৯ আগষ্ট
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
আগষ্ট | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ৩১ | |||
২০২২ |
৯ আগষ্ট (ইংৰাজী: 9 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২১তম (অধিবৰ্ষত ২২২তম) দিন। বছৰ শেষ হ'বলৈ ১৪৪ দিন বাকী থাকে। এইদিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী[সম্পাদনা কৰক]
- ৪৮ খ্ৰীষ্টপূৰ্ব - জুলিয়াছ চিজাৰে ফাৰচেলিয়াছ যুদ্ধত (ইংঃ Battle of Pharsalus) বিজয়ী হয়। [1]
- ১৮১৯ - দক্ষিণ আমেৰিকাৰ উত্তৰ-পূৱত দেশ কলম্বিয়াই পূৰ্ণ স্বাধীনতা লাভ কৰে।
- ১৮৩০ - লুই ফিলিপছৃ-প্ৰথম ফ্ৰান্সৰ ৰজা ৰূপে অধিষ্ঠিত হয়।
- ১৮৯৭ - পুণেৰ প্লেগ আয়ুক্ত ৰেণ্ডক হত্যাৰ অভিযোগত বিপ্লৱী দামোদৰ ৰানাডেক গ্ৰেপ্তাৰ কৰা হয়। প্লেগ ৰোগ প্ৰতিৰোধৰ নামত ৰেণ্ডে স্থানীয় মহিলাসকলক নগ্ন কৰি পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছিল।
- ১৮৯৮ - জাৰ্মানীৰ ৰুডলফ ডিজেলে ডিজেল ইঞ্জিনত পেটেণ্ট লাভ কৰে।
- ১৯০০ - টেনিছৰ আটাইতকৈ পুৰণি প্ৰতিযোগিতা ডেভিছ কাপৰ প্ৰথম খেল বষ্টনত অনুষ্ঠিত হয়।
- ১৯৪২ - মুম্বাইত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনত ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱ গৃহীত হয় আৰু ৯ আগষ্টৰ পৰা দেশজুৰি ভাৰত ত্যাগ আন্দোলনৰ সূচনা হয় আৰু মহাত্মা গান্ধীসহ বহু কংগ্ৰেছ নেতা গ্ৰেপ্তাৰ হয়।
- ১৯৪৫ - জাপানৰ নাগাছাকিত আমেৰিকাৰ পাৰমাণৱিক বোমাৰ বিষ্ফোৰণ হয়। আজি নাগাছাকি দিৱস।
- ১৯৫০ - বিষ্ণুৰাম মেধিয়ে অসমৰ মুখ্য মন্ত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে।
- ১৯৬৫ - সাৰ্বভৌম, গণতান্ত্ৰিক স্বাধীন ৰাষ্ট্ৰ হিচাপে ছিংগাপুৰে স্বীকৃতি লাভ কৰে।
- ১৯৭১ - শান্তি, বন্ধুত্ব আৰু সহযোগিতাৰ অৰ্থে ভাৰত আৰু ছোভিয়েট ৰাছিয়াৰ মাজত চুক্তি স্বাক্ষৰিত হয়।
জন্ম[সম্পাদনা কৰক]
- ১৬৩১ - ইংৰাজী সাহিত্যৰ কবি, নাট্যকাৰ আৰু সমালোচক জন ড্ৰাইডেনৰ জন্ম হয়।
- ১৭৭৬ - আমেদিও এভ'গেড্ৰ', ইটালীৰ ৰসায়ন বিজ্ঞানী, এভ'গেড্ৰ' সংখ্যা বা ধ্ৰুৱকৰ আৱিষ্কাৰক। (মৃঃ ৯জুলাই, ১৮৬৫)
- ১৮১৯ - ৱিলিয়াম থমাছ গ্ৰীণ মৰ্টন, অস্ত্ৰোপ্ৰচাৰত এনেছথেচিয়া হিচাপে 'ইথাৰ' ব্যৱহাৰ কৰা প্ৰথম চিকৎসা বিজ্ঞানী।( মৃঃ ১৫ জুলাই, ১৮৬৮)
- ১৮৯৬ - শিশু-মনোবিজ্ঞানী আৰু দাৰ্শনিক জ্যা পিয়াজে জন্ম হৈছিল, তেখেত নিৰ্মাণবাদ, জীনগত জ্ঞানতত্ত্ব, বৌদ্ধিক বিকাশৰ তত্ত্ব, বস্তু স্থায়িত্ব আৰু আত্মকেন্দ্ৰিকতা তত্ত্বৰ বাবে বিখ্য়াত। (মৃঃ ১৬ চেপ্তেম্বৰ, ১৯৮০)
- ১৯৩৩ - আধুনিক হিন্দী সাহিত্যৰ এগৰাকী প্ৰসিদ্ধ গদ্য লেখক, ঔপন্যাসিক, সাংবাদিক মনোহৰ শ্যাম যোশীৰ জন্ম হৈছিল।
- ১৯৬১ - ছাৰ জন ফিলিপ কী বা জন কী, নিউজিলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী (২০০৮-২০১৬)।
- ১৯৭০ - হলিউডত অভিনয় কৰা ভাৰতীয় অভিনেত্ৰী অঞ্জলি জয়, উল্লেখযোগ্য় কথাছবি - নাইট এট দা মিউজিয়াম: চিক্ৰেটছ অৱ টম্ব।
- ১৯৭৩ - আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী প্ৰতিভাসম্পন্ন কণ্ঠশিল্পী, মঞ্চশিল্পী, প্ৰযোজক আৰু মডেল হুইটনী হাষ্টনৰ জন্ম হৈছিল।
- ১৯৭৫ - টলিউডৰ জনপ্ৰিয় অভিনেতা মহেশ বাবুৰ জন্ম হৈছিল।
- ১৯৯১ - এলেক্সা ব্লিছ বা লেক্সী ক'ফমেন, ডব্লিউ ডব্লিউ ইৰ (ইংঃ WWE) মহিলা মল্লযুঁজাৰু।
- ১৯৯১ - টলিউডৰ জনপ্ৰিয় অভিনেত্ৰী হংসিকা মোটৱানী।
মৃত্যু[সম্পাদনা কৰক]
- ১৮৯৯ - ছাৰ এডৱাৰ্ড ফ্ৰেঙ্কলেণ্ড, জৈৱ-ৰসায়নবিদ, ৰসায়ন বিজ্ঞানৰ যোজ্য়তাৰ সূত্ৰ আৰু পানী বিশ্লেষণৰ বাবে জনাজাত। (জঃ ১৮ জানুৱাৰী, ১৮২৫)
- ১৯০৪ - জাৰ্মান ভূগোল বিজ্ঞানী ফ্ৰেইড্ৰিক ৰাটজেল, জীৱন্ত স্থানৰ ধাৰণা আৰু জিঅ'পলিটিক্সৰ বাবে জনাজাত। (জঃ ৩০ আগষ্ট, ১৮৪৪)
- ১৯৪৯ - শিক্ষা-মনোবিজ্ঞানী এডৱাৰ্ড লী থৰ্নডাইক (ইংঃ Edward Lee Thorndike), সংযোগবাদ তত্বৰ (ইংঃ Connectionism) বাবে বিখ্য়াত। (মৃঃ ৩১ আগষ্ট, ১৮৭৪)
- ১৯৬২ - কবি-ঔপন্যাসিক হেৰমান হেছৰ মৃত্যু হয়। ১৯৪৬ চনত তেওঁ লাভ কৰিছিল সাহিত্যৰ নোবেল বঁটা। লিখিত গ্ৰন্থ আছিল জীৱন-ভিত্তিক গ্ৰন্থ সিদ্ধাৰ্থ।
- ১৯৬৯ - চি এফ প'ৱেল, নোবেল বিজয়ী পদাৰ্থ বিজ্ঞানী।
- ১৯৭০ - স্বাধীনতা সংগ্ৰামী ত্ৰৈলোক্য় নাথ চক্ৰৱৰ্তীৰ মৃত্যু হৈছিল।
- ১৯৯১ - অসমৰ প্ৰবীণ সাংবাদিক কমলা শইকীয়াৰ মৃত্যু হয়।
- ২০১৬ - অৰুণাচল প্ৰাক্তন মুখ্যমন্ত্ৰী কালিখো পুলৰ আত্মহনন হৈ মৃত্যু হৈছিল।
দিৱস[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ৯ আগষ্ট সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|