সমললৈ যাওক

বি এন ৰেড্ডী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বি এন ৰেড্ডী

ৰেড্ডীৰ স্মৃতিত প্ৰকাশিক ডাকটিকট, ২০০৮
জন্ম বম্মিৰেড্ডী নৰসিংহ ৰেড্ডী
১৬ নৱেম্বৰ, ১৯০৮
কোথাপাল্লি, মাদ্ৰাছ প্ৰেছেডেঞ্চি, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ অন্ধ্ৰ প্ৰদেশ)
মৃত্যু ০৮ নৱেম্বৰ, ১৯৭৭ (৬৮ বছৰ)
তামিলনাডু, ভাৰত
পেচা
  • প্ৰযোজক
  • উপস্থাপক
  • গল্পলেখক
  • ব্যৱসায়ী
  • দানবীৰ
সক্ৰিয় হৈ থকা সময় ১৯৩৯-১৯৬৯
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মভূষণ
ডক্টৰ অফ লেটাৰছ্
দাদাচাহেব ফাল্কে বঁটা
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

বম্মিৰেড্ডী নৰসিংহ ৰেড্ডী (ইংৰাজী: Bommireddy Narasimha Reddy ; ১৬ নৱেম্বৰ ১৯০৮ – ৮ নৱেম্বৰ ১৯৭৭), এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ, যি পেছাগতভাৱে বি এন ৰেড্ডী নামেৰে পৰিচিত আছিল। তেওঁ তেলেগু চলচ্চিত্ৰৰ আৰম্ভণি পৰ্যায়ৰ ব্যক্তিত্ব আছিল।[1][2] তেওঁৰ পূৰ্বৰ বহু ছবি যেনে বন্দে মাতৰম (১৯৩৯), দেৱতা (১৯৪১)ত ভি নাগায়াই মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। এন টি ৰামা ৰাও আৰু ভানুমতী অভিনীত তেওঁৰ মল্লীশ্বৰী (১৯৫১) ছবিখনক এখন কালজয়ী ক্লাছিক ভাৰতীয় চলচ্চিত্ৰ বুলি গণ্য কৰা হয়। দক্ষিণ ভাৰতৰ পৰা দাদাচাহেব ফাল্কে বঁটা লাভ কৰা তেওঁ প্ৰথমজন ব্যক্তি।[3] তেওঁ আছিল প্ৰথম ভাৰতীয় চলচ্চিত্ৰ ব্যক্তিত্ব, যিয়ে ডাক্তৰ অৱ লেটাৰ্ছ সন্মান লাভ কৰিছিল।[4]

সংক্ষিপ্ত জীৱনী

[সম্পাদনা কৰক]

১৯০৮ চনৰ ১৬ নৱেম্বৰত বৰ্তমানৰ কদাপা জিলাৰ কোথাপল্লী গাঁৱৰ এটা কৃষক পৰিয়ালত বম্মিৰেড্ডী নৰসিংহ ৰেড্ডীৰ জন্ম হয়। পিতৃ আছিল নৰসিংহ ৰেড্ডী। তেওঁ চাৰিজন ভাতৃৰ ভিতৰত জ্যেষ্ঠ আছিল; আন সকল হ'ল- বি নাগি ৰেড্ডী, বি এন কণ্ডা ৰেড্ডী আৰু বি ৰামালিংগা ৰেড্ডী।

প্ৰদ্দাতুৰত তেওঁ স্কুলীয়া শিক্ষা আৰম্ভ হয়। পিছলৈ মাদ্ৰাজতো স্কুলীয়া শিক্ষা অব্যাহত থাকে। পচাইয়াপ্পা কলেজত নামভৰ্তি কৰিছিল যদিও স্নাতক ডিগ্ৰী নোলোৱাকৈয়ে ওলাই আহে। পিছলৈ তেওঁ অডিটিং আৰু একাউণ্টিং অধ্যয়ন কৰে আৰু এখন অডিটিং ফাৰ্মত শিক্ষা-নবিচী হিচাপে কাম কৰে।[5]

এইচ এম ৰেড্ডীয়ে প্ৰযোজনা কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত বি.এন. ৰেড্ডী আৰু বি নাগী ৰেডীয়ে তেওঁৰ সৈতে মিলি ৰোহিনী পিকচাৰ্ছ গঠন কৰে।[6]

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
ফিল্মফেয়াৰ বঁটা (দক্ষিণ)
নন্দী বঁটা[8]
  • শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ নন্দী বঁটা (স্বৰ্ণ) - ৰংগালু ৰত্নম (১৯৬৬)
  • তৃতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ নন্দী বঁটা (ব্ৰঞ্জ) - বংগাৰু পঞ্জাৰম (১৯৬৯)
  • শ্ৰেষ্ঠ গল্পলেখনৰ নন্দী বঁটা - পেল্লি কানি পেল্লি (১৯৭৬)
অসামৰিক বঁটা
অন্যান্য সন্মান
  • ডক্টৰ অফ লেটাৰছ্

তথ্যউৎস

[সম্পাদনা কৰক]
  1. Rangula Ratnam (1967) Awards | Award Winners Of Rangula Ratnam Telugu Movie. gomolo.com
  2. Friday Review Chennai / Tribute : Tale of a celluloid poet. The Hindu (28 November 2008). Retrieved on 2018-11-12.
  3. "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf আহৰণ কৰা হৈছে: 21 July 2015.
  4. "Tale of a celluloid poet" (en-IN ভাষাত). The Hindu. 28 November 2008. ISSN 0971-751X. https://www.thehindu.com/todays-paper/tp-features/tp-fridayreview/Tale-of-a-celluloid-poet/article15400927.ece.
  5. Narasimham, M. L. (2011-02-05). "Gruhalakshmi (1938)" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/features/cinema/Gruhalakshmi-1938/article15129063.ece.
  6. 1 2 "3rd National Film Awards" (PDF). Directorate of Film Festivals. http://dff.nic.in/2011/3rd_nff_1956.pdf আহৰণ কৰা হৈছে: 1 September 2011.
  7. "5th National Film Awards" (PDF). Directorate of Film Festivals. http://dff.nic.in/2011/5th_nff.pdf আহৰণ কৰা হৈছে: 2 September 2011.
  8. "నంది అవార్డు విజేతల పరంపర (1964–2008) [A series of Nandi Award Winners (1964–2008)]". Information & Public Relations of Andhra Pradesh. http://ipr.ap.nic.in/New_Links/Film.pdf আহৰণ কৰা হৈছে: 21 August 2020.(in Telugu)

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]