আলফ্ৰেড হাইস্কুল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
আলফ্ৰেড হাইস্কুল, ৰাজকোট

ৰাজকোটৰ আলফ্ৰেড হাইস্কুল (মোহনদাস গান্ধী উচ্চ মাধ্যমিক বিদ্যালয়) ভাৰতৰ আটাইতকৈ পুৰণি শিক্ষা প্ৰতিষ্ঠানসমূহৰ ভিতৰত অন্যতম।

ইতিহাস[সম্পাদনা কৰক]

এই বিদ্যালয়খন ভাৰতত ব্ৰিটিছ শাসনৰ সময়ত ৰাজনৈতিক এজেণ্ট কৰ্ণেল সিঙে নিৰ্মাণ কৰাইছিল, আৰু সৌৰাষ্ট্ৰ (অঞ্চল)ৰ প্ৰথম ইংৰাজী মাধ্যমৰ বিদ্যালয় আছিল। এই বিদ্যালয় খনক ৰাজকোট ইংৰাজী বিদ্যালয় বুলি কোৱা হৈছিল। ১৮৫৩ চনত ১৭ অক্টোবৰত এই বিদ্যালয় খনৰ স্থাপন কৰা হয়, আৰু পিছলৈ ই এখন পূৰ্ণ পৰ্যায়ৰ উচ্চ মাধ্যমিক বিদ্যালয়ত পৰিণত হয়। ১৮৬৮ চনত ইয়াক ৰাজকোট হাইস্কুল বুলি জনা যায়, আৰু ১৯০৭ চনত ইয়াক আলফ্ৰেড হাইস্কুল নামেৰে নামকৰণ কৰা হয়। জুনাগাধ ৰ নৱাব, নৱাব নৱাব ছাৰ মহম্মদ বাহাদুৰ খানজী বাবিৰ দ্বাৰা কাথিৱাৰৰ বাবে এলফ্ৰেড হাইস্কুলৰ বৰ্তমানৰ ভৱনসমূহ নিৰ্মাণ কৰা হৈছিল, আৰু এডিনবাৰ্গৰ ডিউক প্ৰিন্স আলফ্ৰেডৰ স্মৃতিত তেওঁৰ নামেৰে নামকৰণ কৰা হৈছিল। এই বিদ্যালয়খন ১৮৭৫ চনৰ জানুৱাৰী মামত বোম্বেৰ গবৰ্ণৰ ছাৰ ফিলিপ ৱোডহাউচে মুকলি কৰে।[1]

গান্ধীৰে সম্পৰ্ক[সম্পাদনা কৰক]

মহাত্মা গান্ধীয়ে ১৮৮৭ চনত ৰাজকোট উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৮ বছৰ বয়সত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল।[2] বিদ্যালয়খনৰ গান্ধীৰ সময়ৰ বিভিন্ন নথি পত্ৰৰ কিছু গোলমাল হয়।[3] কেইবাটাও উৎসই এই কথা প্ৰতীয়মান কৰে যে গান্ধী এজন শান্ত আৰু শৈক্ষিকভাৱে নিম্নমানৰ শিক্ষাৰ্থী যি ক্ৰীড়া বা পাঠ্যক্ৰমৰ বাহিৰৰ কাৰ্যকলাপতো অংশগ্ৰহণ কৰা নাছিল।[2][4] গান্ধীয়ে তেওঁৰ স্কুলীয়া শিক্ষাৰ কথা কৈছিল, " মই মোৰ সামৰ্থ্যৰ বিশেষ একো অনুতাপ বোধ কৰা নাছিলোঁ। মই যেতিয়াই পুৰস্কাৰ আৰু ছাত্ৰবৃত্তি লাভ কৰিছিলো মই নিজেই বিস্মিত হৈছিলোঁ। "[4]কিন্তু, ৰাজমোহন গান্ধীয়ে কয় যে গান্ধীৰ এই ধাৰণাটো সত্য নাছিল[3]কিয়নো মহাত্মা গান্ধীয়ে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা বছৰত ৩৮জন শিক্ষাৰ্থীৰ ভিতৰত মাত্ৰ দুজন ছাত্ৰই হে উত্তীৰ্ণ হৈছিল আৰু ইয়াৰ ভিতৰত এজন গান্ধী আছিল। স্নাতকৰ বাবে গান্ধীয়ে ভৱনগৰৰ সমলদাস কলেজত নামভৰ্তি কৰে, য'ত তেওঁ লণ্ডন ভ্ৰমণৰ পূৰ্বে কিছুসময়ৰ বাবে থাকিবলৈ লৈছিল।[3]

১৯৪৭ চনত ভাৰতৰ স্বাধীনতাৰ পিছত, গান্ধীৰ প্ৰতি সন্মান জনাই বিদ্যালয়খনক "মোহনদাস গান্ধী উচ্চ মাধ্যমিক বিদ্যালয়" নামেৰে নামকৰণ কৰা হয়।[5]

২০১৭ চনত, বিদ্যালয়খন বন্ধ কৰা হৈছিল আৰু ইয়াক সংগ্ৰাহালয়লৈ ৰূপান্তৰ কৰা হ'ব বুলি ঘোষণা কৰা হৈছিল। [6]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Source Archived 31 December 2007 at the Wayback Machine", Retrieved on 26 December 2007
  2. 2.0 2.1 R. P. Misra (2007). Rediscovering Gandhi: Hind Swaraj Volume 1: Gandhi's Challenge to Modern Civilization. Concept Publishing Co. পৃষ্ঠা. 102. ISBN 978-8180693755. 
  3. 3.0 3.1 3.2 Rajmohan Gandhi (2006). Gandhi: The Man, His People, and the Empire. University of California Press. পৃষ্ঠা. 17. ISBN 978-0520255708. 
  4. 4.0 4.1 N. Jayapalan (2010). Indian Political Thinkers: Modern Indian Political Thought. Atlantic Publishers & Distributors Pvt Ltd. পৃষ্ঠা. 156. ISBN 978-8171569298. 
  5. "Colonial Tour of RMC Archived 13 February 2008 at the Wayback Machine", Retrieved on 26 December 2007
  6. "School where Mahatma Gandhi studied shuts down after 164 years". 5 May 2017. http://www.ptinews.com/news/8673641_School-where-Mahatma-Gandhi-studied-shuts-down-after-164-years। আহৰণ কৰা হৈছে: 14 May 2017.