১৯ ছেপ্টেম্বৰ
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
ছেপ্টেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | |
২০২২ |
১৯ ছেপ্টেম্বৰ (ইংৰাজী: 19 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৬২তম (অধিবৰ্ষত ২৬৩তম) দিন। বছৰ শেষ হ'বলৈ ১০৩ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী[সম্পাদনা কৰক]
- ১৮৮৮ - বেলজিয়ামৰ স্পাত প্ৰথম আধুনিক সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল।
- ১৮৯৩ - নিউজিলেণ্ড সকলো মহিলাক ভোটাধিকাৰ প্ৰদান কৰা বিশ্বৰ প্ৰথমখন দেশ হয়। [1]
- ১৯৬০ - সিন্ধু পানী চুক্তি (Indus Waters Treaty) ভাৰত আৰু পাকিস্থানৰ মাজত স্বাক্ষৰিত হৈছিল।
- ১৯৮৩ - ভাৰতৰ প্ৰথম যোগাযোগ উপগ্ৰহ এপ'ল (APPLE) দুবছৰৰ পিছত বন্ধ হৈ যায়।
- ১৯৮৫ - মেক্সিক'ত ৮ প্ৰাবল্যৰ ভূমিকম্প হৈছিল। প্ৰায় ৫০০০ৰ পৰা ৪৫০০০ মানুহ নিহত হৈছিল বুলি ধাৰণা কৰা হয়। চৰকাৰী সূত্ৰমতে ৫০০০ বুলি কোৱা হৈছিল।
- ২০০০ - কৰ্ণম মালেশ্বৰীে (Karnam Malleswari) অষ্ট্ৰেলিয়াৰ ছিডনীত অনুষ্ঠিত অলিম্পিক খেলত তেওঁ ৬৯ কেজি শাখাৰ ভাৰোত্তলনত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ইয়াৰ পিছতে তেওঁ অলিম্পিকত পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলাত পৰিগণিত হয়।
জন্ম[সম্পাদনা কৰক]
- ৮৬ - এণ্টনিয়াছ পিয়াছ (Antoninus Pius), ৰোমৰ পঞ্চদশ সম্ৰাট।
- ১৭৪৯ - জ্য়াঁ বেপষ্টিটে জোছেফ ডেলামব্ৰে (Jean Baptiste Joseph Delambre), ফৰাচী গণিতজ্ঞ আৰু জ্যোতিৰ্বিদ।
- ১৯১১ - ৱিলিয়াম গ'ল্ডিং (William Golding), ন'বেল জয়ী ইংৰাজী ভাষাৰ ঔপন্যাসিক।
- ১৯৫৮ - লাকী আলী, ভাৰতীয় গায়ক।
- ১৯৬৫ - সুনীতা ৱিলিয়ামছ (Sunita Williams), মহাকাশত সৰ্বাধিক সময় কটোৱা মহিলা মহাকাশচাৰী।
- ১৯৭৯ - ৰবি শৰ্মা, অসমীয়া চলচ্চিত্ৰ জগতৰ অন্যতম জনপ্ৰিয় অভিনেতা।
মৃত্যু[সম্পাদনা কৰক]
- ১৮৪৩ - গেছপাৰ্ড-গুস্তাভ ডি কৰিঅ'লিছ (Gaspard-Gustave de Coriolis), ফৰাচী গণিতজ্ঞ, অভিযন্তা আৰু বিজ্ঞানী। কৰিঅ'লিছ বলৰ (Coriolis force) আৱিষ্কাৰক।
- ১৮৮১ - জেমছ গাৰ্ফীল্ড (James Garfield), আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি।
- ১৯৩৫ - কনষ্টেণ্টিন চিঅ'লকভস্কি (Konstantin Tsiolkovsky), ৰাছিয়াৰ ৰকেট বিজ্ঞানী।
- ১৯৩৬ - বিষ্ণু নাৰায়ণ ভাটখাণ্ডে (Vishnu Narayan Bhatkhande), ভাৰতীয় সংগীতত নৱযুগৰ সূচনা কৰোঁতা।
- ২০১৭ - জেক লাম'টা বা দা ৰেগিং বুল (Jake LaMotta), আমেৰিকাৰ বক্সিং খেলুৱৈ।
- ২০২১ - নিলয় দত্ত । অসমৰ এগৰাকী বিশিষ্ট আইনজীৱী,মানৱধিকাৰ কৰ্মী,জাতীয়তাবাদী, আন্তৰাষ্ট্ৰীয় ক্ৰিকেট আম্পায়াৰ, ক্ৰীড়া সংগঠক । জন্ম গুৱাহাটী ।
দিৱস[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ১৯ ছেপ্টেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|