মণিলাল গান্ধী
মণিলাল গান্ধী | |
---|---|
জন্ম | ২৮ অক্টোবৰ, ১৮৯২ ৰাজকোট, ৰাজকোট ৰাজ্য, ব্ৰিটিছ ভাৰত |
মৃত্যু | ৫ এপ্ৰিল, ১৯৫৬ (৬৩ বছৰ) দুৰ্বান, নাটাল প্ৰভাইন্স, দক্ষিণ আফ্ৰিকা |
দাম্পত্যসঙ্গী | সুশীলা মাশ্ৰুৱালা (Sushila Mashruwala) (১৯২৭–১৯৫৬) |
পিতৃ-মাতৃ | মোহনদাস কৰমচান্দ গান্ধী কস্তুৰবা গান্ধী |
সন্তান | সীতা, অৰুণ মণিলাল আৰু ইলা |
মণিলাল মোহনদাস গান্ধী (ইংৰাজী: Manilal Mohandas Gandhi; ২৮ অক্টোবৰ ১৮৯২ – ৫ এপ্ৰিল ১৯৫৬)[1][2] আছিল এজন ভাৰতীয় স্বাধীনতা সংগ্ৰামী তথা ইণ্ডিয়ান অপিনিয়নৰ সম্পাদক। তেঁও আছিল মোহনদাস কৰমচান্দ গান্ধী আৰু কস্তুৰবা গান্ধীৰ দ্বিতীয় সন্তান। তেওঁৰ তিনিজন ককায়েক ভায়েক আছিল- হৰিলাল গান্ধী, ৰামদাস গান্ধী আৰু দেৱদাস গান্ধী।
জীৱনৰ সময়ছোৱা
[সম্পাদনা কৰক]ব্ৰিটিছ ভাৰতৰ ৰাজকোটত মণিলালৰ জন্ম হৈছিল। তেওঁৰ প্ৰাৰম্ভিক বছৰ ৰাজকোটত অতিক্ৰম কৰিছিল, আৰু ১৮৯৭ চনত তেওঁ প্ৰথমবাৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰিছিল। পৰিয়ালটো এসময়ত দুৰ্বান আৰু জহান্সবাৰ্গত বাস কৰিছিল[3] ১৯০৬ চনৰ পৰা ১৯১৪ চনৰ ভিতৰত তেওঁ তেওঁৰ পিতৃৰ দ্বাৰা প্ৰতিষ্ঠাপন কৰা দুয়োটা বসতি ৰখা হয়।[3]
ভাৰতলৈ এক চমু ভ্ৰমণৰ পিছত, ১৯১৭ চনত মণিলালে দুৰ্ৰবানৰ ফিক্সত গুজৰাটী-ইংৰাজী সাপ্তাহিক প্ৰকাশন ইণ্ডিয়ান অপিনিয়ন ছপা কৰাত সহায় কৰিবলৈ দক্ষিণ আফ্ৰিকালৈ উভতি আহে। ১৯১৮ চনৰ ভিতৰত, মণিলালে প্ৰেছৰ বাবে বেছিভাগ কাম কৰি আছিল আৰু ১৯২০ চনত সম্পাদক হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰিছিল।
১৯২৭ চনত, মণিলালে সুশীলা মাশ্ৰুৱালাক (২৪ আগষ্ট ১৯০৭-১৯৮৮),[4] বিবাহ কৰে আৰু তেওঁৰ দুগৰাকী কন্যা আছিল, সীতা (বি ১৯২৮) আৰু ইলা (বি ১৯৪০); আৰু এটা সন্তান, অৰুণ (বি ১৯৩৪)।
তেওঁৰ পিতৃৰ দৰে, মণিলালক বহুবাৰ আইনৰ বিৰোধিতাৰ অপৰাধত বহুবাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। তেওঁ ১৯৩০ চনৰ ছল্ট মাৰ্চত গান্ধীৰ সৈতে যোৱা প্ৰাৰম্ভিক ৭৯জন মাৰ্চাৰসকলৰ ভিতৰৰ এজন আছিল, যাৰ বাবে তেওঁ বন্দী হৈছিল।[3]
তেওঁ মৃত্যুৰ আগমুহূৰ্তলৈকে অৰ্থাৎ ১৯৫৬ চনলৈকে ইণ্ডিয়ান অপিনিয়নৰ সম্পাদক আছিল।[5] ষ্ট্ৰ'ক হোৱাৰ পিছত চেৰিব্ৰেল থ্ৰমবোচিছৰ ফলত মণিলালৰ মৃত্যু হয়।
পূৰ্বৱৰ্তী
[সম্পাদনা কৰক]মণিলালৰ সন্তান অৰুণ আৰু ইলাও সামাজিক-ৰাজনৈতিক কৰ্মী। শেহতীয়াকৈ সীতাৰ কন্যা উমা ডি মেষ্টৰীই অলপতে মণিলালৰ ওপৰত জীৱনী প্ৰকাশ কৰিছে।[6]
টোকা
[সম্পাদনা কৰক]- Mesthrie, Uma Dhupelia. Gandhi’s Prirghsoner? The Life of Gandhi’s Son Manilal. Permanent Black: Cape Town, South Africa, 2003.
- Dhupelia-Mesthrie, Uma, "Writing the Life of Manilal Mohandas Gandhi," Journal of Natal and Zulu History 24 & 25 (2006-2007): 188-213.
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Library of Congress LCCN Permalink n90712835" (en ভাষাত). lccn.loc.gov. http://lccn.loc.gov/n90712835। আহৰণ কৰা হৈছে: 2018-10-17.
- ↑ Dhupelia-Mesthrie: Gandhi’s Prisoner? The Life of Gandhi’s Son Manilal, p. 384
- ↑ 3.0 3.1 3.2 Dhupelia-Mesthrie, Uma (2007). "Gandhi's South African Family". India International Centre Quarterly খণ্ড 34 (2): 34–45.
- ↑ Prasad, Archana (21 August 2013). "Remembering Sushila Gandhi 1907-1988". gandhiforchildren.org. Archived from the original on 19 May 2016. https://web.archive.org/web/20160519175828/http://www.gandhiforchildren.org/remembering-sushila-gandhi/। আহৰণ কৰা হৈছে: 19 February 2018.
- ↑ "Manilal Gandhi Dead". Press Trust of India. The Indian Express. 6 April 1956. পৃষ্ঠা 1, 8. https://news.google.com/newspapers?nid=P9oYG7HA76QC&dat=19560406&printsec=frontpage&hl=en। আহৰণ কৰা হৈছে: 19 February 2018.
- ↑ Uma Dhupelia Mesthrie, Gandhi’s Prisoner? The Life of Gandhi’s Son Manilal. (Permanent Black: Cape Town, South Africa, 2003)
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Interview of Ela Gandhi
- The African Activist Archive Project website has an Interview with Manilal Gandhi conducted in South Africa in September 1954 by George M. Houser. At the time he was editor of newspaper Indian Opinion and ran the Phoenix Settlement, both established by his father. There is also a 1947 photograph of Manilal Gandhi at the Community Church of New York, a September 1954 photograph of Mr. and Mrs. Manilal Gandhi at Phoenix Settlement and a 1954 photograph of Chief Albert Luthuli and Manilal Gandhi. Four issues of the newsletter Bulletin: Americans for South African Resistance has information about him: September 1952 issue, the 14 January 1953 issue, the 27 February 1953 issue, and the 1 March 1954 issue.