সমললৈ যাওক

শিৱপ্ৰসাদ গুপ্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শিৱপ্ৰসাদ গুপ্ত

ভাৰতৰ ১৯৮৮ চনৰ ডাকটিকটত শিৱপ্ৰসাদ গুপ্ত
জন্ম ২৮ জুন ১৮৮৩
মৃত্যু ২৪ এপ্ৰিল ১৯৪৪
পেচা ভাৰতীয় স্বাধীনতা সংগ্ৰামী


শিৱপ্ৰসাদ গুপ্ত (হিন্দী: शिव प्रसाद गुप्त; ২৮ জুন ১৮৮৩  – ২৪ এপ্ৰিল ১৯৪৪) ভাৰতীয় স্বাধীনতা আন্দোলনৰ এজন দূৰদৰ্শী, দানবীৰ নেতা আৰু মহাত্মা গান্ধী কাশী বিদ্যাপীঠৰ প্ৰতিষ্ঠাপক। অতি ধনী উদ্যোগপতি আৰু "জমিদাৰ" পৰিয়ালৰ যদিও তেওঁ স্বাধীনতা সংগ্ৰামৰ বিভিন্ন আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ, সহায় আৰু আৰ্থিক সাহায্য প্ৰদানৰ বাবে সমগ্ৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁ মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু, লোকমান্য বাল গংগাধৰ তিলক, মদন মোহন মালব্য আৰু আন সকলো জাতীয়তাবাদী নেতাৰ ঘনিষ্ঠ সহযোগী আৰু বন্ধু আছিল, যিসকলে বাৰাণসী ভ্ৰমণৰ সময়ত তেওঁৰ লগত প্ৰায়ে থাকি তেওঁৰ পৰামৰ্শ আৰু সমৰ্থনৰ ওপৰত নিৰ্ভৰ কৰিছিল।

বাৰাণসীত তেওঁ কাশী বিদ্যাপীঠ নামেৰে এখন ৰাজ্যিক বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰে। তদুপৰি ‘ভাৰত মাতা মন্দিৰ’ নামেৰে এটা ৰাষ্ট্ৰীয় ঐতিহ্যৰ স্মৃতিসৌধ; ‘শিৱ প্ৰসাদ গুপ্ত চিকিৎসালয়’ নামেৰে বাৰাণসীৰ অসামৰিক চিকিৎসালয়ৰ লগতে দৈনিক হিন্দী কাকত ‘আজ’ (বৰ্তমানৰ আটাইতকৈ পুৰণি হিন্দী কাকত) প্ৰতিষ্ঠা কৰে। ইয়াৰ বাহিৰেও তেওঁ অন্যান্য বহুতো প্ৰকল্প আৰু জনহিতকৰ কাৰ্যকলাপৰ সৈতে জড়িত আছিল। তেওঁ থলুৱাভাবে নিৰ্মিত খাদী কাপোৰৰ উৎপাদন আৰু বিক্ৰীৰ বাবে আকবৰপুৰত ভাৰতৰ প্ৰথমখন গান্ধী আশ্ৰম স্থাপন কৰিবলৈ ১৫০ একৰ (0.61 বৰ্গ কি.মি.) মাটি প্ৰদান কৰিছিল।

সাফল্য[সম্পাদনা কৰক]

জ্ঞানমণ্ডল লিমিটেডৰ প্ৰকাশন হিন্দী দৈনিক কাকত আজ গুপ্তই ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ সুবিধাৰ স্বাৰ্থত ১৯২০ চনত আৰম্ভ কৰিছিল।[1] গুপ্তই বহু বছৰ ধৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোষাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পঢ়া-শুনা এৰি ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান কৰা যুৱক-যুৱতীসকলক সুযোগ দিবলৈ তেওঁ বাৰাণসীত মহাত্মা গান্ধী কাশী বিদ্যাপীঠ প্ৰতিষ্ঠা কৰিছিল, যিখন বৰ্তমান এখন বিশ্ববিদ্যালয়। এই জাতীয় শিক্ষানুষ্ঠানৰ বাবে গুপ্তাই দহ লাখ টকা আগবঢ়াইছিল।[2] তেওঁ ভাৰত মাতা মন্দিৰ নিৰ্মাণ কৰিছিল, য’ত মাৰ্বলৰ ওপৰত ভাৰতৰ ৰিলিফ মেপ খোদিত কৰা হৈছে। ১৯৩৬ চনত গান্ধীয়ে এই মন্দিৰ উদ্বোধন কৰে।[3]

১৯২৮ চনত বাৰাণসীত অনুষ্ঠিত হ’বলগীয়া দ্য ফাৰ্ষ্ট নেচনেল কংগ্ৰেছৰ সমস্ত ব্যয় আৰু আয়োজন গুপ্তই তেওঁৰ বাসগৃহ সেৱা উপৱনত কৰিছিল, এই ঐতিহাসিক ভৱনটো ছাৰ এডউইন লুটিয়েন্সে তেওঁৰ বন্ধু বাৰাণসীৰ সংগ্ৰাহক মিষ্টাৰ কেটলীৰ বাবে ডিজাইন কৰিছিল আৰু ১৯১৬ চনত ৰাষ্ট্ৰৰতন জীয়ে ইয়াক ক্ৰয় কৰিছিল। গান্ধীয়ে ইয়াৰ নাম সলনি কৰি সেৱা উপৱন দিয়ে, এই নাম ইয়াত জনসাধাৰণক আগবঢ়োৱা আতিথ্যৰ সমাৰ্থক আছিল। ৭৫,০০০ স্কোৱেৰ ফিটৰ এই ভৱনটো গংগা নদীৰ পশ্চিম পাৰত অৱস্থিত আৰু ই প্ৰায় ২০ একৰ মাটিৰে আবৃত। ২০ শতিকাৰ আৰম্ভণিতে ৰাষ্ট্ৰৰতন জীয়ে বেনাৰস হিন্দু বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে প্ৰথম অনুদান হিচাপে ১,০১,০০০/- টকা আগবঢ়াইছিল। নিৰ্মাণৰ বাবে ব্যয় হোৱা মুঠ ৫০ লাখ টকা মদন মোহন মালব্যৰ নেতৃত্বত বিভিন্ন ৰাজ্য আৰু উদ্যোগিক প্ৰতিষ্ঠানৰপৰা সংগ্ৰহ কৰা হৈছিল।

গান্ধীয়ে গুপ্তক "ৰাষ্ট্ৰ ৰত্ন" (দেশৰ অমূল্য ৰত্ন) উপাধি প্ৰদান কৰিছিল।[4]

তথ্যসমূহ[সম্পাদনা কৰক]

  1. Singh, Uma Shanker (2015). "The Politics of Mass Mobilisation: Eastern Uttar Pradesh, c. 1920-1940.". Social Scientist খণ্ড 43 (5/6): 106. http://www.jstor.org/stable/24642349. 
  2. Ramaswamy, Sumathi (2010). The Goddess and the Nation : Mapping Mother India. প্ৰকাশক Durham [N.C.]: Duke University Press. পৃষ্ঠা. 328. ISBN 978-0-8223-9153-1. OCLC 645326473. https://www.worldcat.org/oclc/645326473. 
  3. Ramaswamy, Sumathi (2010). The Goddess and the Nation: Mapping Mother India. প্ৰকাশক Durham: Duke University Press. পৃষ্ঠা. 151. ISBN 9780822345923. 
  4. Louro, Michele L (2018). Comrades against Imperialism: Nehru, India, and Interwar Internationalism. Cambridge University Press. পৃষ্ঠা. 123. ISBN 1108419305.