স্বৰাজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
দয়ানন্দ স্বৰস্বতী

স্বৰাজ (ইংৰাজী: Swarajহিন্দী: स्वराज; স্ব- "নিজ", ৰাজ "শাসন") বুলিলে সাধাৰণতে স্বায়ত্ত্বশাসন বুজায় আৰু মহৰ্ষি দয়ানন্দ স্বৰস্বতীয়ে "গৃহ-শাসন"ৰ সমাৰ্থক হিচাপে ব্যৱহাৰ কৰিছিল যি পিছলৈ মহাত্মা গান্ধীয়ে[1] ব্যৱহাৰ কৰিছিল কিন্তু শব্দটোৱে প্ৰকৃততে বিদেশী দমনৰ পৰা ভাৰতৰ স্বাধীন,গান্ধীৰ ধাৰণাক বুজাইছিল।[2] স্বৰাজে শাসনৰ ওপৰত গুৰুত্ব দিয়ে, পদানুক্ৰমিক চৰকাৰৰ দ্বাৰা নহয়, ব্যক্তি আৰু সমাজ নিৰ্মাণৰ যোগেৰে আত্মশাসনৰ দ্বাৰা। ইয়াৰ মূল গুৰুত্ব হৈছে ৰাজনৈতিক বিকেন্দ্ৰীকৰণৰ ওপৰত।[3] যিহেতু এয়া ব্ৰিটেইনে অনুসৰণ কৰা ৰাজনৈতিক আৰু সামাজিক প্ৰণালীৰ বিপৰীত, গান্ধীৰ স্বৰাজৰ ধাৰণাটোৱে ব্ৰিটিছ ৰাজনৈতিক, অৰ্থনৈতিক, আমোলা তান্ত্ৰিক, আইনী, সামৰিক আৰু শিক্ষা প্ৰতিষ্ঠান বৰ্জনত ভাৰতৰ সপক্ষে আছিল।[4] এছ সত্যমূৰ্তি, চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰু আদি ভিন্ন আদৰ্শৰ স্বৰাজ-অনুগামী আছিল,যিসকলে ভাৰতৰ সংসদীয় গণতন্ত্ৰৰ মূল ভেটি স্থাপন কৰিছিল।

যদিও গান্ধীৰ স্বৰাজৰ পূৰ্ণ-কাৰ্যকৰীকৰণৰ লক্ষ্য প্ৰাপ্ত হোৱা নাছিল, ইয়াৰ বাবে তেওঁ স্থাপন কৰা স্বেচ্ছামূলক কৰ্ম সংগঠনবোৰে মানুহৰ আন্দোলন, ভাৰতৰ বিভিন্ন ঠাইত গঢ়ি উঠা স্বেচ্ছাসেৱী সংগঠন আৰু কিছুমান বেচৰকাৰী সংস্থাৰ বাবে পূৰ্ববৰ্ধিত আৰু আদৰ্শ আৰ্হি বা মডেল হিচাপে কাম কৰিছিল।[5]জয়প্ৰকাশ নাৰায়ণ, উদিত স্বৰাজ আৰু ভূদান আন্দোলনৰ নেতৃত্বত অত্যাচাৰী স্থানীয় আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে হোৱা শিক্ষাৰ্থী আন্দোলনো স্বৰাজৰ ধাৰণাৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল,যি গোটেই ভাৰতত ভূমি সংস্কাৰ আইনৰ দাবী পূৰ্বনিৰ্ধাৰিত কৰিছিল, আৰু যাৰ ফলত ভাৰতে ভূমি কাৰ্যভাৰ আৰু সামাজিক সংগঠনৰ জমিদাৰী প্ৰণালী বৰ্জন কৰিছিল।

মূল ধাৰণা[সম্পাদনা কৰক]

আৰ্য সমাজৰ প্ৰতিষ্ঠাতা আৰু হিন্দু সংস্কাৰক, স্বামী দয়ানন্দ সৰস্বতী,যি "নৰি-সুন্দ্ৰ-ভেডধাৰক মহাৰাষ্ট্ৰ দেব দয়ানন্দ সৰস্বতী" বুলিও জনাজাত, স্বৰাজক "স্বৈৰপ্ৰশাসন" বা "গণতন্ত্ৰ" বুলি নিৰ্ধাৰণ কৰিছিল। স্বীকাৰ কৰা স্বকীয় দয়ানন্দ সৰস্বতীয়ে, ঈশ্বৰে মানুহক তেওঁলোকে নিৰ্বাচন কৰি লোৱা যিকোনো কাম মুক্ত ভাৱে কৰিবলৈ সৃষ্টি কৰিছিল, এই ধাৰণা লৈ বিদেশী ব্ৰিটিছ চাকৰিৰ বৈধতা সম্পৰ্কে প্ৰশ্ন কৰিছিল যে এই চাকৰিয়ে নিজৰ ভূমিতে ভাৰতীয় দেশক দাস হিচাপে গঢ়ি তোলা নাইনে ? স্বামীৰ দৃষ্টিত স্বৰাজ স্বাধীনতা যুদ্ধৰ ভিত্তি আছিল। স্বতন্ত্ৰতাৰ দৰ্শনত। দাদাভাই নৌৰোজীয়ে কৈছিল যে তেওঁ সৰস্বতীৰ সত্ৰাৰ্থ প্ৰকাশৰ পৰা স্বৰাজ শব্দটো শিকিছিল।[উদ্ধৃতিৰ প্ৰয়োজন] স্বৰাজে এখন ৰাষ্ট্ৰবিহীন সমাজৰ পোষকতা কৰে। মহাত্মা গান্ধীৰ মতে, মানুহৰ ওপৰত ৰাষ্ট্ৰৰ সামগ্ৰিক প্ৰভাৱ ক্ষতিকাৰক। তেওঁ ৰাষ্ট্ৰক "আত্মাহীন যন্ত্ৰ" বুলি অভিহিত কৰিছিল যিয়ে জনতাৰ সৰ্বশেষ ক্ষতি কৰে।[6] ৰাষ্ট্ৰৰ উদ্দেশ্য হৈছে জনতাৰ সেৱা কৰা। কিন্তু গান্ধীয়ে ভয় খাইছিল যে ৰাষ্ট্ৰযন্ত্ৰক সেৱা কৰাৰ উপযুক্ত আহিলালৈ ৰূপান্তৰ কৰাৰ অচিলাত, ৰাষ্ট্ৰই নাগৰিকসকলৰ অধিকাৰ খৰ্ব কৰিব আৰু মহাৰক্ষাকৰ্তাৰ ভূমিকাত নিজকে বহুৱাই তেওঁলোকৰ পৰা শোচনীয় নীৰৱতা দাবী কৰিব। ই এক বিপৰ্যয়ৰ পৰিস্থিতিৰ সৃষ্টি কৰিব য'ত নাগৰিকসকলক ৰাষ্ট্ৰৰ পৰা বিচ্ছিন্ন কৰা হ'ব আৰু একে সময়তে ইয়াক বন্ধ কৰি ৰখা হ'ব, যি গান্ধীৰ মতে, নিৰাশাজনক আৰু বিপদজনক আছিল। গান্ধীয়ে, জনসাধাৰণ আৰু ৰাষ্ট্ৰৰ উৎকৰ্ষ, এই দ্বৈত উদ্দেশ্য সিদ্ধিৰ বাবে, এক ব্যৱস্থাৰ প্ৰচলন কৰাটো প্ৰয়োজনীয় বুলি চিন্তা কৰিছিল। ইয়াৰ বাবেই তেওঁ প্ৰতিৰোধ (ৰাষ্ট্ৰৰ প্ৰতি) আৰু পুনৰ্গঠন(স্বেচ্ছামূলক আৰু অংশগ্ৰহণকাৰী সামাজিক কামৰ যোগেৰে)ৰ দুকোণীয়া কৌশল বিকশিত কৰিছিল।

যদিও "স্বৰাজ" শব্দৰ অৰ্থ হৈছে স্ব-শাসন, গান্ধীয়ে ইয়াক জীৱনৰ সকলো ক্ষেত্ৰক আৱৰা এক অবিচ্ছেদ্য বিপ্লৱৰ সমল বুলিছিল: "ব্যক্তিগত স্তৰত স্বৰাজ, নিৰপেক্ষ আত্ম-মূল্যায়ন, নিৰন্তৰ আত্ম-সংশোধন আৰু বৰ্ধিত আত্ম-নিৰ্ভৰশীলতাৰ ক্ষমতাৰ সৈতে, গুৰুত্বপূৰ্ণভাৱে সংযোজিত।"[7]

ৰাজনৈতিকভাৱে, স্বৰাজ হৈছে স্ব-চৰকাৰ আৰু ভাল চৰকাৰ নহয় (গান্ধীৰ বাবে, ভাল চৰকাৰ স্ব-চৰকাৰৰ বিকল্প নহয়) আৰু ইয়াৰ অৰ্থ হৈছে চৰকাৰী নিয়ন্ত্ৰণৰ পৰা স্বাধীন হ'বলৈ এক নিৰন্তৰ প্ৰচেষ্টা, বিদেশী চৰকাৰ হওক বা ৰাষ্ট্ৰীয় হওক। আন কথাত, ই হৈছে বিশুদ্ধ নৈতিক কৰ্তৃত্বৰ ওপৰত আধাৰিত মানুহৰ সাৰ্বভৌমত্ব। অৰ্থনৈতিকভাৱে, স্বৰাজৰ অৰ্থ হৈছে কঠোৰ শ্ৰমৰ বাবে সম্পূৰ্ণ অৰ্থনৈতিক স্বাধীনতা। আৰু ইয়াৰ সম্পূৰ্ণ পৰিপ্ৰেক্ষিতত, স্বৰাজ সকলো সংক্ৰমণৰ (restraints)পৰা স্বাধীনতাতকৈ যথেষ্ট অধিক, ই আত্মশাসন, আত্ম-সংৰক্ষণ, আৰু ইয়াক 'মোক্ষ' বা মুক্তিৰ সৈতে সমান বুলিব পাৰি।[8]

স্বৰাজ গ্ৰহণ কৰাৰ অৰ্থ হৈছে এনে এক প্ৰণালী ৰূপায়ণ কৰা য'ত ৰাষ্ট্ৰযন্ত্ৰ প্ৰকৃতভাৱে শূন্য, আৰু প্ৰকৃত শক্তি পোনপটীয়াকৈ জনতাৰ হাতত থাকে। গান্ধীয়ে কৈছিল- "শক্তি মানুহৰ ভিতৰত থাকে, তেওঁলোকে যিকোনো সময়তে ইয়াক ব্যৱহাৰ কৰিব পাৰে।[9]

এই দৰ্শন এজন ব্যক্তিৰ ভিতৰত থাকে যি নিজৰ মুৰব্বী হ'বলৈ শিকিব লাগে আৰু তেওঁৰ সমাজৰ ওপৰৰ স্তৰলৈ বিয়পিব লাগে যি কেৱলমাত্ৰ নিজৰ ওপৰত নিৰ্ভৰশীল। গান্ধীয়ে কৈছিল- "এনে অৱস্থাত (য'ত স্বৰাজ প্ৰাপ্ত হয়) সকলোৱেই নিজেই নিজৰ শাসক। তেওঁ নিজকে কেতিয়াও তেওঁৰ প্ৰতিৱেশীৰ বাবে কোনো প্ৰতিবন্ধক নোহোৱাকৈ চলাই নিয়ে।"[10]তেওঁ মূল সিদ্ধান্তৰ সাৰাংশ এনেদৰে কৰিছিল: "আমি নিজৰ ওপৰত শাসন কৰিবলৈ শিকাতোৱেই স্বৰাজ।[11]

গান্ধীয়ে ১৯৪৬ চনত তেওঁৰ অন্তৰ্দৃষ্টি ব্যাখ্যা কৰিছিল:

স্বাধীনতা তলিৰ পৰা আৰম্ভ হয়... এখন সমাজ নিৰ্মাণ কৰিব লাগিব য'ত প্ৰতিখন গাঁও স্ব-বহনক্ষম আৰু নিজৰ কাম ৰক্ষা কৰিবলৈ সক্ষম হ'ব লাগিব... ইয়াৰ পৰা যিকোনো আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰাৰ প্ৰচেষ্টাত ইয়াক প্ৰশিক্ষণ দিয়া হ'ব আৰু নষ্ট হ'বলৈ সাজু কৰা হ'ব... ই প্ৰতিৱেশ বা বিশ্বৰ ওপৰত কৰা নিৰ্ভৰতা আৰু ইচ্ছুক সহায় বাদ নিদিয়ে। ই পাৰস্পৰিক শক্তিৰ এক মুক্ত আৰু স্বেচ্ছামূলক খেল হ'ব... অসংখ্যা গাওঁৰে গঠিত এই গাঁথনিত, সদায়ে প্ৰসাৰিত, কেতিয়াও আৰোহণ নকৰা বৃত্ত থাকিব। বৃদ্ধি তলৰ দ্বাৰা নিৰ্ভৰ শীল এপেচথকা পিৰামিড নহ'ব। কিন্তু ই এক ওখ বৃত্ত হ'ব যাৰ কেন্দ্ৰ ব্যক্তি হ'ব। সেয়েহে আটাইতকৈ বাহিৰৰ পৰিধিয়ে ভিতৰৰ বৃত্তটো ভাঙিবলৈ শক্তি ব্যৱহাৰ নকৰিব কিন্তু ভিতৰৰ সকলোকে শক্তি প্ৰদান কৰিব আৰু ইয়াৰ পৰা নিজৰ শক্তি আহৰণ কৰিব।(Independence begins at the bottom... A society must be built in which every village has to be self-sustained and capable of managing its own affairs... It will be trained and prepared to perish in the attempt to defend itself against any onslaught from without... This does not exclude dependence on and willing help from neighbours or from the world. It will be a free and voluntary play of mutual forces... In this structure composed of innumerable villages, there will be ever-widening, never-ascending circles. Growth will not be a pyramid with the apex sustained by the bottom. But it will be an oceanic circle whose center will be the individual. Therefore the outermost circumference will not wield power to crush the inner circle but will give strength to all within and derive its own strength from it.)[12]

ভাৰতত এনে এক কাল্পনিক অন্তৰ্দৃষ্টি ৰূপায়ণ কৰাৰ বাবে গান্ধী নিৰ্ভীক আছিল। তেওঁ বিশ্বাস কৰিছিল যে পৰ্যাপ্ত ব্যক্তি আৰু সম্প্ৰদায়ৰ ৰূপান্তৰ কৰিব পাৰিলে সমাজ ৰপৰিৱৰ্তন হ'ব। তেওঁ কৈছিল- "এইটো, এয়া সকলো কাল্পনিক বুলি উপহাস কৰা হ'ব পাৰে আৰু সেয়া ভাবিবলগীয়া চিন্তা নহয়... ভাৰতক সঁচা ছবিৰে জীয়াই থাকিবলৈ দিয়ক, যদিও ইয়াৰ সম্পূৰ্ণতা কেতিয়াও অনুভৱ কৰা নাছিল। আমি ইয়াৰ ওচৰলৈ কিবা এটা পাবলৈ আগতে আমি কি বিচাৰোঁ তাৰ সঠিক ছবি থাকিব লাগিব।(It may be taunted with the retort that this is all Utopian and, therefore not worth a single thought... Let India live for the true picture, though never realised in its completeness. We must have a proper picture of what we want before we can have something approaching it.)"[13]

গান্ধীৰ পৰবৰ্তী সময়[সম্পাদনা কৰক]

গান্ধীৰ মৃত্যুৰ পিছত ভিনোবা ভাৱেই ৰাষ্ট্ৰীয় স্তৰত সৰ্বসেৱা সংঘ আৰু আঞ্চলিক স্তৰত সৰ্বোদয় মণ্ডল গঠন কৰি সমন্বিত গ্ৰাম্য সেৱালৈ নিয়ে - স্বৰাজৰ লক্ষ্য প্ৰাপ্ত কৰাৰ শেষ উদ্দেশ্যৰে। ভাৰতত আৰ্থ-সামাজিক আৰু ৰাজনৈতিক বিপ্লৱৰ বাবে দুটা মুখ্য অহিংস আন্দোলন- ভিনোবা ভাৱেৰ নেতৃত্বত ভূদান আন্দোলন আৰু জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বত সম্পূৰ্ণ বিপ্লৱ আন্দোলন, দৰাচলতে স্বৰাজৰ ধাৰণাসমূহৰ অধীনত গঠন কৰা হৈছিল।গান্ধীৰ স্বৰাজৰ আৰ্হি ভাৰত চৰকাৰে প্ৰায় সম্পূৰ্ণৰূপে বৰ্জন কৰিছিল। তেওঁ শ্ৰেণীহীন, ৰাষ্ট্ৰযন্ত্ৰহীন প্ৰত্যক্ষ গণতন্ত্ৰৰ এক প্ৰণালী বিচাৰিছিল।[14]ইয়াৰ উপৰিও, আধুনিক ভাৰতত ব্ৰিটিছ (আৰু পশ্চিমীয়া) প্ৰভাৱৰ বহুতো দিশ বিৰাজমান ঞ, যাৰ ভিতৰত আছে ইংৰাজী ভাষাৰ বহুল ব্যৱহাৰ, উমৈহতীয়া আইন, উদ্যোগীককৰণ, উদাৰ গণতন্ত্ৰ, সামৰিক সংগঠন, আৰু আমোলা তন্ত্ৰ।


বৰ্তমান সময়ত[সম্পাদনা কৰক]

বৰ্তমানৰ প্ৰেক্ষাপটত গান্ধীয়ে ব্যাখ্যা দাঙি ধৰা স্বৰাজৰ ধাৰণা প্ৰয়োগ কৰি জনপ্ৰণালী সৱলীকৰণ কৰি শাসন প্ৰণালী সলনি কৰাৰ লক্ষ্যৰে ২০১২ চনৰ শেষভাগত অৰবিন্দ কেজৰিৱাল আৰু দুৰ্নীতিৰ বিৰুদ্ধে ভাৰত আন্দোলনৰ কিছুমান কাৰ্যকৰ্তাৰ দ্বাৰা আম আদমী পাৰ্টিৰ প্ৰতিষ্ঠা হৈছিল।[15]

তথ্যউৎস[সম্পাদনা কৰক]

  1. Hind Swaraj or Indian Home Rule, Gandhi, 1909
  2. What is Swaraj?. Retrieved on July 12, 2007.
  3. Parel, Anthony. Hind Swaraj and other writings of M. K. Gandhi. Cambridge University Press. Cambridge, 1997.
  4. What is Swaraj?. Retrieved on March 3, 2007.
  5. What Swaraj meant to Gandhi. Retrieved on September 17, 2008.
  6. Jesudasan, Ignatius. A Gandhian theology of liberation. Gujarat Sahitya Prakash: Ananda India, 1987, pp 236-237.
  7. M. K. Gandhi, Young India, June 28, 1928, p. 772.
  8. "M. K. Gandhi, Young India, December 8, 1920, p.886 (See also Young India, August 6, 1925, p. 276 and Harijan, March 25, 1939, p.64.)
  9. Jesudasan, Ignatius. A Gandhian theology of liberation. Gujarat Sahitya Prakash: Ananda India, 1987, pp 251.
  10. Murthy, Srinivas.Mahatma Gandhi and Leo Tolstoy Letters. Long Beach Publications: Long Beach, 1987, pp 13.
  11. M. K. Gandhi. Hind Swaraj or Indian Home Rule. Ahmedabad, Gujarat: Navajivan Publishing House, 1938.
  12. Murthy, Srinivas.Mahatma Gandhi and Leo Tolstoy Letters. Long Beach Publications: Long Beach, 1987, pp 189.
  13. Parel, Anthony. Hind Swaraj and other writings of M. K. Gandhi. Cambridge University Press. Cambridge, 1997, pp 189.
  14. Bhattacharyya, Buddhadeva. Evolution of the political philosophy of Gandhi. Calcutta Book House: Calcutta, 1969, pp 479.
  15. BusinessLine Bureau. "With Swaraj in mind, Kejriwal launches Aam Aadmi Party". The Hindu. http://www.thehindubusinessline.com/news/politics/with-swaraj-in-mind-kejriwal-launches-aam-aadmi-party/article4130337.ece। আহৰণ কৰা হৈছে: November 25, 2018. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]