দীপান্বিতা শৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
দীপান্বিতা শৰ্মা

দীপান্বিতা শৰ্মা
জন্ম দীপান্বিতা শৰ্মা
০২ নৱেম্বৰ, ১৯৭৬
দুলীয়াজান, অসম, ভাৰতবৰ্ষ
পেচা অভিনেত্ৰী তথা ছুপাৰ মদেল
উচ্চতা ৫' ৯"
ওজন ৫৫ কেজি
দাম্পত্যসঙ্গী দিলশ্বেৰ সিং অটৱাল

দীপান্বিতা শৰ্মা (ইংৰাজী: Dipannita Sharma) বলীউদত খ্যাতি লাভ কৰা এগৰাকী অসমীয়া অভিনেত্ৰী তথা ছুপাৰ মডেল[1] [2]। ১৯৯৮ চনত অনুষ্ঠিত ফেমিনাৰ "মিছ ইণ্ডিয়া" প্ৰতিযোগিতাত শীৰ্ষপাঁচগৰাকীৰ ভিতৰত থাকি তেখেতে দৃষ্টি আকৰ্ষণ কৰে। ২০০২ চনৰ ১৬ ডিচেম্বৰ চলচ্চিত্ৰত অভিনয়ৰ দ্বাৰা তেখেতে চলচ্চিত্ৰজগতত খোজ দিয়ে।

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

দীপান্বিতা শৰ্মাৰ ১৯৭৬ চনৰ ২ নৱেম্বৰ তাৰিখে অসমদুলীয়াজানত জন্ম হয়। তেখেতৰ পিতৃ ভাৰতীয় তৈল নিগমৰ এগৰাকী চিকিৎসক আছিল। দীপান্বিতা শৰ্মা গুৱাহাটীৰ কৃষ্ণ নগৰৰ হ'লি চাইল্ড বিদ্যালয়ৰ ছাত্ৰী আছিল, নৱম শ্ৰেণীলৈ এই বিদ্যালয়ত পঢ়াৰ পাছ্ত তেখেতে নাহৰকটীয়াৰ ছেইণ্ট মেৰী স্কুলৰ পৰা বিদ্যালয়ৰ শিক্ষা সাং কৰে।[3]

দিল্লীৰ ব্যৱসায়ী দিলশ্বেৰ সিং অটৱাল নামৰ এজন ব্যক্তিৰ সৈতে বিবাহত বহে,[4] তেখেতসকল বৰ্তমান ভাৰতমুম্বাই চহৰ বাসিন্দা।

১৬ ডিচেম্বৰত শীবাৰ ভূমিকাত দীপান্বিতা শৰ্মা

চলচ্চিত্ৰ[সম্পাদনা কৰক]

বছৰ শিৰোনামা ভূমিকা উল্লেখনীয়
২০০২ ১৬ ডিচেম্বৰ শীবা মনোনীত, জী এণ্ড স্ক্ৰীণ এৱাৰ্ডছ
দিম ভিমল প্যাৰ ব্যাৰ পায়ল সিং
২০০৪ অসম্ভৱ কিঞ্জল
২০০৫ মাই ব্ৰাদাৰ... নিখিল লীনা গোমচ
কোই আপ চা প্ৰীতি
২০১১ লেডিজ ভাৰ্চেজ ৰিকি বাহ্ল ৰাইনা পাৰুলেকাৰ মনোনীত (জী চিনে এৱাৰ্ডছ, ২০১২, best supporting actor female category)
২০১২ জোৰী ব্ৰেকাৰ্ছ মেগী
২০১৪ পিজ্জা
২০১৫ টেক ইট ইজি ৰামা
২০১৭ কফি উইথ ডি নেহা

দূৰদৰ্শন[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]