১৩ নৱেম্বৰ
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
১৩ নৱেম্বৰ (ইংৰাজী: 13 November) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩১৭ তম (অধিবৰ্ষত ৩১৮ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৪৮টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৰাজী[সম্পাদনা কৰক]
- সাহিত্যিক তথা অসমীয়া ভাষাৰ গৱেষক উপেন্দ্ৰ নাথ গোস্বামীৰ জন্ম হয় ১৯২৩ চনৰ আজিৰ দিনটোতে।
- আজিৰ দিনটোতে ২০০০ চনত সাহিত্যিক তথা অসমীয়া ভাষাৰ গৱেষক উপেন্দ্ৰনাথ গোস্বামীৰ মৃত্যু হয়।
- যশস্বী কবি, সাহিত্যিক যজ্ঞেশ্বৰ শৰ্মাই পৰলোকলৈ গমন কৰে ১৯৯৮ চনৰ আজিৰ দিনটোতে।
- অসমীয়া ভাষা, সাহিত্য-সংস্কৃতিৰ প্ৰাতঃস্মৰণীয় ব্যক্তি নগেন্দ্ৰ নাৰায়ণ চৌধুৰীদেৱে ৰোগাক্ৰান্ত হৈ লক্ষীপুৰৰ নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে ১৯৪৭ চনৰ আজিৰ দিনটোতে।
- নাট্যকাৰ সাহিত্যিক ড॰ চন্দ্ৰধৰ চমুৱাই শেষ নিশ্বাস ত্যাগ কৰে ২০০৭ বৰ্ষৰ আজিৰ দিনটোতে।
- ১৭৮০ চনৰ আজিৰ দিনটোতে মহাৰাৰা ৰঞ্জিত সিংহৰ জন্ম হয়। তেওঁ পঞ্জাব কেশৰী নামে জনা যায়।
- আজিৰ দিনটোতে ১৯৩১ চনত ৰবীন্দ্ৰনাথ ঠাকুৰলৈ সাহিত্যৰ নোবেল বঁটা আগবঢ়োৱা হয়। নোবেল বঁটা লাভ কৰা এৱেঁই প্ৰথম ভাৰতীয়।
- স্কটলেণ্ডৰ পদাৰ্থ-বিজ্ঞানী জেমছ ক্লাৰ্ক মেক্সৱেলৰ জন্ম হয় ১৮৩১ চনৰ আজিৰ দিনটোতে।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ১৩ নৱেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|