কুমাৰ কিশোৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
কিশোৰী মোহন শৰ্মা
জন্ম ১৯২৯
ক্ষু্দ্ৰশংকৰা, নলবাৰী
মৃত্যু ১৯৮৫, ২৪ মে’
মাদ্ৰাজ
সমাধিস্থল মাদ্ৰাজ
ছদ্মনাম কুমাৰ কিশোৰ
পেছা ঔপন্যাসিক, গল্পকাৰ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজি কবৰ আৰু কংকাল, কপিলী নিৰৱে কান্দে
সন্তান প্ৰণৱ, জয়ন্ত, কৰবী,পূৰৱী আৰু বেদান্ত ।

কুমাৰ কিশোৰ (১৯২৯-১৯৮৫) অসমৰ এগৰাকী ঔপন্যাসিক৷ তেখেতৰ প্ৰকৃত নাম আছিল কিশোৰী মোহন শৰ্মা। কুমাৰ কিশোৰ আছিল তেখেতৰ সাহিত্যিক ছদ্মনাম।[1] তেখেতৰ পিতৃৰ নাম আছিল দেৱদত্ত শৰ্মা আৰু মাতৃৰ নাম আছিল ত্ৰিপুৰা সুন্দৰী৷ কটন কলেজৰ পৰা স্নাতক ডিগ্ৰীলৈ পিছত তেখেতে পঞ্চায়ত বিভাগত কাম কৰিছিল৷ কুমাৰ কিশোৰদেৱৰ 'কৱৰ আৰু কংকাল' আৰাধনা থিয়েটাৰৰ মঞ্চত (১৯৮৩) আৰু 'এমুঠি তৰাৰ জিলিমিলি' প্ৰাগজ্যোতিষ থিয়েটাৰ (২০০২) বৰ্ষত মঞ্চস্থ হৈছিল।[উদ্ধৃতিৰ প্ৰয়োজন]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

নলবাৰী জিলাৰ ক্ষুদ্ৰশংকৰা গাঁওত কিশোৰী মোহন শৰ্মাৰ জন্ম হৈছিল। যথেষ্ট আৰ্থিক দৈন্যৰ মাজেৰে তেখেতে শৈশৱ, কৈশোৰ কাল পাৰ কৰিবলগীয়া হৈছিল। মহাত্মা গান্ধীৰ মৃত্যুক বিষয়-বস্তু কৰি নিশাটোৰ ভিতৰতে লিখা 'তেজৰ চেকা' নামৰ পুস্তিকা এখন ছপাই ৰেলৱে প্লেটফৰ্মত চাৰি অনাত যাত্ৰীক বিক্ৰী কৰি সেই ধনেৰে তেখেতে মেট্ৰিক পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰ কৰিছিল। নলবাৰীৰ গৰ্ডন হাইস্কুলৰ পৰা তেখেতে অসমীয়াত লেটাৰমাৰ্কসহ মেট্ৰিক পৰীক্ষা পাছ কৰিছিল। আৰ্থিক দীনতাৰ বাবে তেখেতে এৰা-ধৰাকৈ বি-কম উৰ্ত্তীৰ্ণ হয় আৰু শিক্ষাজীৱনৰ ইয়াতে সামৰণি পেলাবলগীয়া হয়।[2]

কৰ্ম জীৱন[সম্পাদনা কৰক]

তেখেতে গ্ৰামোন্নয়ন বিভাগৰ এটা সৰু চাকৰিত সোমায়। পিচলৈ পদোন্নতি হৈ অধীক্ষক পদৱী পায়। মূলতঃ আৰ্খিক সকাহ পাবলৈ তেখেতে সাহিত্য চৰ্চা কৰিছিল। পুত্ৰ প্ৰণৱ কুমাৰ শৰ্মাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হোৱাৰ খৰচ উলিয়াবলৈ তেখেতে কিংকিণীৰ কলংক নামৰ উপন্যাস এখন লিখি সামান্য ধনৰ বিনিময়ত ইয়াৰ সম্পূৰ্ণ কপিৰাইট বেলেগক বিক্ৰী কৰি দিছিল।[2]

ৰচনা-ৰাজি[সম্পাদনা কৰক]

উপন্যাসসমূহ[সম্পাদনা কৰক]

  1. স্মৃতিৰ দান (১৯৪৫)
  2. জয়হিন্দ (১৯৪৫)
  3. বেশ্যাৰ ৰাজনীতি (১৯৪৬)
  4. ব্যৰ্থতাৰ চকুলো ((১৯৪৭)
  5. সমাধিৰ চিতা (১৯৪৮)
  6. তেজৰ চেকা (১৯৪৮)
  7. শিখাৰ কঁ‌পনি (১৯৫৬)
  8. ছায়াপথ (১৯৫৮)
  9. কপিলী নীৰৱে কান্দে (১৯৫৯)
  10. শতাব্দীৰ স্বপ্ন (১৯৬২)
  11. ৰং আৰু ৰেখা (১৯৬৪)
  12. কৱৰ আৰু কংকাল (১৯৬৪)
  13. এমুঠি তৰাৰ জিলমিলি (১৯৬৫)
  14. এৰা সুঁ‌তিৰ স্মৃতি (১৯৬৬)
  15. বন্যা ধৌত বদ্বীপ (১৯৬৬)
  16. মৌন ক্ৰন্দন (১৯৬৭)
  17. কিংকিনীৰ কলংক (১৯৭০)
  18. প্ৰৱাল প্ৰাচীৰ (১৯৭২)
  19. সোণদুলিৰ হাঁহি (১৯৭৩)
  20. হিমানী হিল্লোল (১৯৭৫)
  21. ঈভ আৰু ইডিপাছ (১৯৭৬)
  22. শেষ সীমান্তৰ সূৰ্য (১৯৭৭)
  23. শিলজৰিৰ সাঁ‌কো (১৯৭৭)
  24. জুই, ধোঁ‌ৱা আৰু ছাঁ‌ই (১৯৭০)
  25. মঞ্চকলা (১৯৭৭)
  26. বিশল্য কৰণী (১৯৭৯)
  27. ৰঙা সেন্দুৰ বগা ফোঁট (১৯৮১)
  28. ৰঙা তেজ, ক'লা ৰং (১৯৮৫)

পুৰস্কাৰ[সম্পাদনা কৰক]

  1. কেন্দ্ৰীয় চৰকাৰৰ পৰিয়াল পৰিকল্পনা বিভাগৰ দ্বাৰা 'সোণদুলিৰ হাঁ‌হি' শ্ৰেষ্ঠ গল্প হিচাবে পুৰস্কৃত হয়
  2. কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা ন- শিকাৰুৰ বাবে 'শিলজুৰিৰ সাঁ‌কো' শ্ৰেষ্ঠ গ্ৰন্থ হিচাবে পুৰস্কাৰ লাভ কৰিছিল (১৯৭৭)

তথ্যসূত্ৰ[সম্পাদনা কৰক]