গুলজাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গুলজাৰ
জন্ম সম্পূৰণ সিং কাল্‌ৰা
১৮ আগষ্ট, ১৯৩৪ (৮৯ বছৰ)
দিনা, পঞ্জাব প্ৰভিন্স, ব্ৰিটিছ ভাৰত
(বৰ্তমান পঞ্জাব পাকিস্তান)
ৰাষ্ট্ৰীয়তা ভাৰত
পেচা চলচ্চিত্ৰ পৰিচালক, গীতিকাৰ, চিত্ৰনাট্যকাৰ, প্ৰযোজক, কবি, সাহিত্যিক
সক্ৰিয় হৈ থকা সময় ১৯৭১-৯৯ (পৰিচালক হিচাপে) ১৯৫৬-বৰ্তমানলৈ (গীতিকাৰ হিচাপে)
দাম্পত্যসঙ্গী ৰাখী (বি. ১৯৭৩)
পিতৃ-মাতৃ মাখান সিং কাল্‌ৰা (পিতৃ)
সুজান কৌৰ (মাতৃ)
সন্তান মেঘনা গুলজাৰ
বঁটা, সন্মান, পুৰস্কাৰ আদি সাহিত্য অকাডেমি বঁটা (২০০২), পদ্মভূষণ (২০০৪), শ্ৰেষ্ঠ গীতৰ অস্কাৰ বঁটা (২০০৮), চলচ্চিত্ৰ, দূৰদৰ্শন বা দৃশ্যমান মেডিয়াৰ বাবে ৰচিত শ্ৰেষ্ঠ গীতৰ গ্ৰেমী বঁটা (২০১০), দাদাচাহেব ফাল্কে বঁটা (২০১৩),

সম্পূৰণ সিং কাল্‌ৰা (জন্ম ১৮ আগষ্ট ১৯৩৪), গুলজাৰ ছদ্মনামেৰে বিখ্যাত এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, গীতিকাৰ, চিত্ৰনাট্যকাৰ, প্ৰযোজক, কবি আৰু সাহিত্যিক।[1] ব্ৰিটিছ ভাৰতৰ ঝিলাম জিলাত (বৰ্তমান পাকিস্তান) জন্মগ্ৰহণ কৰা গুলজাৰৰ পৰিয়ালে দেশ বিভাজনৰ পিছত ভাৰতলৈ গুচি আহে। সংগীত পৰিচালক এছ.ডি.বৰ্মনৰ লগত ১৯৬৩ চনত মুক্তি লাভ কৰা ছবি বন্দীনীত গীতিকাৰ হিচাপে তেওঁ কৰ্মজীৱনৰ পাতনি মেলিছিল। তাৰপিছত তেওঁ আৰ.ডি.বৰ্মন, সলিল চৌধুৰী, বিশাল ভাৰদ্বাজ, এ. আৰ. ৰহমান আদিৰ দৰে বিখ্যাত সংগীত পৰিচালকৰ লগত কাম কৰিছিল। তেওঁ বৰ্তমানলৈকে ৪টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ২১টা ফিল্মফেয়াৰ বঁটা, এটা অস্কাৰ বঁটা আৰু এটা গ্ৰেমী বঁটা লাভ কৰিছে।[2][3] ২০০৪ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।[4] চলচ্চিত্ৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁ ২০১৩ চনত ভাৰতৰ চলচ্চিত্ৰৰ সৰ্বোচ্চ বঁটা দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়।

গুলজাৰ এজন বিখ্যাত কবি, সংকলাপ লিখক আৰু চিত্ৰ্যনাট্যকাৰ। তেওঁৰ সাহিত্যকীৰ্তিৰ বাবে ২০০২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তেওঁ ১৯৭০ৰ দশকত আন্ধি আৰু মৌচম আদিৰ দৰে বিখ্যাত ছবিৰ পৰিচালনা কৰিছিল। তেওঁ ১৯৮০ৰ দশকত টেলিভিছন ধাৰাবাহিক মিৰ্জা গালিব পৰিচালনা কৰিছিল।

২০১৩ চনৰ এপ্ৰিল মাহত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক অসম বিশ্ববিদ্যালয় আচাৰ্য পদত নিযুক্ত কৰে।[5]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৩৪ চনৰ ১৮ আগষ্ট তাৰিখে ব্ৰিটিছ ভাৰতৰ ঝিলাম জিলাৰ দিনাত গুলজাৰৰ জন্ম হৈছিল। তেওঁৰ পিতৃ মাখান সিং কাল্‌ৰা আৰু মাতৃ সুজান কৌৰ। বিদ্যালয়ত তেওঁ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ অনূদিত ৰচনা পঢ়িছিল আৰু পিছলৈ ই তেওঁৰ জীৱনত গভীৰ ভাৱে প্ৰভাৱ পেলাইছিল। ১৯৪৭ চনত দেশ বিভাজনৰ পিছত তেওঁৰ পৰিয়াল বিভক্ত হয় আৰু তেওঁ পৰিয়ালক সহায় কৰিবলৈ পঢ়া-শুনা আধাতে সামৰি বোম্বেলৈ গুচি আহে। তাৰপিছত তেওঁ বোম্বেত জীৱিকাৰ বাবে বহু সৰু সৰু কাম কৰে। সেইসময়ত তেওঁ বেলাছিছ পথত অৱস্থিতবিচাৰে মটৰছ নামৰ গেৰাজতো কাম কৰিছিল।[6] তাত তেওঁ দুৰ্ঘটনাত পতিত গাড়ী সমূহ ৰং কৰিছিল। প্ৰথমতে তেওঁৰ পিতৃয়ে তেওঁ লেখক হবলৈ বিচৰাত সন্মতি জনোৱা নাছিল। পিছলৈ তেওঁ গুলজাৰ দীনভি নামেৰে সাহিত্য ৰচনা কৰিবলৈ ধৰিছিল। পিছলৈ তেওঁ কেৱল গুলজাৰ নাম ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে।[7][1][8][9]

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 Amar Chandel (4 January 2004). "The poet as the father". The Tribune. http://www.tribuneindia.com/2004/20040104/spectrum/book2.htm। আহৰণ কৰা হৈছে: 23 December 2011. 
  2. "Gulzar to get Dadasaheb Phalke award". Indiatoday.in (India Today Group). 12 April 2014. http://indiatoday.intoday.in/story/gulzar-to-get-dadasaheb-phalke-award/1/355422.html। আহৰণ কৰা হৈছে: 12 April 2014. 
  3. "Gulzar selected for Dadasaheb Phalke Award". The Indian Express. 13 April 2014. http://indianexpress.com/article/entertainment/bollywood/gulzar-selected-for-dadasaheb-phalke-award/। আহৰণ কৰা হৈছে: 14 April 2014. 
  4. "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: July 21, 2015. 
  5. "Lyricist-writer Gulzar appointed chancellor of Assam University". India Today. IAN (Mumbai). 30 April 2013. http://m.indiatoday.in/story/gulzar-appointed-chancellor-of-assam-university/1/268527.html। আহৰণ কৰা হৈছে: 16 April 2014. 
  6. Guftagoo - Interview with Gulzar. YouTube. India: Rajyasabha TV. 31 July 2012. 
  7. Meghna Gulzar (2004). Because he is. Rupa & Co.. 
  8. "A life in music". The Tribune. 15 March 2009. http://www.tribuneindia.com/2009/20090315/spectrum/main6.htm। আহৰণ কৰা হৈছে: 3 December 2011. 
  9. "The Anupam Kher show". 9 August 2015. https://www.youtube.com/watch?v=j5JXzf7sY0c। আহৰণ কৰা হৈছে: 5 October 2015. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]