মোৰ সত্য অন্বেষণৰ কাহিনী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মোৰ সত্য অন্বেষণৰ কাহিনী  
লেখক মোহনদাস কৰমচান্দ গান্ধী
শিৰোনাম સત્યના પ્રયોગો અથવા આત્મકથા
অনুবাদক মহাদেৱ দেশাই (ইংৰাজী অনুবাদ)
অমিয় কুমাৰ দাস (অসমীয়া অনুবাদ)
দেশ ভাৰত
ভাষা গুজৰাটী
আই.এচ.বি.এন. ৮১-৭২২৯-০০৮-X

মোৰ সত্য অন্বেষণৰ কাহিনী (ইংৰাজী: The Story of My Experiments with Truth, গুজৰাটী: સત્યના પ્રયોગો અથવા આત્મકથા) মোহনদাস কৰমচান্দ গান্ধীৰ আত্মজীৱনী। ইয়াত শৈশৱৰপৰা ১৯২১ চনলৈকে তেওঁৰ জীৱনাৱলী প্ৰকাশ হৈছে। এইখন সাপ্তাহিককৈ লিখা হৈছিল আৰু তেওঁৰ কাকত নৱজীৱনত ১৯২৫ চনৰপৰা ১৯২৯ চনলৈ প্ৰকাশ হৈছিল। ইয়াৰ ইংৰাজী অনুবাদ তেওঁৰ অন্যখন কাকত ইয়ং ইণ্ডিয়াত প্ৰকাশ পাইছিল। স্বামী আনন্দ আৰু গান্ধীৰ অন্য ঘনিষ্ঠ সহযোগী সকলে যেতিয়া তেওঁৰ সমজুৱা কাম-কাজসমূহৰ আঁৰৰ কাহিনী ব্যক্ত কৰিবলৈ জোৰ কৰিলে তেতিয়া গান্ধীজীয়ে আত্মজীৱনী লিখা আৰম্ভ কৰিলে। ১৯৯৮ চনত, বিশ্ব আধ্যাত্মিক আৰু ধাৰ্মিক পৰিষদে কিতাপখন বিংশ শতিকাৰ ১০০খন আধ্যাত্মিক কিতাপৰ এখন বুলি অভিহীত কৰে।[1]

কিতাপখন আৰম্ভ হৈছে- তেওঁৰ জন্ম আৰু মাক-দেউতাক, বাল্যকাল, শৈশৱ, পত্নী আৰু মাক-দেউতাকৰ সৈতে সম্পৰ্ক, স্কুলৰ অভিজ্ঞতা, লণ্ডনত তেওঁৰ পঢ়া-শুনা আৰু ভ্ৰমণ, ইংৰাজ ভদ্ৰলোকৰ দৰে হোৱাৰ চেষ্টা, দক্ষিণ আফ্ৰিকালৈ তেওঁৰ যাত্ৰা, বৰ্ণবাদৰ কুসংস্কাৰৰ অভিজ্ঞতা, ধৰ্ম সম্পৰ্কে তেওঁৰ সন্ধান, আফ্ৰিকাত সমজুৱা কাম, ভাৰতলৈ ঘূৰি অহা আৰু ৰাজনৈতিক জাগৰণ আৰু সামাজিক উন্নতিৰ বাবে তেওঁৰ অবিচলিত কৰ্ম আদিৰে।[2] ১৯১৫ চনৰ কংগ্ৰেছৰ নাগপুৰ অধিবেশনৰ বৰ্ণনাৰ পিছতে কিতাপখন হঠাৎ শেষ হয়।[3]

আলোচনা[সম্পাদনা কৰক]

এই আত্মকথাখন আকৰ্ষণীয়, সৰল আৰু প্ৰবচন ধৰ্মী ভাষা আৰু পাৰদৰ্শী সৎ কথকতাৰ বাবে বিখ্যাত। ১৯৯৮ চনৰ এটি সাক্ষাৎকাৰত, গুজৰাটী লেখক হৰিবল্লভ ভায়ানীয়ে এই আত্মজীৱনীখনক গোৱৰ্ধনাৰাম ত্ৰিপাঠীৰ সৰস্বতীচন্দ্ৰ উপন্যাসখনৰ সৈতে যোৱা ৫০ বছৰত গুজৰাটত সৃষ্ট সাহিত্যকৰ্মৰ ভিতৰত গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰিছে।[4]গান্ধীৰ জীৱন আৰু বিচাৰধাৰা সম্পৰ্কে ব্যাখ্যা কৰিবলৈ এই আত্মজীৱনীখন এক মহত্ত্বপূৰ্ণ দস্তাবেজ।

প্ৰভাৱ[সম্পাদনা কৰক]

গান্ধীয়ে নিজৰ আত্মজীৱনীত উল্লেখ কৰিছে যে লিও টলষ্টয়ৰ দ্য কিংডম অব গড ইজ ৱিদিন ইউ, জন ৰাস্কিনৰ আনটু ডিজ লাষ্ট আৰু কবি শ্ৰীমদ ৰাজচন্দ্ৰই তেওঁক প্ৰভাৱিত কৰিছিল।[5][6]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Spiritual books of the century". USA Today. 2 December 1999. https://www.usatoday.com/life/enter/books/book372.htm. 
  2. Joshi, Ramanlal (1997). "Satyana Prayogo Athwa Atmakatha (Experiments with Truth or Autobiography)". In George, K. M.. Masterpieces of Indian Literature. 1. প্ৰকাশক New Delhi: National Book Trust. পৃষ্ঠা. 358–359. ISBN 81-237-1978-7. https://books.google.com/books?id=dXFOAAAAYAAJ. 
  3. Mehta, Chandrakant (1992). "Satyana Prayogo Athva Atmakatha". In Lal, Mohan. Encyclopaedia of Indian Literature: Sasay to Zorgot. প্ৰকাশক New Delhi: Sahitya Akademi. p. 3869. ISBN 978-81-260-1221-3. https://books.google.com/books?id=KnPoYxrRfc0C&pg=PA3869. 
  4. Suhrud, Tridip; Bhayani, Harivallabh (September–October 1998). "Harivallabh Bhayani: In Conversation with Tridip Suhrud". Indian Literature (New Delhi: Sahitya Akademi) খণ্ড 42 (5): 187.  closed access publication – behind paywall
  5. Singh, Purnima (2004). Indian cultural nationalism (Ed. 1st. সম্পাদনা). প্ৰকাশক New Delhi: India First Foundation. পৃষ্ঠা. 290. ISBN 978-81-89072-03-2. https://books.google.com/books?id=coDXAAAAMAAJ&q. 
  6. editor, Wendy Doniger, consulting (1999). Merriam-Webster's encyclopedia of world religions; Wendy Doniger, consulting editor.. প্ৰকাশক Springfield, Mass.: Merriam-Webster. পৃষ্ঠা. 1181. ISBN 978-0-87779-044-0. https://books.google.com/books?id=ZP_f9icf2roC&pg=PA973&dq. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]