মহেন্দ্ৰ বৰঠাকুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মহেন্দ্ৰ বৰঠাকুৰ
জন্ম ১৯৩৫
মৃত্যু ২০০৫
পেচা শিক্ষক, নাট্যকাৰ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব  ভাৰত
উল্লেখযোগ্য বঁটা অসম শিল্পী দিবস বঁটা (২০০১)
শ্ৰেষ্ঠ ভ্ৰাম্যমাণ নাটক বঁটা (১৯৮৯)

মহেন্দ্ৰ বৰঠাকুৰ (ইংৰাজী: Mahendra Borthakur)একেধাৰে এজন অসমীয়া শিক্ষক,নাট্যকাৰ, নাট্য-প্ৰযোজক, গুৱাহাটী দুৰদৰ্শন কেন্দ্ৰৰ সহকাৰী সঞ্চালক আছিল।তেখেত সমাদৃত এগৰাকী জনপ্ৰিয় নাট্যকাৰ হিচাপে।তেওঁ অসম নাট্য সন্মিলনৰ সভাপতি হিচাপে (২০০১-২০০৩)কৃতিত্বৰে দায়িত্ব সম্পন্ন কৰা অসমৰ নাট্যজগতৰ উপৰিও অসমীয়া বোলছবি জগতৰো স্বনামধন্য।তেওঁ ১৯৮৯ চনত অসমৰ শ্ৰেষ্ঠ ভ্ৰাম্যমাণ নাটকৰ বঁটা মুখ্যমন্ত্ৰী নাটক খনিৰ বাবে লাভ কৰিছিল আৰু ২০০১ চনত তেওঁ অসম শিল্পী দিবস বঁটাৰে সন্মানিত হৈছিল।[1]

কৰ্মজীৱন[সম্পাদনা কৰক]

মহেন্দ্ৰ বৰঠাকুৰে ১৯৫৭ চনতেই সহকাৰী প্ৰধান শিক্ষক হিচাপে কৰ্ম জীৱনৰ আৰম্ভনি কৰে।১৯৬৭ চনত তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰত সহকাৰী সম্পাদক (পাণ্ডুলিপি) হিচাপে যোগদান কৰে আৰু পাছত নাট্য-প্ৰযোজক, সহকাৰী কেন্দ্ৰ সঞ্চালক, কলিকতা আৰু উত্তৰ-পূৰ্বাঞ্চল উপ-সঞ্চালক প্ৰধানৰ কাৰ্যালয় আৰু গুৱাহাটীত কাৰ্যনিবাহ কৰে। ১৯৯৩ চনত তেখেতে অৱসৰ গ্ৰহণ কৰে।[1]

নাট্যকৰ্ম[সম্পাদনা কৰক]

১৯৪৭ চনতেই মহেন্দ্ৰ বৰঠাকুৰে হাইস্কুলীয়া শিক্ষা লাভ কৰা সময়তে লাচিত বৰফুকন নামৰ এখন নাটক লিখিছিল। বৰঠাকুৰে ৰৱীন্দ্ৰনাথৰ কাবুলীৱালা গল্পৰ আধাৰত এখন একাংকিকা, কলেজীয়া ছাত্ৰাৱস্থাত মকৰাজাল নামৰ আন এখন একাংকিকা নাটক লিখিছিল। ১৯৭১ চনত জন্ম নামৰ এখন নাটক লিখি উলিয়াই। উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ ৰঙিলী উপন্যাস খনি আনাতাঁৰ অভিযোজনাৰে তেখেতে আকাশবাণীৰ নাট্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰে। তেখেতে হাস্য-ব্যংগৰ মৃদু মৃদু অস্ত্ৰেৰে সামাজিক, ৰাজনৈতিক অন্যায়-অবিচাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এক বিশেষ কৃতিত্বৰ পৰিচয় দি আহিছে ।১৯৮১ চনত শিমলু চন্দন নাটকৰ মাজেৰে তেখেতে ভ্ৰাম্যমাণৰ নাট্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰে। সমাজ জীৱনৰ সংঘাত, ব্যক্তি আৰু সমাজৰ দ্বন্দ, পাৰিবাৰিক সমস্যা, নতুন আৰু পুৰণিৰ সংঘাত, পৰম্পৰাৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শনেৰে যুক্তিনিষ্ঠ সহাকাৰে বৰঠাকুৰে বিভিন্ন নাটক লিখি নাট্যজগত জিলিকাই গৈছে। স্বৰচিত কাহিনীৰ উপৰিও বিশ্ববিখ্যাত উপন্যাস, ঘটনা, চৰিত্ৰসমূহক লৈ নাট ৰচনা কৰি তেখেতে অসমীয়া নাট্য সাহিত্যক এক নতুন গতি প্ৰদান কৰিলে।[1]

ভ্ৰাম্যমাণলৈ অৱদান[সম্পাদনা কৰক]

  1. শিমলুচন্দন,
  2. বন্দিনী,
  3. এই মাটিতে,
  4. শৰাগুৰিৰ চাপৰি,
  5. বাঘ হাজৰিকা,
  6. আইৰ চকুলো,
  7. বিলকিচ বেগম,
  8. অসতী কন্যা,
  9. দধীচি,
  10. ৰজা হৰিচন্দ্ৰ,
  11. হালধীয়া চৰায়ে বাওধান খায়,
  12. মোৰ আই,
  13. বেয়া মানুহ,
  14. গোসাঁনী,
  15. অমানুহ,
  16. মকৰাজাল,
  17. মানুহ,
  18. মুখ্যমন্ত্ৰী,
  19. ভাল মানুহ,
  20. অবতাৰ,
  21. পুতলা নাট,
  22. সম্ৰাট আৰু সুন্দৰী,
  23. কামৰূপ কামাখ্যা,
  24. পগলা চহাব,
  25. পাখিত জুই,
  1. প্ৰিয়া আৰু পুলিচ,
  2. প্ৰাৰ্থনা,
  3. কলংকিনী সতী,
  4. মহাত্মা,
  5. পিতামহ,
  6. বলিয়া হাতী,
  7. তাৰ্জান তাৰ্জান,
  8. তেজলগা বাট,
  9. যদুবংশ,
  10. তেজাল ঘোঁৰা,
  11. নৰক বন্দনা,
  12. আজলী নবৌ,
  13. নেদেখা নদীৰ ঘাট,
  14. বেনহুৰ,
  15. ডেকা হাকিম,
  16. মাতৃহত্যা পৰশুৰাম,
  17. চাহাব দাদা,
  18. ৰজাৰো ৰজা,
  19. হেমলেট,
  20. ৰাতিৰ জুই,
  21. অপহৰণ,
  22. বালিঘৰৰ আলহী,
  23. পোহৰৰ ছাঁ,
  24. হে মহানগৰ,
  25. মহাবীৰ চিলাৰায়,
  1. মাজ নিশাৰ চিঞৰ,
  2. ডাইনীৰ প্ৰেম,
  3. অগ্নিক্ষণ,
  4. আধাৰশিলা,
  5. অতিথি,
  6. জুয়ে পোৰা মানুহ,
  7. সমদল,
  8. সাগৰৈ বহুদূৰ,
  9. পুৰুষ,
  10. বলিয়া গোসাঁই,
  11. ছাংলট ফেনলা,
  12. কুৰুক্ষেত্ৰ,
  13. কাৰাগাৰৰ বাঘ,
  14. শিকলি,
  15. পঁজাঘৰৰ ৰজা,
  16. বনকুঁৱৰী,
  17. প্ৰতীক্ষা,
  18. অচল সুঁতি,
  19. প্ৰেতাত্মা,
  20. অৰুণ-তৰুণ,
  21. অধঃপতন,
  22. ছাঁ,
  23. বিষ্ণুপ্ৰসাদ,
  24. মুখাৰ মুখ,

[1]

মৃত্যু[সম্পাদনা কৰক]

মহেন্দ্ৰ বৰঠাকুৰৰ ২০০৫ চনত পৰলোক প্ৰাপ্তি ঘটে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 মহেন্দ্ৰ বৰঠাকুৰ. শৰাগুৰি চাপৰি(নাটক). ব্ৰহ্মপুত্ৰ প্ৰকাশন,কামাখ্যা,গুৱাহাটী. পৃষ্ঠা. ৭,৮,৯,১০.