১৫ আগষ্ট
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই প্ৰবন্ধটো ইংৰাজী বৰ্ষপঞ্জীৰ তাৰিখটোৰ বিষয়ে। ভাৰতৰ স্বাধীনতা দিৱসৰ বাবে স্বাধীনতা দিৱস (ভাৰত) চাওক।
আগষ্ট | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ৩১ | |||
২০২২ |
১৫ আগষ্ট (ইংৰাজী: 15 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২৭তম (অধিবৰ্ষত ২২৮তম) দিন। বছৰ শেষ হ'বলৈ ১৩৮ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা:
ঘটনাৱলী[সম্পাদনা কৰক]
- ১২৬১ - বাইজাণ্টিসকলৰ হাতত কনষ্টাণ্টিনোপলৰ পতন হয় আৰু অষ্টম মাইকেল বাইজাণ্টিয়াম সাম্ৰাজ্যৰ নতুন সম্ৰাট হয়।
- ১৯১৪ - পানামা খালৰ নিৰ্মাণ সম্পূৰ্ণ হয় আৰু খালটোৱেদি প্ৰথমখন জাহাজ পাৰ হয়।
- ১৯৪৭ - লৰ্ড মাউণ্ট বেটেনে ভাৰতৰ স্বাধীনতাৰ কথা ঘোষণা কৰে।
- ১৯৫০ - অসমত হোৱা প্ৰবল ভূমিকম্পৰ ফলত ১৩৫০ জন লোক মৃত্যুমুখত পৰে আৰু বিস্তৰ ক্ষতি হয়।
- ১৯৬৫ - ভাৰতীয় খাদ্য নিগম প্ৰতিষ্ঠা কৰা হয়।
- ১৯৭২ - ভাৰতত ডাক সূচাংক সংখ্যা প্ৰৱৰ্তন কৰা হয়।
- ১৯৭৫ - বাংলাদেশৰ সেনা বিষয়াৰ এটা দলে ৰাষ্ট্ৰপতি শ্বেখ মজিবুৰ ৰহমানক পত্নীসহ হত্যা কৰে।
- ১৯৮২ - ভাৰতত দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ সম্প্ৰচাৰ আৰম্ভ হয়।
- ১৯৮৫ - সদৌ অসম ছাত্ৰ সন্থা আৰু প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ মাজত ঐতিহাসিক অসম চুক্তি সম্পাদন কৰা হয়।
- ১৯৮৬ - অসমীয়া দৈনিক বাতৰিকাকত আজিৰ অসম প্ৰকাশ আৰম্ভ হয়। প্ৰতিষ্ঠাপক সম্পাদক ৰাধিকামোহন ভাগৱতী।
- ১৯৯৬ - আন্দামানৰ ৰোজ আইলেণ্ডক ৰাণী লক্ষ্মীবাই নামেৰে নামকৰণ কৰা হয়।
- ২০০৪ - ধেমাজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ মাজতে হোৱা বোমা বিস্ফোৰণত দহটি শিশুকে ধৰি ১৩ জনৰ মৃত্যু হয় আৰু অৰ্ধ শতাধিক লোক আহত হয়।
জন্ম[সম্পাদনা কৰক]
- ১৭৬৯ - সম্ৰাট নেপোলিয়ন বোনাপাৰ্টৰ জন্ম হয়।
- ১৮৭২ - শ্ৰী অৰবিন্দ, ভাৰতীয় দাৰ্শনিক, কবি আৰু সাংবাদিক।
- ১৯৩৮ - প্ৰাণ কুমাৰ শৰ্মা, ভাৰতৰ এগৰাকী জনপ্ৰিয় কাৰ্টুনিষ্ট। তেওঁক প্ৰধানকৈ জনপ্ৰিয় 'চাচা চৌধুৰী' নামৰ কমিকছ চৰিত্ৰৰ সৃষ্টিৰ বাবে জনা যায়। ২০১৪ চনৰ ৬ আগষ্টত ৭৫ বছৰ বয়সত নতুন দিল্লীত তেওঁৰ মৃত্যু হয়।
- ১৯৪৭ - ৰাখী গুলজাৰ, পদ্মশ্ৰী, হিন্দী আৰু বাংলা কথাছবিৰ অভিনেত্ৰী।
- ১৯৭১ - আদনান্ চামী, বলীউডৰ গায়ক।
মৃত্য়ু[সম্পাদনা কৰক]
- ১০৫৭ - মেকবেথ, স্কটলেণ্ডৰ ৰজা আছিল। সেক্সপিয়েৰৰ নাটক মেকবেথৰ মূল চৰিত্ৰটো তেখেতৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছিল।
- ১৮৫২ - জ'হান গেড'লিন, ফিনলেণ্ডৰ ৰসায়ন বিজ্ঞানী।
- ১৯৭৫ - শ্বেখ মজিবুৰ ৰহমান, বাংলাদেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি।
অনান্য[সম্পাদনা কৰক]
দিৱস[সম্পাদনা কৰক]
- ভাৰতৰ স্বাধীনতা দিৱস।
- ৰিপাব্লিক অৱ কংগোৰ স্বাধীনতা দিৱস।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ১৫ আগষ্ট সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|