সমললৈ যাওক

সুভাষ চন্দ্ৰ বসু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুভাষ চন্দ্ৰ বসু

সুভাষ চন্দ্ৰ বসু
জন্ম ২৩ জানুৱাৰী, ১৮৯৭
কটক, উৰিষ্যা ডিভিজন, বেংগল প্ৰৱিন্স, ব্ৰিটিছ শাসিত ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান কলিকতা বিশ্ববিদ্যালয়
কেম্ব্ৰিজ বিশ্ববিদ্যালয়
জনা যায় ভাৰতীয় স্বাধীনতা সংগ্ৰামী
পদবী ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি (১৯৩৮)
Head of State, Prime Minister, Minister of War and Foreign Affairs of Provisional Government of Free India based in the Japanese-occupied Andaman and Nicobar Islands (১৯৪৩–১৯৪৫)
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ ১৯২১-১৯৪০,
ফৰৱাৰ্ড ব্লক (ভাৰতীয় জাতীয় কংগ্ৰেছৰ অন্তৰ্গত), ১৯৩৯-১৯৪০
ধৰ্ম হিন্দু
দাম্পত্যসঙ্গী Emilie Schenkl
(১৯৩৭ চনত গোপন বিবাহ, বসুৰদ্বাৰা ৰাজহুৱাকৈ অঘোষিত)[1])[2]
সন্তান Anita Bose Pfaff
স্বাক্ষৰ
সুভাষ চন্দ্ৰ বসুৰ স্বাক্ষৰ

সুভাষ চন্দ্ৰ বসু (ইংৰাজী: Subhas Chandra Bose; ২৩ জানুৱাৰী ১৮৯৭-১৮ আগষ্ট ১৯৪৫) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন অগ্ৰণী নেতা আছিল। তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নাজী জাৰ্মানী আৰু জাপানৰ সহযোগত ভাৰতক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰিবলৈ প্ৰয়াস কৰিছিল। [3][4][5] ১৯৪২ চনত জাৰ্মানীত Indische Legionৰ ভাৰতীয় সৈন্যসকল আৰু বাৰ্লিনস্থিত Special Bureau for Indiaৰ জাৰ্মান আৰু ভাৰতীয় বিষয়াসকলে তেওঁক প্ৰথমে "নেতাজী" সম্বোধনেৰে মাতিছিল আৰু বৰ্তমান সমগ্ৰ ভাৰতে তেওঁক এই সন্মানেৰে জানে। [6]

১৯২০-১৯৩০ চনৰ সময়ছোৱাত বসু ভাৰতীয় জাতীয় কংগ্ৰেছৰ যুৱ শাখাৰ নেতা আছিল আৰু পিছলৈ ১৯৩৮ আৰু ১৯৩৯ চনত দুবাৰকৈ কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। [7] অৱশ্যে মহাত্মা গান্ধী আৰু কংগ্ৰেছৰ আন শীৰ্ষ নেতৃত্বৰ সৈতে মতৰ অমিল হোৱাত তেওঁক ১৯৩৯ চনত কংগ্ৰেছ নেতৃত্বৰপৰা অব্যাহতি দিয়া হয়। [8] ১৯৪০ চনত তেওঁ ভাৰত এৰাৰ আগলৈকে ব্ৰিটিছৰ হাতত ঘৰবন্দী হৈ থাকিব লগা হৈছিল। [9]

১৯৪১ চনৰ এপ্ৰিলত বসু জাৰ্মানীত উপস্থিত হয়। জাৰ্মান নেতৃত্বই অপ্ৰত্যাশিতভাৱে ভাৰতৰ স্বাধীনতাৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰে। [10][11] ১৯৪১ চনৰ নৱেম্বৰ মাহত জাৰ্মান পূঁজিৰে বাৰ্লিনত Free India Centre স্থাপন কৰা হয় আৰু তাৰ কিছুদিন পাছতে Free India Radio আৰম্ভ কৰা হয় আৰু ৰাতি এই ৰেডিঅ'ৰ সম্প্ৰচাৰ বসুৱে কৰে। Erwin Rommelৰ আফ্ৰিকা কৰ্প্‌ছে কৰায়ত্ত কৰা ভাৰতীয়সকলক লৈ Free India Legion নামেৰে প্ৰায় ৩০০০ জনীয়া এক বাহিনী গঠন কৰা হয়। এই বাহিনীৰ উদ্দেশ্য আছিল ভৱিষ্যতে জাৰ্মানীৰ সম্ভাব্য স্থলপথেৰে ভাৰত আক্ৰমণত সহায় কৰা। [12] এই সময়তে তেওঁৰ পত্নী[1][2] Emilie Schenklয়ে এটি কন্যা সন্তানৰ জন্ম দিয়ে। [1][10] ১৯৪২ চনত দক্ষিণ এছিয়াত জাপানৰ জয়লাভ আৰু জাৰ্মানীয়ে বেলেগ কামক অগ্ৰাধিকাৰ দিয়াত, জাৰ্মানীৰ ভাৰত আক্ৰমণৰ সম্ভাৱনীয়তা কমি যায় আৰু বসু দক্ষিণ এছিয়ালৈ আহিবলৈ ব্যগ্ৰ হৈ পৰে। [13] ১৯৪২ চনৰ মে' মাহত তেওঁ প্ৰথম আৰু একমাত্ৰবাৰ এডল্ফ হিটলাৰক লগ পায়। হিটলাৰেও তেওঁক দক্ষিণ এছিয়ালৈ যাবলৈ পৰামৰ্শ দিয়ে আৰু তেওঁক ছাবমেৰিনৰ যোগান ধৰাৰ কথা দিয়ে। [14] ১৯৪৩ চনৰ ফেব্ৰুৱাৰীত বসুৱে এখন জাৰ্মান ছাবমেৰিনত যাত্ৰা আৰম্ভ কৰে[15][16] আৰু মাদাগাস্কাৰত তেওঁক এখন জাপানী ছাবমেৰিনলৈ বদলি কৰা হয়। ১৯৪৩ চনৰ মে' মাহত তেওঁ জাপান অধিকৃত সুমাত্ৰাত পদাৰ্পণ কৰে। [15]

জাপানৰ সহযোগত বসুৱে ইণ্ডিয়ান নেচনেল আৰ্মীক (INA) পুনৰুজ্জীৱিত কৰে আৰু ছিংগাপুৰৰ যুদ্ধত বন্দী হোৱা ব্ৰিটিছ-ভাৰতীয় সেনাবাহিনীৰ ভাৰতীয় সৈন্যসকলক একত্ৰিত কৰে। [17] জাপানীসকলে তেওঁলোকৰ অধিকৃত বাৰ্মা, ফিলিপাইন, Manchukuo আদিত পুতলা চৰকাৰ বা তেওঁলোকৰ অনুগ্ৰহাধীন প্ৰভিজনেল চৰকাৰ চলোৱাত সহায় কৰিছিল। জাপান আধীকৃত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত মুক্ত ভাৰতৰ প্ৰভিজনেল চৰকাৰ গঠন হয় আৰু ইয়াৰ নেতৃত্ব দিয়ে বসুৱে। [17][18] আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী বসুৱে জনপ্ৰিয় ভাৰতীয় শ্লোগান "জয় হিন্দ"ৰ প্ৰথম প্ৰচাৰ কৰে। বসুৰ নেতৃত্বৰ ইণ্ডিয়ান নেচনেল আৰ্মী আছিল ভৌগোলিক বৈচিত্ৰ, ধৰ্মীয় বৈচিত্ৰ্যআৰু লিংগ বৈচিত্ৰৰ এক উদাহৰণ। কিন্তু তেওঁ আছিল সামৰিকভাৱে অদক্ষ[19] আৰু তেওঁৰ সামৰিক কৰ্মৰাজী ক্ষন্তেকীয়াহে আছিল। ১৯৪৪ৰ শেষৰফালে আৰু ১৯৪৫ৰ প্ৰথমভাগত ব্ৰিটিছ-ভাৰতীয় সেনাবাহিনীয়ে প্ৰথমবাৰৰ বাবে জাপানী সৈন্যৰ আগ্ৰাসনক বাধা দিয়ে আৰু জাপানী সৈন্যৰ ভাৰত আক্ৰমণক বিফল কৰে। আধা জাপানী সৈন্যৰ লগতে এই যুদ্ধত ভাগ লোৱা INAৰ আধা সৈন্য এই যুদ্ধত নিহত হয়। [20] INA মলয় উপদ্বীপৰ ফালে পলাই যাবলৈ আৰু পাছত ছিংগাপুৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয়। বসুৱে নিজৰ সৈন্য বা জাপানী সৈন্যৰ সৈতে আত্মসমৰ্পণ কৰাৰ পৰিৱৰ্তে মাঞ্চুৰিয়ালৈ পলাই যাবলৈ বিচাৰে যাতে লাহে লাহে ব্ৰিটিছবিৰোধী হৈ অহা ছোভিয়েট ইউনিয়নৰ লগত ভৱিষ্যতে লগ লাগিব পাৰে। কিন্তু তেওঁৰ উৰাজাহাজ টাইৱানত দুৰ্ঘটনাত পতিত হোৱাত তেওঁ মৃত্যুমুখত পৰে। [21] কিছুসংখ্যক ভাৰতীয়ই এই দুৰ্ঘটনাৰ কথা বিশ্বাস কৰা নাছিল[22] আৰু বহুলোকে, বিশেষকৈ বংগৰ বহু লোকে বিশ্বাস কৰিছিল যে বসু পুনৰ আহি ভাৰতক স্বাধীনতা প্ৰদান কৰিব। [23][24]

ভাৰতীয় জাতীয় কংগ্ৰেছে বসুৰ দেশভক্তিৰ প্ৰশংসা কৰিছিল কিন্তু বসুৰ মতাদৰ্শ আৰু কৰ্মপদ্ধতিৰপৰা, বিশেষকৈ fascismৰ সৈতে তেওঁৰ সহযোগিতাসমূহৰপৰা নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখিছিল। [25] ব্ৰিটিছ প্ৰশাসনে ৩০০ জন INA বিষয়াক INA trialত দেশদ্ৰোহৰ অভিযোগত অভিযুক্ত কৰে কিন্তু শেষত উঠাই লয়। [26][27][28][25][5]

প্ৰাৰম্ভিক জীৱন: ১৮৯৭-১৯২১

[সম্পাদনা কৰক]
সুভাষ বসু (একেবাৰে সোঁফালে, থিয় হৈ), নিজৰ পৰিয়ালৰ সৈতে কটকত, ১৯০৫
সুভাষ বসু (একেবাৰে সোঁফালে, থিয় হৈ), নিজৰ পৰিয়ালৰ সৈতে কটকত, ১৯০৫  
দেউতাক জানকীনাথ বসু, কটকৰ উকীল
দেউতাক জানকীনাথ বসু, কটকৰ উকীল  
সুভাষ বসু বন্ধুৰ সৈতে ইংলেণ্ডত, ১৯২০
সুভাষ বসু বন্ধুৰ সৈতে ইংলেণ্ডত, ১৯২০  
ইংলেণ্ডত ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতিৰ সময়ত, ১৯২০। বসুৱে এই পৰীক্ষাত সুখ্যাতিৰে চতুৰ্থ স্থান লাভ কৰি উত্তীৰ্ণ হয়।
ইংলেণ্ডত ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতিৰ সময়ত, ১৯২০। বসুৱে এই পৰীক্ষাত সুখ্যাতিৰে চতুৰ্থ স্থান লাভ কৰি উত্তীৰ্ণ হয়।  

সুভাষ চন্দ্ৰ বসুৰ জন্ম হয় ১৮৯৭ চনৰ ২৩ জানুৱাৰী তাৰিখে (১২.১০ pm) বংগ প্ৰদেশৰ (Bengal province) উৰিষ্যা ডিভিজনৰ কটকত। দেউতাক জানকীনাথ বসু এজন উকীল আৰু মাক প্ৰভাৱতী দেৱী।[29] মাক-দেউতাকৰ ১৪ টি সন্তানৰ ভিতৰত সুভাষ নৱম সন্তান। ১৯০২ চনৰ জানুৱাৰী মাহত তেওঁ প্ৰটেষ্টাণ্ট ইউৰোপিয়ান স্কুলত নাম লগায়। বেপ্টিষ্ট মিছনে চলোৱা এই স্কুলত তেওঁ ১৯০৯ চনলৈকে পঢ়ি ৰেৱেনশ্ব' কলেজিয়েট স্কুলত পঢ়িবলৈ যায়। ৰেৱেনশ্ব'ৰ তেতিয়াৰ প্ৰধান শিক্ষক বেণী মাধৱ দাসে প্ৰথম দিনাই বসুৰ প্ৰতিভাৰ উমান পায়। ১৯১৩ চনত প্ৰৱেশিকা পৰীক্ষাত দ্বিতীয় স্থান অধিকাৰ কৰি উত্তীৰ্ণ হৈ তেওঁ প্ৰেচিডেন্সি কলেজত কিছুদিন অধ্যয়ন কৰে।[30] অধ্যাপক অ'টেনৰ (Oaten) ভাৰতবিৰোধী মন্তব্যৰ বিৰোধিতা কৰি তেওঁ প্ৰেচিডেন্সি কলেজৰপৰা নিৰ্বাসিত হয় আৰু ইয়াতেই প্ৰথম তেওঁৰ জাতীয়বাদী চেতনাৰ উমান পোৱা যায়। তাৰ পাছত তেওঁ কলিকতা বিশ্ববিদ্যালয়স্কটিছ চাৰ্চ কলেজৰপৰা ১৯১৮ চনত দৰ্শনৰ স্নাতক ডিগ্ৰী লাভ কৰে।[31] ১৯১৯ চনত বসুৱে ইংলেণ্ডলৈ যাত্ৰা কৰে। তাত তেওঁ কেম্ব্ৰিজৰ ফিট্‌জ্‌উইলিয়াম কলেজত অধ্যয়ন কৰে আৰু ১৯১৯ চনৰ ১৯ নৱেম্বৰত তাৰপৰা উত্তীৰ্ণ হয়। ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হৈ তেওঁ চতুৰ্থ স্থান দখল কৰে। কিন্তু তেওঁ ব্ৰিটিছৰ অধীনত চাকৰি কৰিবলৈ অমান্তি হৈ ১৯২১ চনৰ ২৩ এপ্ৰিলত ভাৰতীয় অসামৰিক সেৱাৰপৰা পদত্যাগ কৰি ভাৰতলৈ ঘূৰি আহে।[32][33]

ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে: ১৯২১-১৯৩২

[সম্পাদনা কৰক]
১৯২৬ চনত প্ৰাগত ইণ্ডিয়া ছ'চাইটীৰ উদ্বোধনী অনুষ্ঠানত
১৯২৬ চনত প্ৰাগত ইণ্ডিয়া ছ'চাইটীৰ উদ্বোধনী অনুষ্ঠানত  
১৯২০ৰ শেষৰফালে কলিকতাৰ নিজা ঘৰত বসু
১৯২০ৰ শেষৰফালে কলিকতাৰ নিজা ঘৰত বসু  
১৯২৮ চনৰ ২৯ ডিচেম্বৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশনত কংগ্ৰেছৰ সভাপতি মতিলাল নেহৰুৰ সৈতে সুভাষ বসু, GOC (General Officer Commanding), Congress Volunteer Corps (সামৰিক পোছাকত)
১৯২৮ চনৰ ২৯ ডিচেম্বৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশনত কংগ্ৰেছৰ সভাপতি মতিলাল নেহৰুৰ সৈতে সুভাষ বসু, GOC (General Officer Commanding), Congress Volunteer Corps (সামৰিক পোছাকত)  
১৯২৯ চনত কংগ্ৰেছ স্বেচ্ছাসেৱকৰ সৈতে বসু
১৯২৯ চনত কংগ্ৰেছ স্বেচ্ছাসেৱকৰ সৈতে বসু  

তেওঁ স্বৰাজ নামেৰে এখন বাতৰি কাকত আৰম্ভ কৰে আৰু বংগ প্ৰদেশ কংগ্ৰেছ সমিতিৰ (Bengal Provincial Congress Committee) প্ৰচাৰৰ দায়িত্ব গ্ৰহণ কৰে।[34] বংগৰ উগ্ৰ জাতীয়বাদৰ মুখপাত্ৰ চিত্তৰঞ্জন দাস তেওঁৰ পথ প্ৰদৰ্শক আছিল। ১৯২৩ চনত বসু নিখিল ভাৰত যুৱ কংগ্ৰেছৰ (All India Youth Congress) সভাপতি আৰু বংগ প্ৰদেশ কংগ্ৰেছৰ (Bengal State Congress) সচিবৰূপে নিৰ্বাচিত হয়। চিত্তৰঞ্জন দাসে আৰম্ভ কৰা "ফৰৱাৰ্ড" নামৰ বাতৰি কাকতখনৰো তেওঁ সম্পাদক আছিল।[35] ১৯২৪ চনত যেতিয়া দাস কলিকতাৰ মেয়ৰ নিৰ্বাচিত হয় তেতিয়া বসুৱে কলিকতা পৌৰ নিগমৰ CEO হিচাপে কাম কৰে।[36] ১৯২৫ চনত জাতীয়তাবাদীৰ বিৰুদ্ধে চলোৱা অভিযানত বসু গ্ৰেপ্তাৰ হৈ মান্দালয়ৰ কাৰাগাৰত থাকিবলগা হয় আৰু ইয়াতে তেওঁ যক্ষ্মা ৰোগত আক্ৰান্ত হয়।[37]

১৯২৭ চনত কাৰাগাৰৰপৰা ওলোৱাৰ পাছত বসু কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক হয় আৰু জৱাহৰলাল নেহৰুৰ সৈতে স্বাধীনতা সংগ্ৰামত মনোনিৱেশ কৰে। ১৯২৮ চনৰ ডিচেম্বৰ মাহত বসুৱে কলিকতাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশন আহ্বান কৰে। [38] তেওঁৰ সবাতোকৈ উল্লেখযোগ্য অৰিহণা আছিল Congress Volunteer Corpsৰ General Officer Commanding (GOC) হিচাপে। [38] লেখক নিৰদ চৌধুৰীয়ে অধিৱেশনখনিৰ বিষয়ে এনেকৈ লিখিছে:

Bose organized a volunteer corps in uniform, its officers being even provided with steel-cut epaulettes ... his uniform was made by a firm of British tailors in Calcutta, Harman's. A telegram addressed to him as GOC was delivered to the British General in Fort William and was the subject of a good deal of malicious gossip in the (British Indian) press. Mahatma Gandhi being a sincere pacifist vowed to non-violence, did not like the strutting, clicking of boots, and saluting, and he afterwards described the Calcutta session of the Congress as a Bertram Mills circus, which caused a great deal of indignation among the Bengalis.[38]

কিছুদিন পাছতেই বসু পুনৰ আইন অমান্যৰ কাৰণে গ্ৰেপ্তাৰ হয় আৰু কাৰাগাৰলৈ যায়। এইবাৰ কাৰাগাৰৰপৰা ওলোৱাৰ পাছত তেওঁ ১৯৩০ চনত কলিকতাৰ মেয়ৰ নিৰ্বাচিত হয়।[39] ১৯৩০ দশকৰ মধ্যভাগত বসুৱে ইউৰোপ ভ্ৰমণ কৰি বহু ভাৰতীয় ছাত্ৰ আৰু বেনিটো মুছোলিনিকে আদি কৰি বহুকেইজন ইউৰোপীয় ৰাজনীতিকক লগ কৰে। এই সময়তে তেওঁ গৱেষণা কৰি "দ্য ইণ্ডিয়ান ষ্ট্ৰাগ্‌ল" নামৰ গ্ৰন্থখনৰ প্ৰথম খণ্ড লিখি উলিয়ায়। এই খণ্ডত তেওঁ ১৯২০-১৯৩৪ চনৰ সময়ছোৱাৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ বিষয়ে লিখে। কিতাপখন লণ্ডনত ১৯৩৫ চনত প্ৰকাশ হৈ ওলায় যদিও ব্ৰিটিছ প্ৰশাসনে অৰাজক অৱস্থা সৃষ্টি হোৱাৰ ভয়ত নিজৰ উপনিৱেশত এই গ্ৰন্থখন নিষিদ্ধ ঘোষণা কৰে।[40] ১৯৩৮ চনলৈ বসু এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতালৈ পৰিগণিত হয় আৰু তেওঁ কংগ্ৰেছৰ সভাপতি পদৰ মনোনয়ন স্বীকাৰ কৰিবলৈ সন্মত হয়। .

অসুখ, অষ্ট্ৰিয়া, এমিলি ছেংক্‌ল

[সম্পাদনা কৰক]
১৯৩৩ চনত অষ্ট্ৰিয়াBad Gasteinত ছাৰ্জাৰীৰ পাছত আৰোগ্য হোৱাৰ পথত।
১৯৩৩ চনত অষ্ট্ৰিয়াBad Gasteinত ছাৰ্জাৰীৰ পাছত আৰোগ্য হোৱাৰ পথত।  
১৯৩৬ চনত এমিলি ছেংক্‌লৰ সৈতে অষ্ট্ৰিয়াৰ Bad Gasteinত।
১৯৩৬ চনত এমিলি ছেংক্‌লৰ সৈতে অষ্ট্ৰিয়াৰ Bad Gasteinত।  
১৯৩৭ চনৰ জুন মাহত ডেলহাউছিত। মহাত্মা গান্ধীয়ে তেওঁৰ শিষ্যা মিৰাবেনক বসুৰ স্বাস্থ্যৰ বুজ ল'বৰ বাবে পঠায়। বাওঁফালৰপৰা ক্ৰমে: বসু, বন্ধু তথা চিকিৎসক ড॰ এন আৰ ধৰমবীৰ, মিৰাবেন আৰু শ্ৰীমতী ধৰমবীৰ।
১৯৩৭ চনৰ জুন মাহত ডেলহাউছিত। মহাত্মা গান্ধীয়ে তেওঁৰ শিষ্যা মিৰাবেনক বসুৰ স্বাস্থ্যৰ বুজ ল'বৰ বাবে পঠায়। বাওঁফালৰপৰা ক্ৰমে: বসু, বন্ধু তথা চিকিৎসক ড॰ এন আৰ ধৰমবীৰ, মিৰাবেন আৰু শ্ৰীমতী ধৰমবীৰ।  
১৯৩৭ চনৰ ডিচেম্বৰত অষ্ট্ৰিয়াৰ Bad Gasteinত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি বসু। বাওঁফালৰপৰা সোঁফাললৈ ক্ৰমে: এ চি এন নাম্বিয়াৰ (তেওঁ ১৯৪১-১৯৪৫ত বাৰ্লিনত বসুৰ সোঁহাত আছিল), হেইডি ফুলপ-মিলাৰ, সুভাষ বসু, এমিলি ছেংক্‌ল, অমিয় বসু
১৯৩৭ চনৰ ডিচেম্বৰত অষ্ট্ৰিয়াৰ Bad Gasteinত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি বসু। বাওঁফালৰপৰা সোঁফাললৈ ক্ৰমে: এ চি এন নাম্বিয়াৰ (তেওঁ ১৯৪১-১৯৪৫ত বাৰ্লিনত বসুৰ সোঁহাত আছিল), হেইডি ফুলপ-মিলাৰ, সুভাষ বসু, এমিলি ছেংক্‌ল, অমিয় বসু  

ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে: ১৯৩৭-১৯৪০

[সম্পাদনা কৰক]
১৯৩৭ চনৰ ২৬ ডিচেম্বৰত এমিলি ছেংক্‌লৰ সৈতে গোপন বিবাহ কৰি[41] ইউৰোপৰ Bad Gasteinত ডেৰমাহ কটোৱাৰ পাছত[42] ১৯৩৮ চনৰ ২৪ জানুৱাৰী তাৰিখে বসু কলকাতাত উপস্থিত হয়।
১৯৩৭ চনৰ ২৬ ডিচেম্বৰত এমিলি ছেংক্‌লৰ সৈতে গোপন বিবাহ কৰি[41] ইউৰোপৰ Bad Gasteinত ডেৰমাহ কটোৱাৰ পাছত[42] ১৯৩৮ চনৰ ২৪ জানুৱাৰী তাৰিখে বসু কলকাতাত উপস্থিত হয়।  
১৯৩৮ চনত কংগ্ৰেছৰ বাৰ্ষিক সাধাৰণ সভাত মহাত্মা গান্ধীৰ সৈতে কংগ্ৰেছ সভাপতি বসু।
১৯৩৮ চনত কংগ্ৰেছৰ বাৰ্ষিক সাধাৰণ সভাত মহাত্মা গান্ধীৰ সৈতে কংগ্ৰেছ সভাপতি বসু।  
১৯৩৮ চনৰ ২৪ নৱেম্বৰত লাহোৰ চিটি ৰেলৱে ষ্টেচনত বসু।
১৯৩৮ চনৰ ২৪ নৱেম্বৰত লাহোৰ চিটি ৰেলৱে ষ্টেচনত বসু।  
১৯৩৯ চনৰ কংগ্ৰেছৰ বাৰ্ষিক সভাত বসু। বসু পুনৰ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হয় কিন্তু গান্ধী আৰু কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ লগত মতভেদৰ কাৰণে পদত্যাগ কৰিব লগা হয়।
১৯৩৯ চনৰ কংগ্ৰেছৰ বাৰ্ষিক সভাত বসু। বসু পুনৰ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হয় কিন্তু গান্ধী আৰু কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ লগত মতভেদৰ কাৰণে পদত্যাগ কৰিব লগা হয়।  

তেওঁ "স্বৰাজ" (self-governance)ৰ সপক্ষে থিয় দিছিল আৰু ব্ৰিটিছৰ বিৰুদ্ধে হিংসাৰো পোষকতা কৰিছিল। ইয়াৰ বাবে তেওঁৰ মহাত্মা গান্ধীৰ লগত বিবাদ হয় আৰু গান্ধীয়ে বসুক কংগ্ৰেছৰ সভাপতি পদ দিয়াৰ বিৰোধিতা কৰে।[43] ইয়াৰ ফলত ভাৰতীয় জাতীয় কংগ্ৰেছ দলত ফাট মেলে। বসুৱে দলত ঐক্য বজাই ৰাখিব বিচাৰিছিল কিন্তু গান্ধীয়ে তেওঁক নিজা বেলেগ কেবিনেট গঠনৰ পৰামৰ্শ দিয়ে। এই ঘটনাই বসু আৰু নেহৰুৰ মাজতো মনোমালিন্য ঘটায়। অসুস্থতাৰ বাবে ১৯৩৯ চনৰ কংগ্ৰেছৰ সভালৈ বসুৱে stretcherত আহিবলগা হয়। সেইবাৰৰ সভাত গান্ধীৰ পছন্দৰ প্ৰাৰ্থী পট্টাভি সীতাৰামায়াক হৰুৱাই বসু পুনৰ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হয়।[44] কংগ্ৰেছৰ ভিতৰচ'ৰাৰ এই বাদ-বিবাদত ইউ মুথুৰামালিংগম থেৱৰে (U. Muthuramalingam Thevar) বসুলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছিল। থেৱৰৰ কাৰণে বসুৱে দক্ষিণ ভাৰতীয় ভোটখিনি পোৱাত সুবিধা হয়।[45] অৱশ্যে পাছত বসুৱে বিপৰীতপক্ষৰ হেঁচাত কংগ্ৰেছৰ সভাপতিত্ব ত্যাগ কৰিবলৈ বাধ্য হয়।[46] ১৯৩৯ চনৰ ২২ জুনত বসুৱে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধীনতে অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক নামৰ শাখা এটা গঠন কৰে।[47] এই শাখাৰ প্ৰধান শক্তি আছিল ঘৰুৱা ৰাজ্য বংগত। প্ৰথমৰেপৰা বসুৰ সমৰ্থনত থকা ইউ মুথুৰামালিংগম থেৱৰে ফৰৱাৰ্ড ব্লকত যোগদান কৰে। ৬ চেপ্তেম্বৰত বসু মাদুৰাইলৈ যাওঁতে থেৱৰে বসুৰ সমৰ্থনত এক বিশাল ৰেলীৰ আয়োজন কৰে। মাদুৰাইলৈ যোৱাৰ পথত তেওঁ মাদ্ৰাজত ৰৈ Gandhi Peakত তিনি দিন থাকি যায়। বসুৱে যদিও ব্ৰিটিছৰ দমন নীতিৰ ঘোৰ বিৰোধী আছিল, তথাপি তেওঁ ব্ৰিটিছৰ সুশৃংখল, পদ্ধতিগত কাম-কাজ আৰু জীৱনৰ প্ৰতি তেওঁলোকৰ সুস্থিৰ নিয়মানুৱৰ্তী দৃষ্টিভংগীৰদ্বাৰা তেওঁ প্ৰভাৱিত হৈছিল। ইংলেণ্ডত তেওঁ ব্ৰিটিছ লেবাৰ পাৰ্টীৰ নেতা আৰু ৰাজনৈতিক চিন্তাবিদ যেনে লৰ্ড হেলিফেক্স, জৰ্জ লেন্সবাৰী, ক্লিমেণ্ট এটলী, আৰ্থাৰ গ্ৰীণউড, হেৰল্ড লাস্কি, জে বি এচ হেলডেন, আইভৰ জেনিংছ, জি ডি এইচ ক'ল, গিলবাৰ্ট মুৰে', ছাৰ ষ্টেফ'ৰ্ড ক্ৰিপ্স আদিৰ লগত ভাৰতৰ ভৱিষ্যত সম্পৰ্কে মত বিনিময় কৰে। তেওঁ বিশ্বাস কৰিবলৈ ধৰিলে যে স্বাধীন ভাৰতত কমেও দুটা দশকৰ বাবে তুৰ্কীকেমল আতাতুৰ্কৰ দৰে সমাজবাদী একনায়কত্ববাদৰ প্ৰয়োজন হ'ব। ৰাজনৈতিক কাৰণতে বসুক ব্ৰিটিছ প্ৰশাসনে আংকাৰাত আতাতুৰ্কক লগ কৰাৰ অনুমতি নিদিলে। ইংলেণ্ডত থকা সময়ছোৱাত মাত্ৰ Labour Party আৰু Liberal Partyৰ ৰাজনীতিবিদসকলেহে বসুক লগ কৰিবলৈ সন্মত হয়। উপনিবেশৰ ৰাজনীতিবিদ হোৱাৰ বাবে বসুক Conservative Partyৰ বিষয়াসকলে লগ কৰা বা সৌজন্য দেখুওৱাৰপৰা বিৰত থাকিল। বিশ্বযুদ্ধ আৰম্ভণিৰ সময়ত ভাইচৰয় লৰ্ড লিনলিথগ'ই কংগ্ৰেছ নেতৃত্বৰ লগত আলোচনা নকৰাকৈ ভাৰতৰ হৈ যুদ্ধ ঘোষণা কৰাৰ প্ৰতিবাদত বসুৱে এক আইন অমান্য আন্দোলনৰ প্ৰস্তাৱ দিয়ে। কিন্তু ইয়াৰ বাবে তেওঁ মহাত্মা গান্ধীক মনাবলৈ সমৰ্থ নোহোৱাত তেওঁ নিজে কলিকতাত এক প্ৰতিবাদী সমদল উলিয়ায়। তেওঁক ব্ৰিটিছে কাৰাগাৰলৈ পঠায়, কিন্তু ৭-দিনীয়া অনশনৰ পাছত তেওঁ কাৰাগাৰৰপৰা মুক্ত হয়। CIDয়ে বসুৰ কলিকতাৰ ঘৰটোত চকু ৰাখে।[48]


তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 Hayes 2011, পৃষ্ঠা. 15.
  2. 2.0 2.1 Gordon 1990, পৃষ্ঠা. 344–345.
  3. Hayes 2011, পৃষ্ঠা. 165.
  4. Stein 2010, পৃষ্ঠা. 345.
  5. 5.0 5.1 Metcalf & Metcalf 2010, পৃষ্ঠা. 210.
  6. Gordon & 1990 pp459–460.
  7. Stein 2010, পৃষ্ঠা. 305,325.
  8. Low 2002, পৃষ্ঠা. 297.
  9. Low 2002, পৃষ্ঠা. 313.
  10. 10.0 10.1 Hayes 2011, পৃষ্ঠা. 65–67.
  11. Hayes 2011, পৃষ্ঠা. 152.
  12. Hayes 2011, পৃষ্ঠা. 76.
  13. Hayes 2011, পৃষ্ঠা. 87–88.
  14. Hayes 2011, পৃষ্ঠা. 114–116.
  15. 15.0 15.1 Hayes 2011, পৃষ্ঠা. 141–143.
  16. Bose 2005, পৃষ্ঠা. 255.
  17. 17.0 17.1 Low 1993, পৃষ্ঠা. 31–31.
  18. Wolpert 2000, পৃষ্ঠা. 339.
  19. Gordon, পৃষ্ঠা. 517.
  20. McLynn 2011, পৃষ্ঠা. 295–296.
  21. Wolpert 2006, পৃষ্ঠা. 69.
  22. Bandyopādhyāẏa 2004, পৃষ্ঠা. 427.
  23. Bayly & Harper 2007, পৃষ্ঠা. 22.
  24. Wolpert 2000, পৃষ্ঠা. 339–340.
  25. 25.0 25.1 Bayly & Harper 2007, পৃষ্ঠা. 21.
  26. Moreman 2013, পৃষ্ঠা. 124–125.
  27. McLynn 2011, পৃষ্ঠা. 429.
  28. Allen 2012, পৃষ্ঠা. 179.
  29. Marshall J. Getz (2002). Subhas Chandra Bose: A Biography. McFarland. পৃষ্ঠা. 7–. ISBN 978-0-7864-1265-5. http://books.google.com/books?id=HdldV4Icum4C&pg=PA7। আহৰণ কৰা হৈছে: 13 June 2012. 
  30. Yasmine Jesudasen. Voices of Freedom Movement. Sura Books. পৃষ্ঠা. 57–. ISBN 978-81-7478-555-8. http://books.google.com/books?id=4ifaLKBp5hEC&pg=PA57। আহৰণ কৰা হৈছে: 16 July 2012. 
  31. V. S. Patil (1988). Subhas Chandra Bose, his contribution to Indian nationalism. Sterling Publishers. http://books.google.com/books?id=tkpuAAAAMAAJ। আহৰণ কৰা হৈছে: 16 July 2012. 
  32. Mercado, Stephen C. (2002). The Shadow Warriors of Nakano: A History of the Imperial Japanese Army's Elite Intelligence School (illustrated সম্পাদনা). Potomac Books, Inc.. পৃষ্ঠা. 73. ISBN 978-1-57488-443-2. http://books.google.com.au/books?id=pLWvVEYVMScC&pg=PA73&lpg=PA73&dq=%22Only+on+the+soil+of+sacrifice+and+suffering+can+we+raise+our+national+edifice%22&source=bl&ots=JRNZc8sF2B&sig=twVh5bgzgtHJeObwIYI0AGc21yg&hl=en&sa=X&ei=rDOYUurqBZCclQX1xIHACQ&redir_esc=y#v=onepage&q=%22Only%20on%20the%20soil%20of%20sacrifice%20and%20suffering%20can%20we%20raise%20our%20national%20edifice%22&f=false। আহৰণ কৰা হৈছে: 29 November 2013. 
  33. Eric A. Vas (19 May 2008). Subhas Chandra Bose: The Man and His Times. Lancer Publishers. পৃষ্ঠা. 27–. ISBN 978-81-7062-243-7. http://books.google.com/books?id=L5tIhE0P6IUC&pg=PA27। আহৰণ কৰা হৈছে: 16 July 2012. 
  34. Hugh Toye (2007). Subhas Chandra Bose. Jaico Publishing House. ISBN 978-81-7224-401-9. http://books.google.com/books?id=E3cwAQAAIAAJ। আহৰণ কৰা হৈছে: 16 July 2012. 
  35. Phani Bhusan Chakraborty; Brajendrakumāra Bhaṭṭācārya (1989). News behind newspapers: a study of the Indian press. Minerva Associates (Publications). ISBN 978-81-85195-16-2. http://books.google.com/books?id=M_xkAAAAMAAJ। আহৰণ কৰা হৈছে: 16 July 2012. 
  36. Eric A. Vas (19 May 2008). Subhas Chandra Bose: The Man and His Times. Lancer Publishers. পৃষ্ঠা. 32–. ISBN 978-81-7062-243-7. http://books.google.com/books?id=L5tIhE0P6IUC&pg=PA32। আহৰণ কৰা হৈছে: 13 June 2012. 
  37. Singh Vipul (1 September 2009). Longman History & Civics Icse 10. Pearson Education India. পৃষ্ঠা. 116–. ISBN 978-81-317-2042-4. http://books.google.com/books?id=RX4OiM0MGZUC&pg=PA116। আহৰণ কৰা হৈছে: 13 June 2012. 
  38. 38.0 38.1 38.2 Gordon 1990, পৃষ্ঠা. 190.
  39. Singh Vipul (1 September 2009). Long man History & Civics Icse 10. Pearson Education India. পৃষ্ঠা. 116–. ISBN 978-81-317-2042-4. http://books.google.com/books?id=RX4OiM0MGZUC&pg=PA116। আহৰণ কৰা হৈছে: 16 July 2012. 
  40. "The Indian Struggle". Hindustan Times. Archived from the original on 10 April 2012. https://web.archive.org/web/20120410074114/http://www.hindustantimes.com/news/specials/Netaji/hisbooks_6.htm। আহৰণ কৰা হৈছে: 22 December 2013. 
  41. Bose 2011, পৃষ্ঠা. 129–130.
  42. Bose 2011, পৃষ্ঠা. 127.
  43. Bhagwan Josh (1992). Struggle for hegemony in India, 1920–47: the colonial state, the left, and the national movement. 1934–41. Sage. ISBN 978-81-7036-295-1. http://books.google.com/books?id=phduAAAAMAAJ। আহৰণ কৰা হৈছে: 17 July 2012. 
  44. Subhas Chandra Chattopadhyay (1989). Subhas Chandra Bose: man, mission, and means. Minerva Associates. http://books.google.com/books?id=AOdHAAAAMAAJ। আহৰণ কৰা হৈছে: 17 July 2012. 
  45. Aditi Phadnis (2009). Business Standard Political Profiles of Cabals and Kings. Business Standard Books. পৃষ্ঠা. 185–. ISBN 978-81-905735-4-2. http://books.google.com/books?id=qT7QvviGoJsC&pg=PA185। আহৰণ কৰা হৈছে: 17 July 2012. 
  46. DesaiMeghnad
  47. K.S. Padhy. Indian Political Thought. PHI Learning Pvt. Ltd.. পৃষ্ঠা. 234–. ISBN 978-81-203-4305-4. http://books.google.com/books?id=jEz5soh9P3oC&pg=PA234। আহৰণ কৰা হৈছে: 17 July 2012. 
  48. Durga Das Pvt. Ltd (1985). Eminent Indians who was who, 1900–1980, also annual diary of events. Durga Das Pvt. Ltd.. http://books.google.com/books?id=bLEZAAAAYAAJ। আহৰণ কৰা হৈছে: 13 June 2012. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]