১৬ নৱেম্বৰ
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
১৬ নৱেম্বৰ (ইংৰাজী: 16 November) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩২০ তম (অধিবৰ্ষত ৩২১ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৪৫টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৰাজী[সম্পাদনা কৰক]
- ১৯৯৮ চনৰ আজিৰ দিনটোত নামেৰী অভয়াৰণ্যক " নামেৰী ৰাষ্ট্ৰীয় উদ্যান " হিচাপে ঘোষণা কৰা হয়।
- প্ৰসিদ্ধ বুৰঞ্জীবিদ আৰু সাহিত্যিক বেণুধৰ শৰ্মাৰ জন্ম হৈছিল ১৮৯৪ চনৰ আজিৰ দিনটোতে।
- আজি বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস। আজিৰ দিনটোতে কোকৰাঝাৰৰ বাসুগাঁৱত বড়ো সাহিত্য সভা গঠিত হয়।
- ১৯৪৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ সংবিধান ৰচনাৰ কাম সম্পূৰ্ণ হয়।
- ১৯৯২ চনৰ আজিৰ দিনটোতে সংগীতজ্ঞ বীৰেন্দ্ৰ কুমাৰ ফুকনৰ পৰলোক প্ৰাপ্তি হয়।
- ঝান্সীৰ ৰাণী লক্ষ্মীবাইৰ জন্ম হৈছিল ১৮৯৪ চনৰ আজিৰ দিনটোতে। তেওঁৰ প্ৰকৃত নাম মণিকাৰ্ণিকা।
- মুক্তিৰ লগেই লগেই জনপ্ৰিয় হোৱা ‘‘হোৱাই দিছ কোলাৱেৰী ডি’’ শীৰ্ষক গীতটো ২০১১ চনৰ আজিৰ দিনটোতেই এই গীতটো মুক্তি দিয়া হৈছিল। গীতটো ৰচনাৰ লগতে কণ্ঠদান কৰিছে ধনুষে।
- স্বনামধন্য ক্ৰিকেটাৰ শচীন ৰমেশ তেণ্ডুলকাৰ-এ তেওঁ ২০১৩-১৪ৰ ভাৰত ভ্ৰমণৰত ৱেষ্ট ইণ্ডিয়ান ক্ৰিকেট দলৰ বিৰুদ্ধে ২য় আৰু স্বকীয় ২০০ তম টেষ্ট ক্ৰিকেটখন খেলি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ক্ৰিকেট জীৱনৰ পৰা সম্পূৰ্ণৰূপে অৱসৰ গ্ৰহণ কৰে ২০১৩ বৰ্ষৰ আজিৰ দিনটোতে।
- ১৮৯৩ চনৰ আজিৰ দিনটোতে এনী বেছাণ্ট ভাৰতলৈ প্ৰথমবাৰ আহে।
- ১৯৯৮ চনৰ আজিৰ দিনটোত ঘটিছিল এক মহাজাগতিক পৰিঘটনা। ইয়াৰ ফলত বিভিন্ন ঠাইত উল্কাবৃষ্টি হয়।
- পাকিস্তানৰ সামৰিক শাসক পাৰভেজ মুছাৰফ ৰাষ্ট্ৰপতি পদলৈ পুনৰ নিৰ্বাচিত হয় ২০০২ চনৰ আজিৰ দিনটোতে।
- দক্ষিণ আফ্ৰিকাৰ লুৱাণ্ডাৰ বিমান বন্দৰৰ কাষত এখন ৰুছ বিমান বিধ্বস্ত হৈ ৪৫জন যাত্ৰীয়ে মৃত্যুক সাৱতি লৈছিল ২০০০ চনৰ আজিৰ দিনটোতে।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ১৬ নৱেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|