সমললৈ যাওক

মহম্মদ ৰফি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মহম্মদ ৰফি
পৃষ্ঠভূমি

মহম্মদ ৰফি (জন্মঃ ২৪ ডিচেম্বৰ, ১৯২৪ - মৃত্যুঃ ৩১ জুলাই, ১৯৮০) ভাৰতীয় সঙ্গীতশিল্পী হিচাবে এসময়ত সমগ্ৰ উপমহাদেশত অত্যন্ত জনপ্ৰিয় ব্যক্তিত্ব আছিল। তেওঁ সঙ্গীত জগতত সুদীৰ্ঘ চাৰি দশক সময়কাল অতিবাহিত কৰে[1]। মহম্মদ ৰফিয়ে সঙ্গীত কলাত অসামান্য অৱদান ৰখাৰ বাবে শ্ৰেষ্ঠ গায়ক হিচাবে জাতীয় পদক আৰু ৬-বাৰ ফিল্মফেয়াৰ পুৰস্কাৰেৰে বিভূষিত হৈছে। ইয়াৰ উপৰি, ১৯৬৭ চনত ভাৰত চৰকাৰৰ দ্বাৰা প্ৰদত্ত পদ্মশ্ৰী সম্মানেৰেও অভিষিক্ত হৈছিল তেওঁ।[2] প্ৰায় ৪০ বছৰ ধৰি সঙ্গীত জগতত থকাকালত ২৬,০০০ অধিক চলচ্চিত্ৰৰ গানত নেপথ্য গায়ক হিচাবে সংযুক্ত আছিল মহম্মদ ৰফি।[3] তেওঁ বহুধৰণৰ গানত অংশ গ্ৰহণ কৰাৰ বিশেষ ক্ষমতাৰ অধিকাৰী আছিল। তাৰ মাজত শাস্ত্ৰীয় সঙ্গীত, দেশাত্মবোধক গান, বিৰহ-বিচ্ছেদ, উচ্চ মাৰ্গৰ প্ৰেম-ভালপোৱা, কাৱালী, ভজন, গজল-সহ বিভিন্ন গোত্ৰৰ গানত দক্ষতা আৰু পাৰদৰ্শীতা দেখুৱাইছিল সন্মানজনকভাবে। বিশেষকৈ হিন্দী আৰু উৰ্দু ভাষাত সমান দক্ষতা থকাত তেওঁৰ গানসমূহত বৈচিত্ৰ্য আহিছিল সমহাৰত।[4]

হিন্দীসহ কোনকানি, উৰ্দু, ভোজপুৰী, উড়িয়া, পঞ্জাবী, বাংলা, মাৰাঠী, সিন্ধী, কানাড়া, গুজৰাটি, তেলেগু, মাঘী, মৈথিলী, অসমীয়া ইত্যাদি ভাষাত তেওঁ গান গাইছিল। এইবোৰৰ উপৰি ইংৰাজী, ফাৰ্চী (ফৰাচী নহয়), স্পেনিচ আৰু ডাচ ভাষাত গান গাইছিল।

২৪ জুলাই, ২০১০ ইং তাৰিখে টাইমচ্‌‌ অব ইণ্ডিয়া আলোচনীত প্ৰকাশিত প্ৰতিবেদনত তেওঁৰ চমকপ্ৰদ কণ্ঠস্বৰক বিশেষভাবে মূল্যায়িত কৰা হৈছে। মই তোমাকে ভালপাওঁ বা (আই লাভ ইউ) বাক্যষাৰক যদি ১০১ প্ৰকাৰে গান আকাৰে গাবলৈ কোৱা হয়, মহম্মদ ৰফিয়ে সেই ১০১ প্ৰকাৰে তাৰ সকলোখিনিয়েই কৰিব পাৰিছিল। প্ৰায় চাৰি দশক জুৰি গানৰ জগতত অসাধাৰণ অৱদানৰ বাবেই মহম্মদ ৰফি সকলো সময়ৰ, সকলো কালৰ আৰু সকলো বিষয়ৰ শিল্পী হিচাবে পৰিগণিত হৈ আছে।[5]

শৈশৱৰ বছৰসমূহ

[সম্পাদনা কৰক]

মহম্মদ ৰফিয়ে তদানীন্তন ব্ৰিটিছ ভাৰতৰ পঞ্জাব এলেকাৰ অমৃতসৰ গ্ৰামৰ নিকটৱৰ্তী কোটলা চুলতান সিঙৰ অধিবাসী হাজী আলী মহম্মদৰ ৬ষ্ঠ সন্তান হিচাবে জন্মগ্ৰহণ কৰে[6]। সঙ্গীত শিল্পী মহম্মদ ৰফি'ৰ ঘৰুৱা নাম আছিল ফিকো। তেওঁৰ নিজ গাঁৱত এজন ফকিৰৰ ভজন গানক অনুকৰণ কৰি তেওঁ গান গোৱা আৰম্ভ কৰে।[6] জীৱিকাৰ সন্ধানত তেওঁৰ দেউতাক হাজী আলী মহম্মদে ১৯২০ চনত লাহোৰলৈ গুচি যায় আৰু ভাট্টি গেটেৰ নূৰ মহল্লাত এখন চেলুনৰ মালিক হয়।[7]

তেওঁৰ ডাঙৰ ককায়েক মহম্মদ দ্বীনৰ বন্ধু আব্দুল হামিদে লাহোৰত থকাকালত ৰফি'ৰ প্ৰতিভা দেখি তেওঁক গান গাবলৈ সাহস দিছিল। পৰৱৰ্তীকালত তেওঁ ৰফি'ৰ অভিভাৱক হৈছিল। আব্দুল হামিদে পৰৱৰ্তী সময়ত তেওঁৰ পৰিয়ালৰ বয়সস্থসকলৰ পৰা সম্মতি আদায় কৰি তেওঁক মুম্বাইলৈ পঠায়। ১৯৪৪ চনত মহম্মদ ৰফি বোম্বেলৈ যোৱাত আব্দুল হামিদো তেওঁৰ লগত সঙ্গী হিচাবে গৈছিল। তাত তেওঁ উস্তাদ বড়ে গোলাম আলী খান, উস্তাদ আব্দুল ৱাহিদ খান, পণ্ডিত জীবনলাল মত্তো আৰু ফিৰোজ নিজামী'ৰ দৰে প্ৰথিতযশা শিল্পীসকলৰ পৰা ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতত শিক্ষা লয়।[8][9]

১৩ বছৰ বয়সত ৰফিয়ে লাহোৰৰ প্ৰথিতযশা শিল্পী কে. এল. চাইগলৰ (কুন্দনলাল চায়গল) লগত জীৱনৰ প্ৰথম দৰ্শক-শ্ৰোতাৰ মুখামুখি হৈ কনচাৰ্টত গান পৰিবেশন কৰে।[8] ১৯৪১ চনত শ্যাম সুন্দৰৰ নিৰ্দেশনাত লাহোৰত নেপথ্যগায়ক হিচাবে নিজেৰ অভিষেক ঘটায়। পঞ্জাবী ভাষাত নিৰ্মিত গুল বালুচ (১৯৪৪ চনত মুক্তি পায়) চলচ্চিত্ৰত জিনাত বেগমৰ লগত দ্বৈত সঙ্গীত "সোনিয়ে নি, হেৰিয়ে নি" গানটো গায়।[10] একেই বছৰতে মহম্মদ ৰফিয়ে অল ইণ্ডিয়া ৰেডিঅ’'ৰ লাহোৰ সম্প্ৰচাৰ কেন্দ্ৰত গান পৰিবেশনৰ বাবে আমন্ত্ৰণ পায়।[11]

১৯৪১ চনত শ্যাম সুন্দৰৰ পৰিচালনাত গুল বালোচ ছবিৰ মাধ্যমেৰে সঙ্গীতত পেশাগতভাবে অভিষেক ঘটায় ৰফিয়ে। পাছৰ বছৰত বোম্বেৰ চলচ্চিত্ৰ গাঁও কি গৌৰী ছবিত নৈপথ্য গায়ক হিচাবে অভিষেক ঘটায়। ইয়াৰ উপৰি ৰফিয়ে লায়লা-মজনু (১৯৪৫) আৰু জুগনু চলচ্চিত্ৰত সংক্ষিপ্তভাবে, অতিথি শিল্পী হিচাবে অভিনয় কৰে। লায়লা-মজনু চলচ্চিত্ৰত 'তেৰা জ্বালা' কোৰাচ গানত তেওঁক অন্যান্য শিল্পীসকলৰ লগত গোৱা দেখা যায়।[12]

বোম্বেলৈ আগমন

[সম্পাদনা কৰক]

১৯৪৪ চনত মহম্মদ ৰফিয়ে বোম্বেলৈ (বৰ্তমান মুম্বাই) গুচি আহে। তেওঁৰ অভিভাৱকে তাত তেওঁক ভেন্দী বজাৰৰ দৰে ব্যস্ততম এলেকাত এটা সৰু কোঠাত থকাৰ ব্যবস্থা কৰি দিয়ে। তাত তানভীৰ নাকভী নামৰ এজন কবি - আব্দুৰ ৰছীদ কাৰদাৰ, মেহবুব খান আৰু অভিনেতা-পৰিচালক নাজিৰৰ দৰে চলচ্চিত্ৰ পৰিচালকৰ লগত ৰফিৰ পৰিচয় কৰি দিয়ে।[7] শ্যাম সুন্দৰে তেতিয়া মুম্বাইতে বসবাস কৰিছিল। তেওঁ ৰফিক আকৌ জিএম দুৰৰানী'ৰ লগত দ্বৈত সঙ্গীতত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনায়। শ্যাম সুন্দৰৰ গাঁও কি গোৰী চলচ্চিত্ৰৰ আজি দিল হো কাবু মে তো দিলদাৰ কি এইছী তেইছী গানৰ মাধ্যমেৰে মহম্মদ ৰফিয়ে হিন্দী চলচ্চিত্ৰত প্ৰথম গান ৰেকৰ্ড কৰে।[13]

১৯৪৮ চনত মহাত্মা গান্ধী নিহত হোৱাৰ পাছত হুসনলাল ভগতৰাম-ৰাজেন্দ্ৰ কৃষাণ-ৰফি তিনিও মিলি একেৰাতিতেই কালজয়ী শুনো শুনো এই দুনিয়াৱালো, বাপুজী কি অমৰ কাহিনী গান ৰচনা কৰি সঙ্গীত পৰিবেশন কৰে।[13] ইয়াৰ পাছত তেওঁ ভাৰতৰ তৎকালীন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু'ৰ আমন্ত্ৰণত গানটো পুনৰ পৰিবেশন কৰি উপস্থিত সকলোকে শুনায়। ১৯৪৮ চনত ভাৰতৰ স্বাধীনতা দিৱসত নেহৰু'ৰ পৰা ৰূপৰ পদক গ্ৰহণ কৰে মহম্মদ ৰফিয়ে।

১৯৪৯ চনত নৌশাদ (চাদনী ৰাত, দিল্লাগী, দুলাৰী); শ্যাম সুন্দৰ (বাজাৰ); হুসনলাল ভগতৰামৰ (মীনা বাজাৰ) প্ৰমুখ সঙ্গীত পৰিচালকসকলৰ নিৰ্দেশনাত একক সঙ্গীতত অংশ লয়। নৌশাদৰ নিৰ্দেশনাত শ্যাম কুমাৰ, আলাউদ্দীন আৰু অন্যান্যসকলৰ লগত ৰফি'ৰ প্ৰথম গান আছিল ১৯৪৪ চনত মুক্তিপ্ৰাপ্ত পেহলে আপ ছবিৰ হিন্দুস্তান কি হাম হ্যায় গানটো। এইভাবেই তেওঁ হিন্দী ভাষাত তেওঁৰ প্ৰথম গান ৰেকৰ্ড কৰে।[11] তদুপৰি ৰফিয়ে দুখন হিন্দী ছবিত অভিনয়ো কৰে। ১৯৪৫ চনত মুক্তিপ্ৰাপ্ত লায়লা মজনু চলচ্চিত্ৰৰ তেৰা জ্বালা জিস নে দেখা গানৰ দৃশ্যত অতিথি শিল্পী হিচাবে অংশগ্ৰহণ কৰিছিল।[11]

তেওঁ নৌশাদৰ সহযোগিতাত অনেক গান গাইছিল। ১৯৪৬ চনত মুক্তিপ্ৰাপ্ত চাহজাহান চলচ্চিত্ৰত কুন্দনলাল চায়গলৰ লগত মেৰে স্বপ্ন কি ৰানি, ৰুহী ৰুহী নামৰ কোৰাচত অংশ লয়। মেহবুব খানৰ আনমল ঘড়ি (১৯৪৬)-ত তেৰা খিলোনা তোতা বালক আৰুজুগনু (১৯৪৭) চলচ্চিত্ৰত ইয়াহান বাদলা ওয়াফা কা গানত নূৰ জাহানৰ লগত দ্বৈত সঙ্গীতত কণ্ঠ দিয়ে।

ভাৰতবৰ্ষৰ বিভাজনৰ সময়ত মহম্মদ ৰফিয়ে ভাৰততে স্থায়ীভাবে বসবাস কৰাৰ সিদ্ধান্ত লয়। ফলত তেওঁৰ পৰিয়ালো বোম্বেলৈ গুচি আহে। কিন্তু সেই সময়ৰ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী নূৰজাহানে পাকিস্তানলৈ স্থানান্তৰিত হোৱাৰ সিদ্ধান্ত লয়। নূৰজাহানে তাত আহমেদ ৰুশদী'ৰ লগত নতুনকৈ সঙ্গীতত জুটি বান্ধে।

ৰফিয়ে সেই সময়ৰ জনপ্ৰিয় সঙ্গীতকাৰ হিচাবে কুন্দনলাল চায়গল, তালাত মেহমুদৰ গানসমূহ গভীৰভাবে অনুসৰণ কৰিছিল। তথাপি আটাইতকৈ বেছি অনুৰক্ত আৰু প্ৰভাবান্বিত হৈছিল জি. এম. দূৰৰাণী'ৰ প্ৰতি, যাৰ গানসমূহক নিজৰ গানৰ মাজত অন্তৰ্ভুক্ত কৰিছিল। তেওঁ তেওঁৰ আদৰ্শক অনুসৰণ কৰিবলৈ গৈ ১৯৫৬ চনত মুক্তিপ্ৰাপ্ত হাম সব চোৰ হ্যায় ছবিত হামকো হাচতে দেখ জামানা জ্বলতা হ্যায় আৰু ১৯৫০ চনত বেকচুৰ ছবিত খবৰ কিচি কো নাহিন, ও কিধাৰ দেখতে-ৰ দৰে গানত প্ৰভাৱ পেলাইছিল।[14][15]

সঙ্গীত জীৱন

[সম্পাদনা কৰক]

মহম্মদ ৰফিয়ে তেওঁৰ সুদীৰ্ঘ সঙ্গীত জীৱনত অনেক নামকৰা সঙ্গীত পৰিচালকৰ দিশ-নিৰ্দেশনাত বিভিন্ন ধৰণৰ গান গাইছিল। তাৰ মাজত অমৰ সঙ্গীত পৰিচালক হিচাবে নৌশাদৰ পৰিচালনাতেই গান গাইছিল বেছি। ইয়াৰ উপৰি, ১৯৫০ আৰু ১৯৬০ ৰ দশকত মহম্মদ ৰফিয়ে অ.পি. নায়াৰ, শঙ্কৰ জয়কিষাণ আৰু এচ.ডি.বৰ্মনৰ সুৰতো অনেক গান গাইছিল।

নৌশাদৰ সাহচৰ্য্যত

[সম্পাদনা কৰক]

নৌশাদৰ পিতৃৰ পৰা এখন চুপাৰিশ পত্ৰ আনি মহম্মদ ৰফিয়ে তেওঁক দেখুৱায়।[16] ১৯৪৪ চনত পেহলে আপ ছবিত নৌশাদৰ নিৰ্দেশনাত ৰফিয়ে তেওঁ ৰ প্ৰথম গান হিচাবে "হিন্দুস্তান কে হাম হে" গায়। ১৯৪৬ চনত দ্বৈত সঙ্গীতৰূপে আনমল ঘড়িত গান ৰেকৰ্ড কৰে। মহম্মদ ৰফি'ৰ পূৰ্বে নৌশাদৰ প্ৰিয় কণ্ঠশিল্পী আছিল উপমহাদেশৰ অন্যতম আৰু জনপ্ৰিয় কণ্ঠশিল্পী তালাত মেহমুদ। এদিন ৰেকৰ্ডিং চলিথকা সময়ত তালাত মেহমুদক ধুমপানৰত অৱস্থাত দেখা পায় নৌশাদে। ইয়াতে তেওঁ তেওঁৰ প্ৰতি ভীষণভাবে ক্ষিপ্ত হয় আৰু খং কৰে। ফলত বৈজু বাওৰা ছবিৰ সকলো গানতেই মহম্মদ ৰফিক অন্তৰ্ভুক্ত কৰে নৌশাদে।[12] নৌশাদৰ সাহচৰ্য্যতে ৰফিয়ে নিজকে হিন্দী চিনেমাৰ জগতত অপ্ৰতিদ্বন্দ্বী আৰু কিংবদন্তী নেপথ্য কণ্ঠশিল্পী হিচাবে প্ৰতিষ্ঠিত কৰিছিল।[11] বৈজু বাওৰা (১৯৫২) ছবিৰ গান হিচাবে - অ’ দুনিয়া কে ৰাখৱালে আৰু মন তাৰপাত হৰি দৰ্শন কো আজএ ৰফি'ৰ কণ্ঠক অবিসংবাদিত তাৰকাৰ খ্যাতি আনি দিয়ে।[10] নৌশাদৰ দিশ-নিৰ্দেশনাত সৰ্বমুঠ ১৪৯টি সঙ্গীত পৰিবেশন কৰে ৰফিয়ে। তাৰমাজত তেওঁৰ চ’ল বা একক সঙ্গীত আছিল ৮১টি।[17]

শচীন দেৱ বৰ্মণৰ সাহচৰ্য্যত

[সম্পাদনা কৰক]

শচীন দেৱ বৰ্মণে বিখ্যাত অভিনেতা দেব আনন্দ আৰু গুৰু দত্তৰ মাধ্যমেৰে ৰফিক তেওঁৰ নেপথ্য কণ্ঠশিল্পী হিচাবে আমন্ত্ৰণ জনায়।[18] ৰফিয়ে বৰ্মণৰ সঙ্গীত পৰিচালনাত প্যাছা (১৯৫৭), কাগজ কে ফুল (১৯৫৯), তেৰে ঘৰ কে সামনে (১৯৬২), গাইড (১৯৬৫), আৰাধনা (১৯৬৯) আৰুঅভিমান (১৯৭৩) চলচ্চিত্ৰত কাম কৰে। এচ. ডি. বৰ্মণ আছিল ভাৰতীয় উপমহাদেশৰ অন্যতম সঙ্গীত পৰিচালক যি নৌশাদৰ সমপৰ্য্যায়ৰ আছিল। মহম্মদ ৰফিক তেওঁৰ সুৰাৰোপিত অধিকাংশ গানত অংশগ্ৰহণৰ সুযোগ দিছিল।

সঙ্গীত পৰিচালক ৰবি'ৰ লগত

[সম্পাদনা কৰক]

ৰফিয়ে তেওঁৰ প্ৰথম ফিল্মফেয়াৰ পদক পায় চৌধৰী কা চাঁদ (১৯৬০) ছবিৰ সঙ্গীত পৰিচালক আৰু গীতিকাৰ ৰবিৰ দ্বাৰা লিখিত পৰিচয় সঙ্গীতৰ বাবে। ১৯৬৮ চনত মুক্তিপ্ৰাপ্ত নীল কমল ছবিত "বাবুল কি দোয়ায়েঁ লেটি জা" গানৰ বাবে জাতীয় চলচ্চিত্ৰ পুৰস্কাৰেৰে বিভূষিত হয়। মহম্মদ ৰফিয়ে যেতিয়া গানটোৰ ৰেকৰ্ডিং কৰে তেতিয়া সেইসময়ত তেওঁ খুব বেছি আবেগিক হৈ পৰিছিল। ১৯৭৭ চনত ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পোৰেশন বা বিবিচিত দিয়া সাক্ষাৎকাৰৰ সময়ত তেওঁ এই বিষয়ত প্ৰসঙ্গক্ৰমে কথাটো তুলি ধৰিছিল।[19] ৰবি আৰু ৰফি'ৰ গীত আৰু সুৰৰ অন্যান্য অনেক গান আছে - চাইনা টাউন (১৯৬২), কাজল (১৯৬৫) আৰু দো বদন (১৯৬৬) চলচ্চিত্ৰ সমূহত।

সঙ্গীত পৰিচালক জয় কিষাণৰ লগত

[সম্পাদনা কৰক]

হিন্দী চলচ্চিত্ৰ মহলত মহম্মদ ৰফি আৰু সঙ্গীত পৰিচালক শঙ্কৰ জয়কিষাণৰ মাজত চমৎকাৰ আৰু গভীৰ সু-সম্পৰ্ক বিৰাজমান আছিল। জয়কিষাণৰ সঙ্গীত পৰিচালনা আৰু নিৰ্দেশনাত ৰফিয়ে বেছ কিছু ছবিৰ গানত কণ্ঠ দিছিল যিবোৰ শাম্মি কাপুৰ আৰু ৰাজেন্দ্ৰ কুমাৰৰ ওঁঠত দেখা যায়। ৰফি'ৰ ৬টা ফিল্মফেয়াৰ পদক প্ৰাপ্তিৰ মজত ৩টাই আছিল শঙ্কৰ জয়কিষাণৰ সঙ্গীত নিৰ্দেশনা আৰু পৰিচালনাত। তেৰি প্যাৰী প্যাৰী চুৰত কো, বাহাৰো ফুল বৰচাঅ’ আৰু দিল কি ঝৰোখে মে'ৰ দৰে অবিস্মৰণীয় গানসমূহে তেওঁক সেই পদকসমূহৰ প্ৰাপ্তিত সহায় কৰিছিল।

ইয়াহু! চাহে কোই মুঝে জাংলী কাহে গানটো আছিল একমাত্ৰ গান যিটো দ্ৰুতলয়ৰ অৰ্কেষ্ট্ৰা ঘৰাণাৰ গান গাইছিল ৰফিয়ে। কিশোৰ কুমাৰৰ পৰিৱৰ্তে ৰফিক চাৰাৰাত ছবিত আজব হ্যায় দাস্তান তেৰী ইয়ে জিন্দেগী গানত অন্তৰ্ভুক্ত কৰে শঙ্কৰ জয়কিষাণে। মহম্মদ ৰফিয়ে তেওঁৰ সঙ্গীত নিৰ্দেশনা আৰু পৰিচালনাত সৰ্বমুঠ ৩৪১টা গান গাইছিল। তাৰমাজত ২১৬টা গানেই আছিল একক সঙ্গীতৰ।[17] বসন্ত বাহাৰ, প্ৰফেচৰ, জালী, সুৰজ, ব্ৰহ্মচাৰী, এন ইভ্‌নিং ইন পেৰিচ, দিল তেৰা দিৱানা, য়েকিন, প্ৰিন্স, লাভ ইন টকিঅ’, বেটি বেটে, দিল এক মন্দিৰ, দিল আপনা ঔৰ প্ৰীত পৰাই, গবন আৰু জব প্যাৰ কিচি চে হোতা হে ছবিবিলাকত তেওঁৰ গান আছে।

গীতিকাৰ মদন মোহনৰ লগত

[সম্পাদনা কৰক]

গীতিকাৰ মদন মোহনৰ অন্যতম পছন্দৰ পাত্ৰ আৰু কণ্ঠশিল্পী আছিল অমৰ সঙ্গীতজ্ঞ মহম্মদ ৰফি। তেওঁৰ সঙ্গীত পৰিচালনাত ১৯৫০ চনত আঁখে ছবিত হাম ইশক্‌ মে বৰবাদ হে বৰবাদ ৰাহেঙ্গে সঙ্গীতটো কণ্ঠত ধাৰণ কৰে ৰফিয়ে।[11] তেওঁলোকে যৌথভাবে অনেক গান ৰেকৰ্ড কৰে। তাৰমাজত - তেৰি আঁখো কে শিবা, ৰং অউৰ নূৰ কি বৰাত, ইয়ে দুনিয়া ইয়ে মেহফিল আৰু তুম জো মিল গায়ে হো গানসমূহ অন্যতম।

অ. পি. নায়াৰৰ লগত

[সম্পাদনা কৰক]

ৰফি আৰু অ. পি. নায়াৰ জুটিৰ দ্বাৰা যৌথভাবে সৃষ্ট ১৯৫০ আৰু ১৯৬০-ৰ দশকৰ সঙ্গীতসমূহে শ্ৰোতা-দৰ্শকৰ মনত বেছ আলোড়ন তুলিছিল। নায়াৰে এবাৰ ৰফি'ৰ সম্বন্ধত কৈছিল, "য’ত মহম্মদ ৰফি নাই, ত’ত অ. পি, নায়াৰো নাই"। নায়াৰ আৰু ৰফি উভয়ৰ সম্মিলিত প্ৰচেষ্টাত সৃষ্ট অনেক গান জনপ্ৰিয় হৈছিল। সেইবোৰৰ মাজত ইয়ে হ্যায় বোম্বে মেৰি জান অন্যতম। তেওঁ ৰফিৰ দ্বাৰা গায়ক-অভিনেতা হিচাবে কিশোৰ কুমাৰৰ বাবে মন মেৰা বাৱৰা গানটো ৰাগীনি ছবিত গোৱাইছিল। পৰবৰ্তীকালত ৰফিয়ে কিশোৰ কুমাৰৰ অন্যান্য চলচ্চিত্ৰ হিচাবে বাঘী, চেহজাদা আৰু সাৰাৰাত ছবিতো গান গাইছিল।

নায়াৰে তেওঁৰ চলচ্চিত্ৰৰ বাবে অধিকাংশ গানতেই আশা ভোঁসলে আৰু মহম্মদ ৰফিক অংশগ্ৰহণ কৰাইছিল। নয়া দৌঁড় (১৯৫৭), তুমসা নাহিন দেখা (১৯৫৭) আৰু কাশ্মীৰ কি কালী (১৯৬৪) চলচ্চিত্ৰত নায়াৰ-ৰফি দুয়োজনৰে সঙ্গীতত অংশগ্ৰহণ আছিল বিশেষভাবে লক্ষণীয়। নায়াৰৰ সঙ্গীত পৰিচালনাত ৰফিয়ে সৰ্বমুঠ ১৯৭টা গান গাইছিল। তাৰমাজত ৫৬টা গান আছিল একক সঙ্গীতৰ।[20]

ৰফি'ৰ কণ্ঠত তুমচা নাহি দেখা চলচ্চিত্ৰত জৱানীয়া য়ে মস্ত মস্ত আৰু আৰম্ভণি সঙ্গীত হিচাবে ইউ তো হামনে লাখ হছী দেখে হ্যায় গানটোৱে অত্যন্ত জনপ্ৰিয়তা অৰ্জন কৰিছিল। ইয়াৰোপৰি, কাশ্মীৰ কি কালী ছবিত তাৰিফ কৰুণ কিয়া উসকি জিসনে তুমহে বানায়া গানটোও সমানেই জনপ্ৰিয় আছিল।[21]

লক্ষ্মীকান্ত-প্যাৰেলাল যুটিৰ লগত

[সম্পাদনা কৰক]

অত্যন্ত জনপ্ৰিয় দুই গীতিকাৰ লক্ষ্মীকান্ত-পিয়াৰেলাল জুটিয়েও মহম্মদ ৰফিক তেওঁলোকৰ সৃষ্ট গানত অংশগ্ৰহণৰ সুযোগ দিছিল। এই জুটিৰ সঙ্গীত পৰিচালনাত প্ৰথম ছবি হিচাবে ১৯৬৩ চনত মুক্তিপ্ৰাপ্ত পৰশমণি চলচ্চিত্ৰৰ গানত মহম্মদ ৰফিয়ে অংশ লয়। ৰফি আৰু লক্ষ্মীকান্ত-পিয়াৰেলাল জুটিয়ে যৌথভাবে ১৯৬৪ চনত মুক্তিপ্ৰাপ্ত দোস্তি চলচ্চিত্ৰৰ চাহুঙ্গা মে তুঝে সাঁঝ সাভেৰে গানেৰ বাবে ফিল্মফেয়াৰ পুৰস্কাৰ লাভ কৰিছিল। এই জুটিৰ লগত ৩৬৯টা গানত অংশগ্ৰহণ কৰিছিল মহম্মদ ৰফিয়ে। তাৰ মাজত ১৮৬টা গানেই আছিল একক সঙ্গীতৰ।[17]

১৯৫০ৰ পৰা ১৯৭০চনৰ মাজত বলিউডত অংশগ্ৰহণকাৰী অন্যান্য গায়কসকলৰ তুলনাত ৰফিকেই দেখা গৈছিল আটাইতকৈ বেছি।[22] ইয়াৰোপৰি, হিন্দী ছবিত তেওঁ অনেক খ্যাতনামা চলচ্চিত্ৰ তাৰকাৰ বাবে গান গাইছিল।[23] ১৯৬৫ চনত সঙ্গীত কলাত অসামান্য অৱদান ৰখাৰ বাবে ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী পুৰস্কাৰে বিভূষিত কৰে। ১৯৬০ ৰ দশকত মৰিচাচ ভ্ৰমণৰ সময়ত তেওঁ ক্ৰিয়োল ভাষাত এটি গান গাইছিল। এইবোৰৰ উপৰি, ৰফিয়ে দু'টি ইংৰাজী এযালবামৰ গানত অংশ লৈছিল। তাৰ মাজত এটি হ’ল পপ হিটচ‌।[8]

১৯৭০ দশকৰ আৰম্ভণিত

[সম্পাদনা কৰক]

মহম্মদ ৰফি ১৯৭০ ৰ দশকৰ আৰম্ভণিৰ ফালে গুৰুতৰভাবে অসুস্থ হৈ পৰে। ফলত সেই দশকৰ প্ৰথম কেই বছৰমান খুব কমসংখ্যক গানহে ৰেকৰ্ড কৰিব পাৰিছিল তেওঁ।[24]

এই সময়ত ভাৰতীয় সঙ্গীত জগতৰ অন্যতম প্ৰবাদ পুৰুষ কিশোৰ কুমাৰৰ উত্তৰণ, জনপ্ৰিয়তা আৰু সুনাম উত্তৰোত্তৰ বৃদ্ধি পায়। বিশেষকৈ ১৯৬৯ চনত মুক্তিপ্ৰাপ্ত সামাজিক চলচ্চিত্ৰ হিচাবে আৰাধনা ছবিৰ গানসমূহৰ কথা, সুৰ আৰু কণ্ঠশিল্পত কিশোৰ কুমাৰৰ অপূৰ্ব দক্ষতা আৰু কণ্ঠশৈলীয়েই ইয়াৰ মূল কাৰণ হিচাবে বিবেচনা কৰা হয়। ইয়াৰোপৰি, সেই একেই বছৰতে মহম্মদ ৰফিয়ে হজ্‌ব্ৰত পালনৰ উদ্দেশ্যে চৌদি আৰবলৈ গমন কৰিছিল।

অত্যন্ত জনপ্ৰিয় আৰাধনা চলচ্চিত্ৰৰ সঙ্গীত পৰিচালক আছিল এচ. ডি. বৰ্মণ। তেওঁ ৰফিক প্ৰথম দু'টি - বাগ’ মে বাহাৰ হ্যায় আৰু গুনগুনা ৰাহে হে ভ্ৰমৰ দ্বৈত গানত অংশগ্ৰহণ কৰোৱায়। সেই দুয়োটা গান ৰেকৰ্ড কৰোৱাৰ পাছত এচ. ডি. বৰ্মণ অসুস্থ হৈ পৰে। ফলত গান পৰিচালনাৰ দায়িত্ব অৰ্পিত হয় তেওঁৰ পুত্ৰ আৰু সহকাৰী সঙ্গীত পৰিচালক আৰ. ডি. বৰ্মণৰ ওপৰত। তেওঁ কিশোৰ কুমাৰৰ দ্বাৰা ”ৰূপ তেৰা মাস্তানা” আৰু ”মেৰে স্বপ্নো কি ৰাণী” গান দু'টি বাণীবদ্ধ কৰোৱায়।

১৯৭০ ৰ দশকৰ আৰম্ভণিতে মহম্মদ ৰফিয়ে লক্ষ্মীকান্ত-পিয়াৰেলাল, মদন মোহন, আৰ. ডি. বৰ্মণ আৰু এচ. ডি. বৰ্মণৰ দৰে সমপৰ্য্যায়ৰ জনপ্ৰিয় সঙ্গীত পৰিচালকসকলৰ গানত কণ্ঠ দিয়ে। তেওঁলোকৰ পৰিচালনাত - তুম মুঝে ইউ ভুলা না পাওগে (পাগলা কাহিন কা, ১৯৭১); ইয়ে দুনিয়া ইয়ে মেহফিল (হীৰ ৰানঝা, ১৯৭০); লতা মঙ্গেশকৰৰ লগত - ঝিলমিল সিতাৰো কা (জীবন মৃত্যু, ১৯৭০); গুলাবি আঁখে (দ্য ট্ৰেন, ১৯৭০); ইয়ে জো চিলমান হ্যায় আৰু ইতনা তো ইয়াদ হ্যায় মুঝে (মেহবুব কি মেহেন্দী, ১৯৭১), মেৰা মান তেৰা পিয়াসা (গাম্বলাৰ); চালাও দিলদাৰ চালাও (পাকিজা, ১৯৭২); আশা ভোঁসলে'ৰ লগত - চুৰা লিয়া হ্যায় তুমনে (ইয়াদো কি বাৰাত, ১৯৭৩); দিলীপ কুমাৰ অভিনীত - না তু জমীন কি লিয়ে (দস্তান, ১৯৭৩); তেৰী বিন্দিয়া ৰে (অভিমান, ১৯৭৩) আৰু আজ মৌসুম বড় বেঈমান হ্যায় (লোফাৰ, ১৯৭৩) গানসমূহত অংশগ্ৰহণ কৰে তেওঁ।

১৯৭‌১ - ১৯৭৩ সময়কালৰ মাজত মহম্মদ ৰফি'ৰ সঙ্গীত জগতত অংশগ্ৰহণ কম থাকে। যদিও, এই সময়ত তেওঁ কিছুসংখ্যক গানত কণ্ঠ দিছিল।[25]

পৰৱৰ্তী বছৰসমূহত

[সম্পাদনা কৰক]

১৯৭০ দশকৰ মাজৰ সময়চোৱাত ৰফিয়ে শীৰ্ষস্থানীয় কণ্ঠশিল্পী হিচাবে সঙ্গীত জগতত নিজৰ স্থান পুনৰ দখলত ৰাখে। ১৯৭৪ চনত তেওঁ ঊষা খান্না'ৰ গীত ৰচনাত হৱচ্‌ ছবিত তেৰী গালিঅঁ মে না ৰাখেঙ্গে কদম আজ কে বাদ গান গাই ফিল্ম ৱৰ্ল্ডত ম্যাগাজিনৰ পক্ষৰ পৰা শ্ৰেষ্ঠ গায়কৰ পুৰস্কাৰ পায়।[17] ১৯৭৭ চনত হ‌ম কিচি চে কম নেহি শিৰোনামৰ হিন্দী চলচ্চিত্ৰত আৰ. ডি. বৰ্মনৰ (ৰাহুল দেৱ বৰ্মন)ৰ সঙ্গীত ৰচনাত ক্যা হুৱা তেৰা ৱাদা গানৰ বাবে ভাৰতৰ জাতীয় পদক আৰু ফিল্মফেয়াৰ পুৰস্কাৰ লাভ কৰে।[18]

ঋষি কাপুৰ অভিনীত চলচ্চিত্ৰ হিচাবে - অমৰ আকবৰ এন্থনী (১৯৭৭), সৰগম (১৯৭৯) আৰু কৰ্জ্জ (১৯৮০) ছবিৰ নেপথ্যেত কণ্ঠ দিয়ে মহম্মদ ৰফিয়ে। তাৰ মাজত অমৰ আকবৰ এন্থনী চলচ্চিত্ৰতৰ পৰ্দা হে পৰ্দা কাৱালীটো সকলো স্তৰৰ দৰ্শক-শ্ৰোতাৰ মাজত ভীষণ জনপ্ৰিয়তা অৰ্জন কৰিছিল।

ইয়াৰ উপৰিও, ১৯৭০ দশকৰ শেষৰ ফালৰ পৰা ১৯৮০ দশকৰ আৰম্ভণিৰ ফালে কণ্ঠসঙ্গীতত ৰফি'ৰ স্মৰণীয় অংশগ্ৰহণ আছিল - লায়লা মজনু (১৯৭৬), অপনাপন (১৯৭৮), কুৰ্বাণী (১৯৮০), দোস্তানা (১৯৮০), দ্য বাৰ্নিং ট্ৰেন (১৯৮০), নছীব (১৯৮১), আবদুল্লাহ (১৯৮০), শান (১৯৮০) আৰু আশা (১৯৮০) চলচ্চিত্ৰসমূহ্ত।

গ্ৰীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত

[সম্পাদনা কৰক]

জীৱনৰ শেষৰ বছৰসমূহত আটাইতকৈ বেছি গান ৰেকৰ্ড সংক্ৰান্ত বিষয়ত মহম্মদ ৰফি বিতৰ্কত জড়িত হৈ পৰে। তেওঁ লতা মঙ্গেশকাৰৰ গ্ৰীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভুক্তকৰণৰ বিষয়ত আপত্তি উত্থাপন কৰে। ১১ জুন, ১৯৭৭ চনত গ্ৰীনিজ বুক অৱ ওৱৰ্ল্ড ৰেকৰ্ড কৰ্তৃপক্ষক লিখা এখন চিঠিত তেওঁ জনায় যে, লতাজীয়ে সকলোতকৈ বেছি গান ৰেকৰ্ড কৰিছে সেয়া সত্য; কিন্তু সেইয়া গ্ৰীনিজ কৰ্তৃপক্ষেৰ ভাষ্য অনুসৰি ২৫,০০০ গানৰ কম নহয়। গ্ৰীনিজৰ পৰা পত্ৰ প্ৰাপ্তিৰ প্ৰত্যুত্তৰত ৰফিয়ে ২০ নৱেম্বৰ, ১৯৭৯ চনত চিঠিত লিখে যে: মই খুবেই মৰ্মাহত যে মোৰ অনুৰোধ পুনৰ্বিবেচনা কৰা নহ’ল। আনকি মোৰ নাম অন্তৰ্ভুক্তিৰ বিপৰীতে শ্ৰীমতী মঙ্গেশকাৰৰ দাবীকৃত বিশ্বৰেকৰ্ডটোৰো অপসাৰণ কৰা নহ’ল

১৯৭৭ চনৰ নৱেম্বৰ মাহত বিবিচিক দিয়া এক সাক্ষাৎকাৰত মহম্মদ ৰফিয়ে দাবী কৰে যে, তেওঁ সেই সময় পৰ্যন্ত ২৫ ৰ পৰা ২৬ হাজাৰৰ সমান গান গাইছিল।[19]

ৰফি'ৰ মৃত্যুৰ পাছত গ্ৰীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ ১৯৮৪ চনৰ সংস্কৰণত লেখা হয় যে, 'লতা মঙ্গেশকাৰে সকলোতকৈ বেছি গান ৰেকৰ্ড কৰিছে। তথাপি মহম্মদ ৰফিয়েও দাবী কৰিছে যে, তেওঁ ১১টা ভাৰতীয় ভাষাত ১৯৪৪ চনৰ পৰা এপ্ৰিল, ১৯৮০ চনৰ মাজলৈকে ২৮,০০০ ৰ সমান গান গাইছিল। '[26]

প্ৰাপ্ত তথ্য আৰু পৰিসংখ্যা অনুসৰি ১৯৪৫ৰ পৰা ১৯৮০ সময়কালৰ মাজত মহম্মদ ৰফিয়ে ৪,৫১৬টা হিন্দী ছবিৰ গান, ১১২টা অন্যান্য চলচ্চিত্ৰৰ গান আৰু ৩২৮টা অন্যান্য গান ৰেকৰ্ড কৰিছে।[26]

অৱশ্যে পৰৱৰ্তীকালত ১৯৯১ চনত মহম্মদ ৰফি আৰু লতা মঙ্গেশকাৰ - উভয় কণ্ঠশিল্পীৰ নামেই গ্ৰীণীজ বুকৰ পৰা অপসাৰণ কৰা হয়।

চকুৰ পচাৰতে ৰফি

[সম্পাদনা কৰক]
  • মহম্মদ ৰফি'ৰ ঘৰুৱা নাম আছিল ফিকু[27]
  • প্ৰথম মুকলি মঞ্চত সঙ্গীত পৰিবেশন কৰে কুন্দনলাল চায়গলৰ লগত। তেতিয়া ৰফি'ৰ বয়স আছিল মাত্ৰ ১৩ বছৰ।[27]
  • ১৯৬০ চনত মোগল-ই-আজম নামৰ ঐতিহাসিক ঘটনাৰ প্ৰেক্ষাপটত নিৰ্মিত চলচ্চিত্ৰত এযা মোহব্বত জিন্দাবাদ সমবেত কোৰাচটোত তেওঁৰ লগত ১০০জন গায়কে অংশ গ্ৰহণ কৰে।[28]
  • লক্ষ্মীকান্ত-পিয়াৰেলাল জুটিৰ সঙ্গীত পৰিচালনাত ৩৬৯টা গানত অংশ লয় ৰফিয়ে। তাৰ মাজত ১৮৬টা আছিল একক সঙ্গীত।[28]
  • আশা ভোঁসলে, মান্না দে আৰু লতা মঙ্গেশকাৰৰ লগত সৰ্বাধিকসংখ্যক দ্বৈত সঙ্গীতত অংশগ্ৰহণ কৰে তেওঁ।[28]
  • ২৩ বাৰ ফিল্মফেয়াৰ পদকৰ বাবে মনোনয়ন পায় মহম্মদ ৰফিয়ে, যিটো ভাৰতীয় চলচ্চিত্ৰত এটি ৰেকৰ্ড। তাৰ মাজত তেওঁ ৬ বাৰ এই পদকেৰে বিভূষিত হয়।[28]
  • ১৯৪৮ চনত ৰাজেন্দ্ৰ কৃষাণৰ গীত ৰচনাত শুন শুন এ দুনিয়া ৱাল’ ল’ বাপুজী কি অমৰ কহানী গানটো ৰফি'ৰ কণ্ঠত বাণীবদ্ধ কৰাৰ পাছত বিৰাটভাবে জননন্দিত আৰু শ্ৰেষ্ঠ হৈ পৰিছিল শ্ৰোতামহলত। ইয়াৰেই আঁত ধৰি পৰবৰ্তীকালত ভাৰতীয় প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু'ৰ আমন্ত্ৰণত তেওঁ তেওঁৰ বাসভবনত সেই গানটো পুনৰ গাইছিল।[27]
  • ৰাগীনি চলচ্চিত্ৰত মন মেৰা বাউৰা গানটোৰ বাবে কিশোৰ কুমাৰে ৰফিক আমন্ত্ৰণ জনায়। গানটো আছিল অৰ্ধ শাস্ত্ৰীয় সঙ্গীত ঘৰাণাৰ। কিশোৰ কুমাৰে এই গানটোৰ বিষয়ে পৰবৰ্তীকালত কৈছিল যে, "ৰফি চাহাবে মোতকৌয়ো এই গানটো ভালকৈ গাব পাৰিলে হয়"। পাছত অৱশ্যে ৰফিয়ে গানটো গাইছিল।[29][30]
  • অজীৱ দাস্তান হে ইয়ে মেৰি গানটোত প্ৰথমে কিশোৰ কুমাৰক কণ্ঠ দিবলৈ আমন্ত্ৰণ জনোৱা হয়। তেওঁ প্ৰথম অন্তৰাৰ অৰ্ধেকাংশ সমাপণৰ পাছাত দ্বিতীয়াংশৰ অন্তৰাত কিছু সমস্যাৰ মুখামুখি হয়। পৰবৰ্তীকালত কেইবাবাৰো চেষ্টা চলোৱাৰ পাছতো কিশোৰ কুমাৰে সঙ্গীত পৰিচালক শঙ্কৰ জয়কিষাণৰ চাহিদামতে সুৰ প্ৰদান কৰাত ব্যৰ্থ হয়। অৱশেষত গানটো ৰফি'ৰ জৰিয়তে সম্পাদিত হৈ পূৰ্ণাঙ্গ গানলৈ ৰূপান্তৰিত হয়।[30]
  • অমৰ, আকবৰ, এন্থনী চলচ্চিত্ৰৰ হামকো তুমসে হো গয়া হে পিয়াৰ ক্যা কৰে গানত কিশোৰ কুমাৰ, লতা মঙ্গেশকাৰ আৰু মুকেশৰ লগত মহম্মদ ৰফিয়ে যৌথভাবে গান গায়। এইটোৱে বোধহয় একমাত্ৰ গান য’ত তেওঁলোকে একলগে কণ্ঠ দিছিল।[31]
  • জনৈক ব্যক্তিক মৃত্যুদণ্ডৰে দণ্ডিত কৰাৰৰ পাছত তেওঁৰ কাষত সৰ্বশেষ ইচ্ছা জানিব খোজা হয় যে তেওঁ কি বিচাৰে! লোকজনে প্ৰত্যুত্তৰত জনালে যে তেওঁ "অ’ দুনিয়া কে ৰখৱালে, চুন দৰ্দ বাৰে মেৰে নালে; জীৱন অপনা ৱাপচ‌ লেলে, জীৱন দেনে ৱালে" গানটো শুনিব বিচাৰে।[32]
  • ৰায়পুৰত অনুষ্ঠিত সঙ্গীতানুষ্ঠানত দৰ্শক-শ্ৰোতাই আৰু এটি ধ্বনি তুলি তেওঁলোকৰ গান শুনাৰ চাহিদাৰ কথা জনাইছিল। ইতিমধ্যেই সঙ্গীত দলৰ প্ৰত্যেক সদস্যই ভীষণভাবে ক্লান্ত হৈ পৰিছিল। অৱশেষত ৰফিয়ে দৰ্শক-শ্ৰোতাৰ মনোৰঞ্জন আৰু চাহিদা পূৰণৰ লক্ষ্যেৰে কেবলমাত্ৰ হাৰমোনিয়ামৰ সহযোগত একাধাৰে ৫টি সঙ্গীত পৰিবেশন কৰে। সদৌশেষত তেওঁ ভাৰতৰ জাতীয় সঙ্গীত পৰিবেশন কৰি অনুষ্ঠানৰ সমাপ্তি টানে।
  • আৰম্ভণিৰ ফালে ফিল্মফেয়াৰ কৰ্তৃপক্ষই কেবলমাত্ৰ এজন কণ্ঠশিল্পীকহে বছৰেৰ শ্ৰেষ্ঠ গায়ক নিৰ্বাচিত কৰিছিল। ষাঠিৰ দশকত কিশোৰ কুমাৰক পাছ পেলায় তেওঁ সকলোতকৈ বেছি ৬বাৰ এই পদক পায় শীৰ্ষস্থানত আছিল।[33]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

ৰফি আৰু আব্দুল হামিদে বোম্বেত অবস্থানকালীন চল্লিশৰ দশকত দুই বাই-ভনীক বিয়া কৰে। ৰফিয়ে পূৰ্বে তেওঁৰ খুৰাকৰ ছোৱালী ভনীয়েকক বিয়া কৰিছিল কিন্তু অভিবাসন আইনৰ সীমাবদ্ধতাৰ বাবে তেওঁক ভাৰতলৈ আনিব নোৱাৰিলে। দেশ বিভাজনৰ ফলত তেওঁৰ স্ত্ৰী পাকিস্তানৰ লাহোৰত থাকি যায়। প্ৰথম সংসাৰত তেওঁৰ এটি পুত্ৰ সন্তান আছে। বোম্বেত অবস্থানকালীন তেওঁ বিলকিস নাম্নী নামৰ এক ৰমণীক ২য় বাৰৰ বাবে বিয়া কৰে। তেওঁলোকৰ ২য় সংসাৰত ৩ পুত্ৰ আৰু ৩ কন্যা আছে। তেওঁ মদ্যপান নকৰিছিল। এজন ধাৰ্মিক আৰু বিনয়ী ব্যক্তি হিচাবে সৰ্বত্ৰ সকলোৰে কাষত পৰিচিত ব্যক্তিত্বৰ আছিল।[34]

তেওঁ পৰিয়ালৰ প্ৰতি অত্যন্ত দায়িত্বশীল আছিল বুলি জনা যায়। ৰেকৰ্ডিং ৰুমৰ পৰা ঘৰলৈ আৰু ঘৰৰ পৰা ৰেকৰ্ডিং ৰুমলৈ অহা-যোৱাৰ মাজতেই সীমাবদ্ধ আছিল তেওঁৰ জীৱন। চলচ্চিত্ৰৰ যি-কোনো ধৰণৰ জলচাত তেওঁক কেতিয়াও অংশগ্ৰহণ কৰা দেখা যোৱা নাছিল। ইয়াৰ উপৰি, ধূমপান কিংবা মদ্যপান নকৰিছিল ৰফিয়ে। তেওঁ পুৱতি নিশা ৩টাৰ পৰা পুৱা ৭টা পৰ্যন্ত বিৰতিহীনভাবে আৰু একাধাৰে সঙ্গীতৰ ৰেৱাজ বা সঙ্গীত চৰ্চ্চা কৰিছিল। প্ৰধানতঃ কেৰম, বেডমিণ্টন আৰু চিলা উৰোৱাতেইই তাৰ আগ্ৰহ লক্ষ্য কৰা গৈছিল।[13]

ৰফি'ৰ সৰু ভায়েক মহম্মদ সাদ্দিকী এতিয়াও বাচি আছে আৰু পৰিয়াল লৈ পাকিস্তানৰ লাহোৰত বসবাস কৰিছে।

মহাপ্ৰয়াণ

[সম্পাদনা কৰক]

৩১ জুলাই, ১৯৮০ইং তাৰিখ বৃহস্পতিবাৰে ৰাতি ১০:৫০ ঘটিকাত উপমহাদেশৰ অমৰ সঙ্গীতকাৰ মহম্মদ ৰফি'ৰ মহাপ্ৰয়াণ ঘটে। আকস্মিকভাবে মাইওকাৰ্ডিয়াল ইনফাৰ্কশন বা হৃদজনিত সমস্যাত ভুগি যেতিয়া ৰফি'ৰ মৃত্যু ঘটে, তেতিয়া তেওঁ বয়স হৈছিল ৫৬ বছৰ।[35] তেওঁৰ শেষ গানটো আছিল আস পাস ছবিৰ শ্যাম ফিৰ কিউ উদাস হ্যায় দোস্ত। লক্ষ্মীকান্ত-পিয়াৰেলালৰ ৰচনাত এই গানটো ৰেকৰ্ড কৰাৰ কেইটামান ঘণ্টা পাছতেই মৃত্যুৰ কোলাত ঢলি পৰে ৰফি।[36][37] মৃত্যু পৰবৰ্তী কালত মহম্মদ ৰফি'ক জুহু মুচলিম গোৰস্থানত কবৰ দিয়া হয়।[38]

প্ৰত্যক্ষদৰ্শীৰ মতে মুম্বাইৰ সৰ্ববৃহৎ শৱযাত্ৰা হিচাবে ৰফি'ৰ শৱযাত্ৰাত দশ সহস্ৰাধিক ব্যক্তিয়ে অংশ গ্ৰহণ কৰিছিল। ২০১০ চনত তেওঁৰ কবৰস্থানটি ভাঙি পেলোৱা হয় নতুন মৃতদেহ সমাধি দিয়াৰ বাবে। মূল সমাধি ভাঙি পেলোৱাৰ সীমাৰ কাষতে এজোপা নিৰ্দিষ্ট নাৰিকল গছকে তেওঁৰ প্ৰতীকি সমাধি হিচাবে ব্যবহাৰ কৰা হয়।[39]

মৃত্যুৰ পৰবৰ্তীকালত তেওঁৰ স্মৃতিচাৰণ কৰিবলৈ গৈ এসময়ৰ সুৰকাৰ হিচাবে নিসাৰ বাজমীয়ে (পৰবৰ্তীকালত পাকিস্তানলৈ স্থানান্তৰিত হয়) কৈছিল, "যেতিয়া ৰফিয়ে তেওঁ তেওঁৰ দেনা পৰিশোধ কৰিব নোৱাৰিছিল, তেতিয়া ৰফিয়ে এক ৰূপীৰ বিনিময়ত তেওঁৰ বাবে এটি গান গায় আৰু তেওঁক দায়মুক্ত কৰিছিল। ইয়াৰ উপৰিও তেওঁ প্ৰযোজকসকলৰ বিভিন্ন সময়ত অৰ্থনৈতিকভাবে সহায়-সহযোগিতা কৰিছিল। "

লক্ষ্মীকান্ত-পিয়াৰেলাল জুটিৰ অন্যতম লক্ষ্মীকান্তই তেওঁৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল যে, "ৰফিয়ে প্ৰায়েই অনেক লোকক অৰ্থ সাহায্য কৰিছে; কিন্তু ইয়াৰ বিনিময়ত তেওঁ অৰ্থ ঘূৰাই পোৱাৰ আশা নাই কৰা। "[40]

শাস্ত্ৰীয় আৰু আধুনিক গানৰ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী মান্না দেই তেওঁৰ সমসাময়িক মহম্মদ ৰফিৰ সম্পৰ্কত কৈছিল যে, "তেওঁ সকলোতকৈ শ্ৰেষ্ঠ গায়ক আছিল। ৰফি আৰু মই সকলো স্তৰৰ গানেই গাব পাৰো আৰু তেওঁ আছিল সঁচা অৰ্থত এজন ভদ্ৰলোক। তেওঁ মোতকৈয়ো শ্ৰেষ্ঠ গায়ক আছিল আৰু মই অৱশ্যেই কম যে, কোনেও তেওঁ স্পৰ্শ কৰিব নোৱাৰিব। তেওঁ যেতিয়াই যি বিচাৰিছিল, তাকেই কৰিব পাৰিছিল। আমি সকলোৱে একেবাক্যে আৰু কৃতজ্ঞচিত্তে তাক স্বীকাৰ কৰোঁ। "[41][42]

প্ৰবীণ অভিনেতা শাম্মী কাপুৰে তেওঁৰ সম্পৰ্কত কৈছিল, "মই ৰফিৰ অবিহনে অসম্পূৰ্ণ। মই যেতিয়াই গান ৰেকৰ্ড কৰিবলৈ যাওঁ, তেতিয়াই মহম্মদ ৰফি'ক বিচাৰি পাওঁ। ইয়াৰ উপৰিও পৰ্দাত গানক কিভাবে উপস্থাপন কৰা হব এই বিষয়ে তেওঁৰ পৰাই যথেষ্ট পৰিমাণে পৰামৰ্শ লৈছিলো। ফলত, তেৱোঁ গানত মোৰ অংশগ্ৰহণক বেছ পছন্দ কৰিছিল। "[43]

  • ভাৰত চৰকাৰে মহম্মদ ৰফি'ৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰে আৰু তেওঁৰ প্ৰতি সম্মান জনাই দুদিনৰ চৰকাৰী বন্ধ ঘোষণা কৰিছিল।[44]
  • ১৯৬৫ চনত মুক্তিপ্ৰাপ্ত চলচ্চিত্ৰ গুমনাম ছবিৰ জান পেহচান হো গানটো ২০০১ চনত মুক্তিপ্ৰাপ্ত ঘোষ্ট ওয়াৰ্ল্ড ছবিৰ চাউণ্ডট্ৰেক হিচাবে ব্যবহৃত হয়। এই ছবিৰ আৰম্ভণিতে মহম্মদ ৰফি'ৰ শয়নকক্ষ্ত গুমনাম শিৰোনাৰ ভিডিঅ’ত নাচৰ দৃশ্যৰ অবতাৰণা কৰা হয়।[45]
  • ২০০১ চনৰ চলচ্চিত্ৰ হিচাবে মনচুন ৱেডিং চলচ্চিত্ৰত আজ মৌচম বৰা বেঈমান হেয় শিৰোনামৰ গানটো পুনৰ বাণীবদ্ধ কৰা হয়।[46]
  • ৰফি'ৰ জীৱনক লৈ এখন প্ৰামাণ্যচিত্ৰ বা ডকুমেণ্টাৰী ভাৰতৰ চলচ্চিত্ৰ বিভাগৰ নিৰ্মাণৰ অপেক্ষাত আছে।[47]
  • মুম্বাইৰ বান্দ্ৰা আৰু পুনেত মহম্মদ ৰফিক অবিস্মৰণীয় কৰি ৰাখিবলৈ "পদ্মশ্ৰী মহম্মদ ৰফি চক" নামেৰে ৰাস্তাৰ নামকৰণ কৰা হৈছে।
  • জুন, ২০১০ চনৰ জুন মাহত আউটলুক মেগাজিনৰ ফালৰ পৰা ভোটৰ মাধ্যমেৰে লতা মঙ্গেশকাৰৰ লগতে মহম্মদ ৰফিকো সকলোতকৈ জনপ্ৰিয় নেপথ্য কণ্ঠশিল্পী হিচাবে মনোনীত কৰা হয়।[48] একেধৰণে সেই মেগাজিনেৰ ভোট্ত ১৯৬৪ চনৰ চিত্ৰলেখা ছবিৰ মন ৰে তু কাহে না ধীৰ ধৰে গানৰ বাবে ৰফিয়ে ১ম স্থান অৰ্জন কৰে।[49] তিনিটা গান যৌথভাবে ২য় স্থানৰ বাবে মনোনীত হয়। তাৰ মাজত দুটা গানেই আছিল মহম্মদ ৰফি'ৰ কণ্ঠৰ। ১৯৬৫ চনত মুক্তিপ্ৰাপ্ত গাইড ছবিৰ গানসমূহ হ’ল - তেৰে মেৰে স্বপ্নে আব এক ৰং হে আৰু দিন ধাল জায়ে, হ্যায় ৰাত না জায়ে

আউটলুক মেগাজিনৰ দ্বাৰা পৰিচালিত এই ভোট পৰ্বটোত ভাৰতীয় সঙ্গীত শিল্পৰ গণ্যমান্য অনেক শিল্পী বিচাৰকমণ্ডলীৰ সদস্য হিচাবে অন্তৰ্ভুক্ত আছিল। তেওঁলোক হ’ল - অভিজিৎ, আদেশ শ্ৰীবাস্তব, আলিশা চিন্নাই, অনু মালিক, এহসান, গুলজাৰ, হৰিহৰণ, হিমেশ ৰেশমিয়া, যতীন, জাভেদ আখতাৰ, কৈলেশ খেৰ, কবিতা কৃষ্ণমূৰ্ত্তি, খৈয়াম, কুমাৰ শানু, ললিত, লয়, মহালক্ষ্মী আয়াৰ, মহেন্দ্ৰ কাপুৰ, মান্না দে, প্ৰসূন যোশী, ৰাজেশ ৰোশান, সাধনা সৰগম, সমীৰ, সন্দেশ শানদিলিয়া, শান, শঙ্কৰ, সান্তনু মৈত্ৰ, শ্ৰেয়া ঘোষাল, চনু নিগম আৰু তালাত আজিজ[50]

সঙ্গীত পৰিচালক ৰাজেশ ৰোশানৰ গীত ৰচনান্তত কেইবাটাও গানত কণ্ঠ দিছিল ৰফিয়ে। ৰফি'ৰ মৃত্যুত তেওঁ কয় যে, "ৰফি আছিল এজন উষ্ণ হৃদয়ৰ অধিকাৰী সহজ-সৰল মানুহ যাৰ মনত কোনো হিংসা-বিদ্বেষ নাছিল"।[51]

সঙ্গীতপ্ৰেমীসকলে ৰফিক মৰণোত্তৰভাবে ভাৰত ৰত্ন পুৰস্কাৰ (যিটো ভাৰতৰ সৰ্বোচ্চ অসামৰিক সম্মান) প্ৰদানৰ মাধ্যমেৰে যথাযথভাবে সম্মান জনোৱাৰ বাবে ভাৰত চৰকাৰৰ ওচৰত আবেদন জনাইছিল।[13]

পুৰস্কাৰ প্ৰাপ্তি

[সম্পাদনা কৰক]
  • ১৯৪৮: প্ৰধানমন্ত্ৰী জৱাহৰ লাল নেহৰু'ৰ পৰা ভাৰতৰ ১ম স্বাধীনতা দিৱসত ৰূপৰ পদক গ্ৰহণ কৰে।[11]
  • ১৯৬৭: ভাৰত চৰকাৰৰ দ্বাৰা পদ্মশ্ৰী পুৰস্কাৰ লাভ।
  • ১৯৭৪: তেৰী গালিও ম্যা না ৰাখেঙ্গে কদম আজ কে বাদ গানৰ বাবে ফিল্ম ওৱৰ্ল্ড মেগাজিনৰ ফালৰ পৰা শ্ৰেষ্ঠ গায়কৰ পুৰস্কাৰ লাভ।
  • ২০০১: হিৰো হোণ্ডা-ষ্টাৰডাষ্ট মেগাজিনৰ যৌথ উদ্যোগত ৭ জানুৱাৰী, ২০০১ তাৰিখে অংশগ্ৰহণকাৰী পাঠকৰ ৭০ শতাংশ ভোট পাই তেওঁ শতাব্দীৰ শ্ৰেষ্ঠ গায়ক হিচাবে পুৰস্কৃত হয়।

জাতীয় চলচ্চিত্ৰ পদক

[সম্পাদনা কৰক]
জাতীয় চলচ্চিত্ৰ পদক প্ৰাপ্তি
বছৰ গান চলচ্চিত্ৰৰ নাম সঙ্গীত পৰিচালক সুৰকাৰ
১৯৭৭[9] ক্যা হুৱা তেৰা ৱাদা হাম কিচি চে কম নাহি ৰাহুল দেৱ বৰ্মন মজৰুহ চুলতানপুৰী

সুৰ সৃঙ্গাৰ পুৰস্কাৰ

[সম্পাদনা কৰক]
সুৰ সৃঙ্গাৰ পুৰস্কাৰ প্ৰাপ্তি
বছৰ গান চলচ্চিত্ৰৰ নাম সঙ্গীত পৰিচালক সুৰকাৰ
১৯৬৪ মন ৰে, তু কাহে না ধীৰ ধৰে চিত্ৰলেখা ৰোশন চাহিৰ লুধিয়ানৱী[52]

বাংলা চলচ্চিত্ৰ সাংবাদিক সমিতি পুৰস্কাৰ

[সম্পাদনা কৰক]
বাংলা চলচ্চিত্ৰ সাংবাদিক সমিতি পুৰস্কাৰ প্ৰাপ্তি
বছৰ চলচ্চিত্ৰৰ নাম সঙ্গীত পৰিচালক সুৰকাৰ
১৯৫৭ তুমসা নাহি দেখা অ. পি. নায়াৰ মজৰুহ চুলতানপুৰী
১৯৬৫[53] দোস্তি লক্ষ্মীকান্ত-পিয়াৰীলাল মজৰুহ সুলতানপুৰী
১৯৬৬[54] আৰজু শঙ্কৰ জয়কিষাণ হাসৰাত জয়পুৰী

ফিল্মফেয়াৰ পুৰস্কাৰ

[সম্পাদনা কৰক]
ফিল্মফেয়াৰ পুৰস্কাৰ প্ৰাপ্তি[55]
বছৰ গান চলচ্চিত্ৰৰ নাম সঙ্গীত পৰিচালক সুৰকাৰ
১৯৬০ চৌধৱী কা চান্দ হো চৌধৱী কা চান্দ হো বোম্বে ৰবি শাকিল বাদায়ুনী
১৯৬১ তেৰি পিয়াৰী পিয়াৰী সুৰত কো শ্বশুৰাল শঙ্কৰ জয়কিষাণ শৈলেন্দ্ৰ
১৯৬৪ চাহুঙ্গা মে তুঝে দোস্তি লক্ষ্মীকান্ত-পিয়াৰীলাল মজৰুহ সুলতানপুৰী
১৯৬৬ বাহাৰো ফুল বৰসাও সুৰজ শঙ্কৰ জয়কিষাণ শৈলেন্দ্ৰ
১৯৬৮ দিল কে ঝাৰোকে মে ব্ৰহ্মচাৰী শঙ্কৰ জয়কিষাণ শৈলেন্দ্ৰ
১৯৭৭ ক্যা হুৱা তেৰা ৱাদা হাম কিচি চে কম নাহি ৰাহুল দেৱ বৰ্মন মজৰুহ সুলতানপুৰী
ফিল্মফেয়াৰ পুৰস্কাৰৰ বাবে মনোনয়ন[55]
বছৰ গান চলচ্চিত্ৰৰ নাম সঙ্গীত পৰিচালক সুৰকাৰ
১৯৬১ হাসনাওয়ালে তেৰা জবাব নাহি ঘৰানা বোম্বে ৰবি শাকিল বাদায়ুনী
১৯৬২ আয়ে গুলবদন আয়ে গুলবদন প্ৰফেসৰ শঙ্কৰ জয়কিষাণ শৈলেন্দ্ৰ
১৯৬৩ মেৰে মেহবুব তুঝে মেৰে মেহবুব নৌশাদ শাকিল বাদায়ুনী
১৯৬৫ চু লেনে দো নাজুক হোথোন কো কাজল বোম্বে ৰবি শাহিৰ লুধিয়ানভী
১৯৬৮ ম্যা গাও তুম সোজাও ব্ৰহ্মচাৰী শঙ্কৰ জয়কিষাণ শৈলেন্দ্ৰ
১৯৬৯ বড়ি মাস্তানী হ্যা জিনে কি ৰাহ্‌ লক্ষ্মীকান্ত-পিয়াৰীলাল আনন্দ বক্সি
১৯৭০ খিলোনা জান কৰ খিলোনা লক্ষ্মীকান্ত-পিয়াৰীলাল আনন্দ বক্সি
১৯৭৩ হাম কো তো জান সে পিয়াৰী নায়না শঙ্কৰ জয়কিষাণ হাসৰাত জয়পুৰী
১৯৭৪ আচ্ছা হি হুভা দিল টুট গায়া মা বহেন অউৰ বিবি শাৰদা কামাৰ জালালাবাদী, বেদপাল বৰ্মা
১৯৭৭ পৰ্দা হ্যা পৰ্দা অমৰ আকবৰ এন্থনী লক্ষ্মীকান্ত-পিয়াৰীলাল আনন্দ বক্সি
১৯৭৮ আদমী মুসাফিৰ হ্যা আপনাপান লক্ষ্মীকান্ত-পিয়াৰীলাল আনন্দ বক্সি
১৯৭৯ চলো ৰে ডোলি উথাও কহাঁ জানি দুশমন লক্ষ্মীকান্ত-পিয়াৰীলাল বৰ্মা মালিক
১৯৮০ মেৰে দোস্ত কিস্সা ইয়েহ দোস্তানা লক্ষ্মীকান্ত-পিয়াৰীলাল আনন্দ বক্সি
১৯৮০ দৰ্দ-এ-দিল দৰ্দ-এ-জিগৰ কৰ্জ লক্ষ্মীকান্ত-পিয়াৰীলাল আনন্দ বক্সি
১৯৮০ ম্যায়নে পুছা চান্দ সে আব্দুল্লাহ ৰাহুল দেৱ বৰ্মণ আনন্দ বক্সি

আৰু চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Harris, Craig. "Mohammed Rafi on Allmusic". Allmusic. http://www.allmusic.com/artist/p116605/biography আহৰণ কৰা হৈছে: 22 January 2009.
  2. "Padma Shri Awardees". india.gov.in. http://india.gov.in/myindia/padmashri_awards_list1.php?start=2050 আহৰণ কৰা হৈছে: 22 December 2010.
  3. K. Pradeep. "Rafi's unmatched track record". The Hindu. Archived from the original on 2006-05-13. https://web.archive.org/web/20060513222805/http://www.hinduonnet.com/thehindu/fr/2005/07/29/stories/2005072902280300.htm আহৰণ কৰা হৈছে: 2005-07-29.
  4. "Mohd. Rafi - Biography". Archived from the original on 2010-08-04. https://web.archive.org/web/20100804043321/http://www.rafisongs.org/2007/08/26/78621/mohammed-rafi-biograpohy/index.html আহৰণ কৰা হৈছে: 2010-12-25.
  5. "The unforgettable Rafi - The Times of India". The Times Of India. http://timesofindia.indiatimes.com/entertainment/music/news-and-interviews/The-unforgettable-Rafi/articleshow/6209646.cms আহৰণ কৰা হৈছে: 2010-12-25.
  6. 1 2 Varinder Walia (2003-06-16). "Striking the right chord". The Tribune: Amritsar Plus. http://www.tribuneindia.com/2006/20060223/aplus.htm#1 আহৰণ কৰা হৈছে: 2007-04-28.
  7. 1 2 Syed Abid Ali (2003-06-16). "The Way It Was: Tryst With Bollywood". Daily Times, Pakistan. Archived from the original on 2012-12-21. http://www.dailytimes.com.pk/default.asp?page=story_16-6-2003_pg3_6 আহৰণ কৰা হৈছে: 2007-04-28.
  8. 1 2 3 "Mohammed Rafi". http://music.indobase.com/composers-playback-singers/mohammed-rafi.html আহৰণ কৰা হৈছে: 2007-04-28.
  9. 1 2 Amit Puri. "When Rafi sang for Kishore Kumar". The Tribune. http://www.tribuneindia.com/2002/20020923/login/music.htm আহৰণ কৰা হৈছে: 2007-04-28.
  10. 1 2 M.L. Dhawan (2004-07-25). "His voice made him immortal". Spectrum (The Tribune). http://www.tribuneindia.com/2004/20040725/spectrum/main7.htm আহৰণ কৰা হৈছে: 2007-04-28.
  11. 1 2 3 4 5 6 "Hall Of Fame: Saatwan Sur". http://www.sangeetmahal.com/hof/Singers_Rafi.asp আহৰণ কৰা হৈছে: 2007-04-28.
  12. 1 2 "Mohd Rafi - Biography". Archived from the original on 2010-08-04. https://web.archive.org/web/20100804043321/http://www.rafisongs.org/2007/08/26/78621/mohammed-rafi-biograpohy/index.html আহৰণ কৰা হৈছে: 2010-12-25.
  13. 1 2 3 4 "আৰ্কাইভ কপি". Archived from the original on 2011-06-05. https://web.archive.org/web/20110605111536/http://www.rafisongs.org/2007/07/21/78616/the-king-of-melody-mohammed-rafi/index.html আহৰণ কৰা হৈছে: 2012-09-09.
  14. http://www.youtube.com/watch?v=j_8DGgVBV8g
  15. http://www.youtube.com/watch?v=IScyIsMTygM
  16. "Naushad Remembers Rafi Saheb". http://www.mohdrafi.com/meri-awaaz-suno/naushad-remembers-rafi-sahab.html আহৰণ কৰা হৈছে: 2010-12-25.
  17. 1 2 3 4 Raju Bharatan (2006-08-23). "How fair were they to Mohammed Rafi?". Rediff.com. http://specials.rediff.com/movies/2006/aug/23sld1.htm আহৰণ কৰা হৈছে: 2007-04-28.
  18. 1 2 Raju Bharatan (2006-08-23). "How fair were they to Mohammed Rafi? (Page 2)". Rediff.com. http://specials.rediff.com/movies/2006/aug/23sld2.htm আহৰণ কৰা হৈছে: 2007-04-28.
  19. 1 2 "BBC Interview : Mohd. Rafi - Audio (You Tube)". http://www.youtube.com/watch?v=t46HTraDLnQ আহৰণ কৰা হৈছে: 2010-12-25.
  20. Raju Bharatan (2006-08-23). "How fair were they to Mohammed Rafi?: Page 5". Rediff.com. http://specials.rediff.com/movies/2006/aug/23sld5.htm আহৰণ কৰা হৈছে: 2007-04-28.
  21. "Mohd Rafi Sahab: A Legend has no substitute". Archived from the original on 2011-05-02. https://web.archive.org/web/20110502082220/http://www.rafisongs.org/2007/07/09/78615/15 আহৰণ কৰা হৈছে: 2010-12-25.
  22. Arthur J Pais (2006-08-21). "Did Mohammad Rafi get his due?". Rediff.com. http://in.rediff.com/movies/2006/aug/21rafi.htm আহৰণ কৰা হৈছে: 2007-04-28.
  23. "Mohammed Rafi: Everyone's Voice". Archived from the original on 2007-12-05. https://web.archive.org/web/20071205233306/http://www.screenindia.com/20010803/mcover1.html আহৰণ কৰা হৈছে: 2012-09-09.
  24. http://music.indobase.com/composers-playback-singers/mohammed-rafi.html
  25. Rajiv Vijayakar (2002). "The mammoth myth about Mohammed Rafi". Screen. Archived from the original on 2007-06-08. https://web.archive.org/web/20070608072649/http://www.screenindia.com/20020726/mcov2.html আহৰণ কৰা হৈছে: 2007-06-13.
  26. 1 2 Raju Bharatan (2006-08-23). "How fair were they to Mohammed Rafi?: Page 7". Rediff.com. http://specials.rediff.com/movies/2006/aug/23sld7.htm আহৰণ কৰা হৈছে: 2007-04-28.
  27. 1 2 3 ""Lesser-known facts about Mohammed Rafi"". Archived from the original on 2010-11-02. https://web.archive.org/web/20101102204806/http://www.hindustantimes.com/Lesser-known-facts-about-Mohammed-Rafi/Article1-437999.aspx আহৰণ কৰা হৈছে: 2012-09-09.
  28. 1 2 3 4 "Mohammed Rafi Facts"
  29. "Mohd. Rafi / Kishore Kumar - rare interesting facts"[সংযোগবিহীন উৎস]
  30. 1 2 "Rafi-Kishore rivalry a myth!"
  31. Humko Tumse Ho Gaya Hai Pyar Kya Karein.
  32. "A wide range of fans for one song!"
  33. "The incomparable Mohammad Rafi" Archived 2011-07-11 at the Wayback Machine. The Hindustan Times. 2009-07-29.
  34. "Mohd Rafi: A Legend has no substitute". Archived from the original on 2011-05-02. https://web.archive.org/web/20110502082220/http://www.rafisongs.org/2007/07/09/78615/15 আহৰণ কৰা হৈছে: 2010-12-25.
  35. V. Gangadhar (2005-08-05). "The immortal Rafi". The Hindu Business Line. Archived from the original on 2007-09-29. https://web.archive.org/web/20070929120442/http://www.blonnet.com/life/2005/08/05/stories/2005080500180400.htm আহৰণ কৰা হৈছে: 2007-04-28.
  36. Salam, Ziya U. S. (July 22, 2001). "Matchless magic lingers". The Hindu. Archived from the original on 2010-12-28. https://web.archive.org/web/20101228033045/http://www.hinduonnet.com/thehindu/mp/2002/07/31/stories/2002073100290100.htm আহৰণ কৰা হৈছে: 2009-04-09.
  37. Mohammed Rafi: The soulful voice lives on!. Zee News. 31 July 2008.
  38. "Mohammed Rafi Bioagraphy". Archived from the original on 2015-07-16. https://web.archive.org/web/20150716050328/http://www.culturalindia.net/indian-music/indian-singers/rafi.html আহৰণ কৰা হৈছে: 2010-12-25.
  39. Jaisinghani, Bella (11 February 2010). "Rafi, Madhubala don't rest in peace here". The Times of India. http://timesofindia.indiatimes.com/city/mumbai/Rafi-Madhubala-dont-rest-in-peace-here/articleshow/5558345.cms আহৰণ কৰা হৈছে: 2010-02-14.
  40. "Mohd Rafi Bioagraphy". Archived from the original on 2010-08-04. https://web.archive.org/web/20100804043321/http://www.rafisongs.org/2007/08/26/78621/mohammed-rafi-biograpohy/index.html আহৰণ কৰা হৈছে: 2010-12-25.
  41. http://www.santabanta.com/cinema.asp?pid=28039
  42. The Times Of India. http://timesofindia.indiatimes.com/city/kolkata-/Rafi-was-a-better-singer-than-me/articleshow/5085308.cms.
  43. "I am incomplete without Rafi: Shammi - The Times of India". The Times Of India. http://timesofindia.indiatimes.com/entertainment/bollywood/news-interviews/I-am-incomplete-without-Rafi-Shammi/articleshow/6243555.cms আহৰণ কৰা হৈছে: 2010-12-25.
  44. http://www.zeenews.com/news459223.html
  45. Mike D'Angelo. "Teenage wasteland: Adolescent angst takes on new dimensions in the magnificently mundane Ghost World". Archived from the original on 2006-08-04. https://web.archive.org/web/20060804202534/http://www.timeout.com/newyork/DetailsAr.do?file=%2Ffilm%2F304%2F304.film.ghost.open.html আহৰণ কৰা হৈছে: 2007-04-28.
  46. "Monsoon Wedding soundtrack listing". http://www.imdb.com/title/tt0265343/soundtrack আহৰণ কৰা হৈছে: 2009-02-03.
  47. "Films Division to make documentary on Mohammed Rafi"
  48. "The Most Popular Singer - Outlook Music Poll 2010". http://www.outlookindia.com/article.aspx?231652.
  49. "The #1 Song - Indian Movies - Outlook Music Poll 2010". http://www.outlookindia.com/article.aspx?231649.
  50. "Outlook Music Poll". http://www.outlookindia.com/article.aspx?231648.
  51. "Thirty years on, Mohd Rafi remains a favourite". The Times Of India. http://timesofindia.indiatimes.com/india/Thirty-years-on-Mohd-Rafi-remains-a-favourite/articleshow/6238774.cms.
  52. "His Voice swayed millions". http://www.mohdrafi.com/web/his-voice-swayed-millions.html আহৰণ কৰা হৈছে: 2010-12-25.
  53. "1965- 28th Annual BFJA Awards - Awards For The Year 1964". Bengal Film Journalists' Association. Archived from the original on 8 January 2010. https://web.archive.org/web/20100108080918/http://www.bfjaawards.com/legacy/pastwin/196528.htm আহৰণ কৰা হৈছে: 14 December 2008.
  54. "1966: 29th Annual BFJA Awards - Awards For The Year 1965". Bengal Film Journalists' Association. Archived from the original on 8 January 2010. https://web.archive.org/web/20100108052343/http://www.bfjaawards.com/legacy/pastwin/196629.htm আহৰণ কৰা হৈছে: 22 October 2009.
  55. 1 2 "আৰ্কাইভ কপি". The Times Of India. Archived from the original on 2012-07-08. https://archive.ph/20120708102013/http://filmfareawards.indiatimes.com/.

বহিঃসংযোগ

[সম্পাদনা কৰক]