হোমেন বৰগোহাঞি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
হোমেন বৰগোহাঞি
জন্ম ৭ ডিচেম্বৰ,১৯৩২ চন
অসম
পেচা সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজী পিতা-পুত্ৰ
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমি বঁটা, ১৯৭৮
ৱেবছাইট ৱেবছাইট

হোমেন বৰগোহাঞি (ইংৰাজী: Homen Borgohain) অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাসাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।[1]

জন্ম[সম্পাদনা কৰক]

১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাঢকুৱাখনাত জন্ম হয়।[[2]]

ৰচনা শৈলী[সম্পাদনা কৰক]

"পঞ্চাশৰ দশকৰ পৰাই কবিতা, গল্প, উপন্যাস, বিভিন্ন ৰচনা আদিৰে এইজনা সাহিত্যিকে বিভিন্নজনৰ মানসিক পৰিপুষ্টি সাধন কৰি আহিছে।"- ড° নমিতা ডেকা (হোমেন বৰগোহাঞিৰ সন্ধানত)। লেখক হিচাপে বা মানুহ হিচাপে যাৰ আছে এক অগতানুগতিক ব্যক্তিত্ব আৰু এক ব্যতিক্ৰম। আৰু ব্যতিক্ৰমে সদায়েই মন আৰু চকু দুয়োটাকে আকৰ্ষণ কৰে৷ বৰগোহাঞিৰ সাহিত্য-সৃষ্টিৰ কোনো দিশেই গতানুগতিক নহয়, ই নিত্য নতুন। ৰচনাশৈলী, শব্দ-সংযোজনা, বিষয়-বস্তুৰ উপস্থাপনা- এই সকলোবোৰতে প্ৰতীয়মান হৈছে৷ লেখক হিচাপে তেওঁ সফল৷ তেওঁৰ সাহিত্য প্ৰতিভাই অসমৰ প্ৰতিজন সাহিত্যপ্ৰেমীক মোহাচ্ছন্ন কৰিবলৈ সক্ষম হৈছে। "বিভিন্ন নৰক" নামৰ কিতাপ খনৰ কাৰনে চৰকাৰী চাকৰিৰ পৰা তেওঁ অব্যাহতি লবলৈ বাধ্যত পৰে[উদ্ধৃতিৰ প্ৰয়োজন]। চাকৰিৰ পৰা ওলাই তেওঁ সাংবাদিক জীৱনৰ লগত সাঙুৰ খাই পৰে৷ তেওঁৰ কলমেদি কেবাখনো আত্মজীৱনীমুলক কিতাপ প্ৰকাশ পাইছে৷ প্ৰতিখন কিতাপতে এক সুকীয়া আমেজ দিবলৈ তেওঁ সক্ষম হৈছে। ( সংযোজন : মাইন্ উদ্দিন )

দূৰদৰ্শন[সম্পাদনা কৰক]

৪০ বছৰৰ সাংবাদিকতাৰ অভিজ্ঞতাৰে পুষ্ট বৰগোহাঞিয়ে শেহতীয়া ভাৱে এটা ব্যক্তিগত বাতৰি চেনেল নিউজ লাইভৰ জৰিয়তে পৰিচালনা কৰা সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান হোমেন বৰগোহাঞিৰ সৈতে মুখামুখি অতি জনপ্ৰিয় হৈছে। উল্লেখযোগ্য যে এই অনুষ্ঠানটোৰ প্ৰায় সকলো আলোচনা সন্নিৱিষ্ট কৰি মুখামুখি নামেৰে এখন কিতাপো প্ৰকাশ পাইছে৷

Homen bargohain.jpg

সাহিত্যিক অৱদান[সম্পাদনা কৰক]

উপন্যাস[সম্পাদনা কৰক]

  1. সাউদৰ পুতেকে নাও মেলি যায়
  2. হালধীয়া চৰায়ে বাওধান খায়
  3. অস্তৰাগ
  4. পিতা-পুত্ৰ
  5. দুখন ৰাজনৈতিক উপন্যাস: কুশীলৱ, তিমিৰ তীৰ্থ
  6. এদিনৰ ডায়েৰী
  7. বিষণ্ণতা
  8. নিসংগতা
  9. সুবালা
  10. মৎস্যগন্ধা
  11. তান্ত্ৰিক

কবিতা পুথি[সম্পাদনা কৰক]

  1. হৈমন্তী

প্ৰবন্ধ সংকলন[সম্পাদনা কৰক]

  1. প্ৰজ্ঞাৰ সাধনা
  2. গদ্যৰ সাধনা
  3. পাঠকৰ টোকবহী
  4. উচ্চাকাংক্ষা
  5. আশীৰ দশকৰ দস্তবেজ
  6. বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি
  7. মানুহ হোৱাৰ গৌৰৱ
  8. আধুনিক যুগৰ জন্ম কাহিনী
  9. কিতাপ পঢ়াৰ আনন্দ
  10. শৰীৰ আৰু হৃদয়
  11. সাৰাংশ
  12. জিজ্ঞাসা

আত্মজীৱনীমূলক[সম্পাদনা কৰক]

  1. আত্মানুসন্ধান
  2. মোৰ সাংবাদিক জীৱন
  3. ধুমুহা আৰু ৰামধেনু (তিনিটা খণ্ডত সমাপ্ত আত্মজীৱনীৰ ১ম খণ্ড আৰু ২য় খণ্ড)
  4. মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ

অন্যান্য[সম্পাদনা কৰক]

  1. বিংশ শতাব্দীৰ সন্ধানত (সম্পা:)
  2. সোনাৰাম চুতীয়া: এজন অসাধাৰণ সাধাৰণ মানুহ

তেখেতৰ সম্পাদিত আলোচনী আৰু কাকত[সম্পাদনা কৰক]

  1. আমাৰ অসম
  2. অসম বাণী
  3. নীলাচল
  4. সূত্ৰধাৰ
  5. নাগৰিক
  6. সাতসৰী
  7. নিয়মীয়া বাৰ্তা

উল্লেখযোগ্য বঁটা / কৃতিত্ব[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

আৰু চাওক[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]