অৱনী চক্ৰৱৰ্তী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অৱনী চক্ৰৱৰ্তী
জন্ম ১৯৪১ চনৰ ৩ জানুৱাৰী
নলবাৰী, অসম
মৃত্যু ( নিৰুদ্দেশ )১৯৯৪ চনৰ ১২ নৱেম্বৰ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

অৱনী চক্ৰৱৰ্তী(ইংৰাজী: Abani Chakraborty) হৈছে এগৰাকী অসমীয়া প্ৰগতিশীল কবি, ঔপন্যাসিক, প্ৰবন্ধকাৰ। তেখেত সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি আছিল।

জন্ম[সম্পাদনা কৰক]

১৯৪১ চনৰ ৩ জানুৱাৰীত নলবাৰীৰ বৰনৰ্দ্দীত অৱনী চক্ৰৱৰ্তীৰ জন্ম হয়।[1]

শৈক্ষিক জীৱন[সম্পাদনা কৰক]

তেওঁ অসম সংস্কৃত বোৰ্ড, গুৱাহাটী বিশ্ববিদ্যালয়, ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতি আদি প্ৰতিষ্ঠানৰপৰা শিক্ষা লাভ কৰে।[2]

কৰ্ম জীৱন[সম্পাদনা কৰক]

তেওঁ গুৱাহাটীস্থ ভাৰতীয় জীৱন বীমা নিগমৰ কৰ্মচাৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।[3]

বিষয়বাব[সম্পাদনা কৰক]

  • সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি।
  • সদৌ অসম কবি সন্মিলনৰ সভাপতি।
  • অন্তৰংগ (১৯৬৯) আলোচনীৰ সম্পাদক।
  • অসমীয়া কবিতা (১৯৭০) আলোচনীৰ সম্পাদক।
  • চিৰন্তন (১৯৭২) আলোচনীৰ সম্পাদক[4]

সাহিত্যৰাজি[সম্পাদনা কৰক]

কবিতাপুথি

  • দেহা ৰমেৰমায় মোৰ (১৯৭০)
  • শ্লোগান (১৯৮০)[5]

সম্পাদিত কবিতাপুথি

  • বৃত্ত ভঙা সময় (১৯৭২)
  • এই সময় (১৯৭২)
  • পৰশু গোস্বামীৰ কবিতা (১৯৮৯)
  • অমূল্য বৰুৱাৰ জীৱন আৰু কবিতা (১৯৯০)[6]

যুটীয়া ভাৱে সম্পাদনা,অনুবাদ আৰু সংকলন কৰা কবিতাপুথি

  • মাও চে টুঙৰ কবিতা (১৯৭৯)
  • টুং পি টুৰ কবিতা (১৯৭৯)
  • হো চি মিনৰ কবিতা (১৯৭৯)
  • কৃষ্ণাংগ কবিৰ কবিতা (১৯৮২)
  • ফয়জ আহমদ ফয়জৰ কবিতা (১৯৮৫)
  • মুছা জলিলৰ কবিতা (১৯৮৭)[7]

আত্মজীৱনীমূলক উপন্যাস

  • শংকৰদেৱ উদ্যান, সি আৰু অপূৰ্ব (১৯৯০)[8]

তেওঁৰ সাহিত্যৰাজিক কেন্দ্ৰ কৰি আনে প্ৰকাশ কৰা গ্ৰন্থসমূহ

  • অৱনী চক্ৰৱৰ্তীৰ নিৰ্বাচিত কবিতা (১৯৯৬,পুথি নিকেতনৰ পৰা প্ৰকাশিত)
  • অৱনী চক্ৰৱৰ্তীৰ স্বনিৰ্বাচিত কবিতা (২০০৪)
  • চক্ৰৱৰ্তী: স্মৃতি আৰু সৃষ্টি (২০০৯,কবিতা প্ৰকাশন গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত)
  • सपनो के साथ एक दिन ठिठोली( অৱনী চক্ৰৱৰ্তীৰ নিৰ্বাচিত কেইটামান কবিতা দিনকৰ কুমাৰে ২০১০ চনত হিন্দীলৈ অনুবাদ কৰে)
  • উলোপী (অৱনী চক্ৰৱৰ্তীৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই হিন্দী আলোচনীখন ২০০৪ চনত প্ৰকাশ পায়)[9][10]

মৃত্যু[সম্পাদনা কৰক]

১৯৯৪ চনৰ ১২ নৱেম্বৰৰ সন্ধিয়া সান্ধ্য ভ্ৰমণলৈ বুলি গুৱাহাটী খাৰঘুলিস্থ বাসভৱনৰ পৰা ওলাই যোৱা এই কবিজন নিৰুদিষ্ট হয়।[11]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. সাম্প্ৰতিক কবিতা,সম্পা: অৰবিন্দ ৰাজখোৱা,তৃতীয় মুদ্ৰণ: ২০১৯,পৃষ্ঠা নং: ১৬
  2. সাম্প্ৰতিক কবিতা,সম্পা: অৰবিন্দ ৰাজখোৱা,তৃতীয় মুদ্ৰণ: ২০১৯,পৃষ্ঠা নং: ১৬
  3. সাম্প্ৰতিক কবিতা,সম্পা: অৰবিন্দ ৰাজখোৱা,তৃতীয় মুদ্ৰণ: ২০১৯,পৃষ্ঠা নং: ১৬
  4. সাম্প্ৰতিক কবিতা,সম্পা: অৰবিন্দ ৰাজখোৱা,তৃতীয় মুদ্ৰণ: ২০১৯,পৃষ্ঠা নং: ১৬
  5. সাম্প্ৰতিক কবিতা,সম্পা: অৰবিন্দ ৰাজখোৱা,তৃতীয় মুদ্ৰণ: ২০১৯,পৃষ্ঠা নং: ১৬
  6. সাম্প্ৰতিক কবিতা,সম্পা: অৰবিন্দ ৰাজখোৱা,তৃতীয় মুদ্ৰণ: ২০১৯,পৃষ্ঠা নং: ১৬
  7. সাম্প্ৰতিক কবিতা,সম্পা: অৰবিন্দ ৰাজখোৱা,তৃতীয় মুদ্ৰণ: ২০১৯,পৃষ্ঠা নং: ১৬
  8. সাম্প্ৰতিক কবিতা,সম্পা: অৰবিন্দ ৰাজখোৱা,তৃতীয় মুদ্ৰণ : ২০১৯,পৃষ্ঠা নং: ১৬
  9. https://www.telegraphindia.com/1050504/asp/guwahati/story_4692043.asp
  10. https://indiankanoon.org/doc/1503719/
  11. সাম্প্ৰতিক কবিতা,সম্পা: অৰবিন্দ ৰাজখোৱা,তৃতীয় মুদ্ৰণ: ২০১৯,পৃষ্ঠা নং: ১৬