১২ নৱেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

১২ নৱেম্বৰ (12 November) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩১৬ তম (অধিবৰ্ষত ৩১৭ তম) দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৪৯ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৰাজী[সম্পাদনা কৰক]

  1. গান্ধীবাদী নেত্ৰী অমল প্ৰভা দাসৰ আজি ওপজা দিন।
  2. স্বাধীনতা সংগ্ৰামী মদন মোহন মালব্যৰ আজি মৃত্যু তিথি।
  3. ১৯৯৬ চনৰ আজিৰ দিনটোত কবি অৱনি চক্ৰৱৰ্তী নিৰুদ্দেশ হৈছিল।
  4. ১৯৬৪ চনৰ আজিৰ দিনটোত সৈনিক স্কুল, গোৱালপাৰাৰ আধাৰশিলা স্থাপন কৰা হৈছিল।
  5. আজিৰ দিনটোতে ১৯১৮ চনত সাহিত্যিক, তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি যতীন্দ্ৰ নাথ গোস্বামীৰ জন্ম হয়।
  6. ভাৰতীয় পক্ষী বিজ্ঞানী ছালিম আলীৰ জন্ম হয় ১৮৯৬ চনৰ আজিৰ দিনটোতে।
  7. আজিৰ দিনটোতে ২০০৬ চনত বাংগালোৰ চহৰৰ নাম সলনি কৰি নতুন নাম বাংগালুৰ হয়।
  8. আজিৰ দিনটোতে ১৮৪২ চনত ইংৰাজ পদাৰ্থ বিজ্ঞানী লৰ্ড ৰেলীৰ জন্ম হয়। তেওঁ ১৯০৪ চনত পদাৰ্থ বিজ্ঞানৰ নোবেল লাভ কৰিছিল।
  9. বিশ্বৰ প্ৰসিদ্ধ ভাস্কৰ্যশিল্পী অগুস্ত ৰঁদাৰ জন্ম হয় ১৯৪০ চনৰ আজিৰ দিনটোতে পেৰিছত। তেওঁৰ অসম্পূৰ্ণ ভাস্কৰ্য লা পোৰ্ট ডে লেঁফেক বিশ্বৰ অনন্য শিল্পকীৰ্তি হিচাপে সংৰক্ষণ কৰি ৰখা হৈছে।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]