নুমলীগড় তেল শোধনাগাৰ
দেশ | ভাৰত |
---|---|
ৰাজ্য | অসম |
চহৰ | নুমলীগড় |
ভৌগোলিক স্থানাংক | 26°34′43″N 93°47′05″E / 26.5786°N 93.7848°Eস্থানাংক: 26°34′43″N 93°47′05″E / 26.5786°N 93.7848°E |
শোধনাগাৰৰ তথ্য | |
গৰাকী | অইল ইণ্ডিয়া লিমিটেড অসম চৰকাৰ ইঞ্জিনিয়াৰৰ্ছ ইণ্ডিয়া লিমিটেড |
অনুমোদন | ১৯৯৯ |
ধাৰণক্ষমতা | বছৰি ৩ নিযুত মেট্ৰিক টন |
নুমলীগড় তেল শোধনাগাৰ (ইংৰাজী: Numaligarh Refinery) অসমৰ গোলাঘাট জিলাৰ নুমলীগড়ৰ মৰঙীত অৱস্থিত এটা খাৰুৱা তেলৰ শোধনাগাৰ। অসম আন্দোলনৰ পাছত হোৱা স্বাক্ষৰিত হোৱা চুক্তি অনুসাৰে চতুৰ্থটো ৩ মিলিয়ন মেট্ৰিক টন ক্ষমতাৰ শোধনাগাৰটো স্থাপন কৰা হৈছিল। এই শোধনাগাৰটোৰ ১২.৩৪ শতাংশৰ অংশীদাৰ হৈছে অসম চৰকাৰ। ১৯৯৯ চনত ২৭২৪ কোটি টকাত নুমলীগড়ত ভাৰতীয় প্ৰযুক্তিৰ আধাৰত এই শোধনাগাৰটো মুকলি কৰা হৈছিল।[1] ই ভাৰত চৰকাৰৰ অধীনস্থ অইল ইণ্ডিয়া লিমিটেড (৮০.১৬%) আৰু অসম চৰকাৰৰ (১৫.৪৭%) আৰু ইঞ্জিনিয়াৰৰ্ছ ইণ্ডিয়া লিমিটেডৰ (৪.৩৭%) মাজত এক যৌথ উদ্যোগ।
পটভূমি
[সম্পাদনা কৰক]১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰবেশকাৰীসকলৰ বিৰুদ্ধে অসমত অসম আন্দোলন চলিছিল। ইয়াক স্বাধীন ভাৰতৰ অন্যতম শক্তিশালী আন্দোলন হিচাপে গণ্য কৰা হয়। সদৌ অসম ছাত্ৰ সন্থা আৰু "সদৌ অসম গণ সংগ্ৰাম পৰিষদ"এ অসম আন্দোলনৰ নেতৃত্ব বহন কৰিছিল[2]। অহিংস হিচাপেই আৰম্ভ হোৱা এই আন্দোলন পিছলৈ নেলীৰ হত্যাকাণ্ডকে ধৰি কিছু পৰিমাণে হিংসাত্মক হৈ পৰিছিল। ১৯৮৫ চনত আন্দোলনৰ নেতাসমূহ আৰু ভাৰত চৰকাৰৰ মাজত হোৱা অসম চুক্তি মতে অসম আন্দোলনৰ অন্ত পৰে। এই চুক্তিত আন কেইবাটাও চৰ্তৰ লগতে গোলাঘাট জিলাৰ নুমলীগড়ত তেল শোধনাগাৰ স্থাপন কৰাও অন্যতম চৰ্ত আছিল।[3]
বৰ্তমান স্থিতি
[সম্পাদনা কৰক]২০১৪ চনলৈকে নুমলীগড় তেল শোধনাগাৰৰ ক্ষমতা প্ৰতি বছৰে ৩ নিযুত মেট্ৰিক টন আছিল।[4] ২০১৯ চনৰ জানুৱাৰী মাহত অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিয়ে শোধনাগাৰটোৰ ক্ষমতা প্ৰতি বছৰে ৯ নিযুত মেট্ৰিক টনলৈ বৃদ্ধি কৰাৰ পৰিকল্পনাত অনুমোদন জনায়।[5]
২০২১ চনত ভাৰত চৰকাৰ নিৰ্বিনিয়োজন নীতিৰ আধাৰত নুমলীগড় শোধনাগাৰৰ ভাৰত পেট্ৰ’লিয়াম কৰ্পৰেচন লিমিটেডৰ হাতত থকা ৬১.৬৫ শতাংশ শ্বেয়াৰ অইল ইণ্ডিয়া লিমিটেড, অসম চৰকাৰ আৰু ইঞ্জিনিয়াৰৰ্ছ ইণ্ডিয়া লিমিটেডক বিক্ৰী কৰা হয়। কেন্দ্ৰীয় চৰকাৰে ৯৮৭৫.৯৬ কোটি টকাত ভাৰত পেট্ৰ'লিয়ামৰ অংশীদাৰীত্ব বিক্ৰী কৰি অন্য তিনিটা ৰাজহুৱা খণ্ডলৈ হস্তান্তৰ কৰে। এই চুক্তি অনুসৰি ভাৰত পেট্ৰ’লিয়াম কৰ্পৰেচন লিমিটেডৰ ৬১.৬৫ শতাংশ শ্বেয়াৰৰ পৰা অইলে ৫৪.১৬ শতাংশ, অসম চৰকাৰে ৩.১২ শতাংশ শ্বেয়াৰ ক্ৰয় কৰে। ইয়াৰ ফলত অইলৰ অংশীদাৰীত্ব ২৬ শতাংশৰ পৰা ৫৪.১৬ শতাংশ বৃদ্ধি হৈ ৮০.১৬ শতাংশ হয়, অসম চৰকাৰৰ অংশীদাৰীত্ব ১২.৩৫ শতাংশৰ পৰা ১৫.৪৭ শতাংশ হয়। নতুনকৈ ই আই এল অৰ্থাৎ ইঞ্জিনিয়াৰৰ্ছ ইণ্ডিয়া লিমিটেডে ৪.৩৭ শতাংশ শ্বেয়াৰৰ অংশীদাৰ হয়।[6]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ পৰমেশ দেৱ চৌধুৰী (২৯ অক্টোবৰ ২০১৩). "অসমৰ শোধানাৰকেইটা". দৈনিক জনমভূমি: ৪ পৃষ্ঠা.
- ↑ [1] Archived 2011-07-25 at the Wayback MachineDigital NorthEast, আহৰণ ১১.১০.২০১১
- ↑ [2]Tripartite talks to review the implementation of the Assam Accord held in New Delhi on 31.05.2000, আহৰণ ১১.১০.২০১১
- ↑ "Numaligarh Refinery expansion project to cost Rs 20,000 cr". Business Standard. 25 November 2014. http://www.business-standard.com/article/companies/numaligarh-refinery-expansion-project-to-cost-rs-20-000-cr-114112501381_1.html.
- ↑ "Numaligarh refinery capacity to be tripled". The Hindu. 16 January 2019. https://www.thehindu.com/business/numaligarh-refinery-capacity-to-be-tripled/article26006980.ece.
- ↑ "ব্যক্তিগতকৰণ হোৱা নাই নুমলীগড় তেল শোধনাগাৰৰ। অইল, অসম চৰকাৰ আৰু ইঞ্জিনিয়াৰৰ্ছ ইণ্ডিয়া লিমিটেডৰ অধীনলৈ গ'ল NRL". নিউজ ১৮ অসম/নৰ্থইষ্ট. ৩০ মাৰ্চ ২০২১. https://assam.news18.com/news/assam/no-privatisation-of-nrl-oil-assam-government-engineers-india-limited-bought-shares-of-nrl-manju-b-104655.html.