শৰ্মিষ্ঠা প্ৰীতম
শৰ্মিষ্ঠা প্ৰীতম | |
---|---|
![]() শৰ্মিষ্ঠা প্ৰীতম | |
জন্ম | শৰ্মিষ্ঠা প্ৰীতম বৰুৱা[1] ১৮ ডিচেম্বৰ, ১৯৮৭ ফুলগুৰি, নগাঁও জিলা, অসম |
পেচা | লেখক |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
উল্লেখযোগ্য বঁটা | মুনীন বৰকটকী বঁটা (২০১২) |
শৰ্মিষ্ঠা প্ৰীতম (ইংৰাজী: Sarmistha Pritam) এগৰাকী অসমীয়া লেখক। শৰ্মিষ্ঠা প্ৰীতমে তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থ আত্মকথাৰ বাবে ২০১২ বৰ্ষৰ মুনীন বৰকটকী বঁটা লাভ কৰিছে।[2] ২০২০ বৰ্ষৰ বাবে উত্তৰ পুৰুষৰ মঞ্চই তেওঁক ‘অক্লান্ত উত্তৰ পুৰুষ বঁটা’ প্ৰদান কৰে। [3] [4] ২০২১ চনৰ ডিচেম্বৰ মাহত শৰ্মিষ্ঠা প্ৰীতমৰ জীৱনৰ ওপৰত আধাৰিত ‘ডেউকা’ নামৰ চলচ্চিত্ৰ এখনৰ বিষয়ে ঘোষণা হয়।[5]
চমু জীৱনী[সম্পাদনা কৰক]
শৰ্মিষ্ঠা প্ৰীতমৰ জন্ম হৈছিল ১৯৮৭ চনৰ ১৮ ডিচেম্বৰত অসমৰ নগাঁও জিলাৰ ফুলগুৰিত[1]। তেখেতৰ পিতৃৰ নাম অভয় বৰুৱা আৰু মাতৃ ৰেণু বৰুৱা। ফুলগুৰি প্ৰাথমিক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা আৰম্ভ কৰি ফুলগুৰি হাইস্কুলৰ পৰা মেট্ৰিকৰ দেওনা পাৰ কৰে। তেখেতে ৰহা হাইস্কুলৰ পৰা সুখ্যাতিৰে উচ্চতৰ মাধ্যমিক পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হৈ ৰহা মহাবিদ্যালয়ৰ পৰা স্নাতক শিক্ষা লাভ কৰে[1]। সৰুৰে পৰা সাহিত্যত ৰাপ থকা শৰ্মিষ্ঠাৰ নানা প্ৰবন্ধ অসমৰ কেইবাখনো বাতৰি কাকতত প্ৰকাশ হৈছে। শৰ্মিষ্ঠা প্ৰীতম সৰুৰে পৰা "স্পাইনেল মাছ্কুলাৰ এট্ৰ'ফী" (Spinal muscular Atrophy) নামৰ ৰোগত আক্ৰান্ত[6]।
সাহিত্যক জীৱন[সম্পাদনা কৰক]
সৰুৰে পৰা অসমৰ কেইবাখনো বাতৰি কাকত আৰু আলোচনীত তেখেতৰ প্ৰবন্ধ প্ৰকাশ পাইছে। তেখেতৰ আত্মজীৱনী '"শৰ্মিষ্ঠা প্ৰীতমৰ আত্মকথা"'ত নিজৰ জীৱনৰ সকলো কথা বলিষ্ঠ আৰু সবল ভাৱে প্ৰকাশ কৰিছে। তেখেতৰ প্ৰথম গ্ৰন্থ আছিল "ডাৱৰীয়া আকাশৰ বেলি" নামৰ এখন প্ৰবন্ধ সংকলন। "দোকমোকালি" তেখেতৰ প্ৰথম কবিতা পুথি। "আলফুলৰ সপোন" তেখেতৰ শিশু উপন্যাস।
অনুষ্ঠান[সম্পাদনা কৰক]
শৰ্মিষ্ঠা প্ৰীতম "অকণিৰ কবিতা ঘৰ"ৰ (ৰহা) লগত জডিত ।
সাহিত্যিক কৰ্মৰাজি[সম্পাদনা কৰক]
- ডাৱৰীয়া আকাশৰ বেলি
- দোকমোকালি (কবিতা সংকলন)
- আলফুলৰ সপোন (শিশু উপন্যাস)
- আত্মকথা (আত্মজীৱনীমূলক)
- অন্তহীন (জীৱনীমূলক আখ্যান)
- ৰং (উপন্যাস)
- বলুকাত বিয়লি বেলা (উপন্যাস)
- পৰাণ নিগৰে (উপন্যাস)
শৰ্মিষ্ঠা প্ৰীতমৰ "আত্মকথা" গ্ৰন্থখন 'নেশ্যনেল বুক ট্ৰাষ্ট অৱ ইণ্ডিয়া'ই ভাৰতৰ সংবিধান স্বীকৃত আটাইবোৰ ভাষালৈ অনুবাদ কৰাৰ সিদ্ধান্ত কৰিছে। ইতিমধ্যে গ্ৰন্থখনৰ ইংৰাজী অনুবাদ (Sun On My Face) আৰু হিন্দী অনুবাদ (মেৰা জীবন মেৰী কহানী) প্ৰকাশ হৈ ওলাইছে। ইতিমধ্যে গ্ৰন্থখনৰ বাংলা সংস্কৰণ বাংলাদেশৰ "ভাষা চিত্ৰ" নামৰ অভিজাত প্ৰকাশনৰ পৰা প্ৰকাশ পাইছে। [7]
বঁটা[সম্পাদনা কৰক]
অন্যান্য বঁটাসমূহ হৈছে-[9]
- গীতাঞ্জলি বৰুৱা মিলি সাহিত্য বঁটা
- দেৱচন্স বিশেষ সাহিত্য বঁটা
- কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰপৰা 'নেশ্যনেল ফেল'শ্বিপ'
- হোমেন বৰগোহাঞি সাহিত্য বঁটা, ৰং উপন্যাসৰ বাবে
- অক্লান্ত উত্তৰ পুৰুষ বঁটা, ২০২০
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ 1.0 1.1 1.2 1.3 "লেখিকা শৰ্মিষ্ঠা প্ৰীতমৰ সৈতে এখন্তেক". আমি অসমীয়া ডট কম. http://www.amiasomiya.org/interview/feb13-interviews। আহৰণ কৰা হৈছে: ২১ ফেব্ৰুৱাৰী, ২০১৩.
- ↑ "Literary Awards". এনাজৰী ডট কম. http://enajori.com/literature/literary-awards/। আহৰণ কৰা হৈছে: ২১ ফেব্ৰুৱাৰী, ২০১৩.
- ↑ "লেখিকা শৰ্মিষ্ঠা প্ৰীতমক ‘অক্লান্ত উত্তৰ পুৰুষ বঁটা’ উত্তৰ পুৰুষ মঞ্চৰ". দৈনন্দিন বাৰ্তা. দৈনন্দিন বাৰ্তা: পৃষ্ঠা ১. ৭ ডিচেম্বৰ, ২০২০,.
- ↑ "বিশিষ্ট লেখিকা শৰ্মিষ্ঠা প্ৰীতমক আজি প্ৰদান কৰিব উত্তৰ পুৰুষ মঞ্চৰ সৰ্বোচ্চ সন্মান ‘অক্লান্ত উত্তৰ পুৰুষ বঁটা’". দৈনন্দিন বাৰ্তা. দৈনন্দিন বাৰ্তা: পৃষ্ঠা ৫. ৬ ডিচেম্বৰ, ২০২০.
- ↑ "Film on Sarmistha Pritam announced". The Assam Tribune. ২১ ডিচেম্বৰ,২০২১.
- ↑ উপেন্দ্ৰ বৰকটকী. "শাৰীৰিক প্ৰত্যাহ্বানযুক্ত লেখিকাৰ সৃষ্টি প্ৰতিভা". assameseonline.com. http://assameseonline.com/full_text.php?recordID=17। আহৰণ কৰা হৈছে: March 28, 2013.
- ↑ Anindita Acharjya (September 21, 2022). "A young author has written off her disabilities to create a new chapter in life". The Echo of India. The Echo of India (Kolkata): পৃষ্ঠা ২.
- ↑ "Awards given away in Girindranath Gogoi's memory". দ্য চেণ্টিনেল. http://www.sentinelassam.com/ghy_city/story.php?sec=1&subsec=0&id=144117&dtP=2013-02-14&ppr=1। আহৰণ কৰা হৈছে: ২১ ফেব্ৰুৱাৰী, ২০১৩.
- ↑ শৰ্মিষ্ঠা প্ৰীতম (নৱেম্বৰ,২০১৯). পৰাণ নিগৰে. বনফুল. পৃষ্ঠা. বেটুপাতৰ চতুৰ্থ পৃষ্ঠা. ISBN 978-93-81710-78-4.