সমললৈ যাওক

ভূপেন হাজৰিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভাৰত ৰত্ন
ভূপেন হাজৰিকা

২০১১ চনত ভূপেন হাজৰিকা
জন্ম ৮ ছেপ্টেম্বৰ, ১৯২৬
শদিয়া, অসম, ব্ৰিটিছ ভাৰত
মৃত্যু ৫ নৱেম্বৰ, ২০১১ (৮৫ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত[1]
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম সুধাকণ্ঠ
শিক্ষানুষ্ঠান কটন মহাবিদ্যালয়,
কাশী হিন্দু বিশ্ববিদ্যালয়,
কলম্বিয়া বিশ্ববিদ্যালয়
পেচা গীতিকাৰ,
কণ্ঠশিল্পী,
সুৰকাৰ,
সংগীত পৰিচালক,
চলচ্চিত্ৰ নিৰ্মাতা,
প্ৰগতিশীল লেখক,
ৰাজনীতিবিদ
সক্ৰিয় হৈ থকা সময় ১৯৩৬–২০১০
দাম্পত্যসঙ্গী প্ৰিয়ম্বদা পেটেল (বি. ১৯৫০৬৩)
পিতৃ-মাতৃ
সন্তান পূৰ্ণাংগ তেজ হাজৰিকা (জন্ম ১৯৫২)
আত্মীয়-স্বজন জয়ন্ত হাজৰিকা (ভাতৃ)
বঁটা, সন্মান, পুৰস্কাৰ আদি ভাৰত ৰত্ন (২০১৯, মৰণোত্তৰভাৱে)
পদ্মবিভূষণ (২০১২, মৰণোত্তৰভাৱে)
পদ্মশ্ৰী (১৯৭৭)
দাদাচাহেব ফাল্কে বঁটা (১৯৯২)
পদ্মভূষণ (২০০১)
সংগীত নাটক একাডেমী বঁটা (১৯৮৭)
অসম ৰত্ন (২০০৯)
স্বাক্ষৰ
ৱেবছাইট
www.bhupenhazarika.com

ড॰ ভূপেন হাজৰিকা (ইংৰাজী: Dr. Bhupen Hazarika, ১৯২৬-২০১১) অসম তথা ভাৰতৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল। তদুপৰি তেখেত আছিল এগৰাকী চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, চলচ্চিত্ৰ পৰিচালক আৰু আলোচনীৰ সম্পাদক। কিছু সময়ৰ কাৰণে তেখেতে সংসদীয় ৰাজনীতিতো যোগদান কৰিছিল। সুধাকণ্ঠ নামেৰে পৰিচিত ভূপেন হাজৰিকাই অসম, পশ্চিমবংগ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও চুবুৰীয়া দেশ বাংলাদেশতো এগৰাকী জনপ্ৰিয় শিল্পীৰূপে খ্যাতি লাভ কৰিছিল।[2] ড° হাজৰিকাক এগৰাকী বিশ্ব-নাগৰিক আৰু মানৱতাবাদী শিল্পী বুলি গণ্য কৰা হয়। অসমীয়া, বঙালী, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত তেখেতে সংগীত ৰচনা কৰিছিল আৰু কণ্ঠদান কৰিছিল। তেখেতৰ গীতত সমসাময়িক সমাজ, সংস্কৃতি, ৰাজনীতি, দুৰ্নীতি আদি স্পষ্টভাৱে প্ৰতিফলিত হোৱা দেখা যায়। তেখেতৰ কৰ্মৰাজিয়ে অসমৰ কলা-সংস্কৃতি জগতৰ উন্নয়ন সাধনৰ উপৰিও অসম তথা ভাৰতক বিশ্বদৰবাৰত প্ৰতিষ্ঠিত কৰাতো অৱদান আগবঢ়াই আহিছে। হাজৰিকাই সংগীত, সাহিত্য, পৰিৱেশ্য কলা (performing arts), চলচ্চিত্ৰ আদিৰ বিভিন্ন অধ্যয়নচক্ৰ তথা সাংস্কৃতিক উৎসৱত ভাগ লৈ বেলজিয়াম, কংগো, চমৰখন্দ, আমেৰিকা, ইউৰোপ, কানাডা, দক্ষিণ-পূব এছিয়া, জাপান, অষ্ট্ৰেলিয়া আদি ভ্ৰমণ কৰিছিল।[3][4][5]

সাহিত্য আৰু সংস্কৃতি ক্ষেত্ৰত ড॰ হাজৰিকা অসমকে ধৰি দেশ-বিদেশতো বহুলভাৱে সমাদৃত আৰু সন্মানিত হৈছে। অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম ৰত্ন, ভাৰতৰ সাংস্কৃতিক জগতৰ উল্লেখনীয় সংগীত নাটক একাডেমী বঁটাৰ উপৰিও তেখেতে ১৯৯২ চনত ভাৰতৰ চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। ড॰ হাজৰিকাই ১৯৯৩ চনৰ শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ ঊনষাঠিতম অধিৱেশনৰ সভাপতিত্ব কৰিছিল। সংগীত নাটক একাডেমীৰ চেয়াৰমেন পদ লাভ কৰোঁতা হাজৰিকা প্ৰথমগৰাকী অসমীয়া ব্যক্তি।[6]

তেখেতে আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে ২০১৯ চনত তেখেতক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে।

জন্ম আৰু পৰিয়াল

[সম্পাদনা কৰক]

ড॰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াৰ এখন গাঁৱৰ এটা সম্ভ্ৰান্ত কৈৱৰ্ত্ত পৰিয়ালত। তেখেতৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা। নাজিৰাৰ আমোলাপট্টিত নীলকান্ত হাজৰিকাৰ আচল ঘৰ আছিল যদিও চাকৰিসূত্ৰে অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিব লগা হৈছিল। ভাই-ভনী সকলো মিলি তেখেতসকলৰৰ মুঠ দহোটা সন্তান আছিল। পৰিয়ালৰ দহোটা সন্তানৰ জ্যেষ্ঠ আছিল ভূপেন হাজৰিকা। বাকী কেইগৰাকী হৈছে অমৰ হাজৰিকা (১৯২৯-১৯৮৯), প্ৰবীণ হাজৰিকা (১৯৩২-২০২৩), সুদক্ষিণা শৰ্মা(১৯৩৪-২০২৩), নৃপেন হাজৰিকা, বলেন হাজৰিকা(১৯৩৮-২০১৬), কবিতা বৰুৱা, স্তুতি পেটেল, জয়ন্ত হাজৰিকা (১৯৪৩-১৯৭৭) আৰু সমৰ হাজৰিকা(১৯৪৭-২০২৬)। ভূপেন হাজৰিকাৰ অনুজ জয়ন্ত হাজৰিকা (১৯৪৩-১৯৭৭), সমৰ হাজৰিকা(১৯৪৭-২০২৬), সুদক্ষিণা শৰ্মা(১৯৩৪-২০২৩)ও আগশাৰীৰ সংগীত শিল্পী। ড॰ হাজৰিকাই তেখেতৰ সংগীতপ্ৰাণ মনটো শৈশৱতে ঘৰখনৰ পৰিৱেশৰ পৰা লাভ কৰিছিল। তেখেতৰ পিতাকে প্ৰথমে শিক্ষকতা কৰিছিল, পিছলৈ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক আৰু শেষত মাটিৰ হাকিম হয়।[7]

শদিয়াত থাকোঁতে ভূপেন হাজৰিকাৰ ঘৰৰ লগত আদিবাসী মানুহৰ খুউব মিলা-প্ৰীতি আছিল। তেখেতলোকৰ ঘৰৰপৰা বহু দূৰৈত থকা বনুং গাঁওখনৰ মানুহে আহি কেঁচুৱা ভূপেনক চোৱা-চিতা কৰিছিল। তেওঁলোকে শান্তিপ্ৰিয়াক বৰ মৰম কৰিছিল। একোজনী আদিবাসী ছোৱালীয়ে পঞ্চলিছডাল জুইশলা কাঠী দিলে পঞ্চলিছদিন কাম কৰি দিছিল। বোধহয় তেওঁলোক বিনিময় প্ৰথাত বিশ্বাস কৰিছিল। ড' ভূপেন হাজৰিকাৰ ঘৰত মৰমতে মতা নাম আছিল বৰ মইনা | ভূপেন হাজৰিকা ডাঙৰ হ‘লত ফুৰাবলৈ পেৰামবুলেটৰ (কেঁচুৱা ফুৰোৱা গাড়ী) কিনিবলৈ দেউতাক নীলকান্ত হাজৰিকাৰ ধন নাছিল। তেতিয়া ওচৰৰে চাহাব এজনে দেউতাকক মাতি নি তেওঁৰ ঘৰত থকা গাড়ী এখন উপহাৰস্বৰূপে দিছিল। সেইখন গাড়ীতে আদিবাসী ছোৱালীবিলাকে কেঁচুৱা ভূপেনক ঘূৰাই লৈ ফুৰাইছিল।[8]

মাক-দেউতাকে তেওঁৰ নামটো ভূপেন্দ্ৰ কুমাৰ হাজৰিকা বুলি ৰাখিছিল। পিছে ঘৰত সদায়েই ডাঙৰমইনা বুলি মাতিছিল।[8]

ভূপেন হাজৰিকা আছিল এনে এগৰাকী ব্যক্তি, যি সংগীতৰ জৰিয়তে আমাৰ সমাজখন সংস্কাৰ কৰিব বিচাৰিছিলি।

অনাথবন্ধু দাস আৰু ভূপেন হাজৰিকা

[সম্পাদনা কৰক]

অনাথবন্ধু দাস আছিল ভূপেন হাজৰিকাৰ মোমায়েক। অনাথবন্ধু দাসে খুব সোনকালেই ১৯২৪ চনত; মাত্ৰ ২৩ বছৰ বয়সত ইহ-সংসাৰ ত্যাগ কৰিছিল। গীতে-মাতে সকলোতে আগৰণুৱা অনাথবন্ধু দাসৰ টাইফইড ৰোগ হৈছিল। ৰোগত আক্ৰান্ত হৈ থাকোঁতেই তেওঁ এদিন ভনীয়েক শান্তিপ্ৰিয়াক মাতি আনি তেওঁক ওচৰতে থকা নীলকান্ত হাজৰিকাৰ লগতে বিবাহ-পাশত আৱদ্ধ হ'বলৈ কৈছিল। কথাখিনি কোৱাৰ পিছদিনাই তেওঁৰ মৃত্যু হৈছিল।[8]

যেতিয়া ১৯২৬ চনত শদিয়াত শান্তিপ্ৰিয়াৰ গৰ্ভত ভূপেন হাজৰিকাৰ জন্ম হৈছিল, তেতিয়া নীলকান্ত হাজৰিকাই শদিয়াৰ পৰা এখন টেলিগ্ৰাম প্ৰেৰণ কৰিছিল গুৱাহাটীৰ ভৰলুমুখৰ ঘৰলৈ; য’ত লিখা আছিল― "Blessed with a male Child." দিনটো আছিল ৮ ছেপ্টেম্বৰ। টেলিগ্ৰামখন শান্তিপ্ৰিয়াৰ মাকে অৰ্থাৎ ভূপেন হাজৰিকাৰ আইতাকে ঘৰৰ সকলোকে দেখুৱাইছিল আৰু কৈছিল যে শান্তিৰ গৰ্ভত তেওঁৰ পুত্ৰ অনাথ আকৌ আহিছে। ভূপেন হাজৰিকা জন্ম হোৱাৰ ঠিক তিনি-চাৰিদিনৰ আগত আইতাকে হুলস্থূল লগাই সকলোকে কৈ ফুৰিছিল যে― “অনাথ আহিছিল মোৰ ওচৰলৈ।” আহি হেনো তেওঁক কৈছিল― “মা তই কিয় কান্দি থাক! মই গৈছিলোঁ, কিন্তু আকৌ আহিলোঁ নহয়। মই শান্তিৰ গৰ্ভত আকৌ আহিছোঁ।” [8]

ভূপেন হাজৰিকাৰ চাৰি নে পাঁচ বছৰ বয়সত আইতাকে এদিন কৈছিল― “তোক মই অনাথ বুলিহে মাতিম, ভূপেন বুলি নামাতোঁ।” তেওঁ ভাবিছিল যে, ২৩ বছৰ বয়সতে মৃত্যুবৰণ কৰা প্ৰতিভাৱান অনাথবন্ধু দাসেই শান্তিপ্ৰিয়াৰ গৰ্ভত পুনৰ ভূপেন হৈ উপজিছে।[8]

শৈশৱ আৰু শিক্ষা

[সম্পাদনা কৰক]

ড॰ হাজৰিকাই ধুবুৰী, গুৱাহাটী আৰু তেজপুৰত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। গুৱাহাটীৰ ভৰলুমুখ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৪০ চনত প্ৰৱেশিকা পৰীক্ষা, ১৯৪২ চনত কটন মহাবিদ্যালয়ৰ পৰা ইণ্টাৰমেডিয়েট (কলা বিভাগ), ১৯৪৪ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু ১৯৪৬ চনত ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[9] ৰ’ল অৱ মাছ কমিউনিকেশ্যন ইন ইণ্ডিয়াছ এডাল্ট এডুকেশ্যন ( 'Role of Mass Communication in India's Adult Education' ) বিষয়ত অধ্যয়ন কৰি কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট উপাধি লাভ কৰে। তেখেতে চিকাগো বিশ্ববিদ্যালয়ৰ পৰা শৈক্ষিক প্ৰকল্পত সহায়ৰ কাৰণে চলচ্চিত্ৰৰ ভূমিকা অধ্যয়নৰ বাবে লিছ্‌ল ফেল’শ্বিপ লাভ কৰিছিল।[10]

প্ৰাইমেৰী বিদ্যালয়ৰ এছোৱা সময় ভূপেন হাজৰিকাই ঘৰতে পঢ়িছিল। কাৰণ, ভৰলুমুখৰ আইতাকৰ ঘৰখনত প্ৰায় আটাইবোৰ সদস্যয়েই শিক্ষা-বৃত্তিৰ লগত জড়িত আছিল। দেউতাক আছিল কটন কলেজিয়েট হাইস্কুলৰ শিক্ষক, মাহীয়েক ভৱপ্ৰিয়া দাস মাছখোৱা ছোৱালী হাইস্কুলৰ শিক্ষয়িত্ৰী আৰু ককাক ৰতিকান্ত দাসো আছিল এজন শিক্ষক। তেওঁলোক আটায়ে মিলি ভূপেন হাজৰিকাক অ-আ-ক-খ শিকাইছিল। অংক বিষয়ত ভূপেন হাজৰিকাৰ বৰ মন নাছিল। তৃতীয় শ্ৰেণীলৈকে তেওঁ ঘৰতে পঢ়িছিল। তাৰপিছতহে তেওঁক সোণাৰাম হাইস্কুলত নাম লগাই দিয়া হৈছিল। সেই সময়ত তেওঁৰ বয়স আছিল ছবছৰ।[8]

ভৰলুমুখৰ ঘৰত থাকোঁতেই মাহীয়েক ভৱপ্ৰিয়া দাসে ভূপেন হাজৰিকাক এখন হাৰমনিয়াম আনি দিছিল। তেওঁলোকৰ ওচৰতে থকা দাসগুপ্ত নে সেনগুপ্ত নামৰ এক্সাইজ ছুপাৰিণ্টেডেণ্ট এজনে অৰ্গেনত ব্ৰাহ্মসংগীত বজাইছিল। ভূপেন হাজৰিকাই সেইবোৰ শুনিছিল। ভূপেন হাজৰিকাৰ মাকে পদ্মধৰ চলিহাৰ গীত, ব্ৰাহ্মসংগীত, বঙালী গীত, ৰবীন্দ্ৰসংগীত গাইছিল। ঘৰত বৰগীতৰ চৰ্চাও চলিছিল। এনেকৈয়ে সৰুতেই নিজৰ ঘৰখনত ভূপেন হাজৰিকাৰ সংগীতৰ লগত পৰিচয় হৈছিল।[8] ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ আলোকচিত্ৰ.jpg|জালুকবাৰীত অৱস্থিত ভূপেন হাজৰিকাৰ সমাধিৰ আলোকচিত্ৰ

লক্ষ্মীনাথ বেজবৰুৱাৰ লগত সাক্ষাৎ

[সম্পাদনা কৰক]

দেউতাক নীলকান্ত হাজৰিকা কটন কলেজিয়েট হাইস্কুললৈ অহাৰ কেইদিনমানৰ পিছতেই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা অসমলৈ আহিছিল। পুনৰ ঘূৰি যোৱাৰ সময়ত তেওঁক কটন কলেজিয়েটৰ ছাত্ৰসকলকৰ বাৰ্ষিক সন্মিলনলৈ নিমন্ত্ৰণ কৰা হৈছিল। তেওঁক সেই সন্মিলনৰ সভাপতি পতা হৈছিল। সেইদিনা আছিল ১৯৩০ চনৰ ৩০ অক্টোবৰ। দেউতাক নীলকান্ত হাজৰিকাই সৰু চুৰিয়া আৰু পাটৰ কুৰ্তা এটা পিন্ধাই শিশু ভূপেনক তালৈ লৈ গৈছিল। ভূপেন হাজৰিকাই তাতেই এটা গীত পৰিৱেশন কৰিছিল। তেওঁ গাইছিল :

'কি সতে হিয়াৰে আমি
কওঁ তুমি যোৱাঁগৈ
কৰ্ত্তব্যে মাতিছে যদি
যোৱাঁ তুমি যোৱাঁগৈ। '[8]

গীতটো তেওঁক শিকাইছিল মাহীয়েক ভৱপ্ৰিয়া দাসে। গীতটো শুনাৰ পাছত বেজবৰুৱাদেৱে শিশু ভূপেনক চুমা এটা খাইছিল। চুমাটো খোৱাৰ আগতে বেজবৰুৱাই "মই পাপী মানুহ, ই বৰ পৱিত্ৰ ল'ৰা" বুলি কৈ চৌকিদাৰৰ হতুৱাই পানী এগিলাচ অনাইছিল। কাৰণ সেই সময়ত তেওঁৰ মুখত তামোল আছিল। সেই পানীৰে কুল কুল কৰি উঠিহে বেজবৰৱাই ভূপেন হাজৰিকাৰ কপালত চুমা এটা খাইছিল আৰু কৈছিল― "খুব ডাঙৰ শিল্পী হ'বা তুমি। " উল্লেখযোগ্য যে, তাৰ পিছদিনাই বেজবৰুৱাই হাওড়ালৈ ৰাওনা হৈছিল। পাছদিনা সাদিনীয়া অসমীয়াত খবৰ ওলাইছিল― "নীলকান্ত হাজৰিকাৰ ল'ৰা শ্ৰীমান ভূপেন হাজৰিকাই গান গালে।" [8]

প্ৰণিধানযোগ্য যে, লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী মোৰ জীৱন সোঁৱৰণতো এই বিশেষ সাক্ষাতটোৰ বিষয়ে উল্লেখ কৰা আছে।[8]

তেজপুৰত শৈশৱকাল

[সম্পাদনা কৰক]
ভূপেন হাজৰিকাই স্কুলীয়া শিক্ষা গ্ৰহণ কৰা তেজপুৰ গৱৰ্নমেণ্ট হাইস্কুল

১৯৩৩ চনত গুৱাহাটীৰ সোণাৰাম স্কুলত তৃতীয় শ্ৰেণীত নামভৰ্তি কৰোৱাৰ পাছত কিছুদিন তেওঁলোক গুৱাহাটীত আছিল। ১৯৩৫ চনত বিদ্যালয়ৰ সহ-পৰিদৰ্শক (ছাব ইনস্পেক্টৰ অৱ স্কুল্‌ছ) হৈ নীলকান্ত হাজৰিকা ধুবুৰীত থাকে। ধুবুৰী প্ৰাইমেৰী স্কুলত ভূপেন হাজৰিকাই এবছৰ পঢ়ে। তাৰপিছত ১৯৩৬ চনত দেউতাক তেজপুৰলৈ বদলি হৈ আহে ছাব-ডেপুটী-কালেক্টৰ হৈ। অৰ্থাৎ নীলকান্ত হাজৰিকা এইবাৰ মাটিৰ হাকিম হ'ল।[8]

১৯৩৬ চনত দেউতাকে ভূপেন হাজৰিকাক তেজপুৰ গৱৰ্নমেণ্ট হাইস্কুলত নাম লগাই দিছিল ক্লাছ ছিক্সত। তেজপুৰতেই ভূপেন হাজৰিকাই বিষ্ণু ৰাভা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ সাক্ষাৎ লভে। লগতে পাৰ্ৱতি প্ৰসাদ বৰুৱা, পদ্মধৰ চলিহা আদিৰ নাম শুনে, চিনাকি হয়। তেজপুৰত বঙালী ষ্টেজত এবাৰ ভূপেন হাজৰিকাই ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতাত যোগদান কৰি প্ৰথম পুৰস্কাৰ লাভ কৰে। লগতে সোণৰ মেডেল এটাও পায়।[8]

১৯৩৭ চনত ১১ বছৰ বয়সত ভূপেন হাজৰিকাই প্ৰথমটো গীত ৰচনা কৰে। গীতটো আছিল :

'কুসুম্বৰ পুত্ৰ শ্ৰীশঙ্কৰ গুৰুৱে
ধৰিছিল নামৰে তান,
নামৰে সুৰতে আনন্দত নাচিছিল
পৱিত্ৰ বৰদোৱা থান...'[8]

বিষ্ণু-জ্যোতিৰ সান্নিধ্য

[সম্পাদনা কৰক]

তেজপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ আগে-আগে বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ফণী শৰ্মা এখন বিদেশী গাড়ীত উঠি নীলকান্ত হাজৰিকাৰ ঘৰলৈ আহিছিল। সেইসময়ত বিষ্ণু ৰাভাই জ্যোতিপ্ৰসাদক ককাইদেউ বুলি সম্বোধন কৰিছিল।

ভূপেন হাজৰিকা ক্লাছ ছেভেনত। প্ৰাৰম্ভিক চা-চিনাকিৰ পাছত তেওঁলোকে দেউতাকৰ আগত ভূপেনক কলিকতালৈ লৈ যোৱাৰ প্ৰস্তাৱ দিলে। গীত এটাৰ ৰেকৰ্ডিঙৰ বাবে। দেউতাক সন্মত হ’ল। তাৰপিছত কলিকতালৈ যোৱাৰ আগে-আগে জ্যোতি-বিষ্ণুৰ লগত ভূপেন হাজৰিকাৰ গানৰ খুব আখৰা হ'ল। খেয়াল গাবলৈ অসুবিধা পোৱা ভূপেন হাজৰিকাক জ্যোতিপ্ৰসাদে প্ৰকাশভংগী শিকালে আৰু বিষ্ণু প্ৰসাদে কেইটামান সৰু সৰু খেয়াল শিকাই দিলে। যথা সময়ত ৰঙাপাৰাৰ পৰা তেওঁলোকৰ কলিকতা-যাত্ৰা আৰম্ভ হ’ল।[8]

কলিকতাত জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাই বিদ্যুৎ গতিৰে গীত লিখিলে। দিনে-নিশাই সুৰ সংযোজন কৰিলে। শোণিত কুঁৱৰী আৰু জয়মতী কুঁৱৰীৰ গীত ৰেকৰ্ডিং হ'ল। এছিয়াৰ সৰ্ববৃহৎ ৰেকৰ্ডিং কোম্পানী 'হিজ্ মাষ্টাৰ্ছ ভইচ' তেতিয়া দমদমত আছিল। ভূপেন হাজৰিকাক জয়মতী কুঁৱৰী আৰু শোণিত কুঁৱৰীৰ নাৰী-কণ্ঠৰ গীতবোৰ গাবলৈ দিয়া হৈছিল। কাৰণ ভূপেন হাজৰিকাৰ মাতটো সৰু আছিল।[8]

ইয়াৰ পিছত জ্যোতি-বিষ্ণুৱে ভূপেন হাজৰিকাৰ হতুৱাই ‘কাষতে কলচী লৈ’, ‘উলাহেৰে নাচি বাগি হ’লি বিয়াকুল’, ‘বিশ্ববিজয়ী ন-জোৱান’ আদি গীত কেইটামান ৰেকৰ্ড কৰোৱালে। এদিন অৰোৰা ফিল্মত Youngest Artist of his Master's Voice of India Record Sangeet ৰেকৰ্ডে মুক্তি পালে। ক’ভাৰত দিয়া হৈছিল ভূপেন হাজৰিকাৰ ছবি। নেভী ব্লু ৰঙৰ হাফপেণ্ট, বগা শ্বাৰ্ট, আধা টাই পিন্ধা আৰু সোণৰ মেডেল পিন্ধা ছবি এখন।[8]

কলিকতাত গীত ৰেকৰ্ডিং কৰি এদিন ভূপেন হাজৰিকা ঘৰ ওলালহি। তাৰপিছত পৰীক্ষাত বহিল আৰু পাছো কৰিলে। অংকত খুব কম নম্বৰ পাইছিল। সম্ভৱতঃ ৩১।[8]

কৰ্মজীৱন

[সম্পাদনা কৰক]
১৯৭২ চন Hartmut König-ৰ লগত বাৰ্লিনৰ Festival of Political Songs-ত ভূপেন হাজৰিকা
২০০৪ চনত তদানীন্তন ভাৰতৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ীৰ সৈতে ভূপেন হাজৰিকা

ড॰ হাজৰিকাই কিছুদিন বি বৰুৱা মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। ১৯৪৮ চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাত, উক্ত অনুষ্ঠানৰ সৈতে তেখেত জড়িত হৈছিল। ১৯৬৭ চনৰপৰা ১৯৭২ চনলৈ ভূপেন হাজৰিকা অসম বিধানসভাৰ সদস্য আছিল।[11] নাওবৈচা সমষ্টিৰপৰা তেখেতে বিধায়ক নিৰ্বাচিত হৈছিল। বিধায়ক হৈ থকাৰ সময়ত তেখেতে এটা ফিল্ম ষ্টুডিঅ', এটা আৰ্ট গেলাৰী আৰু এটা জাতীয় নাট্যশালা গঢ়াৰ বাবে যুঁজ দিছিল।[12] তেখেতে কাৰ্যনিবাহ কৰা অন্য পদসমূহ হ'ল:[13]

  • চেয়াৰমেন, এপেলেট বডী অৱ চেণ্ট্ৰেল বৰ্ড অৱ ফিল্ম চেঞ্চৰ্ছ, ভাৰত চৰকাৰ, ১৯৯০ ৰ পৰা আৰম্ভ কৰি ৯ বছৰ
  • মেম্বাৰ, স্ক্ৰীপ্ট কমিটী অৱ নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন, ইষ্টাৰ্ণ ইণ্ডিয়া
  • ডাইৰেক্টৰ, নেশ্যনেল লেভেল অন দ্য বৰ্ড অৱ ডাইৰেক্টৰ্ছ অৱ নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন, ভাৰত চৰকাৰ
  • এক্‌জিকিউটীভ কাউনঞ্চিল মেম্বাৰ, চিল্ড্ৰেঞ্চ ফিল্ম ছ'চাইটী
  • মেম্বাৰ, বৰ্ড অৱ ট্ৰাষ্টীজ, পুৱৰ আৰ্টিষ্ট্‌ছ ৱেলফেয়াৰ ফাণ্ড, ভাৰত চৰকাৰ
  • চেয়াৰমেন, জুৰী অৱ দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড্‌ছ, ১৯৮৫
  • জুৰী মেম্বাৰ, জুৰী অৱ দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড্‌‌ছ, ১৯৫৮-ৰ পৰা ১৯৯০-লৈকে কেইবাবাৰো
  • মেম্বাৰ, পি চি জোশী কমিটী। এই কমিটী ভাৰত চৰকাৰৰ তথ্য মন্ত্ৰালয়ে টেলিভিছন কাৰ্যক্ৰমৰ সহায়ত একবিংশ শতিকাত ভাৰতত ছফ্টৱেৰ প্ৰ’গ্ৰেমিঙত প্ৰোৎসাহ দিয়াৰ উদ্দেশ্যে অনুসন্ধান কৰিবলৈ নিয়োগ কৰিছিল।
  • মেম্বাৰ, ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ পলিচী মেকিং বডী, ভাৰত চৰকাৰ

পল ৰ’বচনক সাক্ষাৎ

[সম্পাদনা কৰক]

আমেৰিকা যুক্তৰাষ্ট্ৰত থাকোঁতেই ভূপেন হাজৰিকাই আমেৰিকাৰ গণ-অধিকাৰ আন্দোলনৰ লগত জড়িত আফ্ৰিকান-আমেৰিকান গায়ক আৰু অভিনেতা পল ৰ’বচনক লুকাই লুকাই লগ কৰিবলৈ গৈছিল। সেই কাৰণে তেওঁক বহুতেই ‘কমিউনিষ্ট’ বুলি ধৰি লৈছিল। আমেৰিকাত থকা ভাৰতৰ ৰাষ্ট্ৰদূত বিজয়লক্ষ্মী পণ্ডিতে ভূপেন হাজৰিকালৈ ফোন কৰি সাৱধানবাণী শুনাইছিল— “তই বৰ দুষ্ট হৈ গৈছ। আমাৰ পইচা লৈ তই ইয়াত সেই ৰঙা-নীলাবিলাকৰ মাজতে ঘূৰি ফুৰিছ।”

পল ৰ’বচনে সেই সময়ত গঢ়ি তোলা উগ্ৰ ৰক্ষণশীলতা বিৰোধী আন্দোলনবোৰৰ প্ৰতি ভূপেন হাজৰিকাৰ নৈতিক সমৰ্থন আছিল। আমেৰিকা এৰিবৰ প্ৰাক্-মুহূৰ্তত ভূপেন হাজৰিকা পল ৰ’বচনৰ ওচৰলৈ গৈছিল আৰু লণ্ডনলৈ যাব বুলি কৈছিল। ৰ'বচনে ভূপেন হাজৰিকাক লণ্ডনত থকা ৰজনীপাম দত্তক সাক্ষাৎ কৰিবলৈ কৈছিল।[8]

পল ৰ’বচনে ভূপেন হাজৰিকাক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিছিল। ভূপেন হাজৰিকাই সেয়েহে কৈছিল— “তেওঁৰ গীতে আমাক বিদ্যুৎ প্ৰবাহৰ দৰে ছুই গ'ল‌। বিজুলী সঞ্চাৰেৰে সহস্ৰ ৰাইজ যেন উদ্বুদ্ধ হ'ল বৰ্ণ-বৈষম্যৰ বিৰুদ্ধে যুঁজিবলৈ‌। তেওঁ গোৱা গীতে আমাক এক নতুন সংগীত জগতৰ বতৰা দিলে‌। … তেওঁক দেখি বিষ্ণু ককাইদেউক লগ পোৱা যেন লাগিছিল‌। একলব্যৰ দৰে দূৰৈৰপৰা তেওঁৰ ধুমুহা-সদৃশ ব্যক্তিত্বক সন্মান জনাই লাহে লাহে ওচৰ চাপিছিলোঁ‌।” [14]

উল্লেখযোগ্য যে, পল ৰ’বচনৰ 'We are in the same boat brother' গীতটো ভূপেন হাজৰিকাই ‘আমি একেখন নাৱৰে যাত্ৰী’ৰ ৰূপত বিভিন্ন প্ৰসংগত গাইছে।[15]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]
২০০৬ চনত কল্পনা লাজমী আৰু সুধীৰ মিশ্ৰাৰ লগত ভূপেন হাজৰিকা

১৯৫০ চনত নিউয়ৰ্কত ড॰ হাজৰিকা উগাণ্ডাৰ এটা গুজৰাটী পৰিয়ালৰ ছোৱালী প্ৰিয়ম্বদা পেটেলৰ লগত বিবাহ পাশত আবদ্ধ হয়।[9] ১৯৫২ চনত তেওঁলোকৰ একমাত্ৰ পুত্ৰ সন্তান তেজ হাজৰিকাৰ জন্ম হয়। ১৯৬৩ চনত তেওঁলোকৰ বিচ্ছেদ হয়।[9][16] ড॰ হাজৰিকাৰ মৃত্যুৰ সময়ত প্ৰিয়ম্বদা পেটেল কানাডাৰ অ’টৱাত আছিল।[17]

পৰৱৰ্তীকালত ড॰ হাজৰিকাৰ ‘ৰু’দালি’, ‘দমন’, ‘এক পল’ আদি খ্যাত চলচ্চিত্ৰ পৰিচালিকা কল্পনা লাজমীৰ লগত মধুৰ সম্পৰ্ক গঢ়ি উঠে।[18] জীৱনৰ শেষ কালচোৱাত তেখেত ঘনিষ্ঠ বান্ধৱী, চলচ্চিত্ৰ পৰিচালিকা কল্পনা লাজমীৰ তত্ত্বাবধানত মুম্বাইত আছিল।[19][20]

২০১৮ চনৰ ৩০ অক্টোবৰত[21] কল্পনা লাজমীয়ে সুনন্দা শ্যামল মিত্ৰৰ সহযোগত লিখা আত্মজীৱনী ‘ভূপেন হাজৰিকা: এজ আই নিউ হিম’ (Bhupen Hazarika: As I Knew Him) প্ৰকাশ পায়। এই আত্মজীৱনীত কল্পনা লাজমীয়ে ভূপেন হাজৰিকাক সোতৰ বছৰ বয়সতে লগ পোৱাৰ কথা উল্লেখ কৰে। সেইসময়ত ভূপেন হাজৰিকাৰ বয়স আছিল পঞ্চলিছ।[22]

নগা হাজৰিকা
 
 
বংশীধৰ হাজৰিকা
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
মুক্তাৰাম হাজৰিকাদণ্ডীৰাম হাজৰিকানীলকান্ত হাজৰিকাগঙ্গাৰাম হাজৰিকাপদ্মাৰাম হাজৰিকা
 
 
পত্নী:
শান্তিপ্ৰিয়া হাজৰিকা
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
ভূপেনঅমৰপ্ৰবীণকুইননৃপেনবলেনকবিতাৰুবীজয়ন্তসমৰ
 
 
পত্নী :
প্ৰিয়ম বি হাজৰিকা
 
 
পুন্নাগ তেজ হাজৰিকা
 
 
 
(ঘৰত মতা নাম: তেজ; পত্নী: শ্ৰীমতী কেণ্ডিজ হেমিল্টন হাজৰিকা)
 
 
 
 
 
শ্বেইজ আকাশ হাজৰিকা

সমালোচকৰ দৃষ্টিত ভূপেন হাজৰিকা

[সম্পাদনা কৰক]

অসমৰ বিশিষ্ট লেখক, প্ৰবন্ধকাৰ আৰু অধ্যাপক ড° হীৰেন গোঁহায়ে ড° ভূপেন হাজৰিকাৰ সন্দৰ্ভত মন্তব্য আগবঢ়াইছে যে-

ভূপেন হাজৰিকাৰ কণ্ঠস্বৰ ইংৰাজীত TENOR বুলি উল্লেখ কৰা প্ৰকাৰৰ ভিতৰত পৰে। কিন্তু ভূপেন হাজৰিকাৰ 'মহাবাহু ব্ৰহ্মপুত্ৰ' শব্দকেইটা যি গাম্ভীৰ্যৰে উচ্চাৰিত হৈছে, 'বুকু হম হম কৰে'ত বেদনা বিধৌত যি গহীন ধ্বনি শুনা গৈছে তাতকৈ ‘কামেং সীমান্ত দেখিলোঁ, শত্ৰুৰ পশুত্ব চিনিলোঁ’ শাৰীটোত তাতকে উচ্চ গ্ৰামৰ বিননি শুনা যায়। আমাৰ টোকাৰী গীত আদিত সচৰাচৰ প্ৰয়োগ হোৱা স্বৰটোও তেওঁ ক'ৰবাত-ক'ৰবাত ব্যৱহাৰ কৰিছে। আকৌ প্ৰয়োজনবোধে অতি অন্তৰংগ, নিৱিড় স্বৰো ফুটাই তুলিছে। এইবোৰ স্বৰসাধনাৰ ফল। .....[23]

ভূপেন্দ্ৰ সংগীতৰ পৰ্যালোচনা আগবঢ়াই লেখিকা-সমালোচিকা ড° বৰ্ণালী বৰুৱা দাসে নিজৰ গ্ৰন্থ 'গভীৰ আস্থাৰ গান'ত লিখিছে-

লোক-সংগীতৰ সুৰক আধুনিক গীতত প্ৰয়োগ কৰাৰ ক্ষেত্ৰত ভূপেন হাজৰিকাৰ দক্ষতা অসাধাৰণ। গীতৰ কথাৰ সৈতে স্বতঃস্ফূৰ্তভাৱে বিভিন্ন লোক-সংগীত সুৰ যেন গাঁথ খাই পৰেহি। খাটিখোৱা মানুহৰ কথা ক'বলৈ সেই খাটিখোৱা মানুহৰ প্ৰাণৰ সুৰবোৰকেই তেওঁ বুটলি লৈছিল। আৰু সেই লোক-সুৰ আৰু লোক-কথাক নিজৰ অপৰিসীম সৃষ্টিশীলতাৰে গণ-সংগীতলৈ ৰূপান্তৰিত কৰিছিল।[24]

বৃক্কৰ সমস্যা আৰু আনুষংগিক জটিলতাত ভুগি থকা ড॰ হাজৰিকাই ২০১১ চনৰ ৫ নৱেম্বৰৰ দিনা মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানি চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে।[25][26][27] মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৫ বছৰ। মৃত্যুৰ পিছত হাজৰিকাৰ নশ্বৰদেহ গুৱাহাটীলৈ অনা হয় আৰু ৯ নৱেম্বৰৰ দিনা অন্তিম সংস্কাৰ কৰা হয়, য’ত প্ৰায় ৫ লাখ জনতাই ভাগ লয়।[28][29] তেখেতৰ সমাধিক্ষেত্ৰ জালুকবাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাষত প্ৰতিষ্ঠা কৰা হয়। সমাধিক্ষেত্ৰখনত ‘সোণোৱালী সোঁৱৰণি’ নামৰ এক তিনি মহলীয়া সংগ্ৰহালয়ো আছে, য’ত ভূপেন হাজৰিকাৰ জীৱনৰ লগত জড়িত সামগ্ৰী আৰু আলোকচিত্ৰ আছে।[30]

শিল্প আৰু সাহিত্য

[সম্পাদনা কৰক]
নতুন দিল্লীত অনুষ্ঠিত ২০১৪ চনৰ গণৰাজ্য দিৱস উদ্‌যাপনত অসমৰ প্ৰতীক পটত ভূপেন হাজৰিকাৰ কৰ্মৰাজিক প্ৰদৰ্শন কৰা হয়
গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ভিতৰত অৱস্থিত ভূপেন হাজৰিকাৰ সংগ্ৰহালয়

পাঁচবছৰ বয়সতে কটন কলেজিয়েট হাইস্কুলত গীত গাই ভূপেন হাজৰিকাই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আশীৰ্বাদ লাভ কৰিছিল।[31] ড॰ হাজৰিকাৰ প্ৰকৃত শিল্পী জীৱনৰ আৰম্ভণি হয় তেজপুৰত। তেজপুৰত থকা সময়ত তেওঁ অসমীয়া সাংস্কৃতিক জগতৰ বাটকটীয়া শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মাৰ সান্নিধ্যৰে অনুপ্ৰাণিত হৈছিল। ১৯৩৬ চনত তেওঁলোকেই দহবছৰীয়া ভূপেন হাজৰিকাক কলিকতালৈ নি চেনোলা মিউজিকেল প্ৰডাক্ট কোম্পানীত 'শোণিত কুঁৱৰী' আৰু 'জয়মতী' নাটক দুখনৰ গীত বাণীবদ্ধ কৰায়।[31] একে সময়তে বিষ্ণু ৰাভাই স্বৰচিত 'উলাহতে নাচিবাগি হ'লি বিয়াকুল' আৰু 'কাষতে কলচী লৈ' গীত দুটিও বাণীবদ্ধ কৰোৱায়। ১৯৩৯ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইন্দ্ৰমালতী ছবিৰ নেপথ্য গায়ক হিচাপে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰে। ১৯৫৫ চনত দিল্লী অনুষ্ঠিত আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত ভূপেন হাজৰিকাৰ নেতৃত্বত গুৱাহাটী বিশ্ববিদ্যালয়ে শ্ৰেষ্ঠ প্ৰতিযোগীৰ সন্মান অৰ্জন কৰে।[31]

ড॰ ভূপেন হাজৰিকাই নিজে লিখা আৰু কণ্ঠদান কৰা গীতসমূহকে ভূপেন্দ্ৰ সংগীত বোলা হয়। তেওঁ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী পল ৰ'বচনৰ দ্বাৰা যথেষ্ট অনুপ্ৰাণিত হৈছিল। ৰ'বচনৰ 'Old man river'[32][33]-ৰ অৱলম্বনতে তেখেতে তেখেতৰ 'বিস্তীৰ্ণ পাৰৰে' গানটো ৰচনা কৰে। পাছত ইয়াৰ বঙালী আৰু হিন্দী অনুবাদো প্ৰকাশ কৰা হয়। আন কিছু উল্লেখযোগ্য ভূপেন্দ্ৰ সংগীতসমূহ হৈছে: 'সাগৰ সংগমত কতনা সাঁতুৰিলোঁ', 'জিলিকাব লুইতৰ পাৰ', 'অ' বিদেশী বন্ধু', 'মেঘে গিৰ্‌ গিৰ্‌ কৰে', 'বিমূৰ্ত মোৰ নিশাটি' আদি।

সাহিত্যৰ ক্ষেত্ৰলৈও ভূপেন হাজৰিকাৰ যথেষ্ট অৱদান আছে। তেখেতৰ বেছিভাগ গান তেখেতে নিজে ৰচনা কৰা। কলম্বিয়া বিশ্ববিদ্যালয়ত থকা সময়ত তেখেত 'নিউ ইণ্ডিয়া' পত্ৰিকাৰ ১৪৯-১৫০ সংখ্যাৰ সম্পাদক আছিল। ১৯৬৫ চনত তেখেত কলা বিষয়ক 'গতি' আলোচনীৰ চাৰিটা খণ্ড, ১৯৭০ চনত ক্ষুদ্ৰ আলোচনী 'বিন্দু'-ৰ আঠটা খণ্ড, ১৯৬৫ আৰু ১৯৮০ চনৰ ভিতৰত মাহেকীয়া আলোচনী 'আমাৰ প্ৰতিনিধি', আৰু ১৯৮৩ ৰ পৰা ১৯৯০ চনৰ ভিতৰত পষেকীয়া আলোচনী 'প্ৰতিধ্বনি'ৰ সম্পাদক আছিল।

শিশুসকলৰৰ বাবেও ভূপেন হাজৰিকাই 'ভূপেন মামাৰ গীতে মাতে অ, আ, ক, খ' নামৰ অসমীয়া আখৰ-চিনাকিৰ এখন জনপ্ৰিয় পুথি লিখিছিল।[34]

অসম সাহিত্য সভাই ২০০৮ চনৰ ৮ ফেব্ৰুৱাৰীত হাজৰিকাৰ সাহিত্যকৰ্মৰ বাবে 'সাহিত্যাচাৰ্য' উপাধি প্ৰদান কৰে।[35][36][37][9][38][39][40]

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]

ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া ছবি এৰা বাটৰ সুৰ মুক্তি পায় ১৯৫৬ চনত। তেওঁ ছবিখন পৰিচালনা কৰাৰ লগতে কাহিনী, সংগীত আৰু গীতো ৰচনা কৰিছিল।[41][42] তেওঁ পৰিচালনা কৰা আন উল্লেখযোগ্য ছবিসমূহ হৈছে শকুন্তলা (১৯৬১), প্ৰতিধ্বনি (১৯৬৪), লটিঘটি (১৯৬৬), চিকমিক বিজুলী (১৯৬৯), ছিৰাজ (১৯৮৮) আদি।

চলচ্চিত্ৰ পৰিচালনাৰ লগতে ভূপেন হাজৰিকাই অসমীয়া, বঙালী, হিন্দী তথা আন ভাষাৰ অনেক ছবিত সংগীত পৰিচালনা কৰিছে। উল্লেখযোগ্য যে আব্দুল মজিদ পৰিচালিত ১৯৭৫ চনৰ ছবি চামেলি মেমচা'বত কৰা সংগীত পৰিচালনাৰ বাবে ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবৰ সক্ষম হয়।

বৰ্ষ বোলছবি ভূমিকা
নেপথ্য গায়ক সুৰকাৰ নিৰ্দেশক প্ৰযোজক লেখক অভিনেতা
১৯৩৯ ইন্দ্ৰমালতী হয়
১৯৪৮ ছিৰাজ হয়
১৯৫৫ পিয়লি ফুকন হয়
১৯৫৬ এৰা বাটৰ সুৰ হয় হয়
১৯৫৮ মাহুত বন্ধু ৰে হয়
১৯৬১ শকুন্তলা হয় হয় হয়
১৯৬৪ প্ৰতিধ্বনি হয়
১৯৬৪ কা স্বৰিতী হয়
১৯৬৬ লটিঘটি হয়
১৯৬৯ চিকমিক বিজুলী হয় হয় হয়
১৯৭৪ আৰোপ হয়
১৯৭৪ ফৰ হুম দ্য ছান ছাইনচ্ হয়
১৯৭৫ চামেলি মেমচা'ব হয় হয়
১৯৭৫ খোজ হয় হয়
১৯৭৬ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু জয়মতী হয়
১৯৭৬ মেৰা ধৰম মেৰি মা হয় হয়
১৯৭৭ থ্ৰু মেল'ডী এণ্ড ৰীডম হয়
১৯৭৭ সীমানা পেৰয়ে হয়
১৯৭৮ চামেলী মেমচা'ব (বাংলা) হয়
১৯৭৯ মন-প্ৰজাপতি হয়
১৯৭৯ দেৱদাস হয়
১৯৮১ চামেলী মেমচা'ব (হিন্দী) হয়
১৯৮২ অপৰূপা হয়
১৯৮৬ স্বীকাৰোক্তি হয়
১৯৮৬ এক পল হয় হয় হয় হয়
১৯৮৮ চিৰাজ হয় হয়
১৯৯৩ ৰুদালি হয় হয়
১৯৯৩ প্ৰতিমূৰ্তি হয়
১৯৯৫ পানী হয় হয়
১৯৯৭ দো ৰাহে হয়
১৯৯৭ দৰমিয়া: ইন বিটোৱিন হয় হয়
১৯৯৮ চাজ হয়
২০০০ গজ গামিনী হয় হয়
২০০১ ডামন: এ ভিকটিম অৱ মেৰিটেল ভায়'লেঞ্চ হয় হয়
২০০৩ কিঁ‌উ? হয়
২০০৬ চিংগাৰী হয় হয়
২০১১ গান্ধী টু হিটলাৰ হয়

জনপ্ৰিয় সংস্কৃতিত

[সম্পাদনা কৰক]
যাযাবৰ-দ্য লিজেণ্ড ধাৰাবাহিকৰ এটি দৃশ্যত শিশু ভূপেন হাজৰিকা আৰু তেওঁৰ মাতৃ

হাজৰিকাক কেন্দ্ৰ কৰি ৰেঙনি চেনেলত “যাযাবৰ-দ্য লিজেণ্ড” শীৰ্ষক এখন ধাৰাবাহিক সম্প্ৰচাৰিত হয়। ছবিখনৰ চিত্ৰনাট্য, সংলাপৰ লগতে ইয়াৰ পৰিচালনাৰ দায়িত্বত আছে কণ্ঠশিল্পী ও নিৰ্মাতা সদানন্দ গগৈ। এ.এম টেলিভিছনৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা কৰিছে সঞ্জীৱ নাৰায়াণে। ভূপেন হাজৰিকাৰ শিক্ষা জীৱনকে আদি কৰি তেওঁৰ সৃষ্টি তথা তেওঁ জীৱন পৰিক্ৰমাৰ আটাইবোৰ বস্তুকেই এই ধাৰাবাহিক খনত উপস্থাপন কৰা হৈছে। এই ধাৰাবাহিকখনত অভিনয় কৰিছে চেতনা দাস, আইমী বৰুৱা, কিশোৰ চৌধুৰী, মনোজ কুমাৰ দাস, এনিশা শৰ্মা, নন্দিনী কাশ্যপ, ৰূপম বৰুৱা, দেৱজিৎ হাজৰিকা, ৰাজশ্ৰী আগৰৱাল, সমীৰণ পোদ্দাৰ, কবিতা দুৱৰা, ৰূপম অনুৰাগ, ৰূপজ্যোতি দাস, জুলী লহকৰ, প্ৰশান্ত দাস, গৌতম পাঠক, অঞ্জন জ্যোতি বওজ, স্পেইনী, শ্ৰেয়াছ মল্ল বুজৰবৰুৱা আৰু ৰাজদ্বীপ বৰায়ে।[43]

বঁটা আৰু কৃতিত্ব

[সম্পাদনা কৰক]
২০০৯ চনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ভূপেন হাজৰিকাক সংগীত নাটক একাডেমী ফেল' বঁটা প্ৰদান কৰিছে
২০১৬ত প্ৰকাশহোৱা এটা ডাক টিকটত ভূপেন হাজৰিকা।
২০১৩ চনত প্ৰকাশহোৱা এটা ডাক টিকটত ভূপেন হাজৰিকা।
ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ আলোকচিত্ৰ
  • ১৯৬১ চনত ড॰ হাজৰিকাই নিৰ্মাণ কৰা ‘শকুন্তলা’ ছবিখনে ৰাষ্ট্ৰপতি পদক লাভ কৰে।
  • ১৯৬৪ চনত ড॰ হাজৰিকাই নিৰ্মাণ কৰা ‘প্ৰতিধ্বনি’ ছবিখনে ৰাষ্ট্ৰপতি পদক লাভ কৰে। এই ছবিখন ফ্ৰাঞ্চৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ আমন্ত্ৰিত হৈছিল।
  • ১৯৬৬ চনত ড॰ হাজৰিকাই নিৰ্মাণ কৰা ‘লটিঘটি’ প্ৰথম অসমীয়া ব্যংগ চলচ্চিত্ৰখনৰ বাবে ৰাষ্ট্ৰপতি পদক লাভ কৰে।
  • ১৯৭৬ চনত আব্দুল মজিদৰ পৰিচালিত ‘চামেলি মেমচা'ব’ৰ সংগীত পৰিচালনাৰ বাবে বছৰটোৰ সৰ্বশ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান লাভ কৰে। এই সংগীতৰ বাবে তেওঁক ৰাষ্ট্ৰপতিয়ে 'ৰজত কমল বঁটা' আৰু নগদ দহ হেজাৰ টকাৰে সন্মান যাচে।
  • ১৯৭৮ চনত দুখন অসমীয়া গানৰ বিশেষ ৰেকৰ্ড প্ৰকাশ কৰাৰ উপৰিও তেওঁ 'আমি এক যাযাবৰ' বুলি আঠোটা বঙালী গীতৰ এল পি ৰেকৰ্ড এইছ এম ভি ৰ পৰা এখন এম্বেচেদৰ আৰু এখন সোণৰ ৰেকৰ্ড লাভ কৰে।
  • ১৯৭৭ চনত পশ্চিমবংগৰ ‘বঙালী চলচ্চিত্ৰ পুৰস্কাৰ সমিতি’য়ে ‘দম্পতী’ ছবিখনৰ বাবে বছৰটোৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ যাচিছিল।
  • ১৯৭৭ চনত পদ্মশ্ৰী বঁটা লাভ কৰে।
  • ১৯৭৮ চনত ‘সীমনা পেৰিয়ে’ৰ সংগীত পৰিচালনাৰ কাৰণে 'বাংলাদেশ ফিল্ম ইণ্ডাষ্টিজ'ৰ তৰফৰ পৰা বছৰৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰূপে সন্মানিত হৈছিল।
  • ১৯৭৬ চনৰ ২৬ জানুৱাৰীত অৰুণাচল চৰকাৰে তেওঁক 'মেৰা ধৰম মেৰি মা' নামৰ হিন্দী ছবি নিৰ্মাণ কৰাৰ বাবে সম্বৰ্দ্ধনা জনাই সোণৰ পদক উপহাৰ দিছিল।
  • মহুৱা সুন্দৰী নাটকৰ শ্ৰেষ্ঠ লোকসংগীত শিল্পী বঁটা (১৯৭৯)
  • ১৯৮৭ চনত অসম চৰকাৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰে।
  • ১৯৮৭ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰে।
  • ১৯৮৭ চনত ইন্দিৰা গান্ধী স্মৃতি বঁটা লাভ কৰে।
  • ১৯৯৩ চনৰ শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ঊনষাঠিতম অধিবেশনৰ সভাপতিৰ আসন শুৱনি কৰিছিল।
  • ১৯৯৩ চনত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
  • ১৯৯৩ চনত ড॰ হাজৰিকাক ১৯৯২ চনৰ বাবে ভাৰতৰ চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান ‘দাদা চাহেব ফাল্কে বঁটা’ সেই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি ড॰ শংকৰ দয়াল শৰ্মাই প্ৰদান কৰে।
  • ২০০১ চনত পদ্মভূষণ বঁটা লাভ কৰে।
  • ২০০১ চনত মধ্যপ্ৰদেশ চৰকাৰৰ পৰা লতা মংগেশকাৰ বঁটা লাভ কৰে।
  • ২০০৬ চনত তেওঁৰ বঙালী গীত "মানুষ মানুষেৰ জন্য" বিবিচি বঙালীৰ শ্ৰোতা জৰীপত "সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বঙালী গীত"ৰ তালিকাত দ্বিতীয় স্থান লাভ কৰে। [44]
  • ২০০৮ চনত অসম সাহিত্য সভাৰ পৰা সাহিত্যচাৰ্য সন্মান লাভ কৰে।
  • ২০০৯ অসম চৰকাৰৰ পৰা অসম ৰত্ন বঁটা লাভ কৰে।
  • ২০০৯ চনত ড° ভূপেন হাজৰিকাই সংগীত নাটক অকাডেমীৰ সৰ্বোচ্চ সন্মান অকাডেমিৰ ফেলোশ্বিপ সেই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলৰ পৰা লাভ কৰে।
  • ২০১২ চনত মৰণোত্তৰভাবে ভাৰত চৰকাৰৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণৰে সন্মানিত হয়।
  • ২০১৩ আৰু ২০১৬ চনত ভাৰত চৰকাৰৰ ডাক বিভাগে ড° ভূপেন হাজৰিকাৰ নামত এটা ডাকটিকট প্ৰকাশ কৰে।
  • ২০১৯ চনত মৰণোত্তৰভাবে ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত হয়।
  • ২০২৫ চনত ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ভাৰত চৰকাৰে তেওঁৰ নামত এটা ১০০ টকীয়া মুদ্ৰা প্ৰৱৰ্তন কৰে।

গুগল ডুডল

[সম্পাদনা কৰক]

গুগলে হাজৰিকাৰ ৯৬ সংখ্যক জন্মদিন উদ্‌যাপন কৰি এটা ডুডল উছৰ্গা কৰিছিল। এই ডুডলটো আছিল এটা ক্লে’ ৱৰ্ক। হাৰম’নিয়াম বজাই থকা অৱস্থাত হাজৰিকাৰ এই ডুডলটোৰ সৃষ্টি কৰিছে মুম্বাইৰ অতিথি শিল্পী, গ্ৰাফিক ডিজাইনাৰ, কলা পৰিচালক আৰু চিত্ৰকৰ ৰুতুজা মালিয়ে।

ভূপেন হাজৰিকাৰ শতবৰ্ষ

[সম্পাদনা কৰক]

২০২৫ চনত ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী বছৰজোৰা কাৰ্যসূচীৰে অসম চৰকাৰৰ উদ্যোগত পালন কৰা হয়। সেই উপলক্ষে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ উপৰিও বিদেশতো তেওঁৰ শতবৰ্ষ উৎযাপন কৰা হয়।অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত জালুকবাৰীৰ তেওঁৰ সমাধিক্ষেত্ৰত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত অসমৰ মাননীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে মাননীয় সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাও উপস্থিত থাকে। এই অনুষ্ঠানত সুধাকণ্ঠৰ ভাতৃ সমৰ হাজৰিকা(বৰ্তমান প্ৰয়াত), পুত্ৰ তেজ পুন্নাগ হাজৰিকা, বোৱাৰী হেমিল্টন হাজৰিকা আৰু নাতি ছেইজ আকাশ হাজৰিকা উপস্থিত থাকে। ১৩ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাজৰিকাৰ শতবৰ্ষৰ মূল অনুষ্ঠানত ভাগ লয়। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দু, সুধাকণ্ঠ ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকা, ভূপেন হাজৰিকাৰ পৰিয়ালৰ সদস্যসকলৰ লগতে অসমৰ সামাজিক সংস্কৃতিক জগতৰ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে । সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাৰ আদৰণি ভাষণেৰে অনুষ্ঠানৰ আৰম্ভণি হোৱাৰ পিছতে এহেজাৰ দুশ গৰাকী শিল্পীয়ে বিশ্ববন্দিত শিল্পীগৰাকীৰ কণ্ঠৰ ১৪ টা গীতৰ বচা বচা অংশ সমস্বৰে পৰিবেশন কৰি নান্দনিক পৰিবেশৰ সৃষ্টি কৰে। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা ড° ভূপেন হাজৰিকা স্মাৰক ১০০ টকীয়া মুদ্ৰা মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানতে অসম চৰকাৰৰ তত্বাৱধানত অনুৰাধা শৰ্মা পুজাৰীয়ে সংকলন কৰা ড° ভূপেন হাজৰিকাৰ জীৱনী গ্ৰন্থখন উন্মোচন কৰে। তেওঁ লগতে ২১ টা ভাষালৈ অনুদিত এই গ্রন্থখন ভার্চুৱেল ব্যৱস্থাৰে উন্মোচন কৰে। নিজৰ ভাষণৰ আৰম্ভণিতে প্রধানমন্ত্ৰীয়ে ভূপেন হাজৰিকা অমৰ হওক বুলি ধবনি দিয়ে। তেওঁ কিংবদন্তি শিল্পী ড০ ভূপেন হাজৰিকাৰ অবিস্মৰণীয় প্ৰতিভাৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে। ।[45][46][47]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Acclaimed singer Bhupen Hazarika dies at 85". CNN-IBN. 5 November 1986. Archived from the original on 6 November 2011. https://web.archive.org/web/20111106193926/http://ibnlive.in.com/news/acclaimed-singer-bhupen-hazarika-dies-at-85/199577-8-66.html আহৰণ কৰা হৈছে: 5 November 2011.
  2. (November 8, 2011). "Bangladesh Foreign Minister pays tributes to Hazarika". Hindu The Hindu. (Web link). সংগ্ৰহ কৰা হৈছে: April 24, 2012.
  3. "Dr. Bhupen Hazarika". Bhupenhazarika.com. Archived from the original on 2012-12-31. https://web.archive.org/web/20121231105441/http://www.bhupenhazarika.com/bio/index.php আহৰণ কৰা হৈছে: 2012-12-25.
  4. "Assam rises in respect of Bhupen Hazarika - India - DNA". Dnaindia.com. 2011-11-08. http://www.dnaindia.com/india/report_assam-rises-in-respect-of-bhupen-hazarika_1609104 আহৰণ কৰা হৈছে: 2012-12-25.
  5. "আৰ্কাইভ কপি". Archived from the original on 2011-11-07. https://web.archive.org/web/20111107013421/http://www.newsbullet.in/movies/25-more/20820-bhupen-hazarika-the-bard-of-brahmaputra আহৰণ কৰা হৈছে: 2011-11-08.
  6. ড॰ ভূপেন হাজৰিকাৰ সংক্ষিপ্ত জীৱনপঞ্জী; পৃষ্ঠা: ২৮৪, ২৮৫; অসম সাহিত্য সভা পত্ৰিকা; ষট্‌ষষ্টিতম বৰ্ষ, তৃতীয় সংখ্যা; ডিচেম্বৰ-জানুৱাৰী-ফেব্ৰুৱাৰী: ২০১১-১২ খ্ৰীষ্টাব্দ, ১৯৩৩ শক, ৫৬৩ শংকৰাব্দ
  7. মই এটি যাযাবৰ, পৃষ্ঠা-৬
  8. 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 হাজৰিকা,সূৰ্য্য (২০১৩). মই এটি যাযাবৰ. প্ৰকাশক গুৱাহাটী: এছ.এইছ.শৈক্ষিক ন্যাস. ISBN ৯৭৮-৮১-৯০৪৭৭৪-৬-৮.
  9. 1 2 3 4 http://manipurhub.com/ne-news/assam-news/dr-bhupen-hazarika-life-of-a-genius/[সংযোগবিহীন উৎস]
  10. "Dr. Bhupen Hazarika". Bhupenhazarika.com. Archived from the original on 2011-08-07. https://web.archive.org/web/20110807212545/http://www.bhupenhazarika.com/bio/index.php আহৰণ কৰা হৈছে: 2012-12-25.
  11. Assam Legislative Assembly - MLA 1967-72, অসম বিধানসভাৰ চৰকাৰী ৱেবছাইট, আহৰণ কৰা তাৰিখ: ০৫-০৪-২০১২]
  12. ভূপেন হাজৰিকা, মই বিধান সভাৰ সদস্য কিয় হৈছিলো?, শিল্পীৰ পৃথিৱীৰ ভূপেন হাজৰিকা (সম্পাদনা: হেমচন্দ্ৰ বৰা), তৃতীয় প্ৰকাশ, নৱেম্বৰ, ২০১১ পৃষ্ঠা: ১৪
  13. "Blog Archive » Dr. Bhupen Hazarika - Short Bio". Bhupen Hazarika. 2004-06-09. http://www.bhupenhazarika.com/wordpress/?p=5 আহৰণ কৰা হৈছে: 2012-12-25.
  14. বৰ্ণালী বৰুৱা দাস (২ মাৰ্চ ২০১৬). "নীল নদীৰ পাৰত ফাল্লাহীন,জন আৰু ৰংমনৰ বিননি". মুক্তচিন্তা. http://muktosinta.org/otitor-buronji/ আহৰণ কৰা হৈছে: ২৮ এপ্ৰিল ২০২০.
  15. জয়কান্ত শৰ্মা (৪ নৱেম্বৰ ২০১৭). "ড॰ ভূপেন হাজৰিকাৰ ৰাজনৈতিক দৰ্শন". জনমভূমি. Archived from the original on 2020-09-29. https://web.archive.org/web/20200929125635/https://janambhumi.in/VFZSVmVVNTZSVDA9/%E0%A6%A10%20%E0%A6%AD%E0%A7%82%E0%A6%AA%E0%A7%87%E0%A6%A8%20%E0%A6%B9%E0%A6%BE%E0%A6%9C%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A6%BE%E0%A7%B0%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B0%E0%A7%8D%E0%A6%B6%E0%A6%A8.html আহৰণ কৰা হৈছে: ২৮ এপ্ৰিল ২০২০.
  16. Posted by: Shekhar (2011-11-07). "Bhupen Hazarika always remembered for his songs - Oneindia Entertainment". Entertainment.oneindia.in. Archived from the original on 2012-04-16. https://web.archive.org/web/20120416083459/http://entertainment.oneindia.in/music/indian/2011/bhupen-hazarika-tribute-remembered-songs-071111.html আহৰণ কৰা হৈছে: 2012-12-25.
  17. TI Trade (2011-11-09). "The Assam Tribune Online". Assamtribune.com. Archived from the original on 2011-11-14. https://web.archive.org/web/20111114011512/http://www.assamtribune.com/scripts/detailsnew.asp?id=nov0911/at06 আহৰণ কৰা হৈছে: 2012-12-25.
  18. "Blog Archive » I don't need 'wife' tag to prove my love for Bhupen: Kalpana". Bhupen Hazarika. 2009-02-20. Archived from the original on 2011-06-10. https://web.archive.org/web/20110610162936/http://www.bhupenhazarika.com/wordpress/?p=22#comment-6582 আহৰণ কৰা হৈছে: 2012-12-25.
  19. "Rituparna Chatterjee's Blog : Kalpana Lajmi-Bhupen Hazarika: A 40-year-old love story". Ibnlive.in.com. 2011-11-05. Archived from the original on 2011-11-07. https://web.archive.org/web/20111107205132/http://ibnlive.in.com/blogs/rituparnachatterjee/2802/62880/kalpana-lajmibhupen-hazarika-a-40yearold-love-story.html আহৰণ কৰা হৈছে: 2012-12-25.
  20. "Kalpana Lajmi inconsolable after Bhupen Hazarika's death". Movies.ndtv.com. 2011-11-06. Archived from the original on 2011-12-14. https://web.archive.org/web/20111214065413/http://movies.ndtv.com/movie_story.aspx?Section=Movies&ID=ENTEN20110187485&subcatg=MOVIESINDIA&keyword=music&nid=147290 আহৰণ কৰা হৈছে: 2012-12-25.
  21. Lajmi, Kalpana; Mitra, Sunanda Shyamal (2018). Bhupen Hazarika: as I knew him. প্ৰকাশক Noida, Uttar Pradesh, India: HarperCollins Publishers India. ISBN 978-93-5302-335-5. http://books.google.co.in/books/about/Bhupen_Hazarika_As_I_Knew_Him.html?id=yGZsDwAAQBAJ&source=kp_book_description&redir_esc=y.
  22. "Bhupen Hazarika Always Felt That He and Kalpana Lajmi Should Celebrate Their Love Story" (en ভাষাত). www.news18.com. https://www.news18.com/news/movies/bhupen-hazarika-always-felt-that-he-and-kalpana-lajmi-should-celebrate-their-love-story-1886315.html আহৰণ কৰা হৈছে: 2026-02-22.
  23. গোহাঁই. হীৰেন (২০২১). শিল্প-সংস্কৃতিৰ ৰণাঙ্গন. প্ৰকাশক গোলাঘাট: ঐকান্তিক. পৃষ্ঠা. ৩০৮. ISBN ৯৭৮-৮১-৯৫১৪৪৮-৪-৬.
  24. দাস. ড° বৰ্ণালী বৰুৱা দাস (২০২১). গভীৰ আস্থাৰ গান. প্ৰকাশক গুৱাহাটী: ষ্টুডেণ্টচ ষ্ট'ৰছ. পৃষ্ঠা. ৫৪.
  25. "Music Legend Bhupen Hazarika passes away". Bollywood Life. http://www.bollywoodlife.com/news-gossip/bhupen-hazarika-passes-away আহৰণ কৰা হৈছে: 5 November 2011.
  26. "Bhupen Hazarika is no more.". Indiavision news. 5 November 2011. Archived from the original on 7 November 2011. https://web.archive.org/web/20111107192641/http://www.indiavision.com/news/article/entertainment/245379/bhupen-hazarika-is-no-more আহৰণ কৰা হৈছে: 5 November 2011.
  27. "Celebrated Indian singer Bhupen Hazarika dies". BBC News. 5 November 2011. https://www.bbc.co.uk/news/world-asia-15606150.
  28. "Lakhs aend Bhupen Hazarika's funeral". indiatv. Archived from the original on 8 April 2012. https://web.archive.org/web/20120408191933/http://www.indiatvnews.com/entertainment/bollywood/Lakhs_Attend_Bhupen_Hazarika_s_Funeral-3175.html আহৰণ কৰা হৈছে: 13 December 2011.
  29. Smitha (29 December 2011). "Bollywood pays tribute to Bhupen Hazarika  — Oneindia Entertainment". Entertainment.oneindia.in. Archived from the original on 6 January 2012. https://web.archive.org/web/20120106082731/http://entertainment.oneindia.in/music/indian/2011/bhupen-hazarika-tribute-bollywood-291211.html আহৰণ কৰা হৈছে: 25 December 2012.
  30. "Life of Bhupen Hazarika to come alive at his Samadhi Khetra,museum to be inaugurated". দ্য ছেণ্টিনেল. ৫ নৱেম্বৰ ২০১৮. https://www.sentinelassam.com/news/life-of-bhupen-hazarika-to-come-alive-at-his-samadhi-khetramuseum-to-be-inaugurated/ আহৰণ কৰা হৈছে: ২৯ এপ্ৰিল ২০২০.
  31. 1 2 3 কুৰি শতিকাৰ কুৰিজন বিশিষ্ট অসমীয়া; সম্পাদনা: প্ৰণতি গোস্বামী শৰ্মা, অনিল শৰ্মা; জাৰ্নাল এম্পৰিয়াম, ১৯৯৯
  32. Log nu in om een reactie te plaatsen.. "Paul Robeson - Ol' Man River (Showboat - 1936) J.Kern O. Hammerstein II". YouTube. http://www.youtube.com/watch?v=eh9WayN7R-s আহৰণ কৰা হৈছে: 2012-12-25.
  33. "Ol' Man River Lyrics - Frank Sinatra". Lyricsfreak.com. http://www.lyricsfreak.com/f/frank+sinatra/ol+man+river_20055702.html আহৰণ কৰা হৈছে: 2012-12-25.
  34. ভূপেন মামাৰ গীতে মাতে[সংযোগবিহীন উৎস]
  35. "The Music And Musical Instruments Of North Eastern India - Dilip Ranjan Barthakur - Google Books". Books.google.co.in. http://books.google.co.in/books?id=oP4vH-4oSEcC&pg=PA165&lpg=PA165&dq=amar+pratinidhi&source=bl&ots=PMQqVR2wmd&sig=6rA4PxaWxlFcVU2SgmizGNm3v98&hl=en&ei=bQK-TpjKLMforAf84InsAQ&sa=X&oi=book_result&ct=result&resnum=6&ved=0CDYQ6AEwBQ#v=onepage&q=amar%20pratinidhi&f=false আহৰণ কৰা হৈছে: 2012-12-25.
  36. "Dream 2047: VP News". Vigyanprasar.gov.in. http://www.vigyanprasar.gov.in/dream/february99/febvpnews.htm আহৰণ কৰা হৈছে: 2012-12-25.
  37. "Dr Bhupen Hazarika - Bhupen Hazarika's songs music films director singer musician assamese bengali hindi". Onlinesivasagar.com. Archived from the original on 2012-11-17. https://web.archive.org/web/20121117032725/http://onlinesivasagar.com/music/bhupen-hazarika.html আহৰণ কৰা হৈছে: 2012-12-25.
  38. TI Trade (2011-11-12). "The Assam Tribune Online". Assamtribune.com. http://www.assamtribune.com/scripts/detailsnew.asp?id=nov1211/at08 আহৰণ কৰা হৈছে: 2012-12-25.[সংযোগবিহীন উৎস]
  39. prasujya (2008-07-10). "Bhupen Hazarika: Editorial of Amar Pratinidhi -Oct,1967 issue by Bhupen Hazarika". Bhupenhazarika-news.blogspot.com. http://bhupenhazarika-news.blogspot.com/2008/07/one-editorial-of-amar-pratinidhi-oct.html আহৰণ কৰা হৈছে: 2012-12-25.
  40. "Rati Mohan Nath : A man of Pen and Papers". Ratimohannath.blogspot.com. http://ratimohannath.blogspot.com/ আহৰণ কৰা হৈছে: 2012-12-25.
  41. অৰুণলোচন দাস (২০১৩). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত (পৃঃ ৬৭). শশী শিশু প্ৰকাশন, গুৱাহাটী.
  42. মঞ্চলেখা, পৃষ্ঠা ৩১৩, অতুলচন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী, ১৯৬৭.
  43. "সুধাকণ্ঠৰ জীৱন-কাহিনীৰে আহি আছে অসমীয়া ছবি “যাযাবৰ- দা লিজেণ্ড”". Rupaliparda. 20 March 2020. https://rupaliparda.com/archives/11014 আহৰণ কৰা হৈছে: 27 June 2022.
  44. "সৰ্বকালেৰ সৰ্বশ্ৰেষ্ঠ বাংলা গান". www.bbc.com/bengali. May 2006. https://www.bbc.com/bengali/news/story/2006/05/060502_mbsheragaan আহৰণ কৰা হৈছে: 23 October 2021.
  45. "Google celebrates singer-composer-filmmaker Bhupen Hazarika's 96th birth anniversary with its doodle". The times of India. https://timesofindia.indiatimes.com/india/google-celebrates-singer-composer-filmmaker-bhupen-hazarikas-96th-birth-anniversary-with-its-doodle/articleshow/94064986.cms আহৰণ কৰা হৈছে: 8 September 2022.
  46. "Google Doodle pays tribute to acclaimed Indian singer Bhupen Hazarika on his birth anniversary". The Hindu. https://www.thehindu.com/entertainment/music/google-doodle-pays-tribute-to-acclaimed-indian-singer-bhupen-hazarika-on-his-birth-anniversary/article65864981.ece আহৰণ কৰা হৈছে: 8 September 2022.
  47. "Dr. Bhupen Hazarika's 96th Birth Anniversary: Googles Tribute To Singer". NDtv. https://www.ndtv.com/india-news/dr-bhupen-hazarika-google-pays-tribute-to-singer-dr-bhupen-hazarikas-96th-birthday-with-artistic-doodle-3325675 আহৰণ কৰা হৈছে: 8 September 2022.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

«‘’»