১৭ জুন (ইংৰাজী : 17 June ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ১৬৮তম (অধিবৰ্ষ ত ১৬৯তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯৭টা দিন বাকী থাকে। বুৰঞ্জী ৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
১১২৮ - কাউণ্ট পঞ্চম জিঅ’ফ্ৰেৰ ইংলেণ্ডৰ ৰজা প্ৰথম হেনৰীৰ কন্যা মাটিলডাল সৈতে বিবাহ।
১৯৬৭ - চীন চৰকাৰৰ দ্বাৰা প্ৰথমটো হাইড্ৰ’জেন বোমাৰ বিস্ফোৰণ কৰা হৈছিল।
১৯৯১ - ভাৰতৰ প্ৰথম উপ-প্ৰধান মন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেল আৰু ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধী লৈ মৰণোত্তৰ ভাৱে ভাৰতৰত্ন প্ৰদানৰ সিদ্ধান্ত ঘোষোণা কৰা হয়।
১৯০৩ - ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা , অসমৰ প্ৰথম বোলছবি নিৰ্মাতা।
১৯৭৩ - লিয়েণ্ডাৰ পেজ , ভাৰতীয় টেনিচ খেলুৱৈ।
১৯৮০ - ভেনাছ উইলিয়ামছ, আমেৰিকান মহিলা টেনিচ খেলুৱৈ।
১৯৮১ - শ্বেন ৱাটচন, অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ।
১৮৬২ - ভাৰতৰ প্ৰাক্তন গৱৰ্ণৰ জেনেৰেল লৰ্ড কেনিঙৰ ইংলেণ্ডত মৃত্যু হয়।
১৯২৮ - ওড়িশাৰ বিশিষ্ট জাতীয়তাবাদী নেতা গোপবন্ধু দাসৰ মৃত্যু হৈছিল।
আইচলেণ্ড ৰ ৰাষ্ট্ৰীয় দিৱস।
আজি আন্তঃৰাষ্ট্ৰীয় নিৰ্বনানীকৰণ আৰু খৰাঙ প্ৰতিৰোধী দিৱস