হৰিজন সেৱক সংঘ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
হৰিজন সেৱক সংঘ
প্ৰতিষ্ঠা ৩০ অক্টোবৰ, ১৯৩২
মুম্বাই, ভাৰত
প্ৰধান  কাৰ্যালয় গান্ধী আশ্ৰম, কিংচ্‌ৱে, দিল্লী
ৱেবছাইট harijansevaksangh.org

হৰিজন সেৱক সংঘ হৈছে ১৯৩২ চনত মহাত্মা গান্ধীৰ দ্বাৰা গঠিত এটি অলাভজনক সামাজিক সংস্থা।[1] ই ভাৰতৰ অস্পৃশ্যতা দূৰীকৰণ, হৰিজন বা দলিত লোকসকলৰ বাবে তথা হতাশাগ্ৰস্ত সকলৰ উন্নতিৰ হকে কাম কৰে। দিল্লীৰ কিংচ্‌ৱে কেম্পত ইয়াৰ মুখ্য কাৰ্য্যালয় আৰু ভাৰতৰ ২৬খন ৰাজ্যত ইয়াৰ শাখা কাৰ্য্যালয় আছে।[2]

ইতিহাস[সম্পাদনা কৰক]

দ্বিতীয় ঘূৰণীয়া মেজমেলৰ পাছত বি আৰ আম্বেদকাৰৰ অনুৰোধত ব্ৰিটিছ চৰকাৰে হতাশাগ্ৰস্ত সকলক সাম্প্ৰদায়িক বঁটা দিবলৈ থিৰাং কৰে। গান্ধীয়ে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰে কাৰণ ই হিন্দু সমাজখনক বিভক্ত কৰিব বুলি তেওঁ আশংকা কৰিছিল। তেওঁ য়ৰবদা ফাটেকত অনিৰ্দিষ্ট কাললৈ অনশনত বহে আৰু ১৯৩২ চনৰ ২৪ ছেপ্টেম্বৰ তাৰিখে আম্বেদকাৰৰ সৈতে পুনা চুক্তি ত চহী কৰি অনশন ভংগ কৰে। সমাজৰপৰা অস্পৃশ্যতা নিবাৰণৰ বাবে ৩০ ছেপ্টেম্বৰত গান্ধীয়ে অল ইণ্ডিয়া এণ্টি আনটাচেবিলিটি লীগ গঠন কৰে, যাক পিছলৈ হৰিজন সেৱক সংঘ নাম দিয়া হয়।[3] সেইসময়ত উদ্যোগপতি ঘনশ্যাম দাস বিৰলা এই সংঘৰ প্ৰতিষ্ঠাপক সভাপতি আৰু অমৃতলাল টক্কৰ সম্পাদক আছিল।[4]

গতিবিধি[সম্পাদনা কৰক]

সংঘই দলিত বৰ্গক মন্দিৰ, বিদ্যালয়, বাট-পথ, পানীৰ উৎস আদি সমজুৱা স্থানত প্ৰৱেশত সহায় কৰে আৰু আন্তঃ ভোজন আৰু বৰ্ণবৈষম্য মূলক বিবাহ আয়োজিত কৰে।[5] সমগ্ৰ দেশতে সংঘই বহুতো স্কুল আৰু ছাত্ৰাবাস নিৰ্মাণ কৰিছে।[6]

১৯৩৯ চনত, তামিলনাডুৰ হৰিজন সেৱক সংঘই উচ্চবৰ্গীয় হিন্দুৰ বাধা সত্ত্বেও দলিত বৰ্গৰ কিছু সদস্যক লৈ মীনাক্ষী আম্মা মন্দিৰত প্ৰৱেশ কৰে। দলিত বৰ্গৰ মাজত পি কক্কনো আছিল। আয়াৰৰ নেতৃত্বত সংঘই তামিলনাডুৰ অন্যান্য ঠাই আৰু ত্ৰভানকৰত অৱস্থিত মন্দিৰত প্ৰৱেশৰ বিভিন্ন আন্দোলন পৰিচালনা কৰিছিল।[7][8] তেওঁলোকৰ আন্দোলনৰ জৰিড়তে ১০০ত কৈও অধিক মন্দিৰৰ দুৱাৰ সমাজৰ সকলো স্তৰৰ লোকৰ বাবে খুলি দিয়া হৈছিল।[9]

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Harijan Sevak Sangh to publicise activities". The Hindu. 10 February 2007. http://www.hindu.com/2007/02/10/stories/2007021020740400.htm। আহৰণ কৰা হৈছে: 6 May 2014. 
  2. "Organisation". Harijan Sevak Sangh. http://www.gandhicreationhss.org/orgsture.php। আহৰণ কৰা হৈছে: 7 May 2014. 
  3. "Naming the reality". 24 May 2018. https://www.telegraphindia.com/1170610/jsp/opinion/story_156002.jsp. 
  4. Ratna G. Revankar (1 January 1971). The Indian Constitution: A Case Study of Backward Classes. Fairleigh Dickinson Univ Press. পৃষ্ঠা. 124. ISBN 978-0-8386-7670-7. https://books.google.com/books?id=ukZRZk_ttYcC&pg=PA124. 
  5. Raj Kumar (1 January 2003). Essays on Dalits. Discovery Publishing House. পৃষ্ঠা. 67. ISBN 978-81-7141-708-7. https://books.google.com/books?id=Z5_dERFH6jMC&pg=PA67. 
  6. Bindeshwar Pathak (1 September 1999). Road to Freedom: A Sociological Study on the Abolition of Scavenging in India. Motilal Banarsidass. পৃষ্ঠা. 70. ISBN 978-81-208-1258-1. https://books.google.com/books?id=2A13gSHm770C&pg=PA70. 
  7. "Man who led Harijans into the temple". The Hindu. 12 March 2013. http://www.thehindu.com/news/cities/Madurai/man-who-led-harijans-into-the-temple/article4500396.ece। আহৰণ কৰা হৈছে: 7 May 2014. 
  8. "Reliving the historic temple entry". The Hindu. 9 July 2013. http://www.thehindu.com/news/cities/Madurai/reliving-the-historic-temple-entry/article4897572.ece। আহৰণ কৰা হৈছে: 7 May 2014. 
  9. Rajendra Kumar Sharma (1997). Rural Sociology. Atlantic Publishers & Dist. পৃষ্ঠা. 172. ISBN 978-81-7156-671-6. https://books.google.com/books?id=Cq99HbGpIWsC&pg=PA172. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]