১৯ ছেপ্টেম্বৰ (ইংৰাজী: 19 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৬২তম (অধিবৰ্ষত ২৬৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১০৩টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
- ১৮৮৮ - বেলজিয়ামৰ স্পাত প্ৰথম আধুনিক সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল।
- ১৮৯৩ - নিউজিলেণ্ড সকলো মহিলাক ভোটাধিকাৰ প্ৰদান কৰা বিশ্বৰ প্ৰথমখন দেশ হয়। [1]
- ১৯৬০ - সিন্ধু পানী চুক্তি (Indus Waters Treaty) ভাৰত আৰু পাকিস্থানৰ মাজত স্বাক্ষৰিত হৈছিল।
- ১৯৮৩ - ভাৰতৰ প্ৰথম যোগাযোগ উপগ্ৰহ এপ'ল (APPLE) দুবছৰৰ পিছত বন্ধ হৈ যায়।
- ১৯৮৫ - মেক্সিক'ত ৮ প্ৰাবল্যৰ ভূমিকম্প হৈছিল। প্ৰায় ৫০০০ৰ পৰা ৪৫০০০ মানুহ নিহত হৈছিল বুলি ধাৰণা কৰা হয়। চৰকাৰী সূত্ৰমতে ৫০০০ বুলি কোৱা হৈছিল।
- ২০০০ - কৰ্ণম মালেশ্বৰীে (Karnam Malleswari) অষ্ট্ৰেলিয়াৰ ছিডনীত অনুষ্ঠিত অলিম্পিক খেলত তেওঁ ৬৯ কেজি শাখাৰ ভাৰোত্তলনত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ইয়াৰ পিছতে তেওঁ অলিম্পিকত পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলাত পৰিগণিত হয়।
- ১৮৪৩ - গেছপাৰ্ড-গুস্তাভ ডি কৰিঅ'লিছ (Gaspard-Gustave de Coriolis), ফৰাচী গণিতজ্ঞ, অভিযন্তা আৰু বিজ্ঞানী। কৰিঅ'লিছ বলৰ (Coriolis force) আৱিষ্কাৰক।
- ১৮৮১ - জেমছ গাৰ্ফীল্ড (James Garfield), আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি।
- ১৯৩৫ - কনষ্টেণ্টিন চিঅ'লকভস্কি (Konstantin Tsiolkovsky), ৰাছিয়াৰ ৰকেট বিজ্ঞানী।
- ১৯৩৬ - বিষ্ণু নাৰায়ণ ভাতখাণ্ডে, ভাৰতীয় সংগীতত নৱযুগৰ সূচনা কৰোঁতা।
- ২০০৪ - দময়ন্তী যোশী, কথক নৃত্য শৈলীৰ এগৰাকী ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী।
- ২০১৭ - জেক লাম'টা বা দা ৰেগিং বুল (Jake LaMotta), আমেৰিকাৰ বক্সিং খেলুৱৈ।
- ২০২১ - নিলয় দত্ত, অসমৰ এগৰাকী বিশিষ্ট আইনজীৱী, মানৱধিকাৰ কৰ্মী,জাতীয়তাবাদী, আন্তৰাষ্ট্ৰীয় ক্ৰিকেট আম্পায়াৰ, ক্ৰীড়া সংগঠক। তেওঁৰ জন্ম হৈছিল গুৱাহাটী।
- ২০২৫ - জুবিন গাৰ্গ, অসমৰ হাৰ্টথ্ৰৱ, ভাৰতৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী। ইয়াৰ উপৰিও তেওঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু চলচ্চিত্ৰ অভিনেতা।[2][3]
- সশস্ত্ৰ বাহিনী দিৱস (চিলি)।
- ↑ "Women and the vote". New Zealand History. https://nzhistory.govt.nz/politics/womens-suffrage#:~:text=On%2019%20September%201893%20the,to%20vote%20in%20parliamentary%20elections..
- ↑ "Zubeen Garg, ‘Ya Ali’ singer from film Gangster, dies in scuba diving accident in Singapore". The Tribune. 19 September 2025. https://www.tribuneindia.com/news/entertainment/zubeen-garg-ya-ali-singer-from-film-gangster-dies-in-scuba-diving-accident-in-singapore। আহৰণ কৰা হৈছে: 19 September 2025.
- ↑ "Indian singer Zubeen Garg dies after tragic scuba dive in Singapore". Prothom Alo. 19 September 2025. https://en.prothomalo.com/entertainment/music/zxzngz0882। আহৰণ কৰা হৈছে: 19 September 2025.