সমললৈ যাওক

নলিনী জয়ৱন্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নলিনী জয়ৱন্ত

১৯৫৮ চনৰ চলচ্চিত্ৰ মিলনত জয়ৱন্ত
জন্ম ১৮ ফেব্ৰুৱাৰী, ১৯২৬
বোম্বে, বোম্বে প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত
মৃত্যু ২২ ডিচেম্বৰ, ২০১০ (৮৪ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৪১-১৯৬৫; ১৯৮৩
দাম্পত্যসঙ্গী বীৰেন্দ্ৰ দেশাই (বি. ১৯৪৫; বিবি. ১৯৪৮)
প্ৰভু দয়াল (বি. ১৯৬০; মৃ. ২০০১)[1]

নলিনী জয়ৱন্ত (ইংৰাজী: Nalini Jaywant; জন্ম ১৮ ফেব্ৰুৱাৰী ১৯২৬) ১৯৪০ আৰু ১৯৫০ৰ দশকত হিন্দী চলচ্চিত্ৰৰ সৈতে জড়িত এগৰাকী ভাৰতীয় অভিনেত্ৰী। ‘কালাপানী’ ছবিৰ বাবে ১৯৫৯ চনত তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল।[2]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

নলিনী জয়ৱন্তৰ জন্ম ১৯২৬ চনত বোম্বেত হৈছিল। তেওঁ নূতন আৰু তনুজাৰ মাতৃ অভিনেত্ৰী শোভনা সমৰ্থৰ সম্পৰ্কীয় ভগ্নী আছিল।[3] ১৯৮৩ চনৰ পৰা তেওঁ বৈৰাগ্য জীৱন কটাই আহিছিল।[4] ১৯৪০ চনত তেওঁ পৰিচালক বীৰেন্দ্ৰ দেশাইক বিয়া কৰাইছিল। দ্বিতীয় বাৰ তেওঁ একেলগে বহু কেইখন ছবিত অভিনয় কৰা প্ৰভু দয়ালক বিয়া কৰায়।[5]

কৰ্মজীৱন

[সম্পাদনা কৰক]

কিশোৰী অৱস্থাতে তেওঁ মেহবুব খানৰ এজন ভায়েকৰ ভনীয়েকৰ প্ৰতি থকা আকৰ্ষণৰ কাহিনীৰে নিৰ্মিত ‘বেহেন’ত (১৯৪১) অভিনয় কৰে। আৰু কিছু ছবিত কাম কৰাৰ পিছত ১৯৪৮ চনত ‘অনোখা প্যাৰ’ত অভিনয় কৰে। শীৰ্ষস্থানীয় তাৰকা অশোক কুমাৰৰ বিপৰীতে ১৯৫০ চনত মুক্তি পোৱা ‘সমাধি’ আৰু ‘সংগ্ৰাম’ত অভিনয় কৰি তেওঁ যথেষ্ট খ্যাতি অৰ্জন কৰে। সমাধি সুভাষ চন্দ্ৰ বসু আৰু আজাদ হিন্দ ফৌজৰ সৈতে সম্পৰ্ক থকা এটা দেশপ্ৰেমমূলক ছবি। সেই সময়ৰ শীৰ্ষস্থানীয় চলচ্চিত্ৰ পত্ৰিকা ‘ফিল্ম ইণ্ডিয়া’ই ৰাজনৈতিকভাবে অপ্ৰচলিত আখ্যা দিছিল যদিও ছবিখনে বক্স-অফিচত সফলতা পাইছিল। তেওঁ শাম্মী কাপুৰৰ সৈতেও ৰোমাণ্টিক ছবি ‘মেহবুবা’ (১৯৫৪) আৰু কমেডী ছবি ‘হম সব চোৰ হ্যায়’ত (১৯৫৬) অভিনয় কৰিছিল। ‘সংগ্ৰাম’ এখন অপৰাধমূলক ছবি, য’ত নলিনীয়ে প্ৰতি-নায়িকাৰ পৰা সংশোধিত হৈ নায়িকালৈ ৰূপান্তৰিত হয়। অশোক কুমাৰৰ সৈতে তেওঁ আৰু কিছু ছবিত কাম কৰে। যেনে- ‘জলপৰী’ (১৯৫২), ‘কাফিলা’ (১৯৫২), ‘ নৌবহৰ’ (১৯৫২), ‘সালোনী’ (১৯৫২), ‘লকিড়ে’ (১৯৫৪), ‘নাজ’ (১৯৫৪), ‘মিষ্টাৰ এক্স’ (১৯৫৭), ‘শেৰু’ (১৯৫৭) আৰু ‘তুফান মে প্যাৰ কহা’ (১৯৬৩)।[2]

নলিনীয়ে ১৯৫০ৰ দশকৰ মধ্যভাগৰ ‘ৰাহী’ (১৯৫৩), ‘শিকষ্ট’ (১৯৫৩), ‘ৰেলৱে প্লেটফৰ্ম’ (১৯৫৫), ‘নাস্তিক’ (১৯৫৪), ‘মুনীমজী’ (১৯৫৫), ‘হম সব চোৰ হ্যায়’ (১৯৫৬) আদি ছবিত গুৰুত্বপূৰ্ণ নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছে। ১৯৫৮ চনৰ ‘কালাপানী’ নলিনীৰ জীৱনৰ শেষ সফল ছবি, যিখন ছবিৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। অৱসৰ গ্ৰহণৰ সময়ত অভিনয় কৰা ‘বোম্বে ৰেচ কোৰ্চ’ (১৯৬৫) তেওঁৰ শেষ ছবি। ১৮ বছৰ পিছত ‘নাস্তিক’ত (১৯৮৩) চৰিত্ৰাভিনেত্ৰীৰ ভূমিকাত দেখা গৈছিল; যি তেওঁ চলচ্চিত্ৰ জীৱনৰ অন্তিম অভিনয়।[2]

নলিনী জয়ৱন্তৰ ২২ ডিচেম্বৰ ২০১০ৰ দিনা ৮৪ বছৰ বয়সত, মুম্বাইৰ চেম্বুৰৰ ইউনিয়ন পাৰ্কত থকা তেওঁৰ বাসভৱনত সম্পূৰ্ণ অকলশৰীয়া অৱস্থাত মৃত্যু হয়। তেওঁৰ মৃত্যুৰ বিষয়ে ওচৰ-চুবুৰীয়া কোনো জ্ঞাত নাছিল। তিনিদিন পিছত এম্বুলেঞ্চে তেওঁৰ মৃতদেহ কঢ়িয়াই নিয়াৰ পিছত সকলোৱে এই বিষয়ে জানিব পাৰে। প্ৰতিবেশীসকলে জনাইছিল যে জয়ৱন্তই নিজকে সমাজৰ পৰা আঁতৰাই ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখিছিল আৰু স্বামীৰ মৃ্ত্যুৰ পিছত কোনো মানুহক লগ কৰা নাছিল বা আত্মীয়সকলৰ সৈতেও সম্পৰ্ক ৰখা নাছিল।[6]

তথ্য উৎস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]