৯ জুলাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

৯ জুলাই (ইংৰাজী: 9 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৯০তম (অধিবৰ্ষত ১৯১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৭৫টা দিন বাকী থাকে।

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৮১০ - নেপোলিয়নৰ অধীনত হলেণ্ড (নেদাৰলেণ্ড) ফ্ৰান্সৰ অন্তৰ্ভুক্ত হয়॥
  • ১৮১৬ - আৰ্জেণ্টিনাই স্পেইনৰ পৰা স্বাধীনতা লাভ কৰে।
  • ১৮৭৭ - টেনিছৰ উইম্বলডন প্ৰতিযোগিতাৰ উদ্বোধন হয়।
  • ১৯৫১ - ভাৰতবৰ্ষত পোনপ্ৰথম বাৰৰ বাবে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা ঘোষণা কৰা হয়।
  • ১৯৯৯ - অসম চুক্তিৰ আধাৰত নিৰ্মিত অসমৰ চতুৰ্থটো তেল শোধনাগাৰ নুমলীগড় তেল শোধনাগাৰ ৰাষ্ট্ৰৰ সেৱাৰ বাবে মুকলি কৰা হয়।
  • ২০০৬ - সম্পূৰ্ণ ৪৪বছৰৰ পাছত ঐতিহাসিক নাথুলা গিৰিপথ মুকলি কৰা হয়। ১৪,৫০০ ফুট উচ্চতাত অৱস্থিত এই এইগিৰিপথ মুকলি হোৱাৰ লগে লগে চীন-ভাৰতৰ বাণিজ্যিক সম্পৰ্ক স্থাপন হয়।
  • ২০০৬ - জাৰ্মানীত অনুষ্ঠিত বিশ্বকাপ ফুটবলৰ চেম্পিয়ন খিতাপ লাভ কৰে ইটালীয়ে।

জন্ম[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]

  • ১৮৫৬ - আমেদিও এভ'গেড্ৰ', ইটালীৰ ৰসায়ন বিজ্ঞানী, এভ'গেড্ৰ' সংখ্যা বা ধ্ৰুৱকৰ আৱিষ্কাৰক।
  • ১৯৬৭ - ফাতিমা জিন্নাহ, পাকিস্তানী দন্ত চিকিৎসক আৰু জীৱনীকাৰ।
  • ১৯৯৪ - ৰাম গগৈ, প্ৰগতিশীল কবি, পথাৰৰ কবি ৰূপে খ্যাত।
  • ২০০২ - মহামহোপাধ্যায় বিশ্বনাৰায়ণ শাস্ত্ৰী, আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন সংস্কৃত পণ্ডিত, প্ৰাক্তন সাংসদ।

দিৱস[সম্পাদনা কৰক]