ভাইকম সত্যাগ্ৰহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভাইকম সত্যাগ্ৰহ

ভাইকম আন্দোলনৰ নেতাসকল:
টি কে মাধৱন (মাজৰ শাৰীত বহি থকাজন, ফটোৰ শেষৰজন) কে কুমাৰ ( টি কে মাধৱনৰ পিছৰ শাৰীত থিয় হৈ থকা অৱস্থাত শেষৰ দাঢ়ি থকাজন) কে পি কেশৱ মেনন (বহি, তৃতীয়জন) আৰু আমাচাৰি টেৱন
সময়সীমা মাৰ্চ ১৯২৪ৰ পৰা নৱেম্বৰ, ১৯২৫ লৈ
স্থান ভাইকম শ্ৰী মহাদেৱ মন্দিৰ, ট্ৰাভাঙ্কোৰ
প্ৰকাৰ সত্যাগ্ৰহ
Organised by * টি কে মাধৱন
  • কে কেলাপ্পন
  • কে পি কেশৱ মেনন
পৰৰ্ৱতী প্ৰভাৱ ভাইকম মহাদেৱ মন্দিৰৰ উত্তৰ, দক্ষিণ আৰু পশ্চিমৰ প্ৰৱেশদ্বাৰ মুকলি আৰু পোষ্টাৰ মুকলি।

ভাইকম সত্যাগ্ৰহ (ইংৰাজী: Vaikom Satyagraha) হ’ল, ১৯২৪ চনৰ ৩০ মাৰ্চৰ পৰা ১৯২৫ চনৰ ২৩ নৱেম্বৰলৈকে ট্ৰাভাঙ্কোৰ ৰাজ্যৰ ভাইকম মন্দিৰত ৰাজহুৱা প্ৰৱেশাধিকাৰৰ বাবে হোৱা এক অহিংস আন্দোলন। ট্ৰাভাঙ্কোৰ ৰাজ্য ইয়াৰ কঠোৰ আৰু দমনমূলক বৰ্ণ ব্যৱস্থাৰ বাবে জনাজাত আছিল।[1][2][3][4][5][6] ভাৰতীয় জাতীয় কংগ্ৰেছৰ শীৰ্ষস্থানীয় নেতা টি কে মাধৱন, কে কেলাপ্পন, কে পি কেশৱ মেনন, জৰ্জ য’চেফ[7][8], ই ভি ৰামস্বামী পেৰিয়াৰ[9][10] আদিয়ে এই সত্যাগ্ৰহটোৰ নেতৃত্ব লৈছিল আৰু বিভিন্ন সম্প্ৰদায় আৰু বিভিন্ন সমাজকৰ্মীয়ে সক্ৰিয় অংশগ্ৰহণেৰে এই আন্দোলনলৈ সমৰ্থন আগবঢ়াই ইয়াক সফল কৰিছিল।[4]

ট্ৰাভাঙ্কোৰৰ বেছিভাগ ডাঙৰ মন্দিৰে বহু বছৰ ধৰি নিম্ন বৰ্ণৰ (অস্পৃশ্য) লোকসকলক কেৱল মন্দিৰত প্ৰৱেশ কৰাই নহয়, ইয়াৰ চাৰিওফালৰ ৰাস্তাত খোজ কাঢ়িবলৈও নিষেধ কৰিছিল।[11][12] স্বামী শ্ৰী নাৰায়ণ গুৰুৰ অনুগামী এঝাৱা কংগ্ৰেছ নেতা কে মাধৱনে এই আন্দোলনৰ পৰিকল্পনা কৰিছিল। ই এঝাৱা আৰু অস্পৃশ্যসকলৰ বাবে ভাইকম মন্দিৰৰ চাৰিওফালৰ ৰাস্তা ব্যৱহাৰ কৰাৰ অধিকাৰ দাবী কৰিছিল।[5]

মহাত্মা গান্ধীয়ে নিজেই ১৯২৫ চনৰ মাৰ্চ মাহত ভাইকম ভ্ৰমণ কৰিছিল।[4] অৱশেষত ট্ৰাভাঙ্কোৰ চৰকাৰে নিম্ন বৰ্ণৰ ব্যৱহাৰৰ বাবে মন্দিৰৰ ওচৰত নতুন পথ নিৰ্মাণ কৰে। অৱশ্যে, ৰাস্তাবোৰে নিম্ন বৰ্ণৰ লোকসকলক ভাইকম মন্দিৰৰ ওচৰৰ পৰিৱেশৰ পৰা পৰ্যাপ্ত ভাৱে আঁতৰাই ৰাখিছিল আৰু মন্দিৰটো তেতিয়াও নিম্ন বৰ্ণৰ বাবে বন্ধ আছিল।[4][5][13][14] মহাত্মা গান্ধীৰ হস্তক্ষেপৰ পিছত, ৰাজ অধিকাৰী সেতু লক্ষ্মী বাঈৰ সৈতে এক বুজাবুজি কৰা হৈছিল; যাৰ ফলত আন্দোলনত গ্ৰেপ্তাৰ কৰা সকলোকে মুকলি কৰি দিয়া হয় আৰু সকলো জাতিৰ বাবে ভাইকম মহাদেৱ মন্দিৰলৈ যোৱা উত্তৰ, দক্ষিণ আৰু পশ্চিম ৰাজহুৱা পথ মুকলি কৰা হয়। বাঈয়ে পূব পথটো খুলিবলৈ অস্বীকাৰ কৰে। এই আপোচক ই ভি ৰামাস্বামী "পেৰিয়াৰ" আৰু আন কিছুৱে সমালোচনা কৰিছিল। কেৱল ১৯৩৬ চনত, মহাৰাজা চিথিৰা থিৰুনাল বলৰাম বৰ্মাই স্বাক্ষৰ কৰা মন্দিৰ প্ৰৱেশ ঘোষণাপত্ৰৰ পিছত, পূৱ পথটো প্ৰৱেশৰ বাবে মুকলি কৰি দিয়া হৈছিল আৰু নিম্ন বৰ্ণৰ লোকসকলকো মন্দিৰত প্ৰৱেশ কৰাৰ অনুমতি দিয়া হৈছিল।[15][4][5] ভাইকম সত্যাগ্ৰহে স্পষ্টভাৱে কেৰালালৈ অহিংস জনপ্ৰতিবাদৰ পদ্ধতি কঢ়িয়াই আনিছিল।[5]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "God's own challenge". The Indian Express. 24 December 2018. https://indianexpress.com/article/opinion/columns/kerala-secularism-hindus-christians-5506515/। আহৰণ কৰা হৈছে: 27 July 2021. 
  2. N. Vanamamalai; Nā Vān̲amāmalai (1981). Interpretation of Tamil Folk Creations. Dravidian Linguistics Association. https://books.google.com/books?id=sDnaAAAAMAAJ. 
  3. P. Radhakrishnan (2002). India, the Perfidies of Power: A Social Critique. Vedam ebooks. পৃষ্ঠা. 245. ISBN 978-81-7936-003-3. https://books.google.com/books?id=RQpuAAAAMAAJ। আহৰণ কৰা হৈছে: 27 July 2021. 
  4. 4.0 4.1 4.2 4.3 4.4 Sarkar, Sumit (1989). Modern India: 1885–1947. Palgrave Macmillan. পৃষ্ঠা. 229 and 244. ISBN 9781349197125. https://books.google.com/books?id=kOawCwAAQBAJ. 
  5. 5.0 5.1 5.2 5.3 5.4 Jeffrey, Robin (1992). Politics, Women and Well-Being: How Kerala became 'a Model'. Palgrave Macmillan. পৃষ্ঠা. 108 and 118–19. ISBN 978-1-349-12252-3. https://books.google.com/books?id=ENC-DAAAQBAJ. 
  6. Jeffrey, Robin (1976). "Temple-Entry Movement in Travancore, 1860-1940". Social Scientist খণ্ড 4 (8): 13–16. doi:10.2307/3516377. https://www.jstor.org/stable/3516377. 
  7. George, Alphons (2014). "THE ROLE OF GEORGE JOSEPH IN THE VAIKOM SATYAGRAHA". Proceedings of the Indian History Congress (Indian History Congress) খণ্ড 75: 569–574. ISSN 2249-1937. http://www.jstor.org/stable/44158431। আহৰণ কৰা হৈছে: 25 May 2023. 
  8. B.A, Pon Vasanth (30 Mar 2023). "The contribution of an unsung leader, George Joseph, to the Vaikom Satyagraha". The Hindu. https://www.thehindu.com/news/national/tamil-nadu/the-contribution-of-an-unsung-leader-to-the-vaikom-satyagraha/article66681161.ece। আহৰণ কৰা হৈছে: 25 May 2023. 
  9. Chandran, Abhilash (14 Mar 2023). "Periyar, the unsung hero who breathed life back into Vaikom Satyagraha". The New Indian Express. https://www.newindianexpress.com/states/kerala/2023/mar/14/periyar-the-unsung-hero-who-breathed-life-back-into-vaikom-satyagraha-2555787.html। আহৰণ কৰা হৈছে: 25 May 2023. 
  10. Athiyaman, Pazha. (23 Dec 2019). "Periyar, the hero of Vaikom". The Hindu. https://www.thehindu.com/opinion/op-ed/periyar-the-hero-of-vaikom/article62108753.ece। আহৰণ কৰা হৈছে: 25 May 2023. 
  11. Jeffrey, Robin (1976). "Temple-Entry Movement in Travancore, 1860-1940". Social Scientist খণ্ড 4 (8): 14. doi:10.2307/3516377. https://www.jstor.org/stable/3516377. 
  12. Mathew, George (2018). "God's Own Challenge". The Indian Express. https://indianexpress.com/article/opinion/columns/kerala-secularism-hindus-christians-5506515/. 
  13. Menon, Dilip M. (1994). Caste, Nationalism and Communism in South India: Malabar, 1900 - 1948. Cambridge University Press. পৃষ্ঠা. 81–82. https://www.cambridge.org/in/academic/subjects/politics-international-relations/comparative-politics/caste-nationalism-and-communism-south-india-malabar-19001948?format=PB&isbn=9780521051958. 
  14. Sarkar, Sumit (1989). Modern India: 1885–1947. Palgrave Macmillan. পৃষ্ঠা. 229 and 244. ISBN 9781349197125. https://books.google.com/books?id=kOawCwAAQBAJ. 
  15. Anita Diehl (1977). E. V. Ramaswami Naicker-Periyar: A Study of the Influence of a Personality in Contemporary South India. Esselte studium. পৃষ্ঠা. 24. ISBN 978-91-24-27645-4. https://books.google.com/books?id=1CduAAAAMAAJ। আহৰণ কৰা হৈছে: 27 July 2021.