সমললৈ যাওক

আদুৰ গোপালকৃষ্ণন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আদুৰ গোপালকৃষ্ণন

আদুৰ গোপালকৃষ্ণন
জন্ম মৌতাথু গোপালকৃষ্ণন উন্নীথন
৩ জুলাই, ১৯৪১ (৮৫ বছৰ)
মান্নাড়ি, ট্ৰিভাংকুৰ, ব্ৰিটিছ ভাৰত
অন্য নাম আদুৰ
শিক্ষানুষ্ঠান ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান[1]
পেচা চিত্ৰনিৰ্মাতা, চিত্ৰনাট্যকাৰ, প্ৰযোজক
সক্ৰিয় হৈ থকা সময় ১৯৬৫ চনৰপৰা আজিলৈকে
দাম্পত্যসঙ্গী সুনন্দা
সন্তান অস্বতী গোপালকৃষ্ণন (আই পি এছ)[2]
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মবিভূষণ (২০০৬)
পদ্মশ্ৰী (১৯৮৪)
ৱেবছাইট
www.adoorgopalakrishnan.com

আদুৰ গোপালকৃষ্ণন (ইংৰাজী: Adoor Gopalakrishnan) এজন ভাৰতীয় চিত্ৰনিৰ্মাতা, চিত্ৰনাট্যকাৰ আৰু প্ৰযোজক। নামজ্বলা ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা সকলৰ ভিতৰত তেওঁ অন্যতম। ৭০ৰ দশকত নিজৰ প্ৰথমখন চিনেমা স্বয়ম্বৰম নিৰ্মাণেৰে গোপালকৃষ্ণনে মালয়ালম চিনেমাত এক নতুন ঢৌৰ সৃষ্টি কৰিছিল।[3] পাঁচ দশকতকৈও অধিক সময় চিনেমা নিৰ্মাণত ব্যস্ত থাকি আদুৰে আজি পৰ্যন্ত ১২খন চিনেমা নিৰ্মাণ কৰিছে। তেওঁৰ ছবিসমূহ মালয়ালম ভাষাত নিৰ্মিত আৰু ছবিসমূহত প্ৰায়ে কেৰালাৰ সমাজ আৰু সংস্কৃতি বৰ্ণিত হৈছে। তেওঁৰ প্ৰায় সকলোবোৰ ছবিয়েই ভেনিচ, কাঁন আৰু টৰণ্টো আন্তৰ্জাতিক চিলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে। আন্তৰ্জাতিক চিনেমা জগতত আদুৰ গোপালকৃষ্ণনৰ নাম সত্যজিৎ ৰায়, মৃণাল সেনৰ সৈতে একেলগে লোৱা হয়।[4][5]

ৰায় আৰু সেনৰ পিছতেই আদুৰ গোপালকৃষ্ণনে নিজৰ ছবিৰ বাবে ১৬ বাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। তেওঁ ১৭ বাৰকৈ কেৰালাৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটাও লাভ কৰিছে। ১৯৮৪ চনত তেওঁক পদ্মশ্ৰী আৰু ২০০৬ চনত পদ্মবিভূষণ সন্মানেৰে সন্মানিত কৰা হয়। ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অমূল্য অৱদানৰ বাবে ২০০৪ চনত আদুৰ গোপালকৃষ্ণনক দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়।[6] দ্য উইচ্‌কন্‌চিন-মিল্‌ৱৌকি বিশ্ববিদ্যালয়ে তেওঁলোকৰ পেক স্কুল অৱ আৰ্টচ্‌আদুৰ গোপালকৃষ্ণন ফিল্ম আৰ্কাইভ আৰু গৱেষণা কেন্দ্ৰ নামেৰে এটা সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰ স্থাপন কৰিছে য'ত গৱেষক ছাত্ৰ-ছাত্ৰীসকলৰ বাবে তেওঁৰ দ্বাৰা নিৰ্মিত ১১খন ছবিৰ ৩৫ মিমি দৈৰ্ঘ্যৰ প্ৰিণ্ট আৰু কেইবাখনো তথ্যচিত্ৰ উপলব্ধ।[7]

জন্ম আৰু ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

কেৰালাৰ আদুৰ চহৰৰ মান্নাডি গাঁৱত ১৯৪১ চনৰ ৩ জুলাই তাৰিখে গোপালকৃষ্ণনৰ জন্ম হয়। তেওঁৰ দেউতাকৰ নাম আছিল মাধৱন উন্নীথন আৰু মাক মৌত্তাথু গৌৰী কুঞ্জম্মা। সাতোটা ভাই-ভনীৰ ভিতৰত গোপালকৃষ্ণন আছিল ষষ্ঠ। তেওঁৰ ন বছৰ বয়সত মাক- দেউতাকৰ বিবাহ বিচ্ছেদ হয় আৰু তেওঁ মাকৰ সৈতে থাকিবলৈ লয়। গৌৰী কুঞ্জম্মাৰ পৰিয়ালটি আছিল অতি সুসংস্কৃতিবান। সেয়ে গোপালকৃষ্ণনে সৰুৰেপৰা এটা সুস্থ সাংস্কৃতিক বাতাবৰণত ডাঙৰ-দীঘল হোৱাৰ সুবিধা পায়।[8] ৮ বছৰ বয়সত এখন অপেছাদাৰী নাটকত অভিনয়েৰে তেওঁ শিল্পী জীৱনৰ পাতনি মেলে। পিছত তেওঁ অভিনয় এৰি লেখা-মেলা আৰু নিৰ্দেশনা কৰিবলৈ লয় আৰু আদুৰ নামেৰে বহুকেইখন নাটক লিখে আৰু পৰিচালনা কৰে। জন্মতে তেওঁৰ নাম গোপালকৃষ্ণন উন্নীথন ৰখা হৈছিল যদিও আদুৰ নামেৰে বহুকেইখন সফল নাটকৰ নাট্যকাৰ হোৱাৰ বাবে জনসমাজত তেওঁ এই নামেৰে পৰিচিতি লাভ কৰে। ১৯৬১ চনত আদুৰে অৰ্থনীতি বিজ্ঞান, ৰাজনীতি বিজ্ঞান আৰু পাব্লিক প্ৰশাসনত গান্ধীগ্ৰাম ৰুৰেল ইনষ্টিটিউটৰপৰা স্নাতক ডিগ্ৰী লয় [9] আৰু এজন চৰকাৰী বিষয়া ৰূপে তামিলনাডুৰ দিন্দিগালত কাৰ্যনিৰ্বাহ কৰে। এইখিনি সময়তে তেওঁ পুনেৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত চিত্ৰনাট্য লেখনৰ পাঠ্যক্ৰমৰ বিজ্ঞাপন দেখে আৰু ১৯৬২ চনত চাকৰি এৰি এই পাঠ্যক্ৰমত নামভৰ্তি কৰে।[2] ভাৰত চৰকাৰৰ স্কলাৰশ্বিপসহ ১৯৬৫ চনত তেওঁ এই পাঠ্যক্ৰম শেষ কৰে আৰু কেৰালালৈ উভতি গৈ তেওঁৰ সহপাঠী আৰু বন্ধুবৰ্গৰ সৈতে লগ-লাগি তাত চিত্ৰলেখা ফিল্ম চ'ছাইটি আৰু চলচ্চিত্ৰ সহকৰণ সংঘ আৰম্ভ কৰে। এইটো আছিল কেৰালাৰ প্ৰথমটো চলচ্চিত্ৰ উদ্যোগ। এই উদ্যোগটোৰ উদ্দেশ্য আছিল ক’পাৰেটিভ চেক্টৰত ছবিৰ প্ৰযোজনা, পৰিৱেশন আৰু প্ৰদৰ্শনী পতা।

তেওঁ প্ৰায় ১১খন চিনেমা তথা ত্ৰিশখন চুটি ছবি আৰু তথ্যচিত্ৰৰ চিত্ৰনাট্য লিখে আৰু পৰিচালনা কৰে আৰু ১৭ বাৰকৈ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰে।

১৯৭২ চনৰ ১৩ ছেপ্টেম্বৰত সুনন্দাৰ সৈতে গোপালকৃষ্ণনৰ বিয়া হয়[8] আৰু তেওঁলোকে কেৰালাৰ তিৰুৱনন্থপুৰম (ত্ৰিবান্দম)ত স্থায়ীভাৱে বসবাস কৰিবলৈ লয়। ১৯৭৩ চনত তেওঁলোকৰ ছোৱালী অস্বতীৰ জন্ম হয় আৰু ২০১৫ চনত দুৰাৰোগ্য ৰোগত ভুগি সুনন্দাৰ মৃত্যু হয়।[8] অস্বতী এগৰাকী আই পি এছ বিষয়া (অসম কেডাৰ, ২০০০ বেটচ্‌) আৰু তেওঁ ২০১০ চনৰপৰা মুম্বাই পুলিচ বিভাগৰ ডেপুটি কমিছনাৰ ৰূপে কৰ্মৰত।[10][11]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  • ২০১৫- ভাৰতৰত্ন ড॰ ভূপেন হাজৰিকা সংহতি বঁটা
  • ২০১৩ - কেৰালা সাহিত্য অকাডেমি বঁটা
২০১৩ চনৰ চাৰজাহ বুকফেয়াৰত গোপালকৃষ্ণন
  • ২০১০ - কেৰালা বিশ্ববিদ্যালয়ৰপৰা ডি লিট উপাধি প্ৰদান।
  • ২০০৬ - পদ্মবিভূষণ[12]
  • ২০০৪ - দাদাচাহেব ফাল্কে বঁটা[6]
  • ১৯৯৬ - মহাত্মা গান্ধী বিশ্ববিদ্যালয়, কেৰালাৰপৰা ডি লিট উপাধি প্ৰদান।[13]
  • ১৯৮৪ - পদ্মশ্ৰী[14]
  • ১৯৮৪ - লিজন অৱ অনাৰ(ফ্ৰেন্স অৰ্ডাৰ, ফ্ৰান্সৰ সৰ্ব্বোচ সজ্জা)[15]
  • ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (মুঠ ১৭টা)
  • কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা (মুঠ ১৭টা)
  • আন্তৰ্জাতিক ফিল্ম ক্ৰিটিক বঁটা, একাদিক্ৰমে ৬খন ছবিৰ বাবে ( মুখামুখম, অন্তৰম, মাথিলুকাল, ৱিধেয়ান, কথাপুৰুষন" আৰু নিযহালক্কুথু )[16]
  • ১৯৮২-লণ্ডন চলচ্চিত্ৰ মহোৎসৱত সুডাৰ্ল্যাণ্ড ট্ৰফী (এলিপ্পথয়াম)
  • ব্ৰিটিছ ফিল্ম ইনষ্টিটিউট বঁটা (এলিপ্পথয়াম-১৯৮২ চনৰ আটাইতকৈ মৌলিক কল্পনানিৰ্ভৰ ছবি)[17]
নিজৰ প'ট্ৰেইটৰ সৈতে আদুৰ
  • ফ্ৰান্স চৰকাৰৰ দ্বাৰা Commandeur of the Ordre des Arts et des Lettres প্ৰদান, ( ২০০৩ )[18]
  • কাইৰো ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত জীৱনজোৰা সাধনা বঁটা

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা(সৱিশেষ)

  • ১৯৭৩ - শ্ৰেষ্ঠ ছবি - স্বয়ম্বৰম
  • ১৯৭৩ - শ্ৰেষ্ঠ পৰিচালক - স্বয়ম্বৰম
  • ১৯৭৮ - শ্ৰেষ্ঠ মালয়ালম ছবি - কোড়িয়েট্টাম
  • ১৯৮০ - জুৰীৰ বিশেষ বঁটা - দ্যা চোলা হেৰিটেজ
  • ১৯৮২ - শ্ৰেষ্ঠ মালয়ালম ছবি - এলিপ্পথয়াম
  • ১৯৮৪ - চিনেমাৰ শ্ৰেষ্ঠ কিতাপ - চিনেমায়ুড়ে লকাম
  • ১৯৮৫ - শ্ৰেষ্ঠ পৰিচালক - মুখামুখম
  • ১৯৮৫ - শ্ৰেষ্ঠ মালয়ালম ছবি - মুখামুখম
  • ১৯৮৫ - শ্ৰেষ্ঠ চিত্ৰনাট্য - মুখামুখম
  • ১৯৮৮ - শ্ৰেষ্ঠ পৰিচালক - অন্তৰম
  • ১৯৮৮ - শ্ৰেষ্ঠ চিত্ৰনাট্য - অন্তৰম
  • ১৯৯০ - শ্ৰেষ্ঠ পৰিচালক - মাথিলুকাল
  • ১৯৯০ - শ্ৰেষ্ঠ মালয়ালম ছবি - মাথিলুকাল
  • ১৯৯৪ - শ্ৰেষ্ঠ মালয়ালম ছবি - ৱিধেয়ান
  • ১৯৯৫ - শ্ৰেষ্ঠ ছবি - কথাপুৰুষন"
  • ২০০৩ - শ্ৰেষ্ঠ মালয়ালম ছবি - নিযহালক্কুথু
  • ২০০৮ - শ্ৰেষ্ঠ পৰিচালক - নালু পেন্নুন্‌গাল

কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা (সৱিশেষ) শ্ৰেষ্ঠ ছবি

  • কোড়িয়েট্টাম ( ১৯৭৭ )
  • এলিপ্পথয়াম ( ১৯৮১ )
  • মুখামুখম ( ১৯৮৪ )
  • ৱিধেয়ান ( ১৯৯৩ )
  • অৰু পেন্নুম ৰেন্দানুম ( ২০০৮ )

শ্ৰেষ্ঠ পৰিচালক

  • কোড়িয়েট্টাম ( ১৯৭৭ )
  • মুখামুখম ( ১৯৮৪ )
  • অন্তৰম ( ১৯৮৭ )
  • ৱিধেয়ান ( ১৯৯৩ )
  • অৰু পেন্নুম ৰেন্দানুম ( ২০০৮ )

শ্ৰেষ্ঠ কাহিনী

  • কোড়িয়েট্টাম( ১৯৭৭ )

শ্ৰেষ্ঠ চিত্ৰনাট্য

  • ৱিধেয়ান ( ১৯৯৩ )
  • অৰু পেন্নুম ৰেন্দানুম ( ২০০৮ )

শ্ৰেষ্ঠ তথ্যচিত্ৰ

  • কৃষ্ণনাত্তম ( ১৯৮২ )
  • কালামণ্ডলম গোপি ( ১৯৯৯ )

শ্ৰেষ্ঠ চুটি ছবি

  • কালামণ্ডলম ৰমনকুত্তি নায়াৰ ( ২০০৫ )

চিনেমাৰ শ্ৰেষ্ঠ কিতাপ

  • চিনেমানুভৱম ( ২০০৪ )

তেওঁৰ চিনেমাৰ ৰেট্ৰ'স্পেক্টিভ প্ৰদৰ্শিত হয়-

  • কলিকতা, ছিগাল ফাউণ্ডেচন ফ'ৰ আটচ্‌ এণ্ড নন্দন, ২০০৯[19]
  • স্লভেনিয়ান আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ, ২০০৯[20]
  • দ্যা মুনিচ ফিল্ম ফেষ্টিভেল, ২০০৯[21]
  • ফৰাছী চিনেমাটেক, পেৰিছ, ১৯৯৯[22]

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]
বৰ্ষশীৰ্ষকসময়কেটেগৰিকাষ্টবঁটা
১৯৬৫এ গ্ৰেট ডে২০ মিনিটচুটি ফিকচন
১৯৬৬এ ডে এট কোৱালাম৩০ মিনিটতথ্যচিত্ৰ
১৯৬৭দ্যা মীথ৫০ চেকেণ্ডচুটি ফিকচনমেৰিট চাৰ্টিফিকেট, এক্সপ' ৬৭, মণ্ট্ৰিয়ল
১৯৬৮ডেঞ্জাৰ এত ইয়ৰ দ'ৰ ষ্টেপ২০ মিনিটতথ্যচিত্ৰ
১৯৬৮এণ্ড মেন ক্ৰিয়েটেড৮ মিনিটতথ্যচিত্ৰ
১৯৬৮মন্‌ন্থৰিকাল (গ্ৰেইনচ্‌ অৱ চেণ্ড)২০ মিনিটতথ্যচিত্ৰ
১৯৬৯টুৱাৰ্ডচ্‌ নেচনেল এছ টি ডি২০ মিনিটতথ্যচিত্ৰ
১৯৬৯এ মিচন অৱ লাভ৩০ মিনিটতথ্যচিত্ৰ
১৯৬৬ইয়ৰ ফুড৬০ মিনিটতথ্যচিত্ৰ
১৯৭০প্ৰতিসন্ধি৫৫ মিনিটডকু-ড্ৰামা
১৯৭১ৰোমাঞ্চ অৱ ৰাবাৰ৩০ মিনিটতথ্যচিত্ৰ
১৯৭২স্বয়ম্বৰম (ওৱানচ্‌ অওন চইজ) (১৯৭২)১২৫ মিনিটফিচাৰ ফিল্মমধু, সাৰদা, ভাৰথ গোপী, থিক্কুঋষি সুকুমাৰণ নায়াৰ, কে পি এ চি ললিতাৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, শ্ৰেষ্ঠ চিনেমা, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেত্ৰী, শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফী, অষ্টম মস্কো আন্তৰ্জাতিক চললচ্চিত্ৰ মহোৎসৱত প্ৰৱেশ[23]
১৯৭৩কিলিমনোৰিল অৰু দশলক্ষধিপতি ( এ মিলিয়নাৰ ইজ বৰ্ণ)২০ মিনিটতথ্যচিত্ৰ
১৯৭৪গুৰু চেংগান্নুৰ১৭ মিনিটতথ্যচিত্ৰ
১৯৭৫পাষ্ট ইন পাৰচ্‌পেক্টিভ২০ মিনিটতথ্যচিত্ৰ
১৯৭৬ইডুক্কি৬০ মিনিটতথ্যচিত্ৰ
১৯৭৭কোড়িয়েট্টাম(এচেণ্ট)১২৮ মিনিটফিচাৰ ফিল্মভাৰথ গোপী, কে পি এ চি ললিতা , থিক্কুঋষি সুকুমাৰণ নায়াৰ, আদুৰ ভৱানী, আজিজৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, শ্ৰেষ্ঠ মালয়ালম চিনেমা আৰু শ্ৰেষ্ঠ অভিনেতা
১৯৭৮ফ'ৰ শ্বৰ্টচ অন ফেমিলি প্লেনিং১৬ মিনিটতথ্যচিত্ৰ
১৯৭৯য়ক্ষগণ২০ মিনিটতথ্যচিত্ৰ
১৯৮০চোলা হেৰিটেজ২০ মিনিটতথ্যচিত্ৰ
১৯৮১এলিপ্পথয়াম (দ্যা ৰেট ট্ৰেপ)১২১ মিনিটফিচাৰ ফিল্মকাৰামান জনাৰ্দন নায়াৰ, সাৰদা, জলজা, ৰাজম কে নায়াৰ, সোমান১৯৮২ চনৰ লণ্ডন চলচ্চিত্ৰ মহোৎসৱত চুডাৰলেণ্ড ট্ৰ্ফী
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, শ্ৰেষ্ঠ মালয়ালম চিনেমা আৰু শ্ৰেষ্ঠ অ'ডিঅ'গ্ৰাফী
১৯৮২কৃষ্ণনাত্তম২০ মিনিটতথ্যচিত্ৰ
১৯৮৪মুখামুখম (ফেচ টু ফেচ)১০৭ মিনিটফিচাৰ ফিল্মগংগা, বালন কে নায়াৰ, কাৰামান জনাৰ্দন নায়াৰ, কাৱিয়োৰ পুন্নাম্মা, অশোকা কে পি এ চি ললিতাএফ আই পি আৰ ই এচ চি আই প্ৰাইজ, নতুন দিল্লী , ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ চিত্ৰনাট্য , শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰ
১৯৮৫ইও/গংগা (গেংগেছ ৱাটাৰ)১৪০ মিনিটতথ্যচিত্ৰGrand Prize, Cinema du reel, Paris
১৯৮৭অন্তৰম (ম'ন'লগ)১২৫ মিনিটফিচাৰ ফিল্মমাম্মুত্তি, অশোকা, শোবনা চন্দ্ৰকুমাৰ, বালন কে নায়াৰ, বাহাদুৰএফ আই পি আৰ ই এচ চি আই প্ৰাইজ, Karlovy Vary. ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ চিত্ৰনাট্য আৰু শ্ৰেষ্ঠ অ'ডিঅ'গ্ৰাফী
১৯৯০মাথিলুকাল (দ্যা ৱালচ্‌)১১৭ মিনিটফিচাৰ ফিল্মমাম্মুত্তি, মুৰুলি, তিলকন, কে পি এ চি ললিতা , (ভইচ), কাৰামান জনাৰ্দন নায়াৰ,এফ আই পি আৰ ই এচ চি আই প্ৰাইজ, ভেনিচ, ইউনিচেফ ফিল্ম প্ৰাইজ, ভেনিচ, OCIC Prize, Amiens. ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰ আৰু শ্ৰেষ্ঠ অ'ডিঅ'গ্ৰাফী
১৯৯৩ৱিধেয়ান (দ্যা চাৰ্ভাইল)১১২ মিনিটফিচাৰ ফিল্মমাম্মুত্তি, তনভী আজমি, এম আৰ গোপকুমাৰ, সবিতা আনন্দএফ আই পি আৰ ই এচ চি আই প্ৰাইজ আৰু স্পেচিয়েল জুৰী প্ৰাইজ, ছিংগাপুৰ ইণ্টাৰাফিল্ম জুৰী প্ৰাইজ, মানহেইম Netpac prize, Rotterdam. ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰ
১৯৯৫কথাপুৰুষন (দ্যা মেন অৱ ডা ষ্টৰি)১০৭ মিনিটফিচাৰ ফিল্মবিশ্বনাথন, মিনি নায়াৰ, নৰেন্দ্ৰ প্ৰসাদ , Aranmula Ponnamma, উৰ্মিলা উন্নীএফ আই পি আৰ ই এচ চি আই প্ৰাইজ, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, শ্ৰেষ্ঠ ছবি
১৯৯৫কালামণ্ডলম গোপি৪৩ মিনিটতথ্যচিত্ৰ
২০০১কোড়িয়েট্টাম১৮০ মিনিটতথ্যচিত্ৰ
২০০২নিযহাল্কুথু (চেড' কিল)৯০ মিনিটফিচাৰ ফিল্মঅৰুৱিল উন্নীকৃষ্ণন, সুকুমাৰি, মুৰুলি, নেৰুমুড়ি বেনু, জগতী শ্ৰীকুমাৰ, নাৰায়ণএফ আই পি আৰ ই এচ চি আই, মুম্বাই, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰ
২০০৫কালামণ্ডলম ৰমনকুত্তি নায়াৰ৭৩ মিনিটতথ্যচিত্ৰ
২০০৭ডান্স অৱ ডা এঞ্চেনট্ৰেছ৭২ মিনিটতথ্যচিত্ৰ
২০০৭নালু পেন্নুগাল (ফ'ৰ ৱ'মেন)১০৫ মিনিটফিচাৰ ফিল্মনন্দিতা দাস, কাব্যা মাধৱন, গীতু মোহনদাস, পদ্মপ্ৰিয়া, মঞ্জু পিল্লাই, মুৰুলি, মুকেশ, মনোজ কে জয়ন,ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, শ্ৰেষ্ঠ পৰিচালক
২০০৮অৰু পেন্নুম ৰেন্দানুম (এ ক্লাইমেট ফ'ৰ ক্ৰাইম)১১৫ মিনিটফিচাৰ ফিল্মনেৰুমুড়ি ভেনু, মনোজ কে জয়ন, জগদীশ, বিজয়াৰাঘৱন, ইন্দ্ৰান্‌চ, ৰৱি ভাল্লাথল, প্ৰবীণাকেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা, শ্ৰেষ্ঠ পৰিচালক, ২০০৯ চন
২০১৬পিন্নেয়ামফিচাৰ ফিল্মদিলীপ, কাব্যা মাধৱন, বিজয়াৰাঘৱন, ইন্দ্ৰান্‌চ, ৰৱি ভাল্লাথল, চিন্দ্ৰা আচব

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Film and Television Institute of India (FTII) keen to go global, train foreign actors & technicians - Times of India". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/film-and-television-institute-of-india-ftii-keen-to-go-global-train-foreign-actors-technicians/articleshow/63067198.cms আহৰণ কৰা হৈছে: 25 April 2018.
  2. 1 2 অপূৰ্ব শৰ্মা (জানুৱাৰী, ২০১৯). শব্দ প্ৰতিমা সাহিত্য চলচ্চিত্ৰ. আঁক বাক. পৃষ্ঠা. ১৫৭-১৭১. ISBN ৯৭৮-৯৩-৮৫৯৩৪-৫২-০.
  3. "Golden rigmaroles: Adoor Gopalakrishnan on the Malayalam screen" (en ভাষাত). deccanchronicle.com/. 31 July 2016. https://www.deccanchronicle.com/entertainment/mollywood/310716/golden-rigmaroles-adoor-gopalakrishnan-on-the-malayalam-screen.html আহৰণ কৰা হৈছে: 25 April 2018.
  4. https://www.imdb.com/name/nm0329715/
  5. https://www.britannica.com/biography/Adoor-Gopalakrishnan
  6. 1 2 "Adoor selected for Phalke award". প্ৰকাশক Chennai, India: The Hindu. 6 September 2005. Archived from the original on 5 May 2014. https://web.archive.org/web/20140505174552/http://www.hindu.com/2005/09/06/stories/2005090606830700.htm আহৰণ কৰা হৈছে: 3 July 2011.
  7. Attipetty, Peter (6 May 2013). "Milwaukee chose me: Adoor Gopalakrishnan" (en-US ভাষাত). The American Bazaar. https://www.americanbazaaronline.com/2013/05/06/adoor-gopalakrishnan-film-archive-research-center-at-peck-school-of-arts/ আহৰণ কৰা হৈছে: 11 October 2019.
  8. 1 2 3 পাৰ্থজিৎ বৰুৱা (২৮ মে', ২০২০). "বিশ্ববিশ্ৰুত পৰিচালক আদুৰ গোপালকৃষ্ণনৰ সৈতে কথোপকথন". সাক্ষাৎকাৰ. https://cinekatha.com.Archivedfrom the original on 14 July 2020. https://web.archive.org/web/20200714084618/https://cinekatha.com/%e0%a6%b8%e0%a6%be%e0%a6%95%e0%a7%8d%e0%a6%b7%e0%a6%be%e0%a7%8e%e0%a6%95%e0%a6%be%e0%a7%b0/%e0%a6%ac%e0%a6%bf%e0%a6%b6%e0%a7%8d%e0%a6%ac%e0%a6%ac%e0%a6%bf%e0%a6%b6%e0%a7%8d%e0%a6%b0%e0%a7%81%e0%a6%a4-%e0%a6%aa%e0%a7%b0%e0%a6%bf%e0%a6%9a%e0%a6%be%e0%a6%b2%e0%a6%95-%e0%a6%86%e0%a6%a6%e0%a7%81/ আহৰণ কৰা হৈছে: 13 June 2020.
  9. "Page on Adoor Gopalakrishnan at Kerala tourism". Archived from the original on 17 July 2011. https://web.archive.org/web/20110717135042/http://www.keralatourism.org/index.php?zone=4&menu=59&id=21 আহৰণ কৰা হৈছে: 8 February 2008
  10. A correspondent Date: 2 June 2010 Place: Mumbai (2 June 2010). "Husband-wife set to take charge as Mumbai's DCPs". Mid-day.com. http://www.mid-day.com/news/2010/jun/020610-mumbai-dcp-husband-wife-chhering-dorje-aswati.htm আহৰণ কৰা হৈছে: 11 June 2012.
  11. "Crimebusters". The Telegraph (Calcutta, India). 23 January 2005. http://www.telegraphindia.com/1050123/asp/look/story_4279220.asp.
  12. "Adoor honoured with Padma award". Rediff.com. 21 March 2006. http://www.rediff.com/news/2006/mar/21adoor.htm আহৰণ কৰা হৈছে: 28 May 2009.
  13. "Mahatma Gandhi University". Government of Kerala. 5 October 2014. Archived from the original on 5 October 2014. https://archive.today/20141005131914/http://www.kerala.gov.in/index.php?option=com_content&view=article&id=3408 আহৰণ কৰা হৈছে: 22 March 2019.
  14. "'Naalu Pennungal' not complex like my other films: Adoor". Archived from the original on 13 October 2012. https://web.archive.org/web/20121013055019/http://www.nowrunning.com/news/malayalam/naalu-pennungal-not-complex-like-my-other-films-adoor/13244/story.htm আহৰণ কৰা হৈছে: 3 July 2011.
  15. "Celebrating Cinema: 5 Reasons You Should Know About this Pioneer of New Wave – The Penguin Digest". penguin.co.in. https://penguin.co.in/thepenguindigest/celebrating-cinema-5-reasons-you-should-know-about-this-pioneer-of-new-wave/ আহৰণ কৰা হৈছে: 25 April 2018.
  16. "Official Website of Adoor Gopalakrishnan". Archived from the original on 3 September 2011. https://web.archive.org/web/20110903082245/http://www.adoorgopalakrishnan.com/profile.htm আহৰণ কৰা হৈছে: 28 May 2009.
  17. "Dadasaheb Phalke awardee Adoor Gopalakrishnan completes 50 years in cinema" (en ভাষাত). India Today. https://www.indiatoday.in/movies/celebrities/story/malayalam-filmmaker-adoor-gopalakrishnan-completes-50-years-in-cinema-335690-2016-08-17 আহৰণ কৰা হৈছে: 25 April 2018.
  18. "Adoor receives French honour". The Times of India. 22 October 2003. http://timesofindia.indiatimes.com/articleshow/msid-245928,prtpage-1.cms আহৰণ কৰা হৈছে: 14 July 2008.
  19. "Adoor Gopalakrishnan’s Retrospective in Kolkata". Sify. 9 March 2009. http://sify.com/PRIVOXY-FORCE/movies/fullstory.php?id=14867560 আহৰণ কৰা হৈছে: 29 May 2009.[সংযোগবিহীন উৎস]
  20. "Adoor retrospective at Slovenian festival". প্ৰকাশক Chennai, India: The Hindu. 15 November 2008. Archived from the original on 1 July 2012. https://archive.today/20120701181606/http://blogs.thehindu.com/films/?p=4845 আহৰণ কৰা হৈছে: 29 May 2009.
  21. "Adoor retrospective". প্ৰকাশক Chennai, India: The Hindu. 5 September 2009. Archived from the original on 1 July 2012. https://archive.today/20120701181606/http://blogs.thehindu.com/films/?p=4845 আহৰণ কৰা হৈছে: 29 May 2009.
  22. "Interview: Adoor". Cinema of Malayalam. Archived from the original on 19 August 2009. https://web.archive.org/web/20090819081200/http://www.cinemaofmalayalam.net/adoor_interview_df.html আহৰণ কৰা হৈছে: 29 May 2009.
  23. "8th Moscow International Film Festival (1973)". MIFF. Archived from the original on 16 January 2013. https://web.archive.org/web/20130116194922/http://www.moscowfilmfestival.ru/miff34/eng/archives/?year=1973 আহৰণ কৰা হৈছে: 3 January 2013.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]