সমললৈ যাওক

মহানন্দ শৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মহানন্দ শৰ্মা

মহানন্দ শৰ্মাৰ ফাইল ফটো
জন্ম ১২ নৱেম্বৰ ১৯৩৫
পানীগাঁও, নলবাৰী, অসম
মৃত্যু ২০ জুন ২০১৫
গুৱাহাটী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
পেচা অভিনেতা, নাট্যকাৰ, পৰিচালক
দাম্পত্যসঙ্গী ক্ষীৰদা শৰ্মা
সন্তান অনুপ শৰ্মা, অৰূপ শৰ্মা, নিতুমণি শৰ্মা

মহানন্দ শৰ্মা (জন্ম: ১২ নৱেম্বৰ ১৯৩৫, মৃত্যু: ২০ জুন ২০১৫) অসমৰ অভিনেতা, আবৃত্তিকাৰ, নাট্যকাৰ আৰু পৰিচালক আছিল। তেখেত বিশেষকৈ ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতে জড়িত আছিল। ৭০-৮০ দশকত ভ্ৰাম্যমান থিয়েটাৰত সৰ্বাধিক পাৰিশ্ৰমিক পোৱা এই শিল্পীগৰাকীয়ে ২০০৪ চনত অসম চৰকাৰৰ পৰা শিল্পী পেঞ্চন লাভ কৰে। তেখেতক বিভিন্ন সংগঠনে 'মঞ্চ ভাস্কৰ', 'মঞ্চ কোঁৱৰ', 'নাট্য প্ৰভাকৰ', 'চিৰ সেউজ', 'মহাগুৰু' আদি বিভিন্ন অভিধাৰে বিভূষিত কৰিছিল। ২০ জুন ২০১৫ত তেখেতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত বৃক্কৰ ৰোগত মৃত্যুবৰণ কৰে।[1]

জন্ম আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৩৫ চনৰ ১২ নবেম্বৰত নলবাৰীৰ পানীগাঁৱত মহানন্দ শৰ্মাৰ জন্ম হয়। তেখেতৰ পিতৃ আছিল বিষ্ণুদেৱ শৰ্মা আৰু মাতৃ অমৃতপ্ৰিয়া দেৱী।[1]

মহানন্দ শৰ্মাই পঢ়াশলীয়া শিক্ষা গ্ৰহণ কৰে নলবাৰীৰ গৰ্ডন হাইস্কুলত৷ উচ্চশিক্ষাৰ প্ৰতি মাত্ৰাধিক গুৰুত্ব নিদি তেখেতে শিল্পচৰ্চাত মনোনিৱেশ কৰিছিল৷ ছাত্ৰ হৈ থকাৰ অৱস্থাতেই কটন কলেজৰ সৰস্বতী পূজাৰ গেট সজাবলৈ তেখেতক নলবাৰীৰ পৰা আমন্ত্ৰণ কৰা হৈছিল৷ গেটখন তেখেতে অসমৰ লোককলাৰ আৰ্হিৰে সজাই পৰাই সকলোকে আকৰ্ষিত কৰিছিল৷ [2]

সাংস্কৃতিক জীৱন

[সম্পাদনা কৰক]

নিচেই সৰুৰে পৰা মহানন্দ শৰ্মা অভিনয়ৰ প্ৰতি আসক্ত হয় আৰু ‘মুগকুছি নাট্য সমিতি’ নামৰ যাত্ৰাদলত অভিনয় জীৱন আৰম্ভ কৰে। যাাত্ৰাপাৰ্টিত অভিনয় কৰি থকাৰ সময়তে তেখেতে মাজেসময়ে যাদুখেল প্ৰদৰ্শন কৰিছিল৷ ১৯৫৪ চনত তেখেত ভূপেন হাজৰিকাৰ সৈতে কলকাতালৈ[2] যায় আৰু হাজৰিকাৰ অনুৰোধত সেইসময়ৰ কলকাতাৰ প্ৰখ্যাত শিল্পী মহেন্দ্ৰ গুপ্তই ‘নট্ট কোম্পানী’ নামৰ নাট্য দলটোত তেখেতক সুমুৱাই লয়। ১৯৫৭ চনৰ পৰা ১৯৬০ চনলৈ তেখেতে বহুকেইখন বাংলা নাটকত অভিনয় কৰে। তাৰে কেইখনমান নাটক হৈছে-খুনী দে, মে দেখানে দাড়িয়ে, পাল থেকে দূৰ আদি৷ [2] কলিকতাত থকাৰ সময়তে দিনৰ ভাগত তেখেতে ছপা প্ৰেছৰ লগত জড়িত হৈ গ্ৰন্থ প্ৰকাশৰ বিষয়ে জ্ঞানাহৰণ কৰে আৰু আৰ্থিকভাৱে উপাৰ্জন কৰে৷ কিন্তু দেউতাকৰ অসুখৰ বাবে তেখেত ১৯৬২ চনত জন্মস্থান পানীগাঁৱলৈ উভতি আহে৷ দুদিনমান গুৱাহাটীৰ ছপাশালতো কাম কৰে৷ পিছে নাট্যাভিনয়ৰ প্ৰতি হেঁপাহ থকাৰ বাবে সেইটো কামত বেছিদিন কটাব নোৱাৰিলে৷ [2]

১৯৬৩ চনত চামতাৰ ধৰণী বৰ্মণ প্ৰযোজিত ‘সুৰদেৱী নাট্য সংঘ’ৰ লগত মহানন্দ শৰ্মা জড়িত হয়। পৰৱৰ্তী বছৰত তেখেতে হাজোৰ কৰুণা মজুমদাৰে আৰম্ভ কৰা ‘পূৰ্বজ্যোতি থিয়েটাৰ’ত অংশগ্ৰহণ কৰে। এইখন থিয়েটাৰৰ সংগীত পৰিচালক আছিল ড০ ভূপেন হাজৰিকা৷ এইখন থিয়েটাৰত তেখেতে নায়কৰ ভূমিকাত ভাও লয়। ইয়াতেই তেখেতে লগ পাইছিল ফণী শৰ্মা, বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, দোস্ত হবিবুৰ ৰহমান আদিৰ দৰে বৰেণ্য শিল্পীসকলক। ‘৭০-‘৮০ৰ দশকত তেখেতে সৰ্বাধিক পাৰিশ্ৰমিক পোৱা গ্লেমাৰ শিল্পীত পৰিণত হয়। কহিনুৰ থিয়েটাৰ, নটৰাজ থিয়েটাৰ আদি প্ৰায়বোৰ থিয়েটাৰত তেখেতে অভিনয় কৰিছিল।[1]

সত্তৰৰ দশকৰ আৰম্ভণিতে মঞ্চৰূপা থিয়েটাৰত মহানন্দ শৰ্মাই নাট্যকাৰ-অভিনেতা ভবেন বৰুৱাৰ লগ লাগি দুখন মঞ্চত নাটক উপস্থাপনৰ দিহা কৰে৷ ইয়াৰ আগলৈকে ভ্ৰাম্যমাণত কেৱল এখন মঞ্চতহে নাট্য মঞ্চস্থ হৈছিল৷ [2]

১৯৮৪ চনত[2] তেখেতে নলবাৰীৰ পানীগাঁৱতেই অপৰূপা থিয়েটাৰ নাম দি নিজা থিয়েটাৰগোষ্ঠী আৰম্ভ কৰে। এইখন থিয়েটাৰতে তেখেতে ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰখ্যাত 'কাবুলিৱালা' অসমীয়া মঞ্চৰূপ আগবঢ়ায়৷ [2] নাম ভূমিকাত তেখেতৰ অভিনয়ে বিশেষ খ্যাতি অৰ্জন কৰিছিল। ১৯৮৯ত ঘটা এক ভয়াবহ অগ্নিকাণ্ডৰ পিছত থিয়েটাৰখন বন্ধ গৈ যায়। তাৰ পিছত তেখেতে অন্য থিয়েটাৰত অভিনেতা, নাট্যকাৰ, পৰিচালক ৰূপে কাম কৰিবলৈ লয়।

সুদীৰ্ঘ সাংস্কৃতিক জীৱনত মহানন্দ শৰ্মাই নটৰাজ, মঞ্চৰূপা, সুৰদেৱী, অসমষ্টাৰ, কহিনুৰ, ভাগ্যদেৱী, মনালিছা, শংকৰদেৱ, হেঙুল, মেঘদূত, উদয়ন, শৰাইঘাট, ৰাজতিলক আদিৰ দৰে নাট্যগোষ্ঠীত অভিনয় কৰে৷ কহিনুৰ থিয়েটাৰৰ জন্মলগ্নৰ পৰা অভিনেতা আছিল শৰ্মা৷ তাৰোপৰি কহিনুৰৰ উত্তৰণত মহানন্দ শৰ্মাৰ আছিল বিশেষ অৰিহণা৷ কহিনুৰৰ মঞ্চতেই নাট্যসম্ৰাট প্ৰফুল্ল বৰাৰ ‘পাহাৰৰ জুই’ নামৰ নাটকখনত দ্বৈত অভিনয় প্ৰদৰ্শন কৰিছিল৷ ভ্ৰাম্যমানৰ মঞ্চত দ্বৈত অভিনয় কৰা প্ৰথমগৰাকী অভিনেতা আছিল মহানন্দ শৰ্মা৷[2]

নাট্যপুঞ্জী

[সম্পাদনা কৰক]

মহানন্দ শৰ্মাই অভিনয় কৰা কেইখনমান নাট[2] হৈছে-

  • সৰু বোৱাৰী
  • দক্ষযজ্ঞ
  • চিৰাজ
  • বেউলা
  • অলংকাৰ
  • গংগা-যমুনা
  • মায়ামৃগ
  • কল্যাণী
  • দেৱী
  • সন্ন্যাসিনী
  • কয়দী
  • ধ্ৰুৱতৰা
  • কাবুলীৱালা
  • ককাইদেউ
  • বলিয়া হাতী
  • চন্দ্ৰগ্ৰহণ
  • জননী
  • তেজ লগা বাট
  • অ'ভাৰকোট
  • মন্দিৰৰ ফুল
  • অগ্নিবাহাদুৰ ছেত্ৰী
  • কাল ধুমুহা
  • দেৱী মা মনসা
  • বিষ্ণু প্ৰসাদ
  • বন্দী
  • অসীমত যাৰ হেৰাল সীমা
  • প্ৰেম
  • মহাশ্বেতা
  • নাগকন্যা
  • উদগীৰণ
  • বন্দিনী
  • ক্লিওপেট্ৰা
  • অগ্নিক্ষণ

চলচ্চিত্ৰপুঞ্জী

[সম্পাদনা কৰক]

মহানন্দ শৰ্মাই অভিনয় কৰা কেইখনমান কথাছবি[2] হৈছে-

সন্মান আৰু স্বীকৃতি

[সম্পাদনা কৰক]

মহানন্দ শৰ্মাৰ গুণমুগ্ধ জনতা আৰু বিভিন্ন সামাজিক সংগঠনে তেখেতক ‘মঞ্চ ভাস্কৰ’, ‘মঞ্চ কোঁৱৰ’, ‘নাট্য প্ৰভাকৰ’, ‘চিৰসেউজ’, ‘মহাগুৰু’ আদি বিভিন্ন অভিধাৰে অভিহিত কৰিছিল। ২০০৪ চনত অসম চৰকাৰে তেখেতলৈ শিল্পী পেঞ্চন আগবঢ়ায়।[1]

তেখেত দীৰ্ঘদিন ধৰি বৃক্কৰ ৰোগত ভূগি আছিল আৰু কেইবাবাৰো তেখেতে চিকিংসা গ্ৰহণ কৰিবলগীয়া হৈছিল। দুয়োটা বৃক্কই তেখেতৰ বিকল হৈ গৈছিল। ২০১৫ৰ ২৫ মে’ত তেখেতক শেষবাৰৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি কৰা হৈছিল। ইয়াতেই চিকিৎসাধীন অৱস্থাত তেখেতৰ ২০ জুন ২০১৫ তাৰিখে মৃত্যু হয়।[1]


তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 "অসমীয়া প্ৰতিদিন". জীৱন মঞ্চৰ পৰা মহানন্দ শৰ্মাৰ মহাপ্ৰস্থান: পৃষ্ঠা ১৪. ২১ জুন ২০১৫. 
  2. 2.00 2.01 2.02 2.03 2.04 2.05 2.06 2.07 2.08 2.09 ভাগৱতী, কমল কুমাৰ (১৮ জুন ২০২১). "মহানন্দ শৰ্মা-অভিনয়েই আছিল যাৰ জীৱন". দৈনিক অসম. পৃষ্ঠা ১৬. https://dainikasam.assamtribune.com/full-page-pdf/epaper/pdf/2021/06/18/dainik-asam/2306/epaper-page-16?infinitescroll=1#&gid=pswgname0&pid=1। আহৰণ কৰা হৈছে: 19 June 2021.