.php আহৰণ কৰা হৈছে: January 31, 2013.
  2. নিভা ৰাণী ৰায় (জুন ২০০৬). "ঐতিহ্যমণ্ডিত সেই ঘৰখন". অসমীয়া সা ৰে গা মা.
  3. ঈশান বৰুৱা (জুন ২০০৬). "লতাশিলৰ বৰুৱা পৰিয়াল". অসমীয়া সা ৰে গা মা.
  4. চন্দন শৰ্মা (জুন ২০০৬). "ৰমেন বৰুৱাঃ এক অসামান্য সঙ্গীতান্বেষণ". অসমীয়া সা ৰে গা মা.
  5. Love in 1976, marriage in 2009; no 'Love Aaj kal' for Dwipen www.the northlines.com 09-03-2009[সংযোগবিহীন উৎস] আহৰণ কৰা তাৰিখঃ ০২-০২-২০১৩
  6. "ALL TIME GREATS-DIPEN BARUAH". hamaracd.com. http://hamaracd.com/hcdindia/homevideo/selecttitle_mp3.asp?coup=M42128 আহৰণ কৰা হৈছে: February 03, 2013.
  7. পবিত্ৰ কুমাৰ ডেকা (জুন ২০০৬). "অসমীয়া চলচ্চিত্ৰ আৰু বৰুৱা পৰিয়াল". অসমীয়া সা ৰে গা মা.