মীৰাবেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
মীৰাবেন

দাৰ্ৱেন, চাৰ্কোত মহাত্মা গান্ধীৰ সৈতে মীৰাবেন, ১৯৩১
জন্ম মেডেলিন শ্লেড
২২ নৱেম্বৰ, ১৮৯২
মৃত্যু ২০ জুলাই, ১৯৮২ (৮৯ বছৰ)
ভিয়েনা, অষ্ট্ৰিয়া
উল্লেখযোগ্য কৰ্ম চিপকো আন্দোলন
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মবিভূষণ, ১৯৮১

মীৰাবেন (ইংৰাজী: Mirabehn; জন্ম:মেডেলিন শ্লেড; ২২ নৱেম্বৰ ১৮৯২ - ২০ জুলাই ১৯৮২) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, সমাজকৰ্মী আৰু পৰিৱেশবিদ। তেওঁ ১৯২০ৰ দশকত মহাত্মা গান্ধীৰ সৈতে থাকিবলৈ আৰু কাম কৰিবলৈ ইংলেণ্ডৰ গৃহ ত্যাগ কৰিছিল। তেওঁ নিজৰ জীৱন মানৱ বিকাশ আৰু গান্ধীৰ নীতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে উৎসৰ্গিত কৰিছিল। তেওঁ ব্ৰিটিছ বিষয়া ৰিয়াৰ-এডমিৰেল ছাৰ এডমণ্ডশ্লেডৰ কন্যা আছিল। তেওঁ চিপকো আন্দোলনৰ সৈতে জড়িত আছিল। ১৯৮১ চনত তেওঁক ভাৰত চৰকাৰে দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ প্ৰদান কৰিছিল।[1]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৮৯২ চনৰ ২২ নৱেম্বৰ তাৰিখে এক ব্ৰিটিছ পৰিয়ালত মীৰাবেনৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ছাৰ এডমণ্ড শ্লেড ব্ৰিটিছ নৌবাহিনী ৰয়েল নেভিৰ এজন বিষয়া আছিল। তেওঁক প্ৰথমতে ইষ্ট ইণ্ডিজ স্কোয়াড্ৰনৰ কমাণ্ডাৰ-ইন-চীফ হিচাপে নিযুক্তি দিয়া হৈছিল আৰু পিছলৈ নেভেল ইণ্টেলিজেঞ্চ ডিভিজনৰ সঞ্চালক পদ লাভ কৰিছিল।[1] মীৰাবেন শৈশৱৰ বেছিভাগ সময় তেওঁৰ ককাদেউতাকৰ সৈতে অতিবাহিত কৰিছিল। মীৰাৰ ককাদেউতাক এজন সমৃদ্ধশালী ব্যক্তি আছিল। মীৰা সৰুৰে পৰাই এজন প্ৰকৃতি আৰু পশুপ্ৰেমী আছিল।[2]

কিশোৰী মীৰাবেনৰ আন এক আবেগ আছিল লুডৱিগ ভান বিথোভেনৰ সংগীত। তেওঁ পিয়ানো আৰু সংগীতানুষ্ঠানলৈ গৈছিল আৰু আনকি কনচাৰ্ট মেনেজাৰ হ'বলৈও বিচাৰিছিল। ১৯২১ চনত তেওঁ আনকি এজন জাৰ্মান কণ্ডাক্টৰক বিথোভেনৰ সংগীতানুষ্ঠানত লণ্ডন অৰ্কেষ্ট্ৰাৰ নেতৃত্ব দিয়াৰ ব্যৱস্থা কৰিছিল আৰু প্ৰথম বিশ্বযুদ্ধৰ পিছত জাৰ্মান সংগীতজ্ঞসকলৰ ব্ৰিটিছ বৰ্জনৰ সমাপ্তি ঘটাত সহায় কৰিছিল।[1]

তেওঁ ভিয়েনা আৰু জাৰ্মানী ভ্ৰমণ কৰি বিথোভেন বাস কৰা আৰু সংগীত ৰচনা কৰা ঠাইবোৰ চাবলৈ গৈছিল। মীৰাবেনে তেওঁৰ ওপৰত বিস্তৃতভাৱে অধ্যয়ন কৰিছিল। তেওঁ বিথোভেনৰ ওপৰত ৰোমেন ৰোলাণ্ডৰ কিতাপ পঢ়িছিল আৰু পিছত ভিলেনিউভত তেওঁক লগ পাইছিল। এই বৈঠকত ৰোলাণ্ডে তেওঁৰ 'মহাত্মা গান্ধী' নামৰ এখন নতুন কিতাপৰ বিষয়ে উল্লেখ কৰে যিখন তেওঁ তেতিয়া পঢ়া নাছিল। ৰোলেণ্ডে গান্ধীক আন এজন যীচু খ্ৰীষ্ট আৰু বিংশ শতিকাৰ সৰ্বশ্ৰেষ্ঠ ব্যক্তি হিচাপে বৰ্ণনা কৰিছিল।[1][2] ইংলেণ্ডলৈ উভতি অহাৰ পিছত তেওঁ ৰোলাণ্ডৰ গান্ধীৰ জীৱনী পঢ়িছিল আৰু কিতাপখনে তেওঁক মহাত্মাৰ শিষ্য হ'বলৈ সৈমান কৰিছিল। তেওঁ গান্ধীক চিঠি লিখিছিল আৰু তেওঁৰ সৈতে সাবৰমতী আশ্ৰমত থাকিব পাৰিবনে নে নাই সুধিছিল। গান্ধীয়ে উত্তৰত তেওঁক নিমন্ত্ৰণ কৰিছিল কিন্তু লগতে আশ্ৰমৰ আৱাসীসকলৰ অনুশাসনৰ বিষয়ে সতৰ্ক কৰি দিছিল।[3] সিদ্ধান্ত লোৱাৰ পিছত তেওঁ নিৰামিষভোজন, যঁতৰত সূতা কটা আৰু তীক্ষ্ণতাবাদকে ধৰি ভাৰতত এজন তপস্বীৰ জীৱনৰ সকলো প্ৰয়োজনীয় শিক্ষাৰে নিজকে প্ৰশিক্ষণ দিছিল। একে বছৰে তেওঁ ইংলেণ্ডত ইয়ং ইণ্ডিয়াৰ সদস্যতা লৈছিল আৰু পেৰিছত তেওঁৰ কিছু সময় শ্ৰীমদ্ভগৱতগীতা আৰু ফৰাচী ভাষাৰ ঋকবেদ পঢ়ি সময় অতিবাহিত কৰিছিল।[4]

ভাৰতত জীৱন আৰু স্বাধীনতা আন্দোলনত ভূমিকা[সম্পাদনা কৰক]

মহাত্মা গান্ধীৰ সৈতে মীৰা বেন (সোঁফালে) গ্ৰীণফিল্ড মিল, ডাৰৱেন, লেঙ্কাশ্বায়াৰ

তেওঁ ১৯২৫ চনৰ ৭ নৱেম্বৰত আহমেদাবাদত উপস্থিত হৈছিল। তেওঁক মহাদেৱ দেশাই, বল্লভভাই পেটেল আৰু স্বামী আনন্দে অভ্যৰ্থনা জনাইছিল। তেওঁ ভাৰতত প্ৰায় চৌত্ৰিশ বছৰ কাল বসবাস কৰিছিল।[4] ভাৰতত থকা কালছোৱাত মীৰাবেনে হিন্দী শিকিবলৈ গুৰুকুল কাহংৰীলৈ গৈছিল। তাৰ পিছত তেওঁ স্বামী পৰমানন্দ মহাৰাজৰ আশীৰ্বাদ প্ৰাপ্ত কৰিবলৈ তেওঁৰ দ্বাৰা স্থাপিত ৰেৱাৰীৰ ভাগৱত ভক্তি আশ্ৰমলৈ গৈছিল। তেওঁ মহাত্মা গান্ধীক ভাগৱত ভক্তি আশ্ৰমত তেওঁৰ অভিজ্ঞতাৰ বিষয়েও লিখিছিল।

মীৰাবেন গান্ধী আৰু আনসকলৰ সৈতে ১৯৩১ চনত লণ্ডনত ৰাউণ্ড টেবল কনফাৰেন্স বা ঘূৰণীয়া মেজমেললৈ গৈছিল। লণ্ডনৰ পৰা উভতি আহোঁতে মীৰাবেন আৰু গান্ধীয়ে এসপ্তাহৰ বাবে ৰোলাণ্ড ভ্ৰমণ কৰিছিল। ৰোলাণ্ডে মীৰাবেনক বিথোভেনৰ ওপৰত এখন কিতাপ দিছিল যিখন তেওঁ ভাৰতত থাকোঁতে লিখিছিল। ১৯৬০ চনত কিতাপখন তেওঁ পঢ়িবলৈ আৰম্ভ কৰাৰ লগে লগে অষ্ট্ৰিয়ালৈ যাবলৈ আৰু বিথোভেনৰ সংগীতৰ দেশত তেওঁৰ জীৱনৰ বাকীছোৱা দিনবোৰ কটাবলৈ সৈমান হয়।[1] ১৯৩১ চনত অসহযোগ আন্দোলন আৰম্ভ হোৱাৰ ফলত তেওঁ আন্দোলনত জঁপিয়াই পৰে। ইয়াৰ বাবে তেওঁ ১৯৩২-৩৩ চনত কাৰাবাস খাটিব লগীয়া হৈছিল।[5]

ভাৰতৰ গোচৰত অনুৰোধ কৰিবলৈ তেওঁ ডেভিদ লয়ড জৰ্জ, জেনেৰেল স্মাটছ আৰু উইনষ্টন চাৰ্চিলৰ সৈতে বিদেশলৈ গৈছিল আৰু আমেৰিকা ভ্ৰমণ কৰিছিল। ইয়াত তেওঁ শ্ৰীমতী ৰুজভেল্টক হোৱাইট হাউচত লগ পাইছিল। মীৰাবেনে সেৱাগ্ৰাম আশ্ৰম স্থাপনৰ ক্ষেত্ৰতো সক্ৰিয় আগ্ৰহ লৈছিল আৰু ১৯৪২ চনৰ আৰম্ভণিতে যিকোনো সম্ভাৱ্য জাপানী আক্ৰমণ অহিংসভাৱে প্ৰতিৰোধ কৰিবলৈ উৰিষ্যাৰ লোকসকলৰ মাজত কাম কৰিছিল। ১৯৪২ চনৰ আগষ্টৰ পৰা ১৯৪৪ চনৰ মে' মাহলৈ পুনেৰ আগা খান প্ৰাসাদত তেওঁক গান্ধীৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছিল আৰু আটক কৰা হৈছিল য'ত তেওঁ মহাদেৱ দেশাই আৰু কস্তুৰবা গান্ধীৰ মৃত্যু হৈছিল। তেওঁ চিমলা সন্মিলন আৰু কেবিনেট মিছন, অন্তৱৰ্তীকালীন চৰকাৰ আৰু সংবিধান সভা, ভাৰত বিভাজন আৰু মহাত্মা গান্ধীৰ হত্যাৰ সাক্ষী আছিল।

ভাৰতত স্বাধীনতাৰ পিছৰ জীৱন[সম্পাদনা কৰক]

আগা খান প্ৰাসাদৰ পৰা মুক্তি পোৱাৰ পিছত গান্ধীৰ অনুমতিত তেওঁ ৰুৰকীৰ ওচৰৰ এটা স্থান মৌলদাসপুৰ মাজৰা নামৰ এখন গাঁৱত কিষাণ আশ্ৰম স্থাপন কৰে। মাটিখিনি স্থানীয় গাওঁবাসীয়ে তেওঁক দান কৰিছিল। ভাৰতৰ স্বাধীনতাৰ পিছত তেওঁ ঋষিকেশৰ ওচৰত পশুলোক আশ্ৰম আৰু ১৯৫২ চনত ভিলাঙ্গানাত বাপু গ্ৰাম আৰু গোপাল আশ্ৰম নামৰ এটা বসতি স্থাপন কৰে। [4] তেওঁ এই আশ্ৰমসমূহত দুগ্ধজাত আৰু খেতিৰ পৰীক্ষা-নিৰীক্ষা কৰিছিল আৰু কাশ্মীৰত অলপ সময় অতিবাহিত কৰিছিল। তেওঁ কুমাও আৰু গড়ৱালত কটোৱা সময়ছোৱাত তেওঁ তাত থকা অৰণ্যধ্বংস আৰু সমভূমিত বানপানীৰ ওপৰত ইয়াৰ প্ৰভাৱ লক্ষ্য কৰিছিল। তেওঁ 'চামথিং ৰং ইন হিমালয়' শীৰ্ষক এখন প্ৰবন্ধত এই বিষয়ে লিখিছিল কিন্তু তাইৰ পৰামৰ্শ বন বিভাগে উপেক্ষা কৰিছিল। ১৯৮০ৰ দশকত এই অঞ্চলবোৰত চিপকো আন্দোলন নামৰ অৰণ্য ৰক্ষা কৰিবলৈ এক বৃহৎ গান্ধীবাদী পৰিৱেশ অভিযান প্ৰত্যক্ষ কৰা হৈছিল।[6]

তেওঁ ১৯৫৯ চনত ইংলেণ্ডলৈ উভতি আহিছিল। ১৯৬০ চনত তেওঁ অষ্ট্ৰিয়ালৈ স্থানান্তৰিত হয় আৰু ভিয়েনা উডছৰ সৰু গাঁওসমূহত ২২ বছৰ অতিবাহিত কৰিছিল। ১৯৮২ চনৰ ২০ জুলাই তাৰিখে অষ্ট্ৰিয়াৰ ভিয়েনাত তেওঁৰ মৃত্যু হয়।[7]

তেওঁক ১৯৮১ চনত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ প্ৰদান কৰা হৈছিল।[8]

সাহিত্য কৰ্ম[সম্পাদনা কৰক]

১৯৮৩ চনৰ এটা ভাৰতীয় ডাক-টিকটত মীৰাবেন

মীৰাবেনৰ আত্মজীৱনীৰ শিৰোনাম হৈছে 'স্পিৰিছুৱেল পিলগ্ৰীমেজ' অৰ্থাৎ 'আধ্যাত্মিক তীৰ্থযাত্ৰা'। তেওঁ 'বাপুছ লেটাৰ্ছ টু মীৰা' আৰু 'নিউ এণ্ড অল্ড গ্লিনিংছ' প্ৰকাশ কৰিছিল। [9][10] মৃত্যুৰ সময়ত তেওঁ 'দা স্পিৰিট অফ বিথোভেন' নামৰ এখন অপ্ৰকাশিত জীৱনীও এৰি গৈছিল।[11]

জনপ্ৰিয় সংস্কৃতিত[সম্পাদনা কৰক]

অভিনেত্ৰী গেৰাল্ডিন জেমছে ৰিচাৰ্ড এটেনবৰোৰ ছবি 'গান্ধী'ত মীৰাবেনৰ চৰিত্ৰক চিত্ৰিত কৰিছিল। ছবিখন ১৯৮২ চনত মেডেলিন শ্লেডৰ মৃত্যুৰ কেইবামাহ পিছত মুক্তি লাভ কৰিছিল। সুধীৰ ককাৰৰ 'মীৰা এণ্ড মহাত্মা' তেওঁৰ শিষ্য মীৰাবেন হিচাপে গান্ধী আৰু মেডেলিনৰ মাজৰ সম্পৰ্কৰ এক কাল্পনিক বিৱৰণ।[3]

গ্ৰন্থৰাজি[সম্পাদনা কৰক]

  • Spirits Pilgrimage, by Mirabehn. Great River Books. 1984. আই.এচ.বি.এন. 0-915556-13-8.
  • New and old gleanings, by Mirabehn. Navajivan Pub. House. 1964.
  • Letters to Mirabehn, by Mahatma Gandhi. Greenleaf Books. 1983. আই.এচ.বি.এন. 0-934676-53-4.

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 Lindley, Mark. "Mirabehn, Gandhi and Beethoven". Academia.edu. https://independent.academia.edu/MLindley/Papers/1248421/Mirabehn_Gandhi_and_Beethoven. 
  2. 2.0 2.1 Gupta, Krishna Murti (14 August 1993). "Mira Behn: A friend of nature". India Environment Portal. http://www.indiaenvironmentportal.org.in/opinion/mira-behn-friend-nature. 
  3. 3.0 3.1 Singh, Khushwant (1 October 2005). "IN LOVE WITH THE MAHATMA". The Telegraph. http://www.telegraphindia.com/1051001/asp/opinion/story_5300910.asp. 
  4. 4.0 4.1 4.2 "Associates of Mahatma Gandhi, Mirabehn". mkgandhi.org. http://www.mkgandhi.org/associates/Mirabehn.htm. 
  5. "WOMEN AND INDIA'S INDEPENDENCE MOVEMENT". http://myproject22.tripod.com/women_and_india.htm. 
  6. Langston, Nancy (22 April 2007). "Significant Women in Forestry". Society of American Foresters. http://encyclopediaofforestry.org:80/index.php/Significant_Women_in_Foresty। আহৰণ কৰা হৈছে: 9 July 2012. 
  7. Ghosh, Ruchira (2018-05-01). "Mirabehn: A Key Player In The Indian Freedom Struggle" (en-US ভাষাত). Feminism In India. https://feminisminindia.com/2018/05/02/mirabehn-contribution-freedom-struggle/। আহৰণ কৰা হৈছে: 2019-10-15. 
  8. "Associates of Mahatma Gandhi : Mirabehn". www.mkgandhi.org. https://www.mkgandhi.org/associates/Mirabehn.htm। আহৰণ কৰা হৈছে: 2019-10-15. 
  9. "Mira Behn, disciple of Mahatma Gandhi". indiavideo.org. http://www.indiavideo.org/text/mira-behn-1225.php. 
  10. "Books by Mirabehn". amazon.com. https://www.amazon.com/s?ie=UTF8&rh=n%3A283155%2Ck%3AMirabehn%5Cc&page=1. 
  11. "The making of Mirabehn". The Hindu. 24 September 2000. http://hindu.com/2000/09/24/stories/13240864.htm. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]