দোস্ত হবিবুৰ ৰহমান
| দোস্ত হবিবুৰ ৰহমান | |
|---|---|
দোস্ত হবিবুৰ ৰহমান | |
| জন্ম | ১৯৩৯ কুমাৰপাৰা, গুৱাহাটী, অসম |
| মৃত্যু | ১৩ আগষ্ট, ১৯৬৯ |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | গায়ক, গীতিকাৰ, অভিনেতা |
| ধৰ্ম | ইছলাম |
দোস্ত হবিবুৰ ৰহমান (ইংৰাজী: Dost Habibur Rahman, ১৯৩৯-১৯৬৯) অসম তথা ভাৰতৰ এগৰাকী গীতিকাৰ, গায়ক আৰু অভিনেতা আছিল। মাত্ৰ ত্ৰিশ বছৰ বয়সতে মৃত্যু হোৱা দোস্ত হবিবুৰ ৰহমান এগৰাকী পেৰ'ডি গায়ক হিচাপে অতি জনপ্ৰিয় আৰু প্ৰখ্যাত আছিল।[1]
জন্ম আৰু পৰিয়াল
[সম্পাদনা কৰক]গুৱাহাটীৰ কুমাৰপাৰা অঞ্চলত জন্মগ্ৰহণ কৰা হবিবুৰ ৰহমানৰ নিচেই শৈশৱতে পিতৃ-মাতৃৰ বিয়োগ ঘটিছিল। তেখেত বাইদেৱেক আৰু মাহীয়েকৰ তত্ত্বাৱধানত ডাঙৰ-দীঘল হৈছিল।
ছাত্ৰাৱস্থাতে দোস্তে খুহুতীয়া গান কিছুমান ৰচনা কৰি গাই সকলোকে আমোদ দিছিল। ড° ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ গীতৰ পেৰ'ডি ৰচনা কৰি গাই তেখেত পেৰ'ডি গায়ক হিচাপে জনপ্ৰিয় হৈ উঠিছিল। এবাৰ গুৱাহাটী জিলা পুথিভঁড়ালত আয়োজিত এক সংগীত সন্ধিয়াত ড° ভূপেন হাজৰিকাৰ সন্মুখতে ভূপেন দাৰ সৃষ্টি “অস্ত আকাশতে সপোন ৰহণ সানি” গীতটো পেৰ'ডি কৰি “অস্ত আকাশতে মস্ত বেলি ডুবে” বুলি পৰিৱেশন কৰি ভূপেন দাৰ প্ৰশংসা বুটলিছিল। ভূপেন দাৰ “মই এটি যাযাবৰ” তেখেতে “মই এটি নিশাচৰ”; জয়ন্ত হাজৰিকাৰ “যদি জীৱনে কান্দে নাই নাই বুলি” গানটি “যদি ঘৈণীয়ে কান্দে নাই নাই বুলি” বুলি পেৰ'ডি কৰি গাইছিল তেখেতে। এই গীতকেইটি অতি জনপ্ৰিয় হৈছিল। “গুহেটিক আৰু কেথেনো নাযাওঁ গুহেটিক নমস্কাৰ” - তীব্ৰ শ্লেষ ঢালি গোৱা এই গীতটি আকাশবাণীৰ পৰা প্ৰচাৰিত হৈছিল আৰু এই গীতটি আজিও আকাশবাণীৰ সংগীতানুষ্ঠান কিছুমানত পৰিৱেশিত হয়। তেনেকুৱা আৰু এটি জনপ্ৰিয় গীত আছিল, “কলিকতালৈ গৈছিলোঁ শুনক মহাশয়।”[1]
পেৰ'ডি গীত গোৱাৰ উপৰও ৰহমানে ভূপেন হাজৰিকা পৰিচালিত কেইখনমান ছবিৰ গীতত সহযোগী শিল্পী হিচাপে কণ্ঠদান কৰিছিল। লটিঘটিত ৰমজানৰে ৰোজা গ'ল শীৰ্ষক গীতত মহম্মদ ৰফিৰ সৈতে, চিক্মিক্ বিজুলীত ঘৰ আমাৰ মাটি হয় শীৰ্ষক গীতত মুকেশৰ সৈতে আৰু সেই একে ছবিৰে শম্মা থাকিলে জৰুৰ জৰুৰ পৰৱানা যে আহিবই শীৰ্ষক গীতত ভূপেন হাজৰিকাৰ সৈতে কণ্ঠদান কৰিছিল।[1]
ৰহমানৰ বিখ্যাত গীতকেইটিমান যেনে, ‘গুহেটীক নমস্কাৰ’, ‘যদি ঘৈণীয়ে কান্দে লাগে লাগে বুলি’, ‘মই এটি নিশাচৰ’ আদি গ্ৰাম’ফোনত ৰেকৰ্ড কৰা হৈছিল।[1]
অভিনয় জীৱন
[সম্পাদনা কৰক]বিশবছৰমান বয়সত তেখেতে Young Theatrical Group (চমুকৈ YTG) নামৰ নাট্যগোষ্ঠীৰ সৈতে জড়িত হৈ পৰে। এই গোষ্ঠীটোত দুলাল ৰয়, দুলু জামান আদিও জড়িত আছিল। দোস্তে নাটকৰ সংগীত ৰচনাৰ কামত হাত দিছিল। কেইবাটাও বাদ্যযন্ত্ৰ বজাব পৰা আৰু সুৰীয়া কণ্ঠৰ বাবে খুব সোনকালেই দোস্তে সকলোৰে চিনাকি হৈ পৰে আৰু নাট চাবলৈ অহা ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ প্ৰিয়পাত্ৰ হৈ পৰে।[1]
ভূপেন হাজৰিকাই গানৰ লগতে অভিনয় প্ৰতিভা দেখি দোস্তক তেওঁৰ ‘লটিঘটি’ আৰু ‘চিক্মিক্ বিজুলী’ বোলছবিত কৌতুক অভিনেতাৰূপে অভিনয়ৰ সুযোগ দিছিল
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- সুৰৰ এনাজৰীত দোস্ত হবিবুৰ ৰহমানৰ গীত Archived 2020-08-14 at the Wayback Machine