সান্ত্বনা বৰদলৈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সান্ত্বনা বৰদলৈ
জন্ম সান্ত্বনা বৰুৱা
উজানবজাৰ, গুৱাহাটী, অসম
বাসগৃহ উজানবজাৰ, গুৱাহাটী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা চলচ্চিত্ৰ পৰিচালক
শিশু ৰোগ বিশেষজ্ঞ
অনাতাঁৰ নাট শিল্পী
উল্লেখযোগ্য কৰ্ম অদাহ্য, মাজ ৰাতি কেতেকী
ধৰ্ম হিন্দু ধৰ্ম
দাম্পত্যসঙ্গী জয়ন্ত বৰদলৈ
পিতৃ-মাতৃ ৰবীন্দ্ৰলাল বৰুৱা (পিতৃ)
বীণাপাণি বৰুৱা (মাতৃ)
বঁটা, সন্মান, পুৰস্কাৰ আদি অদাহ্যৰ বাবে "Silver Peacock" বঁটা (১৯৯৮)

সান্ত্বনা বৰদলৈ (ইংৰাজী: Santwana Bardoloi) এগৰাকী ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা। বৃত্তিত তেওঁ এগৰাকী শিশু ৰোগ বিশেষজ্ঞ চিকিৎসক।

জন্ম আৰু পৰিয়াল[সম্পাদনা কৰক]

সান্ত্বনা বৰদলৈ গুৱাহাটীৰ উজানবজাৰত ডাঙৰ-দীঘল হয়। তেওঁৰ পিতৃ ৰবীন্দ্ৰলাল বৰুৱা এগৰাকী বিক্ৰী বিভাগৰ কৰ বিষয়া আছিল।[1] মাতৃৰ নাম বীণাপাণি বৰুৱা। পৰিয়ালটোৰ ছয়টা সন্তানৰ আটাইকেইটাই পঢ়া-শুনাত পাৰদৰ্শী আছিল। গীত-মাততো ধাউতি থকা বৰদলৈয়ে সংগীতৰ প্ৰাথমিক শিক্ষা লৈছিল বায়েক শিখা দত্তৰ পৰা। স্কুলীয়া দিনত তেওঁ প্ৰত্যেক শনিবাৰ-দেওবাৰে মইনা পাৰিজাতত অংশ লৈছিল। ঘৰৰ সমীপৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত নাটক উপভোগ কৰি শৈশৱতে তেওঁৰ নাটকৰ প্ৰতিও ধাউতি গঢ়ি উঠিছিল।

কেৰিয়াৰ[সম্পাদনা কৰক]

সান্ত্বনা বৰদলৈ গুৱাহাটীৰ এগৰাকী জ্যেষ্ঠ শিশুৰোগ বিশেষজ্ঞ। ১৯৭১ চনত তেওঁ চিকিৎসাবিজ্ঞানৰ চূড়ান্ত শিক্ষা উত্তীৰ্ণ হৈছিল।[1]

অনাতাঁৰ শিল্পী[সম্পাদনা কৰক]

গীত-নাটৰ পৰিৱেশ এটাতে ডাঙৰ-দীঘল হোৱা বৰদলৈয়ে বায়েক শিখা দত্তৰ লগত আকাশবাণী গুৱাহাটী কেন্দ্ৰত সংগীত শিল্পীৰ অ'ডিছনত ভাগ লৈছিল। কিন্তু তেওঁ নিৰ্বাচিত নহ'ল। মহেন্দ্ৰ বৰঠাকুৰৰ পৰামৰ্শত তেওঁ নাট শিল্পীৰ বাবেও চেষ্টা কৰি চালে আৰু তাত নিৰ্বাচিত হ'ল। এইদৰে তেওঁৰ অনাতাঁৰ নাট শিল্লীৰূপী কেৰিয়াৰ আৰম্ভ হ'ল। বৰদলৈয়ে ৰেডিঅ'ত প্ৰচাৰিত "সুৰংগৰ শেষত", "এজাক জোনাকীৰ জিলমিল" আদি কেবাখনো উল্লেখনীয় নাটকত চৰিত্ৰ ৰূপায়ণ কৰিছিল। নীৰেন বৰুৱা, ধীৰু ভূঞা, জীৱেশ্বৰ চক্ৰৱৰ্তী, নীলু চক্ৰৱৰ্তী, মীৰা দাস, মলয়া গোস্বামী আদি প্ৰখ্যাত অনাতাঁৰ নাট শিল্পীসকলৰ লগত তেওঁ সহ-অভিনয় কৰিছিল।[1]

চলচ্চিত্ৰ পৰিচালনা[সম্পাদনা কৰক]

১৯৯৬ চনত বৰদলৈয়ে তেওঁৰ প্ৰথমখন চলচ্চিত্ৰ অদাহ্য নিৰ্মাণ কৰে। চলচ্চিত্ৰখন মামণি ৰয়ছম গোস্বামীৰ উপন্যাস "দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা"ৰ আধাৰত নিৰ্মাণ কৰা হৈছিল। অদাহ্যই সেই বছৰৰ অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। চলচ্চিত্ৰখন কেবাখনো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ উপৰি ইণ্ডিয়ান পেন'ৰামলৈও নিৰ্বাচিত হৈছিল। এই চলচ্চিত্ৰখনৰ বাবেই ১৯৯৮ চনত পৰিচালক সান্ত্বনা বৰদলৈয়ে "Silver Peacock" বঁটা লাভ কৰিছিল।[2]

সুদীৰ্ঘ ২০ বছৰ পিছত যোৱা ২০১৭ চনত বৰদলৈয়ে পৰিচালনা কৰা দ্বিতীয়খন ছবি মাজ ৰাতি কেতেকী মুক্তি পায়। ২০১৭ বৰ্ষৰ অসমীয়া ভাষাৰ শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰৰ সন্মান লাভেৰে এই চলচ্চিত্ৰখনো ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠে আৰু চলচ্চিত্ৰ সমালোচকৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হয়।[3] মাজ ৰাতি কেতেকীত মুখ্য চৰিত্ৰটোৰ ভূমিকা ৰূপায়ণ কৰিছিল অভিনেতা আদিল হুছেইনে আৰু এই চৰিত্ৰটোত কৰা অভিনয়ৰ বাবে হুছেইনে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত নাৰ্গিছ দত্ত বঁটা(বিশেষ জুৰি বঁটা) লাভ কৰিছিল।

দূৰদৰ্শন ধাৰাবাহিক[সম্পাদনা কৰক]

"তেজাল ঘোঁৰা"

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

সান্ত্বনা বৰদলৈ জয়ন্ত বৰদলৈৰ লগত বিবাহপাশত আৱদ্ধ হয়। বিয়াৰ পিছত তেওঁলোকৰ পৰিয়ালটো উজানবজাৰতে স্থায়ীভাৱে থাকিবলৈ লৈছে।[1]

চলচ্চিত্ৰপঞ্জী[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]