ৰাখী গুলজাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
ৰাখী গুলজাৰ

ৰাখী গুলজাৰ, ২০১২
জন্ম ৰাখী মজুমদাৰ
১৫ আগষ্ট, ১৯৪৭ (৭৪ বছৰ)
ৰাণাঘাট, পশ্চিমবঙ্গ, ভাৰত
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৬৭-২০১৯
দাম্পত্যসঙ্গী অজয় বিশ্বাস (বি. ১৯৬৩; বিবি. ১৯৬৫)
গুলজাৰ (বি. ১৯৭৩)
সন্তান মেঘনা গুলজাৰ
বঁটা, সন্মান, পুৰস্কাৰ আদি * শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা

Rakhee Gulzar (ইংৰাজী: Rakhee Gulzar ; জন্ম ৰাখী মজুমদাৰ ১৫ আগষ্ট ১৯৪৭; অধিক জনাজাত নাম ৰাখী) এগৰাকী ভাৰতীয় অভিনেত্ৰী।[1] তেওঁ বহুতো হিন্দী আৰু বঙালী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ তিনিটা ফিল্মফেয়াৰ বঁটা আৰু এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। ফিল্মফেয়াৰ বঁটাৰ বাবে তেওঁ ৮বাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ আৰু ৮বাৰ সহযোগী অভিনেত্ৰীৰ বাবে মনোনয়ন পাইছিল। মনোনয়নৰ ক্ষেত্ৰ তেওঁ মাধুৰী দিক্ষিত আৰু ৰাণী মুখাৰ্জীৰ পিছতে দ্বিতীয় স্থানত আছে। ১৯৬৭ চনত গীতা দত্তই মূল চৰিত্ৰত অভিনয় কৰা বঙালী ছবি বধু বৰণ-এৰে তেওঁ চলচ্চিত্ৰ জগতত ভৰি দিছিল। তেওঁৰ প্ৰথম হিন্দী ছবি জীৱন মৃত্যু (১৯৭০)।[2]

২০০৯ চনত চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা বৰঙণিৰ বাবে তেওঁক ভাৰত চৰকাৰৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰীৰে সন্মানিত কৰা হৈছিল।[3]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

অপৰাজেয় (১৯৭০), এজনী বঙালী ভগনীয়া ছোৱালীৰ ভূমিকাত ৰাখী

ভাৰতে স্বাধীনতা লাভ কৰাৰ দিনাই পশ্চিমবঙ্গৰ নদীয়া জিলাৰ ৰাণাঘাটত এটা বঙালী পৰিয়ালত, ১৯৪৭ চনৰ ১৫ আগষ্টত তেওঁৰ জন্ম হৈছিল। স্থানীয় ছোৱালী স্কুলত তেওঁ পঢ়া-শুনা কৰিছিল। ভাৰত বিভাজনৰ পূৰ্বে দেউতাকে পূৰ্ব বঙ্গৰ (বৰ্তমান বাংলাদেশত) পৈতৃক গাঁৱত জোতাৰ ব্যৱসায় কৰিছিল। পিছলৈ তেওঁলোকৰ পৰিয়ালটো পশ্চিমবঙ্গলৈ স্থানান্তৰিত হয়।[4]

কিশোৰী অৱস্থাতে তেওঁৰ অজয় বিশ্বাস নামৰ লোক এজনৰ সৈতে বিয়া হৈছিল যদিও কম সময়ৰ ভিতৰত এই বিয়া ভাঙি যায়। দ্বিতীয় বাৰ ৰাখীৰ চলচ্চিত্ৰ পৰিচালক, কবি, গীতিকাৰ গুলজাৰৰ সৈতে বিয়াত বহে। তেওঁলোকৰ এজনী ছোৱালী মেঘনা গুলজাৰ। ছোৱালীৰ এবছৰ বয়সতে দুয়ো পৃথকে থকাৰ সিদ্ধান্ত লয়।[5] আমেৰিকাত উচ্চশিক্ষা গ্ৰহণ কৰা মেঘনা এগৰাকী চলচ্চিত্ৰ পৰিচালক। তেওঁ পৰিচালনা কৰা ছবিৰ ভিতৰত আছে- ফিলহাল, জাষ্ট মেৰীড আৰু দচ কাহানিয়া[6][7]

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৬৭ চন বিশ বছৰ বয়সত ৰাখীৰ বঙালী ছবি বধু বৰণৰে অভিনয় জীৱনৰ অভিষেক হয়। প্ৰথম নায়িকাৰ ভূমিকাত ধৰ্মেন্দ্ৰৰ বিপৰীতে ৰাজশ্ৰী প্ৰডাকচনছৰ জীৱন মৃত্যুত (১৯৭০) অভিনয় কৰে। ১৯৭১ চনত তেওঁৰ শৰ্মিলী, লাল পত্থৰ আৰু পৰশ ছবি মুক্তি পায়। শৰ্মিলীত তেওঁ শশী কাপুৰৰ বিপৰীতে দ্বৈত ভূমিকাত অভিনয় কৰিছিল। এই তিনিওখন ছবিয়ে হিট হয় আৰু ৰাখীক বলীউডৰ এগৰাকী শীৰ্ষস্থানীয় অভিনেত্ৰী ৰূপে প্ৰতিষ্ঠা কৰে। ১৯৭২ চনত চুপাৰষ্টাৰ ৰাজেশ খান্নাৰ সৈতে চাহজাদা আৰু তুলনামূলকভাবে নবাগত ৰাকেশ ৰোচনৰ সৈতে আখো আখো মেঁ মুক্তি পায়। ছবি দুখনে অৱশ্যে বক্সঅফিচত ভাল ফলাফল দেখুৱাব নোৱাৰিলে। হীৰা পান্না (১৯৭৩) আৰু দাগত (১৯৭৩) সৰু চৰিত্ৰ আছিল যদিও তেওঁৰ বহুমাত্ৰিক অভিনয় দক্ষতা পৰিস্ফুট হৈ উঠিছিল। নায়িকাৰ আধিপত্য থকা ৰাজশ্ৰী প্ৰডাকচনছৰ তপস্যাৰ (১৯৭৬) অভূতপূৰ্ব সফলতাই তেওঁক বক্সঅফিচৰ এটা লেখত লবলগীয়া নামলৈ পৰিবৰ্তন কৰিছিল, যিখন ছবিত তেওঁ এজনী আত্মত্যাগ কৰা এজনী ভনীয়েকৰ চৰিত্ৰত অভিনয় কৰিছে। তেওঁৰ আন দুখন শ্ৰেষ্ঠ ছবি ব্লেকমেইল (১৯৭৩) আৰু আঁচল (১৯৭৬)।[2]

তেওঁ দেৱানন্দৰ সৈতে হীৰা পান্না, বেনাৰচী বাবু (১৯৭৩),জোশিলা (১৯৭৩) আৰু লুটমাৰ (১৯৮০) কৰিছে। শশী কাপুৰৰ সৈতে কৰা ছবিৰ সংখ্যা দহখন- শৰ্মিলী, জানৱৰ ঔৰ ইনচান (১৯৭২),কভি কভি (১৯৭৬),দুচৰা আদমী (১৯৭৭),তৃষ্ণা (১৯৭৮),বচেৰা (১৯৮১),বন্ধন কচ্চে ধাগো কা, জমীন আসমান আৰু পিঘলতা আসমান[2]

তেওঁ ১৯৭০ চনৰ ৬ মে’ত মুক্তি পোৱা সমান্তৰাল ধাৰাৰ প্ৰভাৱপুষ্ট অসমীয়া ছবি অপৰাজেয়ৰ মূল নাৰী চৰিত্ৰটোত অভিনয় কৰিছিল। এইখনে তেওঁ অভিনয় কৰা একমাত্ৰ অসমীয়া ছবি।[8]

তথ্য উৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]