কিশোৰ কুমাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কিশোৰ কুমাৰ

কিশোৰ কুমাৰ
প্ৰাথমিক তথ্য
জন্মৰ নাম আভাস কুমাৰ গঙ্গোপাধ্যায়
জন্ম ৪ আগষ্ট, ১৯২৯
খাণ্ডোৱা, মধ্যপ্ৰদেশ, ব্ৰিটিছ ভাৰত
মূল ভাৰত ভাৰতীয়
মৃত্যু ১৩ অক্টোবৰ, ১৯৮৭
মহাৰাষ্ট্ৰ, বোম্বে, ভাৰত
সংগীতৰ প্ৰকাৰ গায়ক, ৰবীন্দ্ৰসঙ্গীত, ৰক এন ৰোল
পেচা নেপথ্য গায়ক, অভিনেতা, সঙ্গীতজ্ঞ, প্ৰযোজক, পৰিচালক
বাদ্যযন্ত্ৰ ভকেলিষ্ট
কাৰ্যকাল ১৯৪৬ - ১৯৮৭

কিশোৰ কুমাৰ গাঙ্গুলি (ইংৰাজী: Kishore Kumar) (আগষ্ট ৪, ১৯২৯অক্টোবৰ ১৩, ১৯৮৭) এজন বিখ্যাত ভাৰতীয় বাঙালী গায়ক।অসাধাৰণ প্ৰতিভাশালী এই লোকজন ভাৰতৰ শ্ৰেষ্ঠতম প্লে-বেক গায়ক। সাধাৰণতে গায়ক হিচাপে তেওঁক দেখা গলেও তেওঁ হিন্দী চিনেমা জগতৰ এজন অভিনেতাও আছিল। তেখেতৰ অভিনীত বিখ্যাত কেইখনমান হাস্যমধুৰ চলচ্চিত্ৰৰ মাজত আছে ’বাপ ৰে বা” (১৯৫৫), ’চলতি কা নাম গাড়ী’ (১৯৫৮),”হাফ টিকেট (১৯৬২)’,”পড়োছন’ (১৯৬৮),”হাঙ্গামা’ (১৯৭১), ’প্যাৰ দিৱানা’ (১৯৭৩), ’বঢ়্‌তি কা নাম দাড়ি’ (১৯৭৪)। ইয়াৰ বাদেও অন্যান্য চিনেমাৰ ভিতৰত আছে – নৌকৰি, বন্দী, দূৰ গগণ কি ছাঁও মে, দূৰ কা ৰাহি প্ৰভৃতি। কিশোৰ কুমাৰে নানা সময়ত গীতিকাৰ, সুৰকাৰ, প্ৰযোজক, পৰিচালক আৰু চিত্ৰনাট্যকাৰৰ ভূমিকা পালন কৰিছিল।

ল’ৰালিকাল[সম্পাদনা কৰক]

কিশোৰ কুমাৰে মধ্যপ্ৰদেশৰ খাণ্ডোৱাত এক মধ্যবিত্ত বাঙালী পৰিয়ালত জন্মগ্ৰহণ কৰে[1]। তেখেতৰ দেউতাক কুঞ্জলাল গাঙ্গুলি আছিল এজন উকীল। তেখেতৰ মাকৰ নাম আছিল গৌৰী দেৱী। কিশোৰ কুমাৰৰ সৰুকালৰ নাম আছিল আভাস কুমাৰ গাঙ্গুলি। চাৰিজন ভাই-ভনীৰ ভিতৰত কিশোৰ আছিল সৰ্বকনিষ্ঠ। সকলোতকৈ ডাঙৰ আছিল অশোক কুমাৰ তাৰপাছত সীতা দেৱী। তাৰপাছত অনুপ কুমাৰ আৰু অনুপ কুমাৰতকৈ পৰা পাঁচ বছৰে সৰু আছিল কিশোৰ কুমাৰ।

কিশোৰৰ শৈশৱ কালতেই তেখেতৰ বৰ দা অৰ্থাৎ জ্যেষ্ঠ ভাতৃ অশোক কুমাৰে বোম্বেত হিন্দী চলচ্চিত্ৰ জগত বিৰাট সাফল্য লাভ কৰে। এই সফলতাই সৰু কিশোৰৰ ওপৰত ব্যাপক প্ৰভাৱ পেলাইছিল। ল’ৰালিকালৰ পৰাই কিশোৰ বিখ্যাত গায়ক কুন্দন লাল চায়গলৰ এজন ভক্ত হৈ উঠিছিল। তেওঁ চায়গলৰ গানসমূহৰ অনুকৰণ কৰিছিল বা নকল কৰি গাইছিল। ইয়াৰ বাদেও তেখেতৰ ঘৰৰ লোকসকলে তেওঁক ককায়েক অশোক কুমাৰৰ বিখ্যাত গান “মেঁ বন কে পঞ্ছী বন বন কে” বাৰে বাৰে গাবলৈ কৈছিল। অশোক কুমাৰৰ সাফল্যৰ পাছত কিশোৰৰ আৰু এজন ককায়েক অনুপ কুমাৰেও বোম্বেৰ হিন্দী চিনেমা জগতত প্ৰৱেশ কৰে।

কৰ্মজীৱন[সম্পাদনা কৰক]

পঞ্চাশৰ দশকৰ সাফল্য[সম্পাদনা কৰক]

কিশোৰ কুমাৰৰ বাবে অভিনয় খুব এটা পছন্দৰ বিষয় নাছিল[2] । তেওঁ গান গাবলৈকেই বিচাৰিছিল। কিন্তু তেখেতৰ গানৰ কোনো ধৰাবন্ধা শিক্ষা নাছিল[2]। ককায়েক অশোক কুমাৰৰ ফিল্ম জগতত অনেক পৰিচয় থকাৰ ফলত কিশোৰে অনেক সংখ্যক চিনেমাত অভিনয়ৰ সুযোগ পায় কিন্তু সেইবোৰত তেওঁ দৰ্শকৰ মনত তেনে কোনো শ্ৰেষ্ঠ আসন লব পৰা নাছিল। তথাপিও এই চিনেমাসমূহত তেওঁ গান গোৱাৰ সুযোগ পাইছিল। এই প্ৰাথমিক অৱস্থাত তেওঁ কুন্দন লাল চায়গলক নকল কৰি গান গাইছিল। পাছত শচীন দেৱ বৰ্মনৰ পৰমৰ্শমতে তেওঁ নিজাকৈ সুকীয়া ধৰণেৰে গান গোৱাৰ চেষ্টা কৰে আৰু গোৱাৰ এনে এক পদ্ধতি উদ্ভাৱন কৰে যিটো সেই সময়ৰ আন প্ৰধান দুই গায়ক মহম্মদ ৰফি আৰু মুকেশত কৈ সম্পূৰ্ণ বেলেগ আছিল। তেখেতৰ গানৰ বৈশিষ্ট্য আছিল ডিঙি ভাঙি গান গোৱা যিটো আগেয়ে কেতিয়াও শুনা নগৈছিল। এই পদ্ধতি খু্ব জনপ্ৰিয় হয়। পঞ্চাশৰ দশকৰ শেষৰ ফালে তেওঁ এজন প্ৰতিষ্ঠিত কমেডি নায়ক হিচাপে জনপ্ৰিয় হয়। তেখেতৰ অভিনয়ৰ ধৰণ আছিল অন্যসকলতকৈ সম্পূৰ্ণ পৃথক। সেই সময়ৰ প্ৰবল জনপ্ৰিয় আৰু ক্ষমতাশালী তিনি নায়ক - ৰাজ কাপুৰ, দেব আনন্দ আৰু দিলীপ কুমাৰে বলিউড শাসন কৰা সত্ত্বেও কিশোৰ কুমাৰে নিজৰ এক সুকীয়া আসন তৈয়াৰ কৰাত সক্ষম হয়। পঞ্চাশৰ দশকৰ শেষৰ ফালে তেওঁ আছিল এক প্ৰবল ব্যস্ত, সফল নায়ক আৰু গায়ক। ইয়াৰ বাদেও তেওঁ সুৰকাৰ, গীতিকাৰ আৰু প্ৰযোজকৰ ভূমিকাও পালন কৰিবলৈ ধৰে। শচীনদেৱ বৰ্মনৰ উপৰিও আন এজন সুৰকাৰ যি কিশোৰৰ সঙ্গীত প্ৰতিভা বুজি পাইছিল তেওঁ হ’ল খেমচাঁদ প্ৰকাশ। খেমচাঁদ প্ৰকাশৰ সুৰত জিদ্দি চিনেমাৰ গান গায় কিশোৰে গায়ক হিচাপে খোপনি পুতিবলৈ ভৰিৰ তলত মাটি পায়। ইয়াৰ বাদেও অন্যান্য সুৰকাৰ যেনে ৰবি আৰু দুই বিশিষ্ট গীতিকাৰ - মজৰু চুলতানপুৰী আৰু শৈলেন্দ্ৰ কিশোৰৰ ভক্ত হৈ উঠে। এই সময়ত তেখেতৰ গায়ক হিচাপে অন্যতম চিনেমাসমূহৰৰ মাজত আছে পেয়িং গেষ্ট (১৯৫৭), চলতি কা নাম গাড়ী (১৯৫৮), তিন দেবিয়াঁ।

ষাঠিৰ দশকৰ ব্যৰ্থতা[সম্পাদনা কৰক]

ষাঠিৰ দশকৰ আৰম্ভণিৰ পৰাই কিশোৰৰ কেৰিয়াৰত ব্যৰ্থতাই ঘেৰি আহে। কিশোৰৰ অধিকাংশ চিনেমাই ব্যৱসায়িকভাবে অসফল হয়। আৰু এই সময়ত কিশোৰৰ খুব কম সংখ্যক গানহে মনত ৰখাৰ যোগ্য আছিল। মুনিমজি (১৯৬২), গাইড (১৯৬৫) আৰু জুয়েল থিফ (১৯৬৭)ৰ বাহিৰে মনত ৰখাৰ যোগ্য বেছি গানো তেওঁ গোৱা নাছিল। ১৯৬৬ চনত সুৰকাৰ হিচাপে আত্মপ্ৰকাশ ঘটে শচীনদেৱ বৰ্মনৰ পুত্ৰ ৰাহুল দেৱ বৰ্মনৰ। তেখেতৰ প্ৰথম চুপাৰহিট চিনেমা তিচৰি মঞ্জিলত কিশোৰে কোনো গান গোৱা নাছিল। কিন্তু ১৯৬৮ চনত 'পড়োছন' চিনেমাত ৰাহুলৰ সুৰত কিশোৰে কেইবাটাও হিট গান গায়।

চৰম সাফল্য[সম্পাদনা কৰক]

১৯৬৯ চনত শক্তি সামন্ত'ৰ আৰাধনাই শুভমুক্তি পায়। এই চিনেমাৰ নায়ক আছিল নবাগত ৰাজেশ খান্না। ৰাজেশ খান্নাৰ বাবে এই চিনেমাত কিশোৰে তিনিটি গান গাইছিল - ‘কোৰা কাগজ থা ইয়ে মন মেৰা’ [|লতা মঙ্গেশকাৰৰ]] লগত -আৰু দুটি হ’- ৰূপ তেৰা মস্তানা আৰু ‘মেৰে সপনো কি ৰানী’। তিনিটি গানেই বিপুল জনপ্ৰিয়তা পায় আৰু কিশোৰ কুমাৰৰ সঙ্গীত জীৱনক আকৌ উপৰলৈ তুলি আনে। এই চিনেমাত ৰূপ তেৰা মস্তানা গানৰ বাবে কিশোৰে প্ৰথম বাৰ ফিল্ম ফেয়াৰ পুৰস্কাৰ পায়।

পৰৱৰ্তী বছৰসমূহৰত কিশোৰে গায়ক হিচাপে ব্যাপক সাফল্য লাভ কৰে। সেই সময়ত বলিউডত প্ৰতিষ্ঠিত সকলো নায়ক যেনে ৰাজেশ খান্না, শশী কাপুৰ, ধৰ্মেন্দ্ৰ, ৰণধীৰ কাপুৰ, সঞ্জীৱকুমাৰ আৰু দেব আনন্দৰ কণ্ঠৰ বাবে তেওঁ গান গায়। এই সময়ত শচীন দেৱ বৰ্মন আৰু ৰাহুল দেৱ বৰ্মনৰ সুৰত তেওঁ প্ৰচুৰ কালজয়ী গান গাইছিল। ৰাহুল দেৱ বৰ্মনৰ সুৰত তেওঁ বম্বে টু গোৱা চিনেমাত প্ৰথমবাৰৰ বাবে অমিতাভ বচ্চনৰ বাবে গান গায়। ১৯৭৩ চনত অমিতাভৰ 'অভিমান' চিনেমাৰ বাবে তেখেতৰ গানসমূহ চুপাৰহিট হয়। ইয়াৰফলত পৰৱৰ্তী মেগাষ্টাৰ অমিতাভৰ নেপথ্য গায়ক হিচাপে তেওঁ নিজকে প্ৰতিষ্ঠিত কৰে।

কিশোৰৰ এই সাফল্যৰ পাছত বলিউডৰ অন্য সুৰকাৰসকলেও তেওঁক তেওঁলোকৰ প্ৰধান গায়ক হিচাপে বাচি লবলৈ বাধ্য হয়। এওঁলোকৰ মাজত প্ৰধান আছিল লক্ষ্মীকান্ত পিয়াৰীলালৰ জুটি। গীতিকাৰ আনন্দ বক্সী সুৰকাৰ লক্ষ্মীকান্ত পিয়াৰীলাল আৰু কিশোৰকুমাৰ জুটিয়ে কিছু ৰাজেশ খান্নাৰ চিনেমাৰ বাবে অনেক অনবদ্য সঙ্গীত উপহাৰ দিয়ে। যেনে দাগ, ৰ’টী, হাথী মেৰে চাথী। লক্ষ্মীকান্ত পিয়াৰীলালৰ সুৰতেই কিশোৰ আৰু মহম্মদ ৰফিয়ে একলগে গান গায় আৰু কিশোৰ আৰু লতা মঙ্গেশকাৰৰ বেছ কিছু ভাল ডুৱেট গান তৈয়াৰ হয়।

কিশোৰ কুমাৰ আৰু সুৰকাৰ কল্যাণজী-আনন্দজীৰ জুটিয়েও যথেষ্ট সংখ্যক হিট গান উপহাৰ দিয়ে। যেনে ধৰ্মাত্মা, লাৱাৰিচ, কাবিলা, জনি মেৰা নাম, ডন, কাগজ, চফৰ, মুকদ্দৰ কা চিকন্দৰ প্ৰভৃতি চিনেমাৰ গান। সত্তৰ আৰু আশীৰ দশক জুৰি কিশোৰৰ জয়যাত্ৰা অব্যাহত থাকে। নতুন অল্পবয়সীয়া নায়ক যেনে ঋষি কাপুৰ আৰু সঞ্জয় দত্তৰ বাবেও তেওঁ সফল গান উপহাৰ দিয়ে। ৰাহুলদেৱ বৰ্মনৰ সুৰতেই যে তেওঁ সকলোতকৈ বেছি হিট গান গাইছিল তাতে কোনো সন্দেহ নাই। ৰাহুল আৰু কিশোৰৰ জুটিৰ কিছু অনবদ্য চিনেমাৰ নাম হল শ্ব’লে, ৱাৰেণ্ট, হীৰা পান্না, ছৰীফ বদমাছ, আঁধি, ৰকি, দ্য বাৰ্নিং ট্ৰেন, আপকি কচম, আপনা দেশ, ধৰম কৰম, টক্কৰ, সীতা আউৰ গীতা, জোছিলা, কচমে ৱাদে, ৰামপুৰ কা লক্ষ্মণ, কালিয়া, গোলমাল প্ৰভৃতি। নতুন সুৰকাৰ যেনে ৰাজেশ ৰোশন আৰু বাপী লাহিড়ী'ৰ সুৰতো তেওঁ অনেক হিট গান গাইছিল। ৰাজেশ ৰোশনৰ সুৰত দো ঔৰ দো পাঁচ, দুচ্‌ৰা আদমি, মনপচন্দ, আৰু বাপ্পী লাহিড়ী'ৰ সুৰত নমক হালাল আৰু ছাৰাবী চিনেমাৰ গান উল্লেখযোগ্য। তেখেতৰ সম্পূৰ্ণ কেৰিয়াৰতে কিশোৰে আঠবাৰ শ্ৰেষ্ঠ গায়কৰ ফিল্ম ফেয়াৰ পুৰস্কাৰ পায়।

বঙালী গান আৰু চলচ্চিত্ৰ[সম্পাদনা কৰক]

হিন্দীৰ সমানে সমানে তেওঁ প্ৰচুৰ জনপ্ৰিয় বঙালী চিনেমাসহতো বঙালী আধুনিক গান গাইছিল। উত্তম কুমাৰৰ বাবে তেখেতৰ প্লে-বেক কৰা উল্লেখযোগ্য ছবিৰ ভিতৰত আছে ৰাজকুমাৰী, অমানুষ, আনন্দ আশ্ৰম আৰু ওগো বধূ সুন্দৰী। এখন বঙালী ছবি লুকোচুৰিতে তেওঁ নায়কৰ অভিনয় কৰিছিল আৰু গান গাইছিল। সত্যজিৎ ৰায়ৰ দুখন চিনেমা চাৰুলতাআৰু ঘৰে বাইৰেৰ বাবে তেওঁ ৰবীন্দ্ৰ সঙ্গীত গাইছিল। বঙালী চিনেমাৰ বিখ্যাত দুই নায়ক প্ৰসেনজিৎ আৰু তাপস পালৰ কেৰিয়াৰৰ দুই উল্লেখযোগ্য হিট যথাক্ৰমে অমৰ সঙ্গী আৰু গুৰুদক্ষিণাৰ বাবেও তেওঁ প্লেব-বেক কৰিছিল। কেৰিয়াৰৰ শেষৰফালে কিশোৰ কুমাৰে হেমন্ত মুখোপাধ্যায়ৰ তত্ত্বাবধানত ৰবীন্দ্ৰসঙ্গীতৰ এলবাম ৰেকৰ্ড কৰে।

প্লে-বেক কৰা বঙালী ছবি[সম্পাদনা কৰক]

  • অমৰকণ্টক
  • আশ্ৰিতা
  • অনিন্দিতা
  • অমৰ সঙ্গী
  • কবিতা
  • গুৰুদক্ষিণা
  • জীৱন মৰণ
  • জ্যোতি
  • তুমি কত সুন্দৰ
  • দোলন চম্পা
  • পাপ পুণ্য
  • বান্ধবী
  • মিলন তিথি
  • মোহনাৰ দিকে
  • সঙ্কল্প
  • সুৰেৰ আকাশে

অসমীয়া সংগীতত কণ্ঠদান[সম্পাদনা কৰক]

অসমীয়া ছবি 'চিকমিক বিজুলি'ৰ 'পক্ষীৰাজ ঘোঁৰা' শীৰ্ষক গীতটিত কিশোৰ কুমাৰে আশা ভোঁচলে আৰু ভূপেন হাজৰিকাৰ সৈতে কণ্ঠদান কৰিছিল।

বঙালী সংগীতত কণ্ঠদান[সম্পাদনা কৰক]

ogo nirupoma
  • আমাৰ মনেৰ ময়ূৰ মহলে
  • আমাৰ পূজাৰ ফুল
  • এক পলকেৰ একটু দেখা
  • এ আমাৰ গুৰুদক্ষিণা
  • একদিন পাখী উড়ে যাবে যে আকাশে
  • এই যে নদী
  • এই তো জীৱন হিংসা বিবাদ লোভ হোক নিঃশেষ
  • হাওয়া মেঘ সৰায়ে
  • কি আশায় বাঁধি খেলাঘৰ
  • কি উপহাৰ সাজিয়ে দেব
  • তোমায় পড়েছে মনে
  • নীল নীল আকাশে
  • প্ৰেমেৰ খেলা কে বুঝিতে পাৰে
  • শুনো শুনো গো সবে

ইয়াৰ বাদেও, 'নয়ন সৰসী কেন ভৰেছে জলে' শিৰোনামৰ গানটিত কিশোৰে নিজেই সুৰ কৰিছিল।

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

কিশোৰ কুমাৰে চাৰিবাৰ বিয়া কৰাইছিল। ৰুমা গুহ ঠাকুৰতা (১৯৫০-১৯৫৮), মধুবালা (১৯৬০-১৯৬৯), যোগিতা বালী (১৯৭৫-১৯৭৮) আৰু লীনা চন্দাভাৰকৰ (১৯৮০-১৯৮৭)। কিশোৰৰ প্ৰথম পুত্ৰ (ৰুমা গুহ ঠাকুৰতাৰ গৰ্ভত) অমিত কুমাৰ এজন বিখ্যাত গায়ক। তেওঁ তেখেতৰ দেউতাকৰ দৰে সাফল্য নাপালেও অনেক হিট গান উপহাৰ দিছে। কিশোৰৰ সৰু ল’ৰা সুমিত কুমাৰে (লীনা চন্দাভাৰকৰৰ গৰ্ভত) এজন গায়ক হোৱাৰ চেষ্টা চলাইছে।

মৃত্যু[সম্পাদনা কৰক]

১৯৮৭ চনৰ ১৩ অক্টোবৰত এই মহান শিল্পীৰ মৃত্যু ঘটে।

প্ৰভাৱ[সম্পাদনা কৰক]

হিন্দী চিনেমাৰ সঙ্গীতৰ ওপৰত তেখেতৰ প্ৰভাৱ এতিয়াও বিশাল আৰু ব্যাপক। বৰ্তমান কালৰ প্ৰতিষ্ঠিত অনেক গায়ক যেনে কুমাৰ শানু, অভিজিৎ, বাবুল সুপ্ৰিয়, অমিত কুমাৰ প্ৰায় সকলোৱে তেওঁলোকৰ কেৰিয়াৰৰ প্ৰথম দিশত কিশোৰৰ গানসমূহক অনুকৰণ বা নকল কৰি গাইছিল। তেখেতৰ গানৰ বজাৰ এতিয়াও খুব ভাল। তেখেতৰ গানৰ ৰিমেক আৰু ৰিমিক্স বাজাৰত হু হু কৰে বিক্ৰি হয়।

পুৰস্কাৰ[সম্পাদনা কৰক]

কিশোৰ কুমাৰে মুঠ আঠবাৰ ফিল্মফেয়াৰ শ্ৰেষ্ঠ গায়কৰ পুৰস্কাৰ পাইছে।

  • ১৯৬৯ ৰূপ তেৰা মস্তানা (আৰাধনা)
  • ১৯৭৫ দিল অ্যায়সা কিসি নে মেৰা তোড়া (অমানুষ)
  • ১৯৭৮ খাইকে পান বনাৰস বালা (ডন)
  • ১৯৮০ হাজাৰ ৰাঁহে (থোড়িসি বেবফাই)
  • ১৯৮২ পগ ঘুঙৰু বাঁধ মীৰা (নমক হালাল)
  • ১৯৮৩ অগৰ তুম না হোতে (অগৰ তুম না হোতে)
  • ১৯৮৪ মঞ্জিলে আপনি জাগা (শৰাবী)
  • ১৯৮৫ সাগৰ কিনাৰে (সাগৰ)

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

গ্ৰন্থ সংযোগ[সম্পাদনা কৰক]

  • Bose, Derek (2004). Kishore Kumar: Method in Madness. প্ৰকাশক New Delhi: Rupa & Co.. ISBN 978-81-291-0526-4. OCLC 57429780. 
  • Valicha, Kishore (1998). Kishore Kumar: The Definitive Biography. প্ৰকাশক New York/New Delhi: Penguin Books/Viking. ISBN 978-0-670-88264-9. OCLC 40164015. 
  • Nerurkar, Vishwas (2004). Kishore Kumar: The Many Faces of a Genius (The Ultimate Book which includes his complete filmography, discography, unreleased material, and film posters of his films). Gayathri Publications. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]