১০ নৱেম্বৰ
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
১০ নৱেম্বৰ (ইংৰাজী: 10 November) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩১৪ তম (অধিবৰ্ষত ৩১৫ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫১টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৰাজি[সম্পাদনা কৰক]
- গীতাঞ্জলি (কাব্যগ্ৰন্থ)ৰ বাবে কবিগুৰু ৰবীন্দ্ৰনাথ টেগৰলৈ সাহিত্যৰ নোবেল পুৰস্কাৰ ঘোষণা কৰা হয় ১৯১৩ চনৰ আজিৰ দিনটোতে।
- ১৮৮৮ চনৰ আজিৰ দিনটোতে মৌলানা আবুল কালাম আজাদৰ জন্ম হয়।
- চন্দ্ৰ শেখৰে সমাজবাদী জনতা পাৰ্টি গঠন কৰি কংগ্ৰেছৰ সমৰ্থন লৈ ১৯৯০ৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ শপত লয়।
- আজিৰ দিনটোতে ১৪৮৩ খ্ৰীষ্ট্ৰাব্দত সংস্কাৰকামী আন্দোলনৰ নেতা তথা ধৰ্মীয় সংস্কাৰক মাৰ্টিন লুথাৰৰ জন্ম হয়।
- ইংৰাজ চিত্ৰশিল্পী আৰু ভাস্কৰ উইলিয়াম হগাৰ্থৰ জন্ম হয় ১৬৯৭ চনৰ আজিৰ দিনটোতে।
- আধুনিক তুৰস্কৰ প্ৰতিষ্ঠাতা তথা দক্ষ যোদ্ধা কামাল পাছাৰ মৃ্ত্যু হয় আজিৰ দিনটোতে।
- পৃথিৱীৰ আকাশত বিখ্যত হেলীৰ ধূমকেতু দৃশ্যমান হয় ১৯৮২ চনৰ আজিৰ দিনটোতে।
- ১৯৭০ চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ লুনা -১৭ নামৰ মহাকাশযানখন চন্দ্ৰ অভিমুখে উৎক্ষেপণ। উল্লেখযোগ্য যে এই যানৰ জৰিয়তে ৰাছিয়াই চন্দ্ৰৰ মাটিত স্বয়ংচালিত চন্দ্ৰ ভ্ৰমণকাৰী যান লুনাখেদ- ১স্থাপন কৰে।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ১০ নৱেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|