ভাৰত ত্যাগ আন্দোলন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ভাৰত ত্যাগ আন্দোলনৰ এটা প্ৰতিবাদী সমদলৰ দৃশ্য

ভাৰত ত্যাগ আন্দোলন (কেইবাটাও ভাৰতীয় ভাষালৈ এৰি যোৱা ভাৰত আন্দোলন হিচাপে অনূদিত), যাক আগষ্ট আন্দোলন বুলিও কোৱা হয়, ভাৰতত বৃটিছ শাসন সমাপ্ত কৰাৰ দাবীত ১৯৪২ চনৰ ৮ আগষ্টত মহাত্মা গান্ধীৰ দ্বাৰা অল-ইণ্ডিয়া কংগ্ৰেছ সমিতিৰ বোম্বাই অধিবেশনত আৰম্ভ কৰা এক আন্দোলন আছিল।[1]

বৃট্ৰিছ যুদ্ধৰ বাবে ভাৰতীয় সমৰ্থন আদায় কৰাত ক্ৰিপছ মিছনৰ বিফলতাৰ পিছত, মহাত্মা গান্ধীয়ে ১৯৪২ চনৰ ৮ আগষ্টত মুম্বাইৰ গোৱানিয়া টেংক মৈদানত প্ৰদান কৰা তেওঁৰ ভাৰত ত্যাগ ভাষণত “কৰিম কিম্বা মৰিম”ৰ বাবে আহ্লাদ কৰে।[2] গান্ধীয়ে কোৱা ভাৰতৰ পৰা "ব্ৰিটিছৰ শাসন প্ৰত্যাহাৰ"ৰ দাবীত কংগ্ৰেছ সমিতিয়ে এক গণ প্ৰতিবাদ আৰম্ভ কৰে। যুদ্ধ চলি থকা স্বত্তেও বৃট্ৰিছে এই প্ৰতিবাদ ৰোধ কৰিবলৈ সাজু হৈছিল। গান্ধীৰ ভাষণৰ এত ঘণ্টাৰ ভিতৰত ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ প্ৰায় সমগ্ৰ নেতৃত্বক কোনো প্ৰমাণ অবিহনে কাৰাৰূদ্ধ কৰা হৈছিল। প্ৰতিবাদকাৰীৰ বেছিভাগেই কাৰাগাৰত আৰু জনসাধাৰণৰ সংস্পৰ্শৰ বাহিৰত আছিল। ব্ৰিটিছসকললৈ ভাইচৰয় কাউন্সিল (যাৰ সংখ্যাগৰিষ্ট ভাৰতীয় আছিল), অল ইণ্ডিয়া মুছলিম লীগ, দ্য প্ৰিন্সেলী ষ্টেট, ইণ্ডিয়ান ইপিৰিয়েল পুলিচ, ব্ৰিটিছ ভাৰতীয় সেনা, হিন্দু মহাসভা আৰু ভাৰতীয় অসামৰিক সেৱাৰ সমৰ্থন আছিল। যুদ্ধকালীন ব্যয়ৰ পৰা লাভ অৰ্জন কৰা বহু ভাৰতীয় ব্যৱসায়ীয়ে ভাৰত ত্যাগ আন্দোলনক সমৰ্থন কৰা নাছিল। বহু শিক্ষাৰ্থীয়ে অক্ষ শক্তিক (Axis Powers) সমৰ্থন কৰা সুভাষ চন্দ্ৰ বসুৰ প্ৰতি অধিক মনোযোগ দিছিল। একমাত্ৰ বাহিৰৰ সমৰ্থন আমেৰিকাৰ পৰা আহিছিল, যিহেতু ৰাষ্ট্ৰপতি স্ক্ৰেঙ্কলিন ডি ৰুজভেল্টে প্ৰধান মন্ত্ৰী উইনষ্টন চাৰ্চিলক কিছুমান ভাৰতীয় দাবী পূৰণ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। ভাৰত ত্যাগ অভিযান কাৰ্যকৰীভাৱে ধ্বংশ কৰি পেলোৱা হৈছিল। ব্ৰিটিছে তৎক্ষণাৎ স্বাধীনতা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰি কৈছিল যে যুদ্ধ শেষ হোৱাৰ পিছতহে এয়া সম্ভৱ হ'ব পাৰে।

দেশজুৰি ক্ষুদ্ৰ পৰিসৰৰ হিংসা আৰম্ভ হৈছিল আৰু ব্ৰিটিছে ১৯৪৫ চনলৈকে প্ৰায় দহ সহস্ৰাধিক নেতাক আটক কৰি কাৰাৰূদ্ধ কৰে। তাৎক্ষনিক উদ্দেশ্যৰ ক্ষেত্ৰত, ভাৰত ত্যাগ আন্দোলন বৃট্ৰিছৰ প্ৰবল দমন নীতি, দুৰ্বল সমন্বয় আৰু এক স্পষ্ট কাৰ্য্যপন্থাৰ অভাৱৰ বাবে বিফল হৈছিল। অৱশ্যে, দ্বিতীয় বিশ্বযুদ্ধৰ ব্যয়ৰ ফলত ভাৰতত দীৰ্ঘদিন ধৰি শাসন কৰাটো সম্ভৱ নহ'ব আৰু যুদ্ধোত্তৰ কালত কেনেদৰে ভালদৰে আৰু শান্তভাৱে প্ৰস্থান কৰিব পাৰি তাৰ চিন্তা কৰা উচিত বুলি বৃট্ৰিছ চৰকাৰে উপলব্ধি কৰিছিল।

১৯৯২ চনত, ভাৰত ত্যাগ আন্দোলনৰ সোণালী জয়ন্তী উপলক্ষে ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে ১ টকাৰ স্মাৰক মুদ্ৰা জাৰী কৰিছিল।[3]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "1942 Quit India Movement – Making Britain". Archived from the original on 23 June 2018. https://web.archive.org/web/20180623193852/http://www.open.ac.uk/researchprojects/makingbritain/content/1942-quit-india-movement। আহৰণ কৰা হৈছে: ১ অক্টোবৰ ২০২০. 
  2. Ramesh Mishra R.C.Mishra (1 October 2017), Quit India Movement 09 August, 1942, https://www.youtube.com/watch?v=rvS50znGanE, r কৰা হৈছে: 1 September 2018 
  3. "1 Rupee Coin of 1992 – Quit India Movement Golden Jubilee". Archived from the original on 6 April 2017. https://web.archive.org/web/20170406094346/https://www.youtube.com/watch?v=A2bWubXDYWU। আহৰণ কৰা হৈছে: 12 March 2017.