২০ জুলাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা

২০ জুলাই দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২০১ তম (অধিবৰ্ষত ২০২ তম) দিন। বছৰটো শেষ হ’বলৈ আজিৰ পৰা মুঠ ১৬৪ টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

  1. ১৮৯৮ চনৰ আজিৰ দিনটোতে সংস্কৃত পণ্ডিত, ভাষাতত্ববিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া উপাচাৰ্য পণ্ডিত প্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈৰ জন্ম হয় ।
  2. ১৩০৪ চনৰ আজিৰ দিনটোতে ইটালীৰ কবি, পণ্ডিত পেট্ৰাৰ্কৰ জন্ম হয়।
  3. ১৯৬৯ চনৰ আজিৰ তাৰিখতে বৰাহগিৰি বেংকটগিৰি নিৰ্বাচনত বিজয়ী হৈ ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয় ৷
  4. ১৯৫০ চনৰ আজিৰ দিনটোতে ভাৰতীয় ছবিজগতৰ শক্তিশালী অভিনেতা নাছিৰুদ্দিন শ্বাহৰ জন্ম হয় । ২০০৩ চনত তেওঁ অভিনয় আৰু অসামান্য পাৰদৰ্শিতাৰ বাবে পদ্মবিভূষণ উপাধিৰে সন্মানিত হয় আৰু একাধিক ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ শ্ৰেষ্ঠ অভিনেতাৰো সন্মান লাভ কৰে।
  5. ১৯৩৭ চনৰ আজিৰ দিনটোতে পদাৰ্থবিদ, তথা অনাতাঁৰ (ৰেডিঅ’)ৰ উদ্ভাৱক গুগ্লিয়েম’ মাৰ্কনিয়ে মৃত্যু বৰণ কৰে ।
  6. আজি কলম্বিয়াৰ ৰাষ্ট্ৰীয় দিৱস।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]