২ ছেপ্টেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

২ ছেপ্টেম্বৰ (ইংৰাজী: 2 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৪৫তম (অধিবৰ্ষত ২৪৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১২০টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৬৬৬ - লণ্ডনৰ 'গ্ৰেট ফায়াৰ অৱ লণ্ডন' নামৰ অগ্নিকাণ্ড পুডিং লেনত (পথত) পিছৰাতি ২ বজাত আৰম্ভ হৈছিল, এই অগ্নিকাণ্ডৰ ফলত লণ্ডনৰ ৮০% অঞ্চল ধ্বংস হৈছিল।
  • ১৯৪৫ - দ্বিতীয় বিশ্বযুদ্ধত জাপানে পোছাকীভাৱে আত্মসমৰ্পণ কৰিছিল।
  • ১৯৪৬ - ভাৰতৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰ গঠিত হয়।
  • ১৯৭০ - ভাৰতৰ ৰাষ্ট্ৰপতি ভি ভি গিৰিয়ে কন্যাকুমাৰীৰ বিবেকানন্দ ৰ'ক মেমৰিয়েলৰ (স্মৃতিসৌধ) উদ্বোধন কৰে।
  • ১৯৯৮ - পাইলট বিহীন প্ৰশিক্ষণ বিমান নিশান্ত সফলভাবে উড্ডয়ন কৰা হয়।

জন্ম[সম্পাদনা কৰক]

  • ১৮১২ - কাৰ্কপেট্ৰিক মেকমিলান, স্কটিছ উদ্ভাৱক, আধুনিক পেডেলযুক্ত বাইচাইকেলৰ স্কটিছ উদ্ভাৱক।
  • ১৮৫৩ - ৱিলহেম অষ্টৱাল্ড, লেটভিয়ান ৰসায়ন বিজ্ঞানী।
  • ১৮৭৭ - ফ্ৰেইডৰিক ছ'ডি, ইংৰাজ ৰসায়নবিদ, নোবেল বিজয়ী বিজ্ঞানী।
  • ১৯২২ - আৰ্থাৰ অস্কিন, আমেৰিকান পদাৰ্থ বিজ্ঞানী। তেওঁ বেল পৰীক্ষাগাৰ আৰু লুচেণ্ট টেকন'লজিছত কাৰ্যনিৰ্বাহ কৰিছিল।
  • ১৯৩৬ - এণ্ড্ৰিঅ' গ্ৰ'ভ, হাঙ্গেৰিয়ান-আমেৰিকান ছেমিকণ্ডাক্টৰ শিল্পৰ (উদ্য়োগ) অগ্ৰদূত। ইণ্টেলৰ (Intel) প্ৰতিষ্ঠাতা আৰু চি ই অ'।
  • ১৯৪২ - নিপন গোস্বামী, অসমীয়া অভিনেতা।
  • ১৯৬৪ - কিয়ানু ৰীভছ, কানাডিয়ান অভিনেতা।
  • ১৯৬৫ - লেনক্স লুইছ, ব্ৰিটিছ-কানাডিয়ান হেভিৱেইট চেম্পিয়ন বক্সিং খেলুৱৈ।
  • ১৯৬৬ - চালমা হায়েক, মেক্সিকান-আমেৰিকান অভিনেত্ৰী।
  • ১৯৭১ - পৱন কল্যাণ, টলীউডৰ অভিনেতা।
  • ১৯৮৮ - ইশান্ত শৰ্মা, ভাৰতীয় জাতীয় দলৰ ক্ৰিকেট খেলুৱৈ।

মৃত্যু[সম্পাদনা কৰক]

  • ৪৯০ খ্ৰীষ্টপূৰ্ব - ফেইডিপাইডছ, গ্ৰীক বীৰ আৰু আধুনি্ক মাৰাথনৰ অনুপ্ৰেৰক।
  • ১৮৬৫ - ছাৰ ৱিলিয়াম ৰ'ৱান হেমিল্টন, আইৰিছ পদাৰ্থ বিজ্ঞানী।
  • ১৯৩৭ - পিয়েৰ ডি কোবাৰ্টিন, ফৰাচী শিক্ষাবিদ, আধুনিক অলিম্পিকৰ পিতৃ পৰুষ।
  • ১৯৫২ - বেণী মাধব দাস, বাংলা পণ্ডিত, শিক্ষক আৰু ব্ৰিটিছ ভাৰতৰ দেশপ্ৰেমী ব্যক্তি।
  • ১৯৬৯ - হো চি মিন, ভিয়েটনামৰ কমিউনিষ্ট বিপ্লৱী আৰু উত্তৰ ভিয়েটনামৰ ৰাষ্ট্ৰপতি।
  • ২০০১ - ক্ৰিষ্টিয়ান বাৰ্নাৰ্ড, দক্ষিণ আফ্ৰিকাৰ চিকিৎসা বিজ্ঞানী, বিশ্বৰ প্ৰথম এজন মানুহৰ পৰা আন এজন মানুহৰ দেহলৈ হৃদযন্ত্ৰ স্থাপন কৰোঁতা।

দিৱস[সম্পাদনা কৰক]

  • ভিয়েটনামৰ জাতীয় দিৱস।
  • বিশ্ব নাৰিকল দিৱস।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]