২ জুন (ইংৰাজী: 2 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫৩তম (অধিবৰ্ষত ১৫৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২১২টা দিন বাকী থাকে।
- ১৯৭৯ - পোপ দ্বিতীয় জন পল, মাতৃভূমি পোলেণ্ড ভ্ৰমণ আৰম্ভ কৰে; তেওঁ হৈছে কোনো কমিউনিষ্ট দেশ ভ্ৰমণকাৰী প্ৰথম পোপ।
- ১৯৯৯ - ভুটান ব্ৰডকাষ্টিং ছাৰ্ভিছ প্ৰথমবাৰৰ বাবে দেশত টেলিভিছন সম্প্ৰচাৰ আৰম্ভ কৰে।
- ২০০৩ - ইউৰোপে প্ৰথমবাৰৰ বাবে মংগল গ্ৰহলৈ যাত্ৰা আৰম্ভ কৰে। ইউৰোপীয় মহাকাশ সংস্থাৰ মংগল এক্সপ্ৰেছ প্ৰ’ব কাজাখস্তানৰ বৈকানুৰ মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হয়।
- ১৫৩৫ - পোপ একাদশ লিও (মৃত্যু: ১৬০৫)।
- ১৭৩১ - মাৰ্থা ৱাচিংটন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ফাৰ্ষ্ট লেডি (মৃ. ১৮০২)
- ১৮৬৫ - জৰ্জ লোহমেন, ইংৰাজ ক্ৰিকেটাৰ। (মৃ. ১৯০১)
- ১৯১৮ - ভৱানন্দ দত্ত, গৱেষক, প্ৰৱক্তা আৰু সাহিত্য সমালোচক। (মৃত্যু: ১৯৫৯)
- ১৯৪৬ - লাছে হালস্ত্ৰোম, ছুয়েডীয় চলচ্চিত্ৰ পৰিচালক।
- ১৯৬৫ - মাৰ্ক ৱাহ, অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ।
- ১৯৮৭ - এঞ্জেলো মেথিউছ, শ্ৰীলংকান আন্তৰ্জাতিক ক্ৰিকেটাৰ।
- ১৯৮৭ - সোণাক্ষী সিনহা, ভাৰতীয় বলিউড অভিনেত্ৰী।
- ১৯৭৫ - দেবেন্দ্ৰ মোহন বসু, ভাৰতীয় পদাৰ্থবিজ্ঞানী। (জ. ১৮৮৫)
- ১৯৭৭ - ষ্টিভেন বয়েড, উত্তৰ আয়াৰলেণ্ডৰ অভিনেতা। (জ. ১৯৩১)
- ১৯৮৮ - ৰাজ কাপুৰ, ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতা। (জ. ১৯২৪)
- ১৯৯০ - ৰেক্স হাৰিছন, ইংৰাজ অভিনেতা। (জ. ১৯০৮)
- ২০১৫ - বিজয়া ৰায়, সত্যজিৎ ৰায়ৰ স্ত্ৰী। (জ. ১৯১৭)
- আন্তঃৰাষ্ট্ৰীয় যৌন-কৰ্মী দিৱস
- তেলঙ্গানা দিৱস