সমললৈ যাওক

লীঅ' টলষ্টয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লীঅ' টলষ্টয়

১৯০৮ত য়াছনায়া পলয়ানাৰ জমিদাৰীত ছেৰ্গেই প্ৰ’কুদিন-গৰ্স্কীয়ে টোলা টলষ্টয়ৰ আলোকচিত্ৰ। টলষ্টয়ৰ এইখনেই একমাত্ৰ ৰঙীন আলোকচিত্ৰ।
জন্ম লেভ নিকোলায়েভিছ টলষ্টয়
৯ ছেপ্টেম্বৰ, ১৮২৮
য়াছনায়া পলয়ানা,ৰাছিয়ান সাম্ৰাজ্য
মৃত্যু ২০ নৱেম্বৰ, ১৯১০ (৮২ বছৰ)
এস্তাপ’ভ’,ৰাছিয়ান সাম্ৰাজ্য
পেচা ঔপন্যাসিক,গল্পকাৰ,নাট্যকাৰ,প্ৰবন্ধকাৰ
ভাষা ৰাছিয়ান, ফঁৰাছী
ৰাষ্ট্ৰীয়তা ৰাছিয়ান
সময় ১৮৫২–১৯১০
উল্লেখনীয় কৰ্মৰাজি ৱাৰ এণ্ড পীছ
আনা কাৰেনিনা
এ কনফেশ্যন
দাম্পত্যসংগী ছোফিয়া টলষ্টয়া
সন্তান ১৪

স্বাক্ষৰ

কাউণ্ট লেভ নিকোলায়েভিছ টলষ্টয় (ইংৰাজী: Lev Nikolayevich Tolstoy ,ৰুছ: Лев Никола́евич Толсто́й, উচ্চাৰণ [ˈlʲɛf nʲɪkaˈɫaɪvʲɪtɕ taɫˈstoj] ( শুনক); ৯ ছেপ্টেম্বৰ [পুৰণা নিয়মত ২৮ আগষ্ট] ১৮২৮ – ২০ নবেম্বৰ [পুৰণা নিয়মত ৭ নবেম্বৰ] ১৯১০), বা লীঅ’ টলষ্টয় আছিল এগৰাকী ৰাছিয়ান লেখক যিয়ে প্ৰধানতঃ উপন্যাস আৰু ছুটিগল্প ৰচনা কৰিছিল। পিছলৈ তেওঁ নাটক আৰু বিভিন্ন প্ৰবন্ধও লিখিবলৈ লয়। ১৮৭০ চনত হোৱা এক নৈতিক সংকট আৰু ধাৰ্মিক জাগৰণৰ পিছত তেওঁৰ অত্যন্ত নীতিবাদী আৰু গোড়া ধাৰ্মিক চিন্তাধাৰা সমূহক লৈ সৃষ্টি হোৱা তেওঁৰ জটিল আৰু স্ববিৰোধী ব্যক্তিত্বৰ বাবেও তেওঁ জনাজাত যাৰ পিছৰে পৰা তেওঁ নৈতিক চিন্তাবিদ তথা সমাজ সংস্কাৰক হিচাপেও প্ৰখ্যাত হয়।

চাৰমন অন দ্য মাউণ্টক কেন্দ্ৰ কৰি যীশুৰ ধৰ্মবাণীসমূহৰ তেওঁৰ সাহিত্যিক ব্যাখ্যাই তেওঁক পিছলৈ খ্ৰীষ্ট নৈৰাজ্যবাদ আৰু নৈৰাজ্যশান্তিবাদৰ সমৰ্থক কৰি তোলে। দ্য কিংদম অৱ গড ইজ ৱিদিন য়ু আদি ৰচনাত ফুটি উঠা অহিংস প্ৰতিবাদে মোহনদাস গান্ধী,[1] মাৰ্টিন লুথাৰ কিং, অনুজ[2] আদিকে ধৰি বিংশ শতিকাৰ বহুকেইজন কেন্দ্ৰীয় ব্যক্তিক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিছিল।

জীৱন আৰু পেশা

[সম্পাদনা কৰক]
১৮৪৮ চনত বিশ বছৰীয়া টলষ্টয়

ৰাছিয়াৰ টুলা অঞ্চলৰ য়াছনায়া পলয়ানাত টলষ্টয়ৰ জন্ম হয়। টলষ্টয় পৰিয়াল পুৰণি সম্ভ্ৰান্ত ৰাছিয়াৰ এক বিখ্যাত পৰিয়াল আছিল। লীঅ' টলষ্টয় আছিল ১৮১২ চনৰ দেশভক্তি যুদ্ধৰ সৈনিক কাউণ্ট নিকোলাই ইলাইছ টলষ্টয় আৰু কাউণ্টেছ মাৰিয়া টলষ্টেয়া (ভলকনস্কয়া)ৰ পাঁচটি সন্তানৰ চতুৰ্থ। টলষ্টয়ৰ শিশু অৱস্থাতে পিতৃ-মাতৃৰ মৃত্যু হোৱাত তেওঁ আৰু তেওঁৰ ভাই-ভনীসকলক তেওঁলোকৰ আত্মীয়ই ডাঙৰ-দীঘল কৰে। ১৮৪৪ চনত তেওঁ কাজান বিশ্ববিদ্যালয়ত আইন আৰু পূবদেশীয় ভাষা শিকিবলৈ লয়। তেওঁৰ শিক্ষক সকলে তেওঁক "শিকিবলৈ অপাৰগ আৰু অনিচ্ছুক" আখ্যা দিছিল।[3] শিক্ষা আধাতে সামৰি টলষ্টয় য়াছনায়া পলয়ানালৈ উভতি যায় আৰু বেছিভাগ সময় মস্কো আৰু ছেইণ্ট পীটাৰ্ছবাগত কটাবলৈ লয়। ১৮৫১ চনত জুৱা খেলি বহু টকাৰ ধাৰত পোতগৈ তেওঁ ককায়েকৰ সৈতে ককেছাছ অঞ্চললৈ গুচি যায় আৰু ইম্পেৰিয়েল ৰাছিয়ান সেনাবাহিনীত যোগ দিয়ে। আৰু এই সময়খিনিতেই তেওঁ লিখিবলৈ আৰম্ভ কৰে।

সেনাবাহিনীত লাভ কৰা বিভিন্ন অভিজ্ঞতা আৰু ১৮৫৭ আৰু ১৮৬০–৬১ চনত কৰা দুই ইউৰোপ ভ্ৰমণে তেওঁক পিছলৈ এজন ইন্দ্ৰিয় পৰায়ণ আৰু সুবিধালব্ধ সামাজিক লেখকৰ পৰা এজন অহিংস আৰু ধাৰ্মিক নৈৰাজ্যবাদী ব্যক্তি হিচাপে গঢ়ি তোলে। ১৮৫৭ চনত তেওঁ পেৰিছত এক ৰাজহুৱা ফাঁচী দেখা পায় আৰু এই ঘটনাই তেওঁৰ জীৱনৰ গতি সলনি কৰে। ভাছিলী ব’টকিন নামৰ এক বন্ধুলৈ পঠিওৱা এক পত্ৰত তেওঁ লিখে: "সঁচা কথাটো হ’ল এই চৰকাৰ এক ষড়যন্ত্ৰ,যাক কেবল জনতাক অকল শোষণ কৰিবলৈয়ৈই নহয় দুৰ্নীতিগ্ৰস্ত কৰিবলৈও নিৰ্মাণ কৰা হৈছে ... সেয়েহে মই আৰু কেতিয়াও কোনো চৰকাৰী সেৱা নকৰো। "[4]

১৮৬০–৬১ ৰ ইউৰোপ ভ্ৰমণে তেওঁৰ ৰাজনৈতিক আৰু সাহিত্যিক জীৱনৰ পৰিৱৰ্তনক গঢ় দিয়ে। তাত তেওঁ ভিক্টৰ হিউগোক লগ পায় যাৰ দ্বাৰা ৰচিত লা মিজাৰেবল পঢ়ি টলষ্টয়ে তেওঁৰ ভূয়ঁসী প্ৰশংসা কৰে। এক নকল নাম লৈ ব্ৰাছেলছ্ত নিৰ্বাসিত হৈ থকা ফৰাচী অৰাজকতাবাদী পিয়েৰ-জোছেফ প্ৰউধনৰ ওচৰলৈ ১৮৬১ চনৰ মাৰ্চত টলষ্টয়ে কৰা এক ভ্ৰমণে তেওঁৰ ৰাজনৈতিক দৰ্শনক প্ৰভাৱান্বিত কৰিছিল।

উত্‍সাহিত হৈ টলষ্টয়ে য়াছনায়া পলয়ানালৈ ঘূৰি যায় আৰু ১৮৬২ চনৰ তেওঁৰ ৰচনা "দ্য স্কুল এট য়াছনায়া পলয়ানা"ত উল্লেখ থকাৰ দৰে তেওঁৰ ভূমিদাস সকলৰ ল’ৰা-ছোৱালীসকলৰ বাবে তেৰখন বিদ্যালয় নিৰ্মাণ কৰে।[5] কিন্তু ৰাছিয়াৰ সম্ৰাটৰ গোপন আৰক্ষীবাহিনীৰ অত্যাচাৰত টলষ্টয়ৰ শৈক্ষিক পৰীক্ষণ সমূহ অসম্পূৰ্ণ হৈ ৰয়।

য়াছনায়া পলয়ানাত পূষ্পসজ্জিত টলষ্টয়ৰ কবৰস্থান।

১৯১০ চনত ৮২ বছৰ বয়সত নিউমুনিয়াত ভুগি টলষ্টয়ৰ মৃত্যু হয়।[6] শীতকালৰ শেষভাগত যেতিয়া তেওঁ ঘৰ এৰি গুচি আহে,এষ্টাপোভো ৰে’ল ষ্টেছনত মাজৰাতি তেওঁ মৃত্যুক সাৱটে। এক উচ্চ পৰ্যায়ৰ সামাজিক জীৱন যাপনৰ পৰা সন্ন্যাস লৈ নিজ পৰিবাৰ আৰু পৰিয়ালৰ পৰা আঁতৰি আহিবলৈ কোনোমতে সাহস গোটাবলৈ সক্ষম হৈ গুচি অহাৰ মাত্ৰ কেইদিনমান পিছতেই তেওঁ মৃত্যু মুখত পৰে।[7] তেওঁ ঘৰ এৰি অহা ঘটনা আছিল পত্নী ছোনিয়াৰ পৰা মুক্তি পাবলৈ তেওঁ কৰা চেষ্টাৰ এক অঘোষিত প্ৰয়াস যিয়ে তেওঁৰ শিকনী সমূহৰ প্ৰকাশ্যে বিৰোধিতা কৰিছিল আৰু টলষ্টয়ে তেওঁতকৈ ছাত্ৰসকলক বেছি মনোযোগ দিয়া বুলি অভিযোগ কৰি ঈৰ্ষাপৰায়ণ হৈ পৰিছিল।

মৃত্যুৰ আগৰ সময়খিনিত তেওঁৰ পৰিয়াল আৰু তেওঁৰ স্বাস্থ্যৰ দৈনিক পৰিচৰ্যাত সক্ৰিয় ভাৱে জড়িত লোক সকল তেওঁৰ স্বাস্থ্যক লৈ চিন্তিত হৈ পৰে। মৃত্যুৰ কিছুদিন আগত তেওঁ নিজৰ মৃত্যুৰ কথা কৈছিল আৰু তাৰ বিষয়ে লিখিছিল। আৰু ইয়াৰ কিছুদিন পিছতেই এদিনৰ দক্ষিণমুৱা ৰে’লয়াত্ৰাৰ পিছত এক ৰে’ল ষ্টেছনত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।[8] তাৰ পিছত ষ্টেছন মাষ্টৰে তেওঁক ঘৰলৈ লৈ যায় য’ত তেওঁৰ ব্যক্তিগত চিকিত্সকক মতা হয় আৰু তেওঁক কেম্ফৰ আৰু মৰফিনৰ বেজী দিয়া হয়।

আৰক্ষীয়ে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত সমাবেত হোৱা লোকৰ সংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ বিচাৰিছিল যদিও হেজাৰ হেজাৰ খেতিয়কে পথত শাৰী পাতে। এই খেতিয়কসকলে “কোনোবা ডাঙৰ মানুহ মৰিছে” বুলিহে যে শুনিছিল এনে কথা নহয়,তেওঁলোকে প্ৰত্যেকেই টলষ্টয়ৰ বিষয়ে কিছু কিছু জানিছিল।[9]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]
টলষ্টয়ৰ পত্নী ছ'ফিয়া আৰু জীয়ৰী এলেকজেন্দ্ৰা

১৮৬২ চনৰ ২৩ ছেপ্টেম্বৰত টলষ্টয়ে তেওঁতকৈ ষোল্ল বছৰ সৰু, এজন চিকিত্সকৰ জীয়ৰী ছোফিয়া এন্দ্ৰীভনা বেৰ্ছক বিয়া কৰায়। বন্ধু-বান্ধৱ তথা পৰিয়ালবৰ্গই তেওঁক ছোফিয়াৰ ৰাছিয়ান উপভ্ৰংশ ছোনিয়া বুলি মাতিছিল।[10] তেওঁলোকৰ সৰ্বমুঠ তেৰটি সন্তান আছিল:[11]

  • কাউণ্ট ছেৰ্গেই লভোভিচ টলষ্টয় (১০ জুলাই,১৮৬৩– ২৩ ডিচেম্বৰ,১৯৪৭)
  • কাউণ্টেছ তাত্যানা লভোভিনাটলষ্টয়া, (৪ অক্টোবৰ,১৮৬৪ – ২১ ছেপ্টেম্বৰ,১৯৫০), মিখেইল ছাৰ্গিভিছ ছুখোটিনৰ পত্নী
  • কাউণ্ট ইলীয়া লভোভিছ টলষ্টয় ,(২২ মে,১৮৬৬ – ১১ ডিচেম্বৰ,১৯৩৩), লেখক
  • কাউণ্ট নেভ লভোভিচ টলষ্টয় (১ জুন,১৮৬৯ – ১৮ অক্টোবৰ,১৯৪৫), লেখক আৰু খনিকৰ
  • কাউণ্টেছ মাৰিয়া লভোভিনা টলষ্টয়া (১৮৭১–১৯০৬),নিকোলাই লিঅ’নিড’ভিচ অবলনস্কীৰ পত্নী
  • কাউণ্ট পিটাৰ লভোভিচ টলষ্টয (১৮৭২–১৮৭৩), শিশু অৱস্থাতে মৃত্যু হয়।
  • কাউণ্ট নিকোলাই লভোভিচ টলষ্টয় (১৮৭৪–১৮৭৫), শিশু অৱস্থাতে মৃত্যু হয়।
  • কাউণ্টেছ বাৰবাৰা লভোভিনা টলষ্টয়া (১৮৭৫–১৮৭৫), শিশু অৱস্থাতে মৃত্যু হয়।
  • কাউণ্ট এন্দ্ৰেই লভোভিছ টলষ্টয় (১৮৭৭–১৯১৬), ৰুছ-জাপানী যুদ্ধত ভাগ লয়।
  • কাউণ্ট মাইকেল লভোভিছ টলষ্টয় (১৮৭৯–১৯৪৪)
  • কাউণ্ট এলেক্সি লভোভিছ টলষ্টয় (১৮৮১–১৮৮৬)
  • কাউণ্টেছ এলেক্সেন্দ্ৰা লভোভিনা টলষ্টয়া (১৮ জুলাই,১৮৮৪ – ২৬ ছেপ্টেম্বৰ, ১৯৭৯)
  • কাউণ্ট ইভান লভোভিছ টলষ্টয় (১৮৮৮–১৮৯৫)

এই বিয়াখন আৰম্ভণিৰে পৰা যৌন-সৰ্বস্ব আৰু আবেগবিহীন হিচাপে চিহ্নিত হয় কাৰণ বিয়াৰ আগদিনা টলষ্টয়ে ছোনিয়াক নিজৰ ডায়েৰী সমূহ দি দিয়ে য’ত তেওঁৰ প্ৰাক-বৈবাহিক যৌন জীৱনৰ বৰ্ণনা আছিল আৰু এয়াও লিখা আছিল যে তেওঁৰ ভূসম্পত্তিৰ এক কৰ্মকৰ্ত্ৰীয়ে তেওঁৰ সন্তানক জন্ম দিছে।[10] অৱশ্যে ইয়াৰ পিছতো তেওঁলোকৰ বৈবাহিক জীৱন সুখময় আছিল যিয়ে টলষ্টয়ক ৱাৰ এণ্ড পীছ আৰু আনা কাৰেনিনা লিখিবলৈ স্বাধীনতা প্ৰদান কৰিছিল য’ত ছোনিয়াই তেওঁৰ সহকাৰী,পাণ্ডুলিপি পৰীক্ষক আৰু হিচাপ পৰীক্ষক হিচাপে কাম কৰিছিল।[10] অৱশ্যে পিছলৈ এ. এন. ৱিলছনে তেওঁলোকৰ বৈবাহিক জীৱনক সাহিত্যৰ ইতিহাসত আটাইতকৈ অসুখী বুলি বৰ্ণনা কৰিছিল। এক তীব্ৰ মানসিক পৰিবৰ্তন ঘটি তেওঁ বংশানুক্ৰমিক আৰু উপাৰ্জিত সম্পত্তি,আনকি তেওঁৰ পূৰ্ব প্ৰকাশিত গ্ৰন্থসমূহৰ স্বত্ব্ব পৰ্যন্ত অস্বীকাৰ কৰা আদি ঘটনাই তেওঁৰ আৰু পত্নীৰ মাজত বিবাদ মাতি আনে।

ৰুছ বিপ্লৱৰ পিছত টলষ্টয় পৰিয়ালে ৰাছিয়া ত্যাগ কৰে আৰু বৰ্তমান টলষ্টয়ৰ বংশধৰ সকল ছুইডেন,জাৰ্মানী,য়ুনাইটেড কিংদম,ফ্ৰান্স আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ আদিত বিয়পি আছে যাৰ ভিতৰত ছুইডিছ গায়িকা ভিক্টোৰিয়া টলষ্টয়,ছুইডিছ জমিদাৰ ক্ৰিষ্টোফাৰ প’জ আদি উল্লেখযোগ্য।

উপন্যাস আৰু অন্যান্য সাহিত্যকৰ্ম

[সম্পাদনা কৰক]

ৰাছিয়ান সাহিত্য জগতত টলষ্টয় এক ভোটা তৰা। তেওঁৰ সাহিত্যকৰ্মই ৱাৰ এণ্ড পীছ, আনা কাৰেনিনা আদি বহুচৰ্চিত উপন্যাস আৰু হাজি মূৰাদ,দ্য ডেথ অৱ ইভান ইলীচ আদি উপন্যাসিকা সামৰি লয়। তেওঁৰ সমসাময়িক সাহিত্যিক সকলে টলষ্টয়ৰ ভূঁয়সী প্ৰশংসা কৰে। ফিয়ড’ৰ দস্তয়েভস্কীৰ মতে তেওঁ আছিল সকলো জীৱিত ঔপন্যাসিকৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ। গুস্তাভ ফ্ল’বাৰ্টে ৱাৰ এণ্ড পীছৰ অনুবাদ পঢ়ি তেওঁক "অপূৰ্ব কলাকাৰ আৰু মনোবৈজ্ঞানিক!" বুলি অভিহিত কৰে। টলষ্টয়ক প্ৰায়ে দেখা সাক্ষাত্‍ কৰি থকা এণ্টন চেখভে লিখিছিল, "সাহিত্য জগতত যেতিয়া টলষ্টয়ৰ দৰে সাহিত্যিক থাকে তেতিয়া সাহিত্যিক হোৱাটো খুব সহজ আৰু আনন্দদায়ক যেন লাগে; আনকি তুমি নিজে একো নাপালেও বা পোৱাৰ আশা নাথাকিলেও সেয়া সিমান দুখদায়ক নহয় কাৰণ টলষ্টয়ে অমাৰ সকলোৰে হৈ পায়। সাহিত্যত আৰোপিত মানুহৰ আশা আৰু আকাংখ্যাক টলষ্টয়ে ন্যায় প্ৰদান কৰে। "

পিছৰ সাহিত্যিক-সমালোচক সকলেও টলষ্টয়ৰ কলাত্মকতাক প্ৰশংসা কৰে। ভাৰ্জিনিয়া ৱুল্ফে তেওঁক সকলো ঔপন্যাসিকৰ ভিতৰত শ্ৰেষ্ঠ বুলি ঘোষণা কৰে। মাৰ্চেল প’ষ্ট,ৱিলিয়াম ফ’কনাৰ, ভ্লাডিমিৰ নবোকভ আদিয়েও টলষ্টয়ক প্ৰশংসা কৰে। অৱশ্যে নবোকভে দ্য ডেথ অৱ ইভান ইলিছ আৰু আনা কাৰেনিনাক যথেষ্ট প্ৰশংসা কৰিলেও ৱাৰ এণ্ড পীছৰ শ্ৰেষ্ঠত্বৰ ওপৰত প্ৰশ্ন তোলে আৰু ৰেজাৰেকশ্যন তথা দ্য ক্ৰ্যুট্জাৰ ছোনাটাৰ ক্ষুৰধাৰ সমালোচনা কৰে। .

টলষ্টয়ৰ প্ৰাৰম্ভিক আত্মজিৱনীমূলক উপন্যাস চাইল্ডহুড,বয়হুড,য়ুথ (১৮৫২–১৮৫৬) আদিত এজন ধনী জমিদাৰৰ পুত্ৰই খেতিয়কবোৰ আৰু নিজৰ মাজত থকা পাৰ্থক্যৰ বিষয়ে বুজি উঠাৰ কথা বৰ্ণনা কৰা হৈছে। অৱশ্যে পিছত তেওঁ ইয়াক অত্যধিক অনুভূতিপ্ৰৱণ আখ্যা দিয়ে কাৰণ তেওঁৰ জীৱ্নৰ বহুখিনি সঁচা কথা ইয়াত প্ৰকাশ হৈ যায়।

ক্ৰিমিয়ান যুদ্ধত টলষ্টয়ে এক কামান বাহিনীত দ্বিতীয় পৰ্যায়ৰ সামৰিক বিষয়া হিচাপে কাম কৰে যাৰ কথা তেওঁ চেভাস্তাপ’ল স্কেট্ছেছত বৰ্ণনা কৰিছে। যুদ্ধৰ অভিজ্ঞতাই তেওঁৰ শান্ত মনত জোৱাঁৰ তোলে আৰু ইয়ে পিছলৈ তেওঁৰ সাহিত্যকৰ্ম সমূহত যুদ্ধৰ ভয়াবহতাৰ বিষয়ে বৰ্ণনা কৰাত সহায়ক হয়।[12]

তেওঁৰ লিখনিসমূহত তেওঁ সেই সময়ৰ ৰাছিয়ান সমাজখনৰ এক জাগ্ৰত প্ৰতিচ্ছবি ডাঙি ধৰিবলৈ চেষ্টা কৰা দেখা যায়।[13] দ্য ক’চাক (১৮৬৩) নামৰ উপন্যাসখনত এজন গোড়া ৰাছিয়ান আৰু এজনী ক’চাক ছোৱালীৰ প্ৰেমকাহিনীৰ জৰিয়তেতেওঁ ক’চাক সমাজৰ এক চিত্ৰ ডাঙি ধৰিছে। আনা কাৰেনিনা (১৮৭৭)ত তেওঁ সমাজৰ গোড়ামি আৰু মিথ্যাবাদিতাৰ মাজত বন্দী এগৰাকী মহিলা আৰু খেতিয়কসকলৰ লগত পথাৰত একেলগে কাম কৰা আৰু তেওঁলোকৰ জীৱন-ধাৰণ প্ৰণালী শোধৰাব খোজা টলষ্টয়ৰদৰেই এজন দাৰ্শনিক জমিদাৰৰ কথা সমান্তৰাল ভাৱে বৰ্ণনা কৰিছে। টলষ্টয়ে নিজৰ অভিজ্ঞতাৰ পৰা চৰিত্ৰ সৃষ্টি কৰাৰ উপৰিও নিজৰ জীৱনৰ আধাৰতো কিছুমান চৰিত্ৰত ৰং সানিছিল, ইয়াৰ ভিতৰত ৱাৰ এণ্ড পীছৰ পীয়েৰ বেজুখভ আৰু প্ৰিন্স আন্দ্ৰেই, আনা কাৰেনিনাৰ লেভিন,ৰেজাৰেকশ্যনৰ প্ৰিন্স নেখলাইউদ’ভ।

ৱাৰ এণ্ড পীছক ইয়াৰ নাটকীয় বিশালতা আৰু একতাৰ বাবে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ সমূহৰ এখন আখ্যা দিয়া হয়। ঐতিহাসিক,কাল্পনিক সকলো মিলি ইয়াত প্ৰায় ৫৮০টা চৰিত্ৰ আছে। ইয়াৰ কাহিনীয়ে দৈনন্দিন জীৱনৰ পৰা নেপোলীয়নৰ সমৰকেন্দ্ৰলৈ,ৰাছিয়াৰ আলেকজেণ্ডাৰ প্ৰথমৰ সভাকক্ষৰ পৰা অষ্টেৰ্লিজ আৰু ব’ৰ’দিনৰ যুদ্ধক্ষেত্ৰলৈ গতি কৰে। টলষ্টয়ে ডিচেম্ব্ৰিষ্ট বিদ্ৰোহৰ কাৰণ সমূহ অনুসন্ধানৰ উদ্দেশ্য আগত ৰাখি এই গ্ৰন্থখন ৰচনা কৰে যাৰ কথা তেওঁ শেষ অধ্যায়ত উল্লেখ কৰে যাৰ পৰা গম পোৱা যায় যে আন্দ্ৰে বলকনস্কিৰ পুত্ৰই এই বিদ্ৰোহীসকলৰ এজন হ’ব। অৱশ্যে আশ্চৰ্যজনক ভাৱে টলষ্টয়ে ৱাৰ এণ্ড পীছক ( লগতে সমসাময়িক বহুতো উল্লেখনীয় ৰাছিয়ান সাহিত্যকৰ্মক) উপন্যাস আখ্যা দিব খোজা নাই। টলষ্টয়ৰ মতে আনা কাৰেনিনাহে তেওঁৰ প্ৰথম প্ৰকৃত উপন্যাস।[14]

আনা কাৰেনিনা ৰ পিছত টলষ্টয়ে খ্ৰীষ্ট ধৰ্মৰ বিষয়সমূহৰ ওপৰত মনোনিবেশ কৰে আৰু দ্য ডেথ অৱ ইভান ইলীছ (১৮৮৬) আৰু হোৱাট ইজ ট্যু বি ডান আদি উপন্যাসত খ্ৰীষ্ট দৰ্শনৰ নৈৰাজ্যবাদী চিন্তাৰ প্ৰকাশ ঘটাত ১৯০১চনত ৰাছিয়ান অৰ্থডক্স চাৰ্চৰ লগত তেওঁ সংযোগ বিচ্ছিন্ন হয়।[15]

ধৰ্মীয় আৰু ৰাজনৈতিক বিশ্বাস

[সম্পাদনা কৰক]
ইলিয়া ৰেপিনৰ দ্বাৰা অংকিত খেতিয়কৰ বেশত টলষ্টয় (১৯০১)

১৮৮৪ত টলষ্টয়ে "হোৱাট আই বিলিভ" নামৰ এক গ্ৰন্থ লিখে য’ত খ্ৰীষ্টিয়ান আদৰ্শসমূহৰ ওপৰত নিজৰ অনুভৱৰ কথা মুকলিকৈ প্ৰকাশ কৰে।

টলষ্টয়ে বিশ্বাস কৰিছিল যে এজন সঁচা খ্ৰীষ্টানে গীৰ্জাৰ উপদেশ পালন কৰাতকৈ আত্মশুদ্ধিৰ চেষ্টা কৰি আৰু নিজৰ প্ৰিয়জনৰ উপদেশ মানি চলি অনাবিল আনন্দ পাব পাৰে। তেওঁৰ অহিংস প্ৰতিবাদৰ ধাৰণাও যীশুৰ শিক্ষাসমূহৰ ওপৰতেই আধাৰিত। দ্য কিংদম অৱ ইজ গড ৱিদিন য়ুত উল্লিখিত এই আদৰ্শৰে মহাত্মা গান্ধীক অনুপ্ৰাণিত কৰাৰ দ্বাৰা টলষ্টয়ে অহিংস প্ৰতিবাদৰ ক্ষেত্ৰত বৃহত প্ৰভাৱ পেলাই। তদুপৰি তেওঁ গোড়ামি,ব্যক্তিগত সম্পত্তি,বৈবাহিক প্ৰথা আদিৰ বিৰোধিতা কৰিছিল আৰু যৌন নিষ্কলুষতা,যৌন নিৰ্লিপ্ততা আদিৰ সমৰ্থন কৰিছিল,সেই একেই মত যিবোৰ [[মহাত্মা গান্ধী……|গান্ধীয়েও ডেকাকালত পোষণ কৰিছিল।[16]

খ্ৰিষ্টীয়ান নৈৰাজ্যবাদৰ ধাৰণাৰ সৃষ্টিত টলষ্টয়ৰ বহুমূলীয়া ভূমিকা আছে।[17] তেওঁৰ ধাৰ্মিক মতবাদ সমূহ প্ৰসাৰণৰ বাবে সংগী ভ্লাডিমিৰ ছাৰ্টকভে (১৮৫৪–১৯৩৬) টলষ্টয়ান নামৰ নৈৰাজ্যবাদীসকলৰ এক গোট গঠন কৰে। ১৯১১ চনৰ এনছাইক্লোপিডিয়া ব্ৰিটানিকাত নৈৰাজ্যবাদ সম্বন্ধীয় এক প্ৰবন্ধত প্ৰিন্স পিটাৰ ক্ৰ’প’টকিনে লিখে:

নিজকে নৈৰাজ্যবাদী বুলি ঘোষণা নকৰাকৈয়ে লিও টলষ্টয়ে যীশুৰ ধৰ্মবাণীসমূহৰ পৰা ঊদ্ধৃতি দি পঞ্চদশ আৰু ষোড়শ শতাব্দীৰ জনপ্ৰিয় ধৰ্মযুদ্ধসমূহত জড়িত তেওঁৰ পূৰ্ব্বজ চোজেস্কি,ডেংক আৰু আন বহুতৰে দৰে আইন আৰু সম্পত্তি-কানুনৰ বিৰদ্ধে স্থিতি লয়। নিজৰ সকলো শক্তি গোটাই তেওঁ (বিশেষকৈ দ্য কিংদম অৱ গড ইজ ৱিদিন য়ুত) গীৰ্জা,চৰকাৰ আৰু কানুনৰ বিৰূদ্ধে, বিশেষকৈ সম্পত্তি আইনৰ বিৰূদ্ধে কঠোৰ সমালোচনা কৰে। তেওঁ চৰকাৰক দুষ্টৰ দ্বাৰা অৱদমিত,আৰু নিষ্ঠুৰ শক্তিৰ সাহায্যপ্ৰাপ্ত বুলি অভিহিত কৰে। তেওঁ কয় যে সু-সজ্জিত চৰকাৰ এখন ডকাইটতকৈও বিপদজনক। অৱশ্যে তেওঁৰ ধৰ্মীয় মতামতসমূহ বৰ্তমানৰ ভণ্ডামিসমূহ নিৰীক্ষণ কৰি কৰা হোৱা বাবে ই ধাৰ্মিক আৰু নাস্তিক উভয়ৰে মনঃপুত হয়।[18]

ছামাৰাত দুৰ্ভিক্ষৰ সাহায্যানুস্থানত টলষ্টয়, ১৮৯১।
য়াছনায়া পলয়ানাত টলষ্টয়ৰ ৮০৮০তম জন্মোত্সৱ পালন। ইয়াত পত্নী ছোফিয়া (ফুল তুলি থকা), জীয়ৰী এলেকজেন্দ্ৰা (গাড়ীত বগা চোলা পিন্ধি বহি থকা), টলষ্টয়ৰ সহযোগী ভি.ছাৰ্টকভ (দাড়ি আৰু মোচেৰে তপা মানুহজন) আৰু ছাত্ৰ-ছাত্ৰীবোৰক দেখা গৈছে। এই ছবিখন ১৯০৮ চনতএলেকজেণ্ডাৰ ড্ৰেংকভৰ দ্বাৰা নিৰ্মিত

জীৱনৰ শেষৰ বিশ বছৰত লিখা শ শ ৰচনাত টলষ্টয়ে চৰকাৰে কৰা নৈৰাজ্যবাদিতাৰ বিৰোধিতা কৰে আৰু নৈৰাজ্যবাদৰ হিংসাত্মক দিশবোৰ পৰিহাৰ কৰি পঢ়ুৱৈসকলক ক্ৰপ’টকিন,প্ৰ’উধন আদিৰ দ্বাৰা ৰচিত গ্ৰন্থ পঢ়িবলৈ কয়। ১৯০০ চনত লিখা "অন এনাৰ্কী" নামৰ ৰচনা খনত তেওঁ লিখে; "নৈৰাজ্যবাদী সকল সকলো ক্ষেত্ৰত শুদ্ধ; লাগিলে সেয়া বৰ্তমানৰ পৰিস্থিতিৰ পৰিৱৰ্তনৰ দাবীয়েই হওক বা এই মতবাদেই হওক যে শাসকীয় বৰ্গৰ অনুপস্থিতিত যি হিংসাত্মক কাৰ্য চলিব তেওঁলোক থাকিলেও তাতকৈ কোনোগুণে কম নহয়। নৈৰাজ্যবাদে বিপ্লৱৰ জন্ম দিব বুলি ভবাটো তেওঁলোকৰ ভুল ধাৰণা। ই মাত্ৰ চৰকাৰী সুৰক্ষাৰ প্ৰয়োজন নোহোৱা অলেখ মানুহৰহে জন্ম দিব ... য’ত এক নৈতিক,স্থায়ী বিপ্লৱ হোৱাটো হে সম্ভৱ: আত্মসত্তাৰ জাগৰণৰ বিপ্লৱ। "[19]

হেনৰী জৰ্জৰ মিতব্যয়ী চিন্তাধাৰাই টলষ্টয়ক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰে আৰু তেওঁ ইয়াক ৰেজাৰেকশ্যন নামৰ গ্ৰন্থত আলোচনা কৰে,যিখন গ্ৰন্থই তেওঁ সংযোগবিচ্ছিন্ন কৰাত প্ৰধান ভূমিকা লয়।[20]

১৯০৮ চনত টলষ্টয়ে ভাৰতবৰ্ষই ব্ৰিটিছ ঔপনিবেশিক শাসনৰ পৰা স্বাধীনতা কাঢ়ি আনিবলৈ অহিংসাক মাধ্যম হিচাপে ব্যৱহাৰ কৰিব পাৰে বুলি মতপোষণ কৰি এ লেটাৰ টু এ হিন্দু শীৰ্ষক এক প্ৰবন্ধ ৰচনা কৰে।[21] ১৯০৯ চনত ইয়াৰ এটা সংস্কৰণ গৈ সেই সময়ত দক্ষিণ আফ্ৰিকাত ওকালতি কৰি থকা আৰু লাহে লাহে এজন সমাজ সেৱকলৈ পৰিৱৰ্তিত হ’বলৈ ধৰা মোহনদাস গান্ধীৰ হাতত পৰে। টলষ্টয়ৰ এই চিঠিখন গান্ধীৰ বাবে অমূল্য আছিল। এয়া যে সঁচাকৈয়ে তেওঁৰেই লিখনি তাৰ প্ৰমাণ বিচাৰি গান্ধীয়ে তেওঁলৈ চিঠি লিখি আৰু ইয়ে দুয়োৰে মাজত এক দীঘলীয়া কথোপকথনৰ সূচনা কৰে।[22] টলষ্টয়ৰ দ্য কিংদম অৱ গড ইজ ৱিদিন য়ু পঢ়িও গান্ধীয়ে হিংসা ত্যাগ কৰি অহিংসাৰ পূজাৰী হ’বলৈ উদ্বুদ্ধ হৈছিল যাৰ কথা গান্ধীয়ে নিজৰ আত্মজিৱনীত সোঁৱৰি কৈছিল যে টলষ্টয় "বৰ্তমান যুগৰ অহিংসাৰ সৰ্বশ্ৰেষ্ঠ দূত"। দুই মণিষীৰ এই যোগাযোগ মাত্ৰ এবছৰহে বৰ্তি থাকে কাৰণ ১৯১০ চনৰ নৱেম্বৰত টলষ্টয়ৰ মৃত্যু হয়। আৰু গান্ধীয়ে দক্ষিণ আফ্ৰিকাত তেওঁৰ দ্বিতীয়খন আশ্ৰমক টলষ্টয় কলনী নাম দিয়ে।[23] অহিংস প্ৰতিবাদৰ উপৰিও দুয়ো নিৰানিষাহাৰৰ ওপৰতো সম মতামত পোষণ কৰিছিল যিটো টলষ্টয়ৰ বহু ৰচনাৰ বিষয়বস্তু আছিল।[24]

চলচ্চিত্ৰত টলষ্টয়

[সম্পাদনা কৰক]

২০০৯ চনত জেই পেৰিণিৰ উপন্যাসৰ ওপৰত ভিত্তি কৰি টলষ্টয়ৰ জীৱনৰ শেষ বছৰটিৰ আধাৰত দ্য লাষ্ট ষ্টেছ্ন নামৰ ছবিখন নিৰ্মিত হয়। মাইকেল হফমেনৰ দ্বাৰা নিৰ্দেশিত এই ছবিখনত ক্ৰিষ্টোফাৰ প্লামাৰে টলষ্টয়ৰ চৰিত্ৰত আৰু হেলেন মিৰেনে ছোফিয়া টলষ্টয়াৰ চৰিত্ৰঅত অভিনয় কৰে আৰু দুয়ো অস্কাৰ বঁটাৰ মনোনয়ণ লাভ কৰে। ইয়াৰ উপৰিও তেওঁৰ জীৱনৰ আধাৰত নিৰ্মিত আন আন ছবিসমূহ হ’ল ডিপাৰচাৰ অৱ এ গ্ৰেণ্ড ওল্ড মেন, হাও ফাইন, হাও ফ্ৰেছ দ্য ৰোজেছ ৱেৰ , লীঅ' টলষ্টয় আদি উল্লেখযোগ্য।

টলষ্টয়ৰ জীৱনৰ ওপৰত তেওঁৰ মৃত্যুৰ এটা দশক পূৰ্বে এখন বিখ্যাত ছবি নিৰ্মাণ হৈছিলযি বৰ্তমান বিলুপ্ত। ১৯০১ চনত আমেৰিকান ভ্ৰমণকাৰী প্ৰবক্তা বাৰ্টন হোমছ আৰু আমেৰিকান ছিনেটৰ,ইতিহাসবিদ এলবাৰ্ট জে বেভেৰিজে য়াছনায়া পলয়ানাত টলষ্টয়ক সাক্ষাত কৰে আৰু হোমছে এক কেমেৰাৰে তিনিওৰে কথা-বতৰাৰ চিত্ৰ গ্ৰহণ কৰি থয়। কিন্তু পিছত টলষ্টয়ৰ লগত হোৱা এই সাক্ষাতে বেভেৰিজৰ ৰাষ্ট্ৰপতি হোৱাৰ আশা মষিমূৰ কৰিব বুলি বেভেৰিজৰ উপদেষ্টাসকলে ইয়াক নষ্ট কৰি পেলায়।[25]

গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]



তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Martin E. Hellman, Resist Not Evil in World Without Violence (Arun Gandhi ed.), M.K. Gandhi Institute, 1994, retrieved on December 14, 2006
  2. King, Jr., Martin Luther; Clayborne Carson, et al (2005). The Papers of Martin Luther King, Jr., Volume V: Threshold of a New Decade, January 1959 – December 1960. University of California Press. পৃষ্ঠা. 149, 269, 248. ISBN 0-520-24239-4. http://books.google.com/books?id=TU_HozbJSC8C&pg=PA269. 
  3. "Author Data Sheet, Macmillan Readers". Macmillan Publishers Limited. Archived from the original on August 7, 2021. https://web.archive.org/web/20210807174656/http://www.macmillanreaders.com/wp-content/uploads/2010/08/ads.leotolstoy.pdf। আহৰণ কৰা হৈছে: October 22, 2010. 
  4. A. N. Wilson, Tolstoy (1988), p. 146
  5. Tolstoy, Lev N.; Leo Wiener, translator and editor (1904). The School at Yasnaya Polyana – The Complete Works of Count Tolstoy: Pedagogical Articles. Linen-Measurer, Volume IV. Dana Estes & Company. পৃষ্ঠা. 227. http://books.google.com/books?id=4cQnAAAAYAAJ&pg=PA227. 
  6. Leo Tolstoy. EJ Simmons – 1946 – Little, Brown and Company
  7. The last days of Tolstoy. VG Chertkov. 1922. Heinemann
  8. The Death of Tolstoy
  9. Tolstaya, S.A. The Diaries of Sophia Tolstoy, Book Sales, 1987; Chertkov, V. "The Last Days of Leo Tolstoy," http://www.linguadex.com/tolstoy/index.html, translated by Benjamin Scher
  10. 10.0 10.1 10.2 Susan Jacoby, "The Wife of the Genius" (April 19, 1981) The New York Times
  11. Feuer,Kathryn B. Tolstoy and the Genesis of War and Peace, Cornell University Press, 1996, ISBN 0-8014-1902-6
  12. Government is Violence: essays on anarchism and pacifism. Leo Tolstoy – 1990 – Phoenix Press
  13. Tolstoy: the making of a novelist. E Crankshaw – 1974 – Weidenfeld & Nicolson
  14. Tolstoy and the Novel. J Bayley – 1967 – Chatto & Windus
  15. Church and State. L Tolstoy — On Life and Essays on Religion, 1934
  16. I Cannot Be Silent. Leo Tolstoy. Recollections and Essays, 1937.
  17. Christoyannopoulos, Alexandre (2009). "The Contemporary Relevance of Leo Tolstoy's Late Political Thought". http://archive.org/details/TheContemporaryRelevanceOfLeoTolstoy. "Tolstoy articulated his Christian anarchist political thought between 1880 and 1910, yet its continuing relevance should have become fairly self-evident already." 
  18. Kropotkin, Peter (1911). Encyclopædia Britannica Eleventh Edition. পৃষ্ঠা. 918. http://www.archive.org/stream/encyclopaediabri01chisrich#page/918/mode/2up. "Anarchism" 
  19. Peter Kropotkin: from prince to rebel. G Woodcock, I Avakumović.1990.
  20. Wenzer, Kenneth C. (1997). "Tolstoy's Georgist Spiritual Political Economy (1897–1910): Anarchism and Land Reform". The American Journal of Economics and Sociology খণ্ড 56 (4, Oct). 
  21. Parel, Anthony J. (2002), "Gandhi and Tolstoy", in M. P. Mathai, M. S. John, Siby K. Joseph, Meditations on Gandhi : a Ravindra Varma festschrift, প্ৰকাশক New Delhi: Concept, pp. 96–112, http://books.google.com/books?id=kcpDOVk5Gp8C&lpg=PP1&pg=PA96#v=onepage&q&f=false, আহৰণ কৰা হৈছে: 2012-09-08 
  22. Parel, Anthony J. (2002), "Gandhi and Tolstoy", in M. P. Mathai, M. S. John, Siby K. Joseph, Meditations on Gandhi : a Ravindra Varma festschrift, প্ৰকাশক New Delhi: Concept, pp. 96–112, http://books.google.com/books?id=kcpDOVk5Gp8C&lpg=PP1&pg=PA96#v=onepage&q&f=false, আহৰণ কৰা হৈছে: 2012-09-23 
  23. Tolstoy and Gandhi, men of peace: a biography. MB Green – 1983 – Basic Books
  24. Leo Tolstoy, The First Step, Preface to the Russian translation of Howard William’s The Ethics of Diet, 1892.
  25. Wallace, Irving, 'Everybody's Rover Boy', in The Sunday Gentleman. New York: Simon & Schuster, 1965. p. 117.

বিশদ অধ্যয়ন

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]